অনুভৱ তুলসী (ইংৰাজী: Anubhav Tulasi) একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৩ চনৰপৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁৰ প্ৰথম কবিতাপুথি ‘নাজমা’।[1] বৰ্তমানলৈকে তেওঁৰ ২০খন কবিতাপুথি প্ৰকাশ পাইছে। ত্ৰিশখনতকৈ অধিক পুথিৰ ৰচয়িতা অনুভৱ তুলসীৰ কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লক্ষীমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, নৰ্থ ইষ্টাৰ্ণ পাৰ্বত্য বিশ্ববিদ্যালয়, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সম্মানজনক গ্ৰন্থত তেওঁৰ কবিতা অন্তৰ্ভুক্ত হৈছে। তুৰস্কৰ ইস্তানবুল,, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে তেওঁ আমন্ত্ৰিত হৈছে।[2] জাৰ্মানী, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈও তেওঁৰ কবিতা অনুবাদ হৈছে। অনুভৱ তুলসীয়ে মুনীন বৰকটকী বঁটা, কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেলশিপ সন্মান, অন্তৰ্লিপি সাহিত্য বঁটা, সাহিত্য জ্যোতি বঁটা, অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, পৰনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,নলবাৰী সাহিত্য সভাৰ ‘জমিৰুদ্দিন আহমদ বঁটা”, অসম সাহিত্য সভাৰ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’ আদি পুৰস্কাৰ লাভ কৰিছে।[3]

অনুভৱ তুলসী
জন্ম তুলসীমুখ,নগাঁও, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ
বিষয় কবি, গল্পকাৰ, অনুবাদক

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

অনুভৱ তুলসীৰ জন্ম হয় ১৯৫৮ চনৰ ডিচেম্বৰ মাহৰ ৩ তাৰিখে, নগাঁও জিলাত। তেওঁৰ পিতৃৰ নাম লক্ষ্মীকান্ত শইকীয়া আৰু মাতৃ লাৱণ্য শইকীয়া।

শিক্ষা সম্পাদনা কৰক

অনুভৱ তুলসীয়ে প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা লাভ কৰে ক্ৰমে ৫১ নং তুলসীমুখ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু মাধবদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত। পৰৱৰ্তী সময়ত কটন কলেজৰপৰা (১৯৭৪-৭৬) বিজ্ঞান শাখাত প্ৰাক বিশ্ববিদ্যালয়, নগাঁও কলেজৰপৰা ১৯৭৬-৭৯ চনত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৮১-৮৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

বৃত্তি সম্পাদনা কৰক

শুৱালকুছিৰ শুৱালকুছি বুদম মাধব সত্ৰাধিকাৰ মহাবিদ্যালয় (SBMS College, Sualkuchi)ত তেওঁ ইংৰাজী বিভাগত অধ্যাপনা কৰে (১৯৮৩-২০১৮)

অনুভৱ তুলসীৰ প্ৰকাশিত পুথি সম্পাদনা কৰক

কবিতাপুথি সম্পাদনা কৰক

  • নাজমা (১৯৮৫)
  • দোৰোণ ফুল (১৯৯৬)
  • জলমগ্ন দৃশ্যাৱলী (১৯৯৬)
  • কাব্যপীঠ (১৯৯৭)
  • নিৰ্জ্ঞান নেপথ্য (২০০১)।
  • চৰাইৰ চকুত ফুলৰ বিছনা (২০০৩)
  • পানীকাউৰী (২০০৫)
  • জয় জয়তীৰ জয় (২০০৬)
  • জুইচোৰ (২০০৭)
  • জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য (২০০৮)
  • দেওচেলেং (২০১০)
  • ঢেকীয়াপতীয়াৰ পিতৃ (২০১১)
  • বৰষুণৰ খেতিয়ক (২০১৫)
  • মাটিভাষা (২০১৭)।
  • অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা (২০১৭)
  • দিন ৰাতিৰ দুৱৰী (২০১৮)
  • বানান কৰি পঢ়া লুইতৰ পানী (২০১৯)
  • ডেমক্ৰেচি অব আমব্ৰেলাজ (২০১০)
  • মাইহাং বাটিৰ চাদ (২০১২)।
  • ডিৱৰ্ড (২০১৮)

অনুবাদ পুথি সম্পাদনা কৰক

  • আনা আখমাত'ভাৰ কবিতা (২০০১)
  • বেলিসূতা সোণপৰুৱা (২০০৬)
  • সম্পৰ্ক (২০১২)।
  • পুৰাতন এই বীণখনি (২০১৫)
  • নজনা জুনুকা (২০১৬)
  • নৰা তগৰৰ গন্ধ (২০১৮)

কবিতা আলোচনা সম্পাদনা কৰক

  • অসমীয়া কবিতা আৰু তুলনামূলক আলোচনা (২০০৬)
  • সৃষ্টিসুষমা (২০০৯)
  • ইলোৰাৰ ইন্দ্ৰসভা (২০০৫)

ভ্ৰমণলেখা সম্পাদনা কৰক

  • পানীত মৌ মিহলাই লেখা নাম বাইজেনটিয়াম (২০১২)

চিনেমা সমালোচনা সম্পাদনা কৰক

  • ঘোঁৰাচৱাৰী আৰু সূৰ্যৰ স্মৃতি (২০১৬)

গল্পপুথি সম্পাদনা কৰক

  • গোলাপ গছত থৈ যাবি (২০১৭)

সম্পাদনা সম্পাদনা কৰক

  • কবিৰ বচন(সম্পাদনা-২০১২)
  • অমূল্য বৰুৱাৰ কবিতা (সম্পাদনা-২০০২)
  • তৰুণ প্ৰজন্মৰ কবিতা (সম্পাদনা সহযোগী ২০০৫)
  • Discourse ( পত্ৰিকা- ২০০৮-২০১৮)
  • Confluence (পত্ৰিকা-২০১৫-২০১৮)
  • তুলাৰ দলং তেজাৰ সাঁকো (২০২০)

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • মুনীন বৰকটকী বঁটা, ১৯৯৭
  • কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বিপ সন্মান, ২০০০
  • অন্তৰ্লিপি সাহিত্য বঁটা, ২০১৬
  • সাহিত্য জ্যোতি বঁটা, ২০১৭
  • অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, ২০১৭
  • পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৯
  • নলবাৰী সাহিত্য সভাৰ জমিৰুদ্দিন আহমদ বঁটা’, ২০১৯
  • অসম সাহিত্য সভাৰ 'অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা', ২০২০

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ধ্ৰুৱজ্যোতি বৰা (জানুৱাৰী). গৰীয়সী. ঊনিত্ৰংশ বছৰ. pp. ৫১. 
  2. এম. কামালুদ্দিন আহমেদ, 'আধুনিক অসমীয়া কবিতা' তৃতীয় সংস্কৰণ, ২০২০, বনলতা, পৃষ্ঠা- ১৪৭ (পূৰ্ণাংগ প্ৰবন্ধ)
  3. Best of Indian Literature, Vol.- 2, Book-1 Ed. NK Bhattacharjee, AJ Thomas

বাহ্যিক সংযোগ সম্পাদনা কৰক

  1. Dancing Earth: An Anthology of Poetry from Northeast India, Ed. R. Nangum, KS Nongkynrih,Penguin Books.
  2. One Hundred Years of Assamese Poetry, Ed. Hirendranath Dutta, Publication Board of Assam
  3. Sapa Dashakar Kanthaswar, Ed. Ananda Barmudoi, National Book Trust of India
  4. Ehexar Bacharar Asomiya Kabita, Ed. Karabi Deka Hazarika, Banalata, Guwahati
  5. Natun Prajanmar Kabita, Ed. Harekrishna Deka, Anveswa, Guwahati
  6. Xahitya Xomalochana Prasanga: Axomiya Xabilya, Ananda Barmudoi, Axom Publishing Company,Guwahati.
  7. 100 Frames: One Hundred Years of Indian Cinema, Gauhati Cine Club, Guwahati
  8. Axomiyas Xahityar Buranji, Ed. Homen Bargohain, Vol.-6, ABILAC, Guwahati
  9. Kabitar Bhasha, Ed. Ranjit Dey Goswami, Anveswa, Guwahati
  10. The Oxford Anthology of Writings from North-East India. Ed. Tilottama Mishra
  11. Indian Literature, Vol. 295, October, 2016