অজন্তা গুহাসমূহ

(অজন্তা গুহাৰ পৰা পুনঃনিৰ্দেশিত)

অজন্তা গুহা ভাৰতমহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০ টা গুহা-স্তম্ভ। এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন। অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে। গুহাসমূহ মহাৰাষ্ট্ৰৰ ঔৰংঙ্গাবাদ জিলাৰ জলগাঁও ৰেলষ্টেশ্যনৰ কাষত থকা, আজিন্তা বা অজন্তা গাঁৱৰ সীমাত অৱস্থিত (২০ ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষাংশ আৰু ৭৫ ডিগ্ৰী ৪০ মিনিট পূৰ্ব দ্ৰাঘিমাংশ)।

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
অজন্তা গুহা
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
Ajanta (63).jpg
অজন্তা গুহাসমূহ

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক ১
মাপকাঠি i, ii, iii, vi
উদ্ধৃতি ২৪২
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া -পেছিফিক
স্থানাংক 20°33′09″N 75°42′02″E / 20.552377°N 75.700436°E / 20.552377; 75.700436স্থানাংক: 20°33′09″N 75°42′02″E / 20.552377°N 75.700436°E / 20.552377; 75.700436
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৩ (৭ম অধিবেশন)

চীনা পৰিব্ৰাজক হিউয়েন চাংৰ ভ্ৰমণলিপিত অজন্তাৰ বৰ্ণনা আছে। গুহাসমূহ দীৰ্ঘকাল অৰণ্যৰ আঁৰত বিস্মৃত অৱস্থাত পৰি আছিল। ১৮১৯ চনত, এইসমূহ পুণৰ নতুনকৈ আবিষ্কৃত হয়। অজন্তা আৰু ওচৰত থকা ইলোৰা ভাৰতৰ অন্যতম প্ৰধান পৰ্যটনকেন্দ্ৰ।

১৯৮৩ চনত অজন্তা গুহাসমূহ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাবে অন্তৰ্ভুক্ত হয়। এই বৌদ্ধ গুহাসমূহ দুটি পৰ্বত নিৰ্মিত হৈছিল। প্ৰথম পৰ্বৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দীত। দ্বিতীয় পৰ্ব গুপ্ত যুগত৷ পঞ্চম আৰু ষষ্ঠ শতাব্দীত আৰু বহুতো নতুন সংযোজন ইয়াৰ লগত যুক্ত হয়। এই গুহাসমূহত উন্নত মানৰ চিত্ৰকলা আৰু ফ্ৰেস্কো দেখা যায়, ই শ্ৰীলঙ্কাৰ সিগিৰয়া (Sigiriya) চিত্ৰকলা আৰু স্থাপত্যকলাৰ অনুকৰণ। ইয়াত মুঠ ৩০ টা প্ৰস্তৰখোদিত গুহা স্মাৰক বিদ্যমান, যিটো বৌদ্ধ ধৰ্মীয় চিত্ৰকলাৰ এক অনন্য নিদৰ্শন।[1][2][3]


আলোকচিত্ৰসম্পাদনা কৰক


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "Ajanta Caves, India: Brief Description, UNESCO World Heritage Site". http://whc.unesco.org/en/list/242। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "UNESCO page – Ancient City of Sigiriya". UNESCO.org. http://whc.unesco.org/en/list/202। আহৰণ কৰা হৈছে: 2010-11-05. 
  3. "Ajanta Caves: Advisory Body Evaluation" (pdf). UNESCO. পৃষ্ঠা: 2. http://whc.unesco.org/archive/advisory_body_evaluation/242.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগসম্পাদনা কৰক