অনিল বৰুৱা (ইংৰাজী: Anil Baruah; ২৬ ডিচেম্বৰ, ১৯৩৯ - ২৮ নৱেম্বৰ, ২০২৩) অসমৰ এগৰাকী সাংবাদিক আছিল। ১৯৩৯ চনৰ ২৬ ডিচেম্বৰত দেৰগাঁ‌ৱত জন্মগ্ৰহণ কৰা বৰুৱাই দৈনিক অসম কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৬৬ চনত সম্পাদক হিচাপে কাকতখনৰ কাৰ্যভাৰ গ্ৰহণ কৰি ২০০১ চনত অৱসৰ গ্ৰহণ কৰে।[1] ইয়াৰ উপৰি তেওঁ বিভিন্ন সংবাদ পত্ৰ আদিত নিয়মীয়াকৈ লেখা-মেলা কৰিছিল। অসম আন্দোলনৰ ফলস্বৰূপে ১৯৮৫ চনত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ বিৰোধিতা কৰা লোকসকলৰ ভিতৰত তেওঁ অন্যতম আছিল। ২০২২ চনত তেওঁ অসম চৰকাৰৰ গণৰাজ্য দিৱসৰ সাংবাদিকতা বঁ‌টা লাভ কৰিছিল। ২০২৩ চনৰ ২৮ নৱেম্বৰত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে।[2]

অনিল বৰুৱা
জন্ম ২৬ ডিচেম্বৰ, ১৯৩৯
মৃত্যু ২৮ নৱেম্বৰ, ২০২৩ (৮৩ বছৰ)
গুৱাহাটী, অসম
মৃত্যুৰ কাৰণ হৃদৰোগ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাংবাদিক
বঁটা, সন্মান, পুৰস্কাৰ আদি গণৰাজ্য দিৱসৰ সাংবাদিকতা বঁ‌টা ২০২২, অসম চৰকাৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক