অনামিকা হৈছে ১৯৯২ চনত এন কে প্ৰডাক্‌চনৰ বেনাৰত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গে এইটো এলবামেৰে অসমৰ সংগীত জগতত প্ৰৱেশ কৰে। জুবিন আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন, হীৰেন ভট্টাচাৰ্য, ৰেনু শৰ্মা আৰু ববিতা শৰ্মাৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। সংগীত ব্যৱস্থাপনা উৎপল শৰ্মাৰ।[1]

অনামিকা
শ্ৰব্য এলবাম
মুক্তি ১৯৯২
শৈলী/ধৰণ অসমীয়া আধুনিক গীত
ভাষা অসমীয়া
লেবেল এন কে প্ৰডাক্‌চন
পৰিচালক জুবিন গাৰ্গ

গীতৰ তালিকা সম্পাদনা কৰক

এলবামটিত মুঠ ৮ টা গীত আছে। 'অনামিকা' আৰু 'শুনা শুনা' গীত দুটিৰ সুৰ যুটীয়াভাৱে জুবিন আৰু উৎপল শৰ্মাৰ। বাকীকেইটি গীতৰ সুৰকাৰ জুবিন।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "অনামিকা"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.৫৩
2. "পথে পথে"  সবিতা শৰ্মাকবিতা কৃষ্ণমূৰ্তি ৪.৩১
3. "হিয়া দহে"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.২১
4. "প্ৰীতিৰ সুবাসে"  ৰেনু শৰ্মাজুবিন গাৰ্গ ৫.১৬
5. "মনৰ নিজানত"  জুবিন গাৰ্গজুবিন গাৰ্গ ৬.০৬
6. "কিয় জানো আজি"  জুবিন গাৰ্গকবিতা কৃষ্ণমূৰ্তি, জুবিন গাৰ্গ ৫.৪২
7. "গানে কি আনে"  হীৰেন ভট্টাচাৰ্যজুবিন গাৰ্গ ৬.০২
8. "শুনা শুনা"  জুবিন গাৰ্গজুবিন গাৰ্গ, কবিতা কৃষ্ণমূৰ্তি ৫.৪৫
মুঠ দৈৰ্ঘ্য:
৪৪.৩৬

শ্ৰোতাৰ সঁহাৰি সম্পাদনা কৰক

 
শ্ৰব্য কেছেটৰ বকলাৰ ভিতৰফাল

জুবিন গাৰ্গে এইটো এলবামেৰে অসমৰ সংগীত জগতত খোজ দিয়ে। প্ৰথম এলবামটোতেই জুবিনে নিজৰ প্ৰতিভাৰ উমান দিয়ে আৰু অসমৰ সংগীত জগতৰ এক চিনাকি নাম হৈ পৰে। শ্ৰোতাৰ অভাৱনীয় সঁহাৰি লাভ কৰি এলবামটো বাণিজ্যিকভাৱে সফল এলবাম হিচাপে পৰিগণিত হয়। এলবামটোৰ জৰিয়তে জুবিনে অসমীয়া শ্ৰোতাক অসমীয়া থলুৱা সুৰ আৰু পশ্চিমীয়া ৰক সংগীতৰ মিশ্ৰণ ঘটাই এক অভিনৱ সুৰৰ জুতি দিয়ে। এলবামটোৱে অসমীয়া সংগীত উদ্যোগত এক নতুন মানদণ্ডৰ সৃষ্টি কৰি নতুন যুগৰ সূচনা কৰে।[1][2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Anamika". Future Sound. http://www.futuresounds.in/store/anamika/। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  2. "Zubeen Garg". Online Sivasagar. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015.