অনুষ্কা শেট্টী

ভাৰতীয় অভিনেত্ৰী

ছুইটি শেট্টী (ইংৰাজী: Anushka Shetty; জন্ম: ৭ নৱেম্বৰ ১৯৮১) -ৰ পৰিচিত নাম হৈছে অনুষ্কা শেট্টী৷ তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ অনুষ্কাৰ অধিকাংশ ছবিয়েই তেলেগু আৰু তামিল ভাষাৰ৷ নিজৰ দক্ষতাপূৰ্ণ অভিনয়ৰ জৰিয়তে অনুষ্কাই এতিয়ালৈকে বহুকেইটা বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰে ভিতৰত আছে- তিনিটাকৈ চিনেমা (CineMAA) বঁটা, এটা নন্দী বঁটা, তামিল নাডু ৰাজ্যিক ছবি বঁটা আৰু তিনিটাকৈ ফিল্মফেয়াৰ (দাক্ষিণাত্য) বঁটা৷ পঞ্চাছতকৈও অধিকখন ছবিত অভিনয় কৰা অনুষ্কা হৈছে ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম৷[3][4] দাক্ষিণাত্যৰ ছবিৰ জগতত তেখেতক লেডি ছুপাৰষ্টাৰ হিচাপেও জনা যায়৷[5][6][7][8][4]

অনুষ্কা শেট্টী
জন্ম ছুইটী শেট্টী[1]
৭ নৱেম্বৰ, ১৯৮০ (৪৩ বছৰ)[2]
পুট্টুৰ, কৰ্ণাটক, ভাৰত
শিক্ষানুষ্ঠান মাউণ্ট কাৰ্মেল কলেজ, বাংগালোৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ফিল্মফেয়াৰ (দাক্ষিণাত্য)
  • চিনেমা বঁটা
  • নন্দী বঁটা
  • তামিলনাডু ৰাজ্যিক ছবি বঁটা

২০০৫ চনত মুক্তি লাভ কৰা ছুপাৰ নামৰ তেলেগু ভাষাৰ ছবিখনত অনুষ্কাক পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যায়৷ এইখন ছবিত অভিনয় কৰি অনুষ্কাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে৷[9] পৰৱৰ্তী বছৰটোত তেখেতে এছ.এছ. ৰাজামৌলীৰ ছবি বিক্ৰমাকাড়ুত অভিনয় কৰে৷ ছবিখনে অভাৱনীয় ব্যৱসায়িক সফলতা লাভ কৰে৷ ২০০৭ চনত অনুষ্কাই আন এখন সফল ছবি লক্ষ্যমত অভিনয় কৰে৷ ২০০৮ চনত অনুষ্কাই অভিনয় কৰা সৌৰ্য্যম আৰু চিন্তাকায়ালা ৰবী ছবি দুখনেও বক্স অফিচত সফল হিচাপে বিবেচিত হয়৷ ২০০৯ চনত তেখেতে তেলেগু ডাৰ্ক ফেণ্টাছি ছবি অৰুন্ধতীত অভিনয় কৰে৷ তেখেতেৰ অভিনয়ে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে৷ ছবিখনৰ জৰিয়তে অনুষ্কাই প্ৰথমটো নন্দী বঁটা, ফিল্মফেয়াৰ বঁটা আৰু চিনেমা বঁটা লাভ কৰে৷ আটাইকেইটা বঁটায়েই আছিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত৷ তাৰ পিছৰটো বছৰতে অনুষ্কাই সমাদৃত ড্ৰামা ছবি ৱেদামত এগৰাকী দেহোপজীৱিনীৰ চৰিত্ৰ ৰূপায়ন কৰে৷ এইটো চৰিত্ৰই তেখেতলৈ দ্বিতীয়টো ফিল্মফেয়াৰ আৰু চিনেমা বঁটা কঢ়িয়াই আনে৷[10] এইদৰেই ক্ৰমাগতভাৱে সফল ছবিত সফল অভিনয় কৰি অনুষ্কা তেলেগু ছবি উদ্যোগৰ এগৰাকী প্ৰতিষ্ঠিত আৰু শীৰ্ষতম অভিনেত্ৰীৰ আসনত বহে৷[11]

একবিংশ শতিকাৰ প্ৰথমটো দশকত অনুষ্কাই তামিল ভাষাৰ ছবিতো একাধিক সফল ছবিত অভিনয় কৰে৷ তাৰে ভিতৰত সিংঘাম, ভেট্টাইকৰণ আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি৷ ২০১৫ চনত অনুষ্কাই মহাকাব্যিক ঐতিহাসিক কল্পকাহিনীত ৰুদ্ৰমা দেৱীৰ চৰিত্ৰটো ৰূপায়ন কৰে৷ ছবিখনৰ জৰিয়তে অনুষ্কাই তৃতীয়টো ফিল্মফেয়াৰ লাভ কৰে৷ ২০১৫-১৭ৰ সময়ছোৱাত অনুষ্কাই এছ.এছ. ৰাজামৌলিৰ দ্বাৰা নিৰ্মিত বাহুবলীত "দেৱসেনা" নামৰ চৰিত্ৰটোত সবল অভিনয় কৰি পৃথিৱীজোৰা খ্যাতি অৰ্জন কৰে৷ বাহুবলী ফ্ৰেঞ্চাইজিৰ দুয়োখন ছবিয়েই অকল্পনীয় সফলতা অৰ্জন কৰে৷ ব্যৱসায়িকভাৱেও সফলতম প্ৰমাণিত হোৱা এই দুয়োখন ছবিয়ে অনুষ্কাক দক্ষিণ ভাৰতীয় ছবিৰ উদ্যোগত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠাপিত কৰে৷[12][13][14]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

 
বাহুবলী টু:দ্য কনক্লুজনৰ প্ৰথম প্ৰকাশৰ (Look launch) উন্মোচনী অনুষ্ঠানত বাকীসকলৰ লগত অনুষ্কা
 
২০১৩ চনত কেলিফৰ্ণিয়াৰ ছাণ্টা ক্লাৰাৰ টেকএইডছ বঁটা অনুষ্ঠানত অনুষ্কা

কৰ্ণাটকৰ মাংগালোৰত অনুষ্কা শেট্টীৰ জন্ম হয়৷ বেল্লিপাড়ি উৰামালু গুথু পৰিয়ালক প্ৰতিনিধিত্ব কৰা অনুষ্কা হৈছে এগৰাকী খিলঞ্জীয়া টুলুৱা৷[15] পিতৃ হৈছে প্ৰফুল্ল আৰু মাতৃ হৈছে এ.এন. ৱিটাল শেট্টী৷ তেখেতৰ জ্যেষ্ঠ ভ্ৰাতৃ হৈছ গুণৰঞ্জন শেট্টি আৰু ছাই ৰমেশ শেট্টী৷[15] বাংগালোৰস্থিত মাউণ্ট কাৰ্মেল কলেজৰ পৰা অনুষ্কাই কম্পিউটাৰ এপ্লিকেছনত স্বাতক ডিগ্ৰী অৰ্জন কৰিছিল৷ ভাৰত ঠাকুৰৰ অধীনত প্ৰশিক্ষণ লোৱা অনুষ্কা এগৰাকী যোগ নিৰ্দেশকো৷[16]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Sweety "is a boring person, that's why I become Anushka for my fans: Anushka Shetty". indiatimes.com. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Sweety-is-a-boringperson-thats-why-I-become-Anushka-for-my-fans-Anushka-Shetty/articleshow/50043350.cms"Sweety। আহৰণ কৰা হৈছে: 30 June 2017. 
  2. "'Baahubali' "actress Anushka Shetty celebrates her 34th birthday!". dnaindia.com. http://www.dnaindia.com/entertainment/report-baahubali-actress-anushka-shetty-celebrates-her-34th-birthday-2143042"'Baahubali'। আহৰণ কৰা হৈছে: 30 June 2017. 
  3. "Baahubali 2: Did you know Prabhas, Rana Daggubati, Anushka are highest paid star cast in India?". India Today. Ist. https://www.indiatoday.in/movies/celebrities/story/baahubali-2-prabhas-rana-anushka-ss-rajamouli-salary-details-975545-2017-05-06. 
  4. 4.0 4.1 https://www.republicworld.com/entertainment-news/regional-indian-cinema/as-anushka-shetty-rings-in-39th-birthday-here-are-14-lesser-known-facts-about-her.html
  5. https://www.indiatvnews.com/entertainment/regional-cinema/5-reasons-why-anushka-shetty-is-one-of-the-most-talented-actresses-of-the-south-film-industry-653094
  6. "Happy Birthday Anushka Shetty: 6 Best Performances of the Baahubali actress who is a darling among the masses - Times of India ►". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-anushka-shetty-6-best-performances-of-the-baahubali-actress-who-is-a-darling-among-the-masses/articleshow/71939223.cms। আহৰণ কৰা হৈছে: 7 November 2019. 
  7. "Archived copy". https://www.deccanherald.com/entertainment/entertainment-news/anushka-shetty-to-collaborate-with-director-p-mahesh-soon-849132.html। আহৰণ কৰা হৈছে: 5 October 2020. 
  8. "Rajinikanth, Ram Charan laud Anushka Shetty's performance in Bhaagamathie". Indian Express. 3 February 2018. https://indianexpress.com/article/entertainment/telugu/rajinikanth-ram-charan-laud-anushka-shettys-performance-in-bhaagamathie-5050024/। আহৰণ কৰা হৈছে: 23 October 2019. 
  9. "Anushka The Queen Of South Indian Cinema" (en ভাষাত). www.magzter.com. https://www.magzter.com/article/Entertainment/Cinesprint/Anushka-The-Queen-Of-South-Indian-Cinema। আহৰণ কৰা হৈছে: 24 November 2020. 
  10. "Meet super-talented Anushka Shetty! – Rediff.com Movies". Movies.rediff.com. 31 May 2010. http://movies.rediff.com/slide-show/2010/may/31/slide-show-1-south-interview-with-anushka-shetty.htm। আহৰণ কৰা হৈছে: 18 June 2011. 
  11. "Top Telugu actresses of 2009 – Rediff.com Movies". Movies.rediff.com. 29 December 2009. http://movies.rediff.com/slide-show/2009/dec/29/slide-show-1-south-2009s-top-telugu-actresses.htm। আহৰণ কৰা হৈছে: 18 June 2011. 
  12. Upadhyaya, Prakash (27 April 2017). "Baahubali 2 (Bahubali 2): Tamil Movie Review: SS Rajamouli pushes the envelope with this two-part epic". ibtimes.co.in. http://www.ibtimes.co.in/baahubali-2-conclusion-tamil-movie-review-live-audience-response-724525। আহৰণ কৰা হৈছে: 30 June 2017. 
  13. "Baahubali 2 first review: UAE critic Umair Sandhu gives 5 stars, says CGI comparable to Harry Potter; Prabhas performance spectacular". financialexpress.com. 27 April 2017. http://www.financialexpress.com/entertainment/baahubali-2-the-conclusion-review-uae-critic-gives-5-star-rating-prabhas-rana-daggubati-says-cgi-comparable-to-harry-potter/644914/। আহৰণ কৰা হৈছে: 30 June 2017. 
  14. "Baahubali 2 Movie Review: SS Rajamouli's epic drama will be hard to forget anytime soon". firstpost.com. 28 April 2017. http://www.firstpost.com/entertainment/baahubali-2-the-conclusion-movie-review-ss-rajamouli-bahubali-2-is-unforgettable-3409542.html। আহৰণ কৰা হৈছে: 30 June 2017. 
  15. 15.0 15.1 Vinobha KT (24 December 2011). "Household Kola draws Tulu belle to Bellipady". The Times of India. Archived from the original on 20 May 2013. https://web.archive.org/web/20130520203812/http://articles.timesofindia.indiatimes.com/2011-12-24/mangalore/30554058_1_anushka-shetty-telugu-film-tuluva. 
  16. "Meet super-talented Anushka Shetty!". rediff.com. http://www.rediff.com/movies/slide-show/slide-show-1-south-interview-with-anushka-shetty/20100531.htm। আহৰণ কৰা হৈছে: 30 June 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক