অম্বিকা (জৈন ধৰ্ম)
অম্বিকা (ইংৰাজী: Ambika) জৈন ধৰ্মৰ ২২তম তীৰ্থংকৰ নেমিনাথৰ ৰক্ষয়িত্ৰী দেৱী বা 'শাসনৰ দেৱী'। তেওঁৰ 'শাসন দেৱ' হৈছে দিগম্বৰপন্থী মতে সৰ্বাহ্ণ আৰু শ্বেতাম্বৰপন্থী মতে গোমেধ। অম্বিকা দেৱী এগৰাকী যক্ষী। তেওঁক অম্বাই, অম্বা, কুষ্মাণ্ডিনী আৰু অম্ৰ কুষ্মাণ্ডিনী বুলিও কোৱা হয়।[1] তেওঁক প্ৰায়ে এক বা অধিক শিশুৰ সৈতে আৰু প্ৰায়ে আম গছৰ তলত দেখুওৱা হয়। তেওঁক সঘনাই যোৰা হিচাপে প্ৰতিনিধিত্ব কৰা হয়। তেওঁৰ সোঁফালে যক্ষ সাৰ্ভানুভূতি আৰু বাঁওফালে কুষ্মাণ্ডিনী থাকে আৰু মূৰৰ ওপৰত এখন সৰু তীৰ্থংকৰৰ আকৃতি দেখুৱা হয়।[2] অম্বিকা নামৰ আক্ষৰিক অৰ্থ হৈছে মাতৃ, সেয়েহে তেওঁ মাতৃ দেৱী হিচাপে জনাজাত। এই নাম হিন্দু দেৱী পাৰ্বতীৰ অন্য এক নাম।[3]
অম্বিকা | |
---|---|
ৰাজস্থানৰ সংথুৰ জৈন মন্দিৰত অম্বিকা দেৱীৰ মূৰ্তি | |
সঙ্গী | সৰ্বাহ্ণ (দিগম্বৰ) গোমেধ (শ্বেতাম্বৰ) |
জৈন জীৱনী
সম্পাদনা কৰকজৈন শাস্ত্ৰ অনুসৰি অম্বিকা দেৱী অগ্নিলা নামৰ এগৰাকী সাধাৰণ মহিলা আছিল আৰু পিছলৈ তেওঁ দেৱীত্ব লাভ কৰিছিল। [4] তেওঁ গিৰিনগৰত তেওঁৰ স্বামী সোমশ্ৰমণ আৰু তেওঁৰ দুই সন্তান শুভংকৰ আৰু প্ৰভাংকৰৰ সৈতে বাস কৰিছিল। এবাৰ সোমশ্ৰমণে ব্ৰাহ্মণসকলক অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান শ্ৰাদ্ধ কৰিবলৈ আমন্ত্ৰণ কৰিছিল আৰু অগ্নিলাক ঘৰত থাকিবলৈ কৈছিল। [5] সেইসময়তে নেমিনাথৰ মুখ্য শিষ্য বৰদত্ত তেওঁলোকৰ ঘৰৰ কাষেৰে পাৰ হৈ গৈছিল আৰু অগ্নিলাৰ পৰা তেওঁৰ মাহৰজোৰা উপবাস শেষ কৰিবলৈ খাদ্য বিচাৰিছিল। [6] তেওঁ বৰদত্তক খাদ্য দিয়াৰ পিছত সোমশ্ৰমণ আৰু ব্ৰাহ্মণসকলে অগ্নিলাৰ ওপৰত খং উঠিছিল কিয়নো তেওঁলোকে অগ্নিলায়ে প্ৰস্তুত কৰা খাদ্য এতিয়া অশুদ্ধ বুলি বিবেচনা কৰিছিল। সোমশ্ৰমণে তেওঁক তেওঁৰ সন্তানৰ সৈতে ঘৰৰ পৰা উলিয়াই দিছিল আৰু তেওঁ এটা পাহাৰলৈ গৈছিল। অগ্নিলায়ে তেওঁৰ গুণৰ বাবে শক্তিৰে আশীৰ্বাদ লাভ কৰিছিল। তেওঁ যিটো গছৰ তলত আশ্ৰয় লৈছিল সেয়া ইচ্ছা প্ৰদান কৰা কল্পতৰু হৈ পৰিছিল। ইয়াৰ লগতে শুকান পুখুৰী পানীৰে উপচি পৰিছিল। দেৱতাসকলে অগ্নিলাৰ ওপৰত কৰা অত্যাচাৰৰ বাবে খং কৰিছিল আৰু তেওঁৰ ঘৰখন এৰি গোটেই গাঁওখন ডুবাই ৰাখিবলৈ সিদ্ধান্ত লৈছিল। এয়া দেখাৰ পিছত সোমশ্ৰমণ আৰু ব্ৰাহ্মণসকলে ভুল অনুভৱ কৰি ক্ষমা বিচাৰিবলৈ ধৰিছিল। শাস্তিৰ ভয়ত তেওঁৰ স্বামীক চাই অগ্নিলায়ে পাহাৰখনৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল কিন্তু তাৎক্ষণিকভাৱে দেৱী অম্বিকা হিচাপে পুনৰজন্ম লাভ কৰিছিল। [7] তেওঁৰ স্বামীয়ে সিংহ হিচাপে পুনৰ জন্ম হৈছিল আৰু তেওঁ অম্বিকাৰ ওচৰলৈ আহি তেওঁৰ ভৰি চেলেকি বাহন হৈ পৰিছিল। নেমিনাথে তেওঁ আৰু তেওঁৰ দুই পুত্ৰক নিজৰ যক্ষ আৰু যক্ষী হিচাপে ৰূপান্তৰ কৰিছিল। [8][9] অম্বিকা নেমিনাথৰ ৰক্ষয়িত্ৰী দেৱী বা 'শাসনৰ দেৱী'। তেওঁৰ 'শাসন দেৱ' হৈছে দিগম্বৰপন্থী মতে সৰ্বাহ্ণ আৰু শ্বেতাম্বৰপন্থী মতে গোমেধ। [6]
বৰ্ণনা
সম্পাদনা কৰকজৈন পৰম্পৰা অনুসৰি অম্বিকা দেৱীৰ বৰণ সোণালী আৰু বাহন এটা সিংহ। তেওঁ চতুৰ্ভুজা। তেওঁৰ দুই সোঁ হাতত এটা আম আৰু আনখনত আম গছৰ এটা শাখা ধাৰণ কৰে। তেওঁৰ এটা বাওঁ হাতত এডাল অশ্বৰশ্মি আৰু আনখন হাতেৰে তেওঁৰ দুই পুত্ৰ প্ৰিয়ংকৰ আৰু শুভংকৰক ধৰি থাকে। [10][11][12][13] দক্ষিণ ভাৰতত দেৱী অম্বিকাৰ গাৰ বৰণ নীলা ৰঙৰ দেখুৱা হয়। [14] অম্বিকাক আন তীৰ্থংকৰৰ বাবেও শাসনদেৱী হিচাপে চিত্ৰিত কৰা হৈছে। অম্বিকা প্ৰায়ে বাহুবলীৰ সৈতে দেখুৱা হয়। [15] অম্বিকা আৰু সৰ্বানুভূতি যক্ষ-যক্ষী যোৰা ভাস্কৰ্য গোমুখ-চক্ৰেশ্বৰী আৰু ধৰণেন্দ্ৰ-পদ্মাৱতীৰ সৈতে আটাইতকৈ বেছি প্ৰচলিত। [16]
অম্বিকা এগৰাকী স্বতন্ত্ৰ দেৱী হিচাপেও জনপ্ৰিয়। [7][17] অনুমান কৰা হয় যে অম্বিকাৰ উৎপত্তি তিনিটা পৃথক দেৱীৰ উপাদানৰ পৰা হৈছিল। সেইকেইটা হৈছে সিংহবাহিনী দেৱী দুৰ্গাৰ পৰা, দ্বিতীয়তে আম আৰু আম গছৰ সৈতে জড়িত কিছুমান লোকদেৱী আৰু তৃতীয়তে দেৱী কুষ্মাণ্ডা। [18]
উপাসনা
সম্পাদনা কৰকঅম্বিকাৰ উপাসনা অতি প্ৰাচীন। ভাৰতত অম্বিকাৰ বহুতো পুৰণি ভাস্কৰ্য আৰু মন্দিৰ পোৱা গৈছে। [8] দেৱী অম্বিকাৰ সৈতে পদ্মাৱতী, চক্ৰেশ্বৰীক সন্মানীয় দেৱী হিচাপে গণ্য কৰা হয় আৰু তীৰ্থংকৰৰ সৈতে জৈন ধৰ্মত উপাসনা কৰা হয়। [19][20] অম্বিকা আৰু পদ্মাৱতী তান্ত্ৰিক ৰীতি-নীতিৰ সৈতে জড়িত। এই তান্ত্ৰিক ৰীতিবোৰত যন্ত্ৰ-বিধি, পীঠ-স্থাপনা আৰু মন্ত্ৰ-পূজা অন্তৰ্ভুক্ত থাকে। [21][22] অম্বিকাক কল্পলতা আৰু কামনা দেৱী হিচাপেও উপাসনা কৰা হয়। দিলৱাৰা জৈন মন্দিৰত অম্বিকাক কল্পলতা অৰ্থাৎ এক ইচ্ছা পূৰণ কৰা লতা হিচাপে দৰ্শোৱা হৈছে। [23] অম্বিকা দেৱী সন্তান জন্ম আৰু সমৃদ্ধিৰ সৈতেও জড়িত। [7] অম্বিকা আৰু সৰ্বহণা হৈছে ভাৰতৰ পশ্চিম প্ৰান্তত আটাইতকৈ জনপ্ৰিয় যক্ষ-যক্ষীৰ যোৰা। [16] অম্বিকাক কুলদেৱী বা গোত্ৰ-দেৱী হিচাপেও উপাসনা কৰা হয়। [24] অম্বিকা হৈছে পোৰৱাদ (প্ৰগৱত) জৈন সম্প্ৰদায়ৰ কুল-দেৱী। সকলো জৈন মূৰ্তিপুজক সকলে তেওঁৰ উপাসনা কৰে যদিও তেওঁ পোৰৱাদসকলৰ দ্বাৰা বিশেষভাৱে সন্মানিত।[25]
কিংবদন্তী অনুসৰি গোমৎেশ্বৰ মূৰ্তি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছত, চাভুন্দৰায়ে পাঁচটা তৰল, গাখীৰ, কোমল নাৰিকল, চেনি, মৌ আৰু শ শ পাত্ৰত সংগ্ৰহ কৰা পানীৰে এটা মহামষ্টকভিষেকৰ আয়োজন কৰিছিল কিন্তু মূৰ্তিৰ নাভিৰ তলত তৰল প্ৰবাহিত হ'ব পৰা নাছিল। কুষ্মাণ্ডিনীয়ে এগৰাকী দৰিদ্ৰ বুঢ়ীৰ ছদ্মবেশত আহি আধা বগা গুল্লিকাই ফলৰ খোলাত গাখীৰেৰে অভিষেক কৰাত মূৰ্তিৰ মূৰৰ পৰা ভৰিলৈ বিয়পি পৰিছিল। চাভুন্দৰায়ে তেওঁৰ ভুল অনুভৱ কৰিছিল আৰু গৌৰৱ আৰু অহংকাৰ অবিহনে অভিষেক কৰিছিল আৰু এইবাৰ অভিষেক মূৰৰ পৰা ভৰিলৈ প্ৰবাহিত হৈছিল। [26] শ্ৰাৱণবেলগোলাত কুষ্মাণ্ডিনি দেৱী বা অম্বিকাৰ উপাসনা জৈন ৰীতি-নীতিৰ এক অবিচ্ছেদ্য অংশ। [27]
মুখ্য মন্দিৰসমূহ
সম্পাদনা কৰকশ্ৰী অম্বিকা দেৱীৰ মুখ্য মন্দিৰবোৰৰ ভিতৰত আছে:
- শ্ৰী নেমিনাথ অধিষ্ঠায়ক নাগোত্ৰ সোলাঙ্কি গোত্ৰীয়া কুলদেৱী শ্ৰী অম্বিকাদেৱী জিনালয়, সান্ধু
- ৰাজস্থান ৰাজ্যৰ পালি জিলাৰ তখতগড়ৰ শ্ৰী কুলদেৱী অম্বিকাদেৱী জৈন মন্দিৰ
- শ্ৰী কুলদেৱী অম্বিকাদেৱী জৈন মন্দিৰ, পাদাৰলি
সাহিত্যত উল্লেখ
সম্পাদনা কৰক- অম্বিকা-কল্প, অম্বিকা-তদমকা, অম্বিকাটাতঙ্কা, অম্বিকা-স্তুতি, অম্বিকা-দেৱী-স্তুতি আৰু ভৈৰৱ-পদ্মাৱতী-কল্প হৈছে অম্বিকাৰ উপাসনাৰ বাবে তান্ত্ৰিক শাস্ত্ৰ[21]
- অম্বিকা-স্তৱন, ১৩ শতিকাৰ চালুক্যৰ মন্ত্ৰী বাস্তুপলাৰ দ্বাৰা সংকলিত অম্বিকাৰ স্তৱ[15]
- চতুৰ্দশ শতিকাৰ আচাৰ্য জিনপ্ৰভা চুৰিৰ অম্বিকা-দেৱী-কল্প[15]
- অপৰাজিতা-প্ৰচ্চা হৈছে অম্বিকাৰ স্তুতি, ১২-১৩ শতিকাৰ ভুৱনদেৱৰ দ্বাৰা সংকলিত[15]
চিত্ৰ বিথিকা
সম্পাদনা কৰক-
কুষাণ সাম্ৰাজ্যৰ সময়ৰ অম্বিকাৰ ভাস্কৰ্য
-
অম্বিকা আৰু সৰ্বণা, ষষ্ঠ শতিকা
-
অম্বিকা, ষষ্ঠ-সপ্তম শতিকা
-
অম্বিকা দেৱী, কালুগুমলাই জৈন মন্দিৰ, অষ্টম শতিকা
-
নৱম শতিকাৰ অম্বিকা মূৰ্তি
-
অম্বিকাৰ ভাস্কৰ্য, ১০৩৪ খ্ৰীষ্টাব্দ, ব্ৰিটিছ সংগ্ৰাহালয়
-
একাদশ শতিকাৰ অম্বিকা দেৱী
-
গোমেধ আৰু অম্বিকা, একাদশ শতিকা
-
জিনৰ সৈতে সৰ্বানুভূতি আৰু কুষ্মাণ্ডিনী, একাদশ শতিকা
-
অম্বিকা দেৱীৰ মূৰ্তি, ১১৫০-১২০০ খ্ৰীষ্টাব্দ
তথ্য উৎস
সম্পাদনা কৰক- ↑ "JAINpedia > Themes > Practices > Ambikā or Kuṣmāṇḍinī". www.jainpedia.org. http://www.jainpedia.org/themes/practices/deities/ambika-or-kusmandini/mediashow/print.html। আহৰণ কৰা হৈছে: 2020-05-04.
- ↑ Stele with 'yaksha-yakshini' couple and Jinas, Pratapaditya Pal, ‘Goddess: divine energy’, pg.30., Art Gallery of New South Wales, 2006
- ↑ Pal 1986, পৃষ্ঠা. 45.
- ↑ Chandraprabha Jain Temple Chennai museum, পৃষ্ঠা. 48.
- ↑ Shah 1987, পৃষ্ঠা. 257.
- ↑ 6.0 6.1 Shah 1987, পৃষ্ঠা. 165.
- ↑ 7.0 7.1 7.2 Dundas 2002, পৃষ্ঠা. 214.
- ↑ 8.0 8.1 Kumar 2001, পৃষ্ঠা. 112.
- ↑ Pereira 2001, পৃষ্ঠা. 62-63.
- ↑ Jain 2009, পৃষ্ঠা. 63.
- ↑ Tiwari 1989, পৃষ্ঠা. 132.
- ↑ Dalal 2014, পৃষ্ঠা. 158.
- ↑ "Ambika". https://www.wisdomlib.org/definition/ambiliya#jainism-general.
- ↑ Shah 1995, পৃষ্ঠা. 17.
- ↑ 15.0 15.1 15.2 15.3 Tiwari 1989, পৃষ্ঠা. 28.
- ↑ 16.0 16.1 Tiwari 1989, পৃষ্ঠা. 13.
- ↑ Singh 2008, পৃষ্ঠা. 55.
- ↑ Mishra & Ray 2016, পৃষ্ঠা. 168.
- ↑ Krishna 2014, পৃষ্ঠা. 68.
- ↑ Chawdhri 1992, পৃষ্ঠা. 128.
- ↑ 21.0 21.1 Tiwari 1989, পৃষ্ঠা. 29.
- ↑ Shah 1987, পৃষ্ঠা. 221.
- ↑ Kumar 2001, পৃষ্ঠা. 107.
- ↑ Shah 1987, পৃষ্ঠা. 65.
- ↑ The Muslim Review - Volumes 1-2, p. 29
- ↑ Deccan Chronicle 2018 Mahamastakabhisheka.
- ↑ Gier 2001, পৃষ্ঠা. 83.
গ্ৰন্থৰাজি
সম্পাদনা কৰক- Dalal, Roshen (2010), The Religions of India: A Concise Guide to Nine Major Faiths, Penguin Books India, ISBN 9780143415176, https://books.google.com/books?id=pNmfdAKFpkQC
- Pal, Pratapaditya (1986), Indian Sculpture: Circa 500 B.C.-A.D. 700, University of California Press, ISBN 9780520064775, https://books.google.com/books?id=-fvKVDxcJoUC
- Chawdhri, L. R. (1992), Secrets of Yantra, Mantra and Tantra, Sterling Publishers Pvt. Ltd, ISBN 9781845570224, https://books.google.com/books?id=ngmw3CDm4MkC
- Shah, Umakant Premanand (1995), Studies in Jaina Art and Iconography and Allied Subjects in Honour of Dr. U.P. Shah, Abhinav Publications, ISBN 9788170173168, https://books.google.com/books?id=fETebHcHKogC
- Mishra, Susan Verma; Ray, Himanshu Prabha (2016), The Archaeology of Sacred Spaces: The temple in western India, 2nd century BCE–8th century CE, Routledge, ISBN 9781317194132, https://books.google.com/books?id=NdLLDAAAQBAJ
- Pereira, José (2001), Monolithic Jinas, Motilal Banarsidass, ISBN 9788120823976, https://books.google.com/books?id=LMTgiygj4-oC
- Shah, Umakant Premanand (1987), Jaina-rūpa-maṇḍana: Jaina iconography, Abhinav Publications, ISBN 81-7017-208-X, https://books.google.com/books?id=m_y_P4duSXsC
- Tiwari, Dr. Maruti Nandan Prasad (1989), Ambika in Jaina Art and Literature, Bharatiya Jnanpith, https://books.google.com/books?id=l0Tt04JDN0kC
- Jain, Arun Kumar (2009), Faith & Philosophy of Jainism, Gyan Publishing House, ISBN 9788178357232, https://books.google.com/books?id=y4aVRLGhf-8C, আহৰণ কৰা হৈছে: 2017-10-08
- "MANUAL ON CONSERVATION AND RESTORATION OF MONUMENTS". Department of museums, Government of Tamil Nadu. Archived from the original on 2019-08-15. https://web.archive.org/web/20190815200724/http://www.e-books-chennaimuseum.tn.gov.in/chennaimuseum/images/147/files/basic-html/। আহৰণ কৰা হৈছে: 2021-03-22.
- "2018 Mahamastakabhisheka: Bahubali – 1,000 year legend towers on". Deccan Chronicle. 16 February 2018. https://www.deccanchronicle.com/lifestyle/viral-and-trending/160218/2018-mahamastakabhisheka-bahubali-1000-year-legend-towers-on.html.
- Gier, Nicholas F. (2001), Spiritual Titanism: Indian, Chinese, and Western Perspectives, SUNY Press, ISBN 9780791492826, https://books.google.com/books?id=py3nd3vIkjUC
- Dundas, Paul (2002), The Jains, Psychology Press, ISBN 9780415266055, https://books.google.com/books?id=jdjNkZoGFCgC
- Krishna, Nanditha (2014), Sacred Plants of India, Penguin UK, ISBN 9789351186915, https://books.google.com/books?id=M_xsAwAAQBAJ
- Singh, Ram Bhushan Prasad (2008), Jainism in Early Medieval Karnataka, Motilal Banarsidass, ISBN 9788120833234, https://books.google.com/books?id=JtWGm4E4qZIC
- Kumar, Sehdev (2001), A Thousand Petalled Lotus: Jain Temples of Rajasthan : Architecture & Iconography, Abhinav Publications, ISBN 9788170173489, https://books.google.com/books?id=nSDACkmA_ukC
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত অম্বিকা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |