অল উই ইমাজিন এজ লাইট (ইংৰাজী: All We Imagine as Light) হৈছে পায়ল কাপাডিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ চনৰ এখন ড্ৰামাধৰ্মী চলচ্চিত্ৰ। ছবিখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৃদু হাৰুণে কেইটিমান মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন ফ্ৰান্স, ভাৰত, নেদাৰলেণ্ড, লাক্সেমবাৰ্গ আৰু ইটালীৰ কোম্পানীসমূহৰ সৈতে জড়িত এক আন্তঃৰাষ্ট্ৰীয় সহযোগী প্ৰযোজনা।

অল উই ইমাজিন এজ লাইট

ছবিখনৰ আনুষ্ঠানিক পোষ্টাৰ
পৰিচালক পায়ল কাপাডিয়া
ৰচনা পায়ল কাপাডিয়া
প্ৰযোজক
  • থমাছ হেকিম
  • জুলিয়েন গ্ৰাফ
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী ৰাণাবীৰ দাস
সম্পাদনা ক্লিমেণ্ট পিণ্টেঅক
সংগীত পৰিচালক টপছে
প্ৰযোজনা
কোম্পানীসমূহ
পৰিবেশক
  • কণ্ডাৰ ডিষ্ট্ৰিবিউছন (ফ্ৰান্স)
  • স্পিৰিট মেডিয়া (ভাৰত)
  • ছেপ্টেম্বৰ ফিল্ম (নেদাৰলেণ্ড)
মুক্তি
২৩ মে' ২০২৪ (2024-05-23) (কান)
২১ ছেপ্টেম্বৰ ২০২৪ (2024-09-21) (ভাৰত)
২ অক্টোবৰ ২০২৪ (2024-10-02) (ফ্ৰান্স)
দৈৰ্ঘ্য
১১৫ মিনিট
দেশসমূহ
  • ফ্ৰান্স
  • ভাৰত
  • নেদাৰলেণ্ড
  • লাক্সেমবাৰ্গ
  • ইটালী
ভাষাসমূহ মালায়ালম
হিন্দী
মাৰাঠী

২০২৪ চনৰ ২৩ মে'ত ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল৷১৯৯৪ চনৰ পিছত ভাৰতৰ পৰা কাঁনৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱা এইখনেই হৈছে প্ৰথমখন ছবি৷ ইয়াৰোপৰি ছবিখন প্ৰথমখন ভাৰতীয় ছবি হিচাপে গ্ৰেণ্ড প্ৰিক্স লাভ কৰে৷

প্ৰভা আৰু অনু মুম্বাইত বাস কৰা দুগৰাকী মালয়ালী নাৰ্ছ৷ প্ৰভাই তেওঁৰ পৰা বিচ্ছিন্ন হৈ থকা স্বামীৰ পৰা এটি অনাকাংক্ষিত উপহাৰ লাভ কৰে৷ উপহাৰটো লাভ কৰি তেওঁ অশান্তিত ভোগে৷ আনহাতে তেওঁৰ কনিষ্ঠ ৰুমমেট অনুৱে প্ৰেমিকৰ লগত অন্তৰংগ হ’বলৈ চহৰত ঠাই বিচাৰিবলৈ চেষ্টা কৰে যদিও সেই চেষ্টাত তেওঁ বিফল হয়৷ এইদৰেই দুয়োগৰাকী নিজৰ-নিজৰ ব্যক্তিগত কিছুমান সম্পৰ্কৰ জৰিয়তে অশান্তি আৰু বিব্ৰতবোধত আক্ৰান্ত হয়৷ এদিন দুয়োগৰাকীয়ে এখন চহৰলৈ ফুৰিবলৈ যায় আৰু তাত তেওঁলোকৰ বাবে "ৰহস্যময় অৰণ্যখন সপোন প্ৰকাশৰ এক স্থান হৈ পৰে।"[1][2][3]

 
২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত এখনি সংবাদ মেলত ছবিখনৰ কলা-কুশলীসকল

প্ৰযোজনা

সম্পাদনা কৰক

থমাছ হেকিম আৰু জুলিয়ান গ্ৰাফে তেওঁলোকৰ ফ্ৰান্সৰ কোম্পানী পেটিট কেঅ’ছৰ (Petit Chaos) জৰিয়তে ভাৰতীয় কোম্পানী চক এণ্ড চীজ ফিল্মছ আৰু এনাদাৰ বাৰ্থৰ সহযোগত ছবিখন নিৰ্মাণ কৰিছিল৷ ইয়াৰ লগতে নেদাৰলেণ্ডৰ বাল্ডাৰ ফিল্ম, লাক্সেমবাৰ্গৰ লেছ ফিল্মছ ফ’ভছ, ইটালীৰ পুলপা ফিল্মছ আৰু ফ্ৰান্সৰ আৰ্টে ফ্ৰান্স চিনেমাৰো ছবিখনৰ নিৰ্মাণত সহযোগ আছিল। ২০১৮ চনত ৬৮ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হেকিমে প্ৰথমবাৰৰ বাবে কাহিনীকাৰ আৰু নিৰ্মাতা কাপাডিয়াক লগ পাইছিল। এইখন আছিল ভাৰতীয় কোম্পানী চক এণ্ড চীজৰ দ্বাৰা নিৰ্মিত প্ৰথমখন ছবি৷ তেওঁলোকে ইয়াৰ পূৰ্বে প্ৰায় ৯ বছৰ ধৰি বিজ্ঞাপন প্ৰস্তুত কৰিছিল।[4][5]

কাপাডিয়াই হেকিমৰ সৈতে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ ইউৰোপত বাস কৰিবলগীয়া হৈছিল৷ ইয়াৰ বাবে তেওঁ হুব বালছ আৰু চিনেফণ্ডেচনৰ পুঁজি ব্যৱহাৰ কৰিছিল। ছবিখনৰ বাবে আৰ্টে, চিনেৱৰ্ল্ড, চিএনচি, কণ্ডাৰ, ইউৰিমেজেছ, গ্যান ফাউণ্ডেচন, হুবাৰ্ট বালছ ফাণ্ড, লাক্সবক্স, পুলপা ফিল্ম আৰু ভিজনছ ছাড ইষ্টৰ পৰা পুঁজি লাভ কৰা হৈছিল।[4]

ছবিখনৰ দৃশ্যগ্ৰহণ পঁচিশ দিন মুম্বাইত আৰু তাৰ পিছৰ পোন্ধৰ দিন ৰত্নগিৰিত কৰা হৈছিল।[4]

২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত পালম ডি অৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অল উই ইমাজিন এজ লাইট নিৰ্বাচিত হৈছিল৷ ২৩ মে'ত ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল৷[6] ছবিখনে প্ৰদৰ্শনৰ শেষত আঠ মিনিটৰ ষ্টেণ্ডিং অৱেচন লাভ কৰিছিল।[7] ১৯৯৪ চনত শ্বাহামৰ পিছত কানত অনুষ্ঠিত হোৱা মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এইখন ভাৰতৰ প্ৰথমখন ছবি আৰু কাপাদিয়া হৈছে প্ৰথম ভাৰতীয় মহিলা চলচ্চিত্ৰ নিৰ্মাতা।[4]ছবিখনে গ্ৰেণ্ড প্ৰিক্স লাভ কৰে৷ ছবিখনে এই বঁটা লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।[8]

জানুছ ফিল্মছ আৰু বিতৰণ অংশীদাৰ চাইডশ্ব'ৱে ২০ মে'ত ছবিখনৰ উত্তৰ আমেৰিকাৰ বিতৰণৰ অধিকাৰ লাভ কৰে।[9] ২০২৪ চনৰ ৫ ছেপ্টেম্বৰত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখন প্ৰদৰ্শিত হয়।[10] ইয়াক ফ্ৰান্সত কাণ্ডাৰ ডিষ্ট্ৰিবিউচনে ২০২৪ চনৰ ২ অক্টোবৰত মুক্তি দিয়াৰ কথা আছে।[11] ২০২৪ চনৰ ৯ ছেপ্টেম্বৰত ভাৰতীয় অভিনেতা ৰাণা ডাগ্গুবাটীয়ে প্ৰতিষ্ঠা কৰা স্পিৰিট মিডিয়াই ছবিখনৰ ভাৰতীয় বিতৰণৰ অধিকাৰ লাভ কৰা বুলি ঘোষণা কৰা হয়।[12] ২০২৪ চনৰ ১৯ ​​ছেপ্টেম্বৰত স্পিৰিট মিডিয়াই ঘোষণা কৰে যে ছবিখনে ২১ ছেপ্টেম্বৰৰ পৰা কেৰালাত সীমিত থিয়েটাৰত মুক্তিৰ সৈতে অস্কাৰৰ যোগ্যতা অৰ্জনকাৰী মুক্তিৰ আৰম্ভণি কৰিব, য'ত ইয়াক মালায়ালম শিৰোনাম প্ৰভায়ায় নিনাচাথেল্লামৰ হিচাপে মুক্তি দিয়া হ'ব৷ তাৰ পিছত সমগ্ৰ ভাৰতৰ ডাঙৰ চহৰসমূহত ছবিখনে মুক্তি পাব।[13]

সমালোচনাত্মক সঁহাৰি

সম্পাদনা কৰক

ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰটেন টমেটোছত ছবিখনে ৫০ জন সমালোচকৰ পৰ্যালোচনাৰ ভিত্তিত ১০০% ইতিবাচক আৰু ১০ৰ ভিতৰত ৯ গড় ৰেটিং লাভ কৰে।[1] মেটাক্ৰিটিকে ১২ জন সমালোচকৰ ভিত্তিত ছবিখনক ১০০ ৰ ভিতৰত ৯৩ নম্বৰ দিয়ে,[2] যি "সাৰ্বজনীন প্ৰশংসা"ৰ ইংগিতবাহী। ছবিখনৰ প্ৰিমিয়াৰৰ পাছত সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে।[14][15]

পিটাৰ ব্ৰেডশ্ব'ৱে দ্য গাৰ্ডিয়ানত ছবিখনক পাঁচটা ষ্টাৰ দিছিল আৰু ইয়াক "মানৱতাৰে পূৰ্ণ তিনিগৰাকী নাৰ্ছৰ অন্তৰ্ভেদী কাহিনী" বুলি প্ৰশংসা কৰে।[16] বিবিচিত নিকোলাছ বাৰ্বাৰেও ছবিখনক পাঁচটা ষ্টাৰ দিছিল।[17]

ছবিখন ৯৭ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবি শাখাৰ বাবে ফ্ৰান্সে আনুষ্ঠানিক দাখিল হিচাপে নিৰ্বাচিত কৰা আৰু ফ্ৰান্সৰ অস্কাৰ কমিটীয়ে চৰ্টলিষ্ট কৰা ৪খন ছবিৰ ভিতৰত অন্যতম আছিল।[18][19]

বঁটা-সন্মান

সম্পাদনা কৰক
বঁটা Date of ceremony Category Recipient(s) Result সাঁচ:Ref heading
কান চলচ্চিত্ৰ মহোৎসৱ ২৫ মে ২০২৪ গ্ৰেণ্ড পিক্স পায়ল কাপাডিয়া বিজয়ী [20]
প্ৰিক্স ডেছ চিনেমাছ আৰ্ট এট এছাই – বিশেষ উল্লেখ বিজয়ী [21]
ছিডনি চলচ্চিত্ৰ মহোৎসৱ ১৬ জুন ২০২৪ শ্ৰেষ্ঠ চলচ্চিত্ৰ অল উই ইমাজিন এজ লাইছ মনোনীত [22]
ছেন চেবাষ্টিয়ান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২৮ ছেপ্টেম্বৰ ২০২৪ RTVE-Another Look Award বিজয়ী [23]
চিকাগো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২৭ অক্টোবৰ ২০২৪ গোল্ড হিউগো অমীমাংসিত [24]


তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "All We imagine as light". IMDB. https://www.imdb.com/title/tt32086077/। আহৰণ কৰা হৈছে: 2 October 2024. 
  2. "Payal Kapadia's All We Imagine as Light is first Indian film in 30 years to make it to Cannes' competition section". Indian Express. 11 April 2024. https://indianexpress.com/article/entertainment/bollywood/payal-kapadias-all-we-imagine-as-light-in-cannes-2024s-competition-section-9264595/। আহৰণ কৰা হৈছে: 5 May 2024. 
  3. Chhabra, Aseem (24 May 2024). "All We Imagine as Light: Indian sisterhood story earns glowing reviews at Cannes". BBC Home. https://www.bbc.com/news/articles/cl55dpd4d24o। আহৰণ কৰা হৈছে: 25 May 2024. 
  4. 4.0 4.1 4.2 4.3 Ntim, Zac (18 May 2024). "Made In India: The World's Biggest Film Industry Hasn't Had A Film In The Cannes Competition Since 1994 ... Until Now". Deadline Hollywood. https://deadline.com/2024/05/india-movies-cannes-all-we-imagine-as-light-1235908014/. 
  5. Hopewell, John (7 August 2022). "Cannes Best Doc Laureate Payal Kapadia Next Racks Up Production Partners for Petit Chaos (EXCLUSIVE)". Variety. https://variety.com/2022/film/festivals/payal-kapadia-petit-chaos-arte-france-1235335404/. 
  6. "The Screenings Guide of the 77th Festival de Cannes". Cannes Film Festival. 8 May 2024. https://www.festival-cannes.com/en/2024/the-screenings-guide-of-the-77th-festival-de-cannes/. 
  7. "Payal Kapadia's 'All We Imagine As Light', The First Indian Film In The Cannes Competition In 30 Years, Gets 8-Minute Ovation Following World Premiere". Deadline. 23 May 2024. https://deadline.com/2024/05/payal-kapadia-all-we-imagine-cannes-xxx-ovation-1235928739/। আহৰণ কৰা হৈছে: 24 May 2024. 
  8. Das, Santanu (25 May 2024). "Cannes Film Festival: All We Imagine As Light scripts history, becomes first Indian film to win Grand Prix". Hindustan Times. https://www.hindustantimes.com/entertainment/bollywood/cannes-film-festival-all-we-imagine-as-light-scripts-history-becomes-first-indian-film-to-win-grand-prix-101716656194342.html. 
  9. Keslassy, Elsa (20 May 2024). "Sideshow, Janus Films Buy Payal Kapadia's Cannes Competition Entry 'All We Imagine as Light' for North America (EXCLUSIVE)". Variety. https://variety.com/2024/film/global/sideshow-janus-films-buy-all-we-imagine-as-light-1236010439/. 
  10. "All We Imagine as Light". Toronto International Film Festival. https://tiff.net/events/all-we-imagine-as-light। আহৰণ কৰা হৈছে: 19 August 2024. 
  11. "All We Imagine as Light" (fr ভাষাত). Condor. https://www.condor-films.fr/film/all-we-imagine-as-light/। আহৰণ কৰা হৈছে: 15 July 2024. 
  12. "'Baahubali' Star Rana Daggubati's Spirit Media Acquires India Rights to Payal Kapadia's Cannes Winner 'All We Imagine as Light' (EXCLUSIVE)". Variety. https://variety.com/2024/film/news/rana-daggubati-payal-kapadia-all-we-imagine-as-light-cannes-prize-film-1236137817/. 
  13. "Cannes Prizewinner 'All We Imagine as Light' to Begin Indian Oscar-Qualifying Run With Kerala Theatrical Release (EXCLUSIVE)". Variety. https://variety.com/2024/film/asia/all-we-imagine-as-light-indian-oscar-qualifying-release-1236148722/. 
  14. "'All We Imagine as Light' Review: A Glowing Portrait of Urban Connection and Unexpected Sisterhood". Variety. 23 May 2024. https://variety.com/2024/film/reviews/all-we-imagine-as-light-review-1236014776/। আহৰণ কৰা হৈছে: 24 May 2024. 
  15. "Payal Kapadia's 'All We Imagine As Light', The First Indian Film In The Cannes Competition In 30 Years, Gets 8-Minute Ovation Following World Premiere". Deadline. 23 May 2024. https://deadline.com/2024/05/payal-kapadia-all-we-imagine-cannes-xxx-ovation-1235928739/। আহৰণ কৰা হৈছে: 24 May 2024. 
  16. Bradshaw, Peter (23 May 2024). "All We Imagine As Light review – dreamlike and gentle modern Mumbai tale is a triumph". The Guardian. https://www.theguardian.com/film/article/2024/may/23/all-we-imagine-as-light-review-payal-kapadia. 
  17. Barber, Nicholas (24 May 2024). "All We Imagine as Light review: Will this 'magical' ode to nocturnal Mumbai win the Palme d'Or?". BBC. https://www.bbc.com/culture/article/20240524-all-we-imagine-as-light-will-win-hearts-everywhere. 
  18. "Payal Kapadia's All We Imagine As Light shortlisted by France for Oscars". News Mintue. https://www.thenewsminute.com/flix/payal-kapadias-all-we-imagine-as-light-shortlisted-by-france-for-oscars. 
  19. "Cannes Winner 'All We Imagine as Light' at Center of Oscar Entry Battle Between France and India (EXCLUSIVE)". Variety. https://variety.com/2024/film/asia/all-we-imagine-as-light-oscar-france-india-1236143009/। আহৰণ কৰা হৈছে: 14 September 2024. 
  20. Richlin, Harrison (25 May 2024). "'Anora' Wins the Palme d'Or at Cannes (Complete Winners List)". Indiewire. https://www.indiewire.com/awards/results/cannes-2024-awards-winners-list-palme-dor-1235009040/। আহৰণ কৰা হৈছে: 25 May 2024. 
  21. "Prix des Cinémas Art et Essai 2024 : LES GRAINES DU FIGUIER SAUVAGE de Mohammad Rasoulof" (fr ভাষাত). Association Française des Cinémas d'Art et d'Essai. https://www.art-et-essai.org/manifestations/1201606/prix-des-cinemas-art-et-essai-2024-les-graines-du-figuier-sauvage-de-mohammad। আহৰণ কৰা হৈছে: 2024-05-25. 
  22. Rosser, Michael (7 May 2024). "Sydney Film Festival reveals 2024 competition line-up". Screen Daily. https://www.screendaily.com/news/sydney-film-festival-reveals-2024-competition-line-up/5193127.article। আহৰণ কৰা হৈছে: 26 August 2024. 
  23. "Todos los ganadores del Festival de San Sebastián 2024". Escribiendo Cine. 28 September 2024. https://www.escribiendocine.com/noticias/2024/09/28/18445-todos-los-ganadores-del-festival-de-san-sebastian-2024. 
  24. Kay, Jeremy (20 September 2024). "'All We Imagine As Light', 'The End', 'Harvest' among Chicago International Film Festival line-up (exclusive)". ScreenDaily. https://www.screendaily.com/news/all-we-imagine-as-light-the-end-harvest-among-chicago-international-film-festival-line-up-exclusive/5197376.article। আহৰণ কৰা হৈছে: 20 September 2024. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক