অপেস্বৰী সবাহ

(অপেচৰী সবাহৰ পৰা পুনঃনিৰ্দেশিত)

অপেশ্বৰী সবাহ বা অপেস্বৰী সবাহ হৈছে অসমীয়া সমাজত লোকবিশ্বাস অনুসৰি পতা এক অনুষ্ঠান। অসমীয়া লোকসকলৰ মাজত ল'ৰা-ছোৱালী শুকাই-খীণাই গ'লে বা কোনো বেমাৰ আজাৰ হ'লে বা বয়স অনুসাৰে মাত নুফুটিলে বা ছোৱালী সন্তান পুষ্পিতা হোৱাৰ সময় উকলি গ'লে সৰগৰ অপেশ্বৰীৰ কুদৃষ্টি পৰা বুলি জনবিশ্বাস প্ৰচলিত। এনেধৰণৰ পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি উজনি আৰু নামনি অসমৰ বিভিন্ন অঞ্চলত স্থানীয় লোক সকলে ইয়াৰ পৰিত্ৰাণ বিচাৰি মহিলা সকলৰ দ্বাৰা 'অপেশ্বৰীৰ নাম' গোৱাই অপেশ্বৰী সবাহ অনুষ্ঠিত কৰে। সচৰাচৰ যিবোৰ মানুহৰ ঘৰত এনে ধৰণৰ লক্ষণ দেখা দিয়ে সেই ঘৰৰ গৃহস্থই এনে নামৰ দ্বাৰা দেৱীক ভক্তি পূৰ্বক প্ৰাৰ্থনা কৰাৰ লগতে বেমাৰৰ আৰোগ্য কামনা কৰে। এই সবাহ দুপৰীয়া সময়ত মুকলি আকাশৰ তলত বা চোতালৰ এডোখৰ ঠাই শুদ্ধ কৰি ভালদৰে মচি লৈ শৰাই, চাকি, ধূপ, ফল, গাখীৰ, চাউলৰ গুড়ি, পকা কল, চেনি আদিৰে সজাই পৰাই তিৰোতা মানুহবোৰে একলগ হৈ নাম গাই অনুষ্ঠিত কৰা হয়।[1]

পালনৰ কাৰণ

সম্পাদনা কৰক

অসমৰ লোকজীৱনৰ অপেস্বৰাই কল্যাণকামিনী আৰু অকল্যাণকামিনী উভয় দেৱীৰ ভূমিকা গ্ৰহণ কৰিছে। অকল্যাণকামিনী দেৱীৰূপে অপেস্বৰীসকলৰ কু-দৃষ্টিত কোনো বেমাৰ-আজাৰ নোহোৱাকৈ ল'ৰা-ছোৱালী শুকাই খীণাই গ'লে, অথবা পয়া লাগিলে, নাইবা ল'ৰা-ছোৱালীয়ে হাত-ভৰি জোকাৰি চকু পকাই কন্দা-কটা কৰিলে, একাংগী আদি নৰিয়া হ'লে, পিঠা গলীয়া ব্যাধি হ'লে, ছোৱালী শান্তি নোহোৱাকৈ বেছিদিন থাকিলে নাইবা গাত বিষ হ'লে অপেস্বৰীসকলক পূজা-উপাসনা কৰিলে এই ৰোগ-ব্যাধিবোৰ নিৰাময় হয় বুলি বিশ্বাস কৰা হয়। আনহাতে অপেস্বৰীৰ কৃপাত নিঃসন্তান নাৰীয়ে সন্তান লাভ কৰে, অবিবাহিতা গাভৰুৱে স্বামী লাভ কৰে আৰু ধন-জন, পুত্ৰ কন্যা লাভ কৰে বুলি লোকবিশ্বাস প্ৰচলিত আছে।[1][2]

ৰীতি-নীতি

সম্পাদনা কৰক

অপেস্বৰী সবাহ দেওবাৰ বা ৰবিবাৰে ভৰ দুপৰীয়া অনুষ্ঠিত হয়। দেওবাৰ বা ৰবিবাৰটো সূৰ্য্যৰ লগত জড়িত। আনহাতে লোকবিশ্বাস অনুসৰি অপেস্বৰা সূৰ্য্যৰ কন্যা। গতিকে এই সময়ত অনুষ্ঠিত অপেস্বৰী সবাহতো যেন সূৰ্য্যৰ লগত অপেস্বৰাসকলৰ গভীৰ সম্পৰ্ক ৰক্ষিত হৈছে।[2]

উজনি অসমত বুঢ়ী বিধবাই পিঠাগুৰি,এৱা গাখীৰ,কল আদি উপকৰণেৰে ভৰদুপৰীয়া অপেস্বৰী সবাহ পাতে। ঘৰৰ মাজ চোতালত চাৰিটা খুটি পুতি সৰু ৰভা এখন দিয়ে, অথবা ওখ খুটি এটা পুতি ইয়াৰ ওপৰত জাপি এটা দি ৰভাৰ কাম চলোৱা হয়। ৰভা বা জাপিৰ তলত বেদী এটা সাজি তাত চাকি-ধূপ-ধূনা আদি জ্বলাই দিয়াৰ পিছত নৈবেদ্য আগবঢ়াই দি মহিলাসকলে নাম ধৰে।[1]

নামনি অসমৰ বিশেষকৈ কামৰূপৰ অঞ্চলবিশেষে মাজ চোতালত মণ্ডপ আৰু বেদী নিৰ্মাণ কৰি তাত তিনিটা বিস্তৃত বৃত্ত অংকন কৰে। এই বৃত্ত কেইটাত পিঠা গুৰিৰে মণ্ডল দি সোঁমাজত অপেস্বৰা সবাহ আৰু নাম সম্পাদন কৰা দেখা যায়। অপেস্বৰীৰ ৰূপত তিনিজনী বা পাঁচজনী(বিযুৰীয়াকৈ) অকুমাৰী ছোৱালীক সু-সজ্জিতা কৰি পূজা স্থলত বিশেষ আদৰ-সাদৰ আৰু সন্মানেৰে আসনত বহুৱাই থয়। অপেস্বৰীসকলৰ উপৰিও সূৰ্য্য আৰু পঞ্চদেৱতাৰ পূজা ব্ৰাহ্মণ-পুৰোহিতে আৰম্ভণীতে সম্পন্ন কৰে সেইদিনা আবেলিহে মহিলাসকলে নামধৰে।[2]

অপেস্বৰী সবাহৰ নামগাওতে চাপৰি মৰা নহয়। নামৰ সময়ত গৃহস্থৰ পৰিয়ালবৰ্গই বিশষকৈ মহিলাসকলে হাতযোৰ কৰি পূজা থলীৰ ওচৰতে বহী থাকে। পূজা বা নামৰ আৰম্ভণিত নামতীয়ে আশীৰ্বাদ দিয়ে। আশীৰ্বাদৰ অন্তত দিহা আৰু পদযুক্ত গীত-পদ আবৃত্তি কৰা হয়।[1]

অপেস্বৰী সবাহৰ নাম

সম্পাদনা কৰক

অপেস্বৰী সবাহ যে দেওবাৰে দুপৰীয়া অনুষ্ঠিত হয় তাৰ আভাস দি মহিলাসকলে গায়-[3]

দেওবাৰে দুপৰ বেলা এ পাঁজি মেলি চাই।

অপেচৰাই সবাহ লব কেতে বেলি পাই॥

দেওবাৰে দুপৰ বেলা এ ছায়াত পৰিলে ভৰি।

মাতিলে খেমিব দায় স্বৰ্গৰ অপেচৰী॥

অপেস্বৰী সবাহৰ আচাৰ- অনুষ্ঠান,বিধি-ব্যৱস্থা আদি তলত দিয়া গীতটোৱেই দাঙি ধৰে--

সোণৰ জখলা ৰূপৰ হাতে ধৰে

আহে অপেস্বৰা নামি এ॥

নামি আহে অপেস্বৰা হাতে দণ্ডধৰি।

মহ‍দেৱে লগে পায়ি নিলে দণ্ড কাঢ়ি॥
তুলসীৰ গুৰিতে বন্তি জ্বলাইছে

শলাই তিৰেবিৰে কৰে এ॥

আকাশৰে পৰা সোধে অপেস্বৰা কুমাৰী কি পূজা কৰে এ॥

দিপৰ ভাগতে চোতালৰ আগতে কুমাৰী কি পূজা কৰে এ॥

আকাশৰে পৰা সোধে অপেস্বৰা

সেই পূজা মোৰ পাৱেপৰে এ॥

কামৰূপত তলৰ গীতটিৰে অপেস্বৰা সবাহৰ সামৰণী মৰা হয়। এই গীতটোক "বিদায় গীত" ৰ আখ্যাত দিব পাৰি; যিহেতু গীতটোৰ জৰিয়তে দেৱীসকলক বিদায় দিয়া হৈছে।

আই দিয়া নিৰ্মালি মাথা ভৰি লওঁ।

বিদায় দিয়া অপেস্বৰী সেৱা কৰি যাওঁ॥

তুলসীৰে পাত হৰি তুলসীৰে পাত।

নৰ-মনিছে কিবা শুনে অপেস্বৰীৰ মাত॥

তুলসীৰে ফুল হৰি তুলসীৰে ফুল।

নৰ-মনিচে কিবা জানে তোমাৰ পূজাৰ মূল॥

তুলসীৰে গুটি হৰি তুলসীৰে গুটি।

নৰ-মনিচে কিবা জানে তোমাৰ সেৱাৰ তুতি॥

তুলসীৰে গাছ হৰি তুলসীৰে গাছ।

বিদায় দিয়া অপেস্বৰী গোপিনী ধৰক পথ॥

অপেস্বৰী সবাহৰ পৰম্পৰা অসমৰ বাহিৰেও পশ্চিমবংগ, ওড়িশা আদিটো প্ৰচলিত।[2]

  1. 1.0 1.1 1.2 1.3 Bhattacharjya, Mamani & Sarma, Nabin chandra (৩১/১২/২০০৯). Women social customs and relevant verbal songs of Lower Assam A descriptive study. প্ৰকাশক গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়. পৃষ্ঠা. ৮৯,৯০. http://hdl.handle.net/10603/81549. 
  2. 2.0 2.1 2.2 2.3 শৰ্মা, নবীন চন্দ্ৰ (১৯৮৯). [নালাগে অসমীয়া লোক-সংস্কৃতিৰ আভাস]. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ১৮৭-১৯৭. নালাগে. 
  3. বিবি, কলচুম. "নামনি অসমৰ লোকসংস্কৃতিৰ প্ৰাণ বিভিন্ন ধৰণৰ নাম-কীৰ্তন". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a89be9ae9a89bf-9859b89ae9f0-9b29959b89829b89cd9959c39a49bf9f0-9aa9cd9f09be9a3-9ac9bf9ad9bf9a89cd9a8-9a79f09a39f0-9a89be9ae-9959c09f09cd9a49a8.