অনুষ্কা শংকাৰ (জন্ম ১৯৮১ চনৰ ৯ জুন) এগৰাকী ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ। তেওঁ পণ্ডিত ৰবি শংকৰৰ জী।

অনুষ্কা শংকৰ

২০১৬ চনত Rudolstadt-উৎসৱত অনুষ্কা শংকৰ
প্ৰাথমিক তথ্য
জন্ম ৯ জুন, ১৯৮১ (৪৩ বছৰ)
লণ্ডন, ইংলেণ্ড
মূল ভাৰত আৰু ইংলেণ্ড
সংগীতৰ প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত, crossover
পেচা চেতাৰবাদক, গীতিকাৰ
বাদ্যযন্ত্ৰ কণ্ঠসংগীত, চেতাৰ, পিয়ান', তানপুৰা
কাৰ্যকাল ১৯৯৫–বৰ্তমানলৈ
ৰেকৰ্ড লেবেল এঞ্জেল ৰেকৰ্ডছ, Deutsche Grammophon
সহযোগী  ৰবি শংকৰ
ৱেবছাইট anoushkashankar.com

প্ৰাথমিক জীৱন

সম্পাদনা কৰক

অনুষ্কা শংকৰৰ জন্ম হৈছিল লণ্ডনত আৰু তেওঁৰ শৈশৱ অতিবাহিত হৈছিল দিল্লী আৰু লণ্ডন-এই দুয়োখন ঠাইত। তেওঁৰ মাকৰ নাম সুকন্যা শংকৰ আৰু পিতা পণ্ডিত ৰবি শংকৰ। অনুষ্কা শংকৰৰ জন্মৰ সময়ত ৰবি শংকৰৰ বয়স হৈছিল ৬১ বছৰ। দেউতাকৰ ফালৰ পৰা অনুষ্কা শংকৰ গায়িকা ন’ৰা জ’নছ আৰু শুভেন্দ্ৰ শুভ শংকৰৰ ভগ্নী।[1]

কৈশোৰৰ কালছোৱাত অনুষ্কা শংকৰে কেলিফৰ্ণিয়াত বসবাস কৰিছিল আৰু ছান ডিয়েগো স্কুল অকাডেমীত নামভৰ্তি কৰিছিল। তাৰপাছতে মহাবিদ্যালয়ৰ শিক্ষাৰ পৰিৱৰ্তে তেওঁ সংগীতকে নিজৰ কেৰিয়াৰ হিচাপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কেৰিয়াৰ

সম্পাদনা কৰক
 
অনুষ্কা আৰু ৰবি শংকৰ, এক সংগীতৰ অনুষ্ঠানত, ২০০৫

সাত বছৰ বয়সৰ পৰাই দেউতাক ৰবি শংকৰৰ পৰা তেওঁ চেতাৰৰ শিক্ষা আৰম্ভ কৰা অনুষ্কা শৰ্মাই দহ বছৰ বয়সত দেউতাকক তেওঁৰ অনুষ্ঠান সমূহত তানপুৰা সংগত কৰিবলৈ আৰম্ভ কৰে। ১৯৯৫ চনৰ ২৭ ফেব্ৰৱাৰী তাৰিখে, দেউতাকৰ ৭৫ বৰ্ষীয় জন্মদিনৰ উপলক্ষে নতুন দিল্লীৰ চিৰিফৰ্টত পতা এক অনুষ্ঠানত অনুষ্কা শৰ্মাই মাত্ৰ ১৩ বছৰ বয়সতে জীৱনৰ প্ৰথম চেতাৰবাদন প্ৰদৰ্শন কৰে। তেওঁৰ এই অনুষ্ঠানত তবলাত সহযোগ কৰিছিল বিশিষ্ট তবলা বাদক, সংগীতজ্ঞ জাকিৰ হুছেইনে। পুনৰ দেউতাকৰ জন্মদিনৰ উপলক্ষেই তেওঁ বিশেষভাৱে In Celebration শীৰ্ষক four-CD box মুকলি কৰে, যি আছিল তেওঁৰ প্ৰথম ষ্টুডিঅ ৰেকৰ্ডিং। চৈধ্য বছৰ বয়সৰ পৰা তেওঁ দেউতাকৰ সকলোবোৰ অনুষ্ঠানতেই সহযোগী হিচাপে অংশ লবলৈ আৰম্ভ কৰে। ষোল্ল বছৰ বয়সত তেওঁ এঞ্জেল ৰেকৰ্ডছৰ সৈতে প্ৰথমবাৰৰ বাবে ৰেকৰ্ডিঙৰ চুক্তি সম্পন্ন কৰে।

তেওঁৰ প্ৰথম এলবাম অনুষ্কা ১৯৯৮ চনত মুক্তি পায় আৰু ২০০০ চনত মুক্তি পায় অনুৰাগ শীৰ্ষক এলবামটি। ১৯৯৯ চনৰ পাছত তেওঁ নিজকে সংগীতৰ লগত জড়িত কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আনুষ্ঠানিক শিক্ষা তেতিয়াই সমাপ্ত কৰে। ২০০৩ চনত তেওঁ নিজৰ তৃতীয় এলবাম লাইভ এট কাৰ্নেগী হল-ৰ বাবে গ্ৰেমী বঁটাৰ বাবে তেওঁৰ ভগ্নী ন'ৰা জনছৰ লগতে নিৰ্বাচন লাভ কৰে। কম বয়সতে এই সন্মান লাভ কৰা বিশ্বৰ তেওঁ প্ৰথম মহিলা আছিল।

অভিনয় আৰু লিখনি

সম্পাদনা কৰক

অনুষ্কা শংকৰে ২০০২ চনত তেওঁৰ দেউতাকৰ জীৱনী বাপী: দ্য লাভ অব মাই লাইফ গ্ৰন্থখনি ৰচনা কৰে। তেওঁ লগতে আন কেইবাখনো অন্যান্য গ্ৰন্থৰ প্ৰণেতা।

  • British House of Commons Shield, 1998[2]
  • ২০০৩ চনত "বৰ্ষটোৰ মহিলা" শীৰ্ষক বঁটা লাভ[1]
  • টাইম আলোচনীৰ এছিয়া মহাদেশ সংস্কৰণৰ 20 Asian Heroes শীৰ্ষক তালিকাত স্থান লাভ টাইম ২০০৪ চন
  • ২০০৩ চনত তেওঁ নিজৰ তৃতীয় এলবাম "লাইভ এট কাৰ্নেগী হল"ৰ বাবে গ্ৰেমী বঁটাৰ বাবে তেওঁৰ ভগ্নী ন’ৰা জ’নছৰ লগতে নিৰ্বাচন লাভ কৰে। কম বয়সতে এই সন্মান লাভ কৰা বিশ্বৰ তেওঁ প্ৰথম মহিলা আছিল।
  • RISE এলবামৰ কাৰণে গ্ৰেমী বঁটাৰ মনোনয়ন লাভ
  • Traveller এলবামৰ কাৰণে ২০১৩ চনত তৃতীয়বাৰৰ মনোনয়ন লাভ
  • Traces of You এলবামৰ কাৰণে ২০১৪ চনত মনোনয়ন লাভ
  • ২০১২ চনত Traveller এলবামৰ কাৰণে শ্ৰেষ্ঠ শিল্পীৰ বঁটা লাভ (Songlines Music Award)[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "Anoushka Shankar Biography". Net IndustriesMusician Biographies. Archived from the original on 20 July 2008. http://www.musicianguide.com/biographies/1608003982/Anoushka-Shankar.html। আহৰণ কৰা হৈছে: 20 January 2009. 
  2. De Cruz, Errol (27 February 2001). "Shankar guru a left-handed genius". New Straits Times (Kuala Lumpur, Malaysia). https://news.google.com/newspapers?id=KQgkAAAAIBAJ&sjid=d3gFAAAAIBAJ&dq=commons+shield+anoushka&pg=4517,4261834। আহৰণ কৰা হৈছে: 7 April 2011. 
  3. "Songlines - Music Awards - 2012 - Winners". Songlines (magazine). http://songlines.co.uk/music-awards/2012/winners.php। আহৰণ কৰা হৈছে: 14 February 2013.