অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া (ৰুছ: Óльга Алекса́ндровна Лады́женская; IPA: [ˈolʲɡə ɐlʲɪˈksandrəvnə ɫɐˈdɨʐɨnskəɪ̯ə] ( শুনক); ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।[1] ইয়াৰ লগতে তেওঁ প্ৰথম বাৰৰ বাবে সসীম পাৰ্থক্য পদ্ধতিৰ অভিসাৰীতা প্ৰকাশ কৰা নেভিয়াৰ-ষ্টক সমীকৰণৰ প্ৰমাণ কৰিছিল। তেওঁ বিখ্যাত গণিতজ্ঞ আইভেন পেট্ৰভস্কিৰ ছাত্ৰী আছিল।[2] তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ২০০২ চনত তেওঁক লমন'চভ সোণৰ পদক প্ৰদান কৰা হৈছিল।

অল্গা লেডিজেংস্কায়া

অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া
জন্ম ০৭ মাৰ্চ, ১৯২২
ক'ল'গ্ৰীভ, ছোভিয়েট সংঘ
মৃত্যু ১২ জানুৱাৰী, ২০০৪ (৮১ বছৰ)
ছেন্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়া
জাতীয়তা ছোভিয়েট-ৰাছিয়ান
ক্ষেত্ৰ আংশিক অৱকলনীয় সমীকৰণ
কৰ্মস্থান ছেন্ট পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান মস্ক বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা আইভেন পেট্ৰভস্কি
চাৰগেই ছ'ব'লেভ
উল্লেখযোগ্য বিদ্যাৰ্থী নীনা উৰাল্ট'চেভা
লুডৱিগ ফেডলীভ
ব্লাডিমিৰ বুছলীভ
জনা যায় তৰল গতিবিজ্ঞানৰ নেভিয়াৰ-ষ্টক সমীকৰণ, হিলবাৰ্টৰ ১৯তম সমস্যা, আংশিক অৱকলনীয় সমীকৰণ
উল্লেখনীয় বঁটা লমন'চভ সোণৰ পদক (২০০২)

২০০৪ চনৰ ১২ জানুৱাৰী তাৰিখে ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত ৮১ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে।

জীৱনী সম্পাদনা কৰক

১৯২২ চনৰ ৭ মাৰ্চ তাৰিখে ছোভিয়েট সংঘৰ অন্তৰ্গত ক'ল'গ্ৰীভ নামৰ সৰু চহৰ এখনত অল্গা লেডিজেংস্কায়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন গণিত শিক্ষক আৰু তেওঁৰ পৰায়ে লেডিজেংস্কায়ায়ে গণিতৰ প্ৰতি আকৰ্ষিত হয়। ১৯৩৭ চনত ৰাছিয়াৰ এনকেডি নামৰ গৃহৰক্ষা বিভাগৰ সন্থায়ে তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰে। পিছলৈ তেওঁ "মানুহৰ শত্ৰু" হিচাপে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত দণ্ডিত হয়। চৰকাৰে তেওঁক মৃত্যুদণ্ড দিয়ে। কিন্তু লেডিজেংস্কায়ায়ে নিজৰ শিক্ষা গ্ৰহণ জাৰী ৰাখে। ১৯৩৯ চনত সেই হাইস্কুলৰ পৰা উত্তীৰ্ণ হয়। কিন্তু পিতৃৰ ওপৰত থকা গোচৰৰ বাবে তেওঁ লেইনগ্ৰেড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ অপাৰগ হয়।[3]

পিছলৈ তেওঁ ১৯৪৩ চনত মস্ক বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ১৯৪৭ চনত তেওঁ মস্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৩ চনত তেওঁ একেখন বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ বাবে থেছিছ জমা কৰে। শিক্ষা সমাপ্ত কৰি তেওঁ লেইনগ্ৰেড বিশ্ববিদ্যালয় আৰু ষ্টেকলভ প্ৰতিষ্ঠানত অধ্যাপনা কৰিছিল।[3] পিছলৈ তেওঁ ছেন্ট পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।[4] ইয়াৰ লগতে তেওঁ প্ৰথম বাৰৰ বাবে সসীম পাৰ্থক্য পদ্ধতিৰ অভিসাৰীতা প্ৰকাশ কৰা নেভিয়াৰ-ষ্টক সমীকৰণৰ প্ৰমাণ কৰিছিল। ১৯৫৪ চনত তেওঁ গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ গণিতজ্ঞলৈ আগবঢ়োৱা ফিল্ডছ মেডেলৰ বাবে মনোনীত হৈছিল,[5] কিন্তু তেওঁ এই বঁটা লাভ নকৰিলে।

২০০৪ চনৰ ১২ জানুৱাৰী তাৰিখে ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত ৮১ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

গণিতৰ ক্ষেত্ৰখনলৈ অল্গা লেডিজেংস্কায়ায়ে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০২ চনত লমন'চভ সোণৰ পদক প্ৰদান কৰা হৈছিল। ১৯৫৪ চনত তেওঁ ফিল্ডছ মেডেলৰ বাবে মনোনীত হৈছিল যদিও তেওঁ এই বঁটা লাভ কৰিব নোৱাৰিলে।[6]

২০১৯ চনৰ ৭ মাৰ্চ তাৰিখে অল্গা লেডিজেংস্কায়াৰ ৯৭তম জন্মবাৰ্ষিকী উপলক্ষে গুগলে তেওঁৰ সন্মানত এক ডুডুল জাৰী কৰে।[7] [8] ইয়াৰ লগতে গুগলে এক বাৰ্তা, "আজিৰ ডুডুলে অল্গা লেডিজেংস্কায়াৰ জন্মদিন উদযাপন কৰিছে, এগৰাকী ৰাছিয়ান গণিতজ্ঞ যিয়ে নিজৰ ব্যক্তিগত দুখ-দুৰ্দশাক জয় কৰি আমাৰ প্ৰজন্মৰ এগৰাকী আটাটাইটকৈ প্ৰভাৱশালী চিন্তাবিদত পৰিগণিত হৈছিল" প্ৰদৰ্শিত কৰিছিল।[7]

গ্ৰন্থৰাজি সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. See reference Bolibruch, Osipov & Sinai 2006, and also the comment of Peter Lax in (Pearce 2004).
  2. See the biography by Riddle (2010) from the Biographies of Women Mathematicians, Agnes Scott College.
  3. 3.0 3.1 "Ladyzhenskaya, Olga Alexandrovna". www.encyclopedia.com. https://www.encyclopedia.com/science/dictionaries-thesauruses-pictures-and-press-releases/ladyzhenskaya-olga-alexandrovna। আহৰণ কৰা হৈছে: 2019-03-07. 
  4. See reference Bolibruch, Osipov & Sinai 2006, and also the comment of Peter Lax in (Pearce 2004).
  5. Barany, Michael (2018). "The Fields Medal should return to its roots". Nature খণ্ড 553: 271–273. doi:10.1038/d41586-018-00513-8. 
  6. Barany, Michael (2018). "The Fields Medal should return to its roots". Nature খণ্ড 553: 271–273. doi:10.1038/d41586-018-00513-8. 
  7. 7.0 7.1 "Olga Ladyzhenskaya’s 97th Birthday". Google. 7 March 2019. https://www.google.com/doodles/olga-ladyzhenskayas-97th-birthday। আহৰণ কৰা হৈছে: 7 March 2019. 
  8. "Google Doodle: Who was Russian mathematician Olga Ladyzhenskay?" (en ভাষাত). Evening Standard. 2019-03-06. https://www.standard.co.uk/lifestyle/google-doodle-olga-ladyzhenskaya-russian-mathematician-a4084616.html। আহৰণ কৰা হৈছে: 2019-03-07.