অভয়াপুৰী
অভয়াপুৰী (IPA: ˌəbɑːjəˈpʊərɪ or ˌəbeɪjəˈpʊərɪ) (ইংৰাজী: Abhayapuri) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো গুৱাহাটীৰ পশ্চিমে ২০০ কিমি পশ্চিমে অৱস্থিত৷
অভয়াপুৰী | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | বঙাইগাঁও |
উচ্চতা | ৩৬ মিটাৰ (১১৮ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
14,671 |
ইতিহাস
সম্পাদনা কৰকঐতিহাসিক বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰী নগৰৰ পূবদিশত ডুমুৰীয়া নামৰ ঠাইখন আছিল বুলি জনা যায়৷ ৰজা বিজিত নাৰায়ণে ১৬৭১ চনত এই ৰাজধানী প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু ১৮৯৭ চনৰ ভূমিকম্পত ই ধ্বংসপ্ৰাপ্ত হয় আৰু দেওঁহাটীলৈ ইয়াক স্থানান্তৰ কৰা হয়৷ ৰাজবংশৰ ৰাণী অভেয়াশ্বৰীৰ নামেৰে নগৰখনৰ নাম অভয়াপুৰী ৰখা হৈছিল৷
ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজাসকল
সম্পাদনা কৰক- বিজিত নাৰায়ণ (চন্দ্ৰ নাৰায়ন)
- জয় নাৰায়ণ
- শিৱ নাৰায়ণ
- বিজয় নাৰায়ণ
- মুকুন্দ নাৰায়ণ
- হৰিদেৱ নাৰায়ণ
- ইন্দ্ৰ নাৰায়ণ
- অমৃত নাৰায়ণ
- কুমুদ নাৰায়ণ
- যোগেন্দ্ৰ নাৰায়ণ
- ভৈৰবেন্দ্ৰ নাৰায়ণ
ভৌগোলিক বিৱৰণ
সম্পাদনা কৰকঅভয়াপুৰী গুৱাহাটীৰ পৰা ২০০ কি: মি: আৰু জিলা সদৰ বঙাইগাঁৱৰ পৰা ২১ কি: মি: দূৰত্বত অৱস্থিত ৷ দেৱদাৰু গছেৰে পৰিবেষ্টিত বাবে ই দেৱদাৰু নগৰী বুলিও জনাজাত ৷
আন্ত:গাঁথনি
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] অভয়াপুৰীৰ মুঠ জনসংখ্যা ১৪,৬৭১ জন৷[2] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ অভয়াপুৰীৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
যাতায়ত ব্যৱস্থা
সম্পাদনা কৰকঅভয়াপুৰী নগৰৰ পৰা ৭ কি: মি: দূৰত্বত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল ৷ উত্তৰ পূব সীমান্ত ৰেলপথৰ নিউবঙাইগাওঁ কামাখ্যা শাখা ৰেলপথে (গোৱালপাৰা হৈ) অভয়াপুৰীক চুই গৈছে ৷ ২ নং ৰাজ্যিক ঘাইপথ নগৰখনৰ সোঁমাজেদি পাৰ হৈ গৈছে৷
শিক্ষা
সম্পাদনা কৰকঅভয়াপুৰীত ভালেসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল- বিদ্যালয়-
- অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
- যোগেন্দ্ৰ নাৰায়ণ সোৱৰণী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
মহাবিদ্যালয়-
ৰাজনীতি
সম্পাদনা কৰকঅভয়াপুৰী বৰপেটা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷[3]
উল্লেখযোগ্য ঠাই
সম্পাদনা কৰক- ৰাম ৰজাৰ ঘৰ- মোগল ৰাজত্বৰ সৈতে আহোমৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰাজস্থানৰ অম্বাৰ ৰাজত্বৰ ৰামসিংহই খন্দোৱা পুখুৰী
- লালমাটি-দুৰামাৰি গণেশ মন্দিৰ- ঐতিহাসিক মন্দিৰ
- লুঙাই পাহাৰ শিৱমন্দিৰ
উল্লেখযোগ্য ব্যক্তি
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.