অশোক বিজ্ঞান অভিধান(ইংৰাজী: Ashok Bigyan Obhidhan) হৈছে ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ মুখ্য সম্পাদনাত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশ হোৱা এখন অসমীয়া বিজ্ঞান অভিধান।[1]

অশোক বিজ্ঞান অভিধান  
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ বিজ্ঞান অভিধান
প্ৰকাশক অশোক বুক ষ্টল
প্ৰকাশ ছেপ্টেম্বৰ, ২০১৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১০৫৪
আই.এচ.বি.এন. 978-93-84846-61-9

বিৱৰণ সম্পাদনা কৰক

কিতাপখনৰ মুখ্য সম্পাদকৰ একাষাৰত দীনেশ চন্দ্ৰ গোস্বামীয়ে পটভূমি, পৰিভাষাৰ পৰম্পৰা, পদ্ধতি আৰু অন্তৰ্ভুক্তি, বৰ্ণানুক্ৰম,পৰিশিষ্টসমূহ আৰু কৃতজ্ঞতা, এই ছয় উপভাগৰ সহায় লৈছে। ইয়াৰে পটভূমিত উল্লেখ কৰিছে,"এই অভিধানত ২৫ গৰাকী বিজ্ঞান লেখক আৰু অভিজ্ঞ শিক্ষক-গৱেষকে শব্দছয়নৰ পৰা ব্যাখ্যা ৰচনালৈকে সকলো কামৰ দায়িত্ব লয়। তেখেতসকলক শব্দছয়ন আৰু ব্যাখ্যা লিখনত প্ৰয়োজনীয় পৰামৰ্শ দান কৰে আমাৰ এই গ্ৰন্থত উল্লেখ থকা পুনৰীক্ষকসকলে লেখকসকলে লেখা ব্যাখ্যা পুনৰীক্ষণ কৰে আৰু ব্যাখ্যাত নানা কথা যোগ-বিয়োগ কৰি সম্পাদনা কৰাৰ উপৰিও কিছুমান শব্দ অপ্ৰয়োজনীয় বুলি বাদ দিয়ে আৰু বহুতো নতুন শব্দৰো যোগান ধৰে। সেইবোৰৰ ব্যাখ্যাও তেখেতসকলে লিখি দিয়ে। ইয়াৰ পাছত মুখ্য সম্পাদকে এইবোৰ কপি সম্পাদনা কৰাৰ পাছত সেয়া প্ৰেছলৈ যায় আৰু ডিটিপি কৰোঁতাসকলে তাক বৰ আগ্ৰহ আৰু নিষ্ঠাৰে ডিটিপি কৰি দিয়ে। প্ৰথম আৰ্হিকাকত পুনৰীক্ষকসকলে পৰীক্ষা কৰাৰ বাহিৰেও আৰ্হিকাকত পঢ়োঁতায়ো পঢ়ে। ইয়াৰ পাছত কেইবাটাও স্তৰত সম্পাদনা আৰু আৰ্হিকাকত চোৱা কামটো চলি থাকে; সেইবোৰ মুখ্য সম্পাদকৰ তত্ত্বাৱধানতে কৰা হয়। এই সমস্ত শ্ৰম আৰু নিষ্ঠাৰ ফলস্বৰূপে বিজ্ঞান অভিধানখন এই ৰূপত প্ৰস্তুত হৈ উঠিছে।" পদ্ধতি আৰু অন্তৰ্ভুক্তিত লিখিছে, 'এই অভিধানত ব্যাখ্যাবোৰ লিখোঁতে তাৰ প্ৰৱিষ্টিসমূহ চকুত পৰাকৈ বাওঁফালে দি পাঠসমূহ কিছু ভিতৰলৈ ছপোৱাৰ ব্যৱস্থা কৰা হৈছে,যাতে প্ৰৱিষ্টি এটা বিচাৰি উলিয়াওঁতে পাঠকৰ কোনো অসুবিধা নহয়।" অভিধানখনত লিপ্যন্তৰ আৰু আখৰ জোঁটনিৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে ১৯৭২ চনত প্ৰকাশ কৰা 'অসমীয়া আখৰ জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি' নামৰ পুস্তিকাৰ অনুসৰণ কৰা হৈছে। [1]

অভিধানখনৰ বৰ্ণানুক্ৰম অসমীয়া বৰ্ণমালা অনুযায়ী কৰা হৈছে। স্বৰবৰ্ণৰ শেষত অনুস্বাৰ,বিসৰ্গ আদি লোৱাৰ লগতে ব্যঞ্জনান্ত শব্দবোৰ হসন্ত চিন নাই বুলি ধৰি বৰ্ণানুক্ৰম কৰা হৈছে। উল্লেখযোগ্য যে P স্তৰ, M খোলা, Q ইলেক্ট্ৰন আদি শব্দবোৰ বৰ্ণানুক্ৰম কৰোঁতে ইবোৰত থকা ইংৰাজী আখৰটো অসমীয়াত বানান কৰি যেনে পি স্তৰ, এম খোলা, কিউ ইলেক্ট্ৰন আদিমতে কৰা হৈছে।[1]

অভিধানখনৰ শেষৰফালে মুঠ ৪৩ খন পৰিশিষ্ট যোগ কৰা আছে। ইয়াৰে শেষৰখন হৈছে 'ইংৰাজী-অসমীয়া পৰিভাষা' য'ত অভিধানখনত অসমীয়া বৰ্ণানুক্ৰমত থকা ১৫০০০ শব্দৰ ইংৰাজী প্ৰতিশব্দসমূহ, ইংৰাজী বৰ্ণমালাৰ বৰ্ণানুক্ৰমত আছে। সেয়ে কেৱল অসমীয়া নতুবা কেৱল ইংৰাজী শব্দ জানিলেও অভিধানখনত শব্দসমূহৰ অৰ্থ বিচাৰিবলৈ সুবিধা। [1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

দীনেশ চন্দ্ৰ গোস্বামী হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, নাট্যকাৰ আৰু ঘাইকৈ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। সীমিত সংখ্যক লেখকৰ সীমিত ৰচনাৰে গঠিত অসমীয়া ভাষাৰ বিজ্ঞান আৰু কল্পবিজ্ঞান জগতত ড॰ দীনেশ চন্দ্ৰ গোস্বামী এক চিনাকি নাম। ড॰ গোস্বামী যোৰহাট আঞ্চলিক গৱেষণাগাৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ লাভ।[2] গোস্বামী ‘শৰাইঘাট অভিধান’ৰ সম্পাদক। তেখেতৰ ছদ্মনাম হৈছে দিগন্ত গোস্বামী। ১৯৬৮ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ শিশু সাহিত্য বিষয়ত তিনিবাৰ অসম সাহিত্য সভাৰ বঁটা লাভ কৰে।[3]

মুখ্য সম্পাদক দীনেশ চন্দ্ৰ গোস্বামীৰ লগত অভিধানখনত মুঠ ২৫ গৰাকী বিজ্ঞান লেখক আৰু অভিজ্ঞ শিক্ষক-গৱেষকে শব্দচয়নৰ পৰা ব্যাখ্যা ৰচনালৈকে জড়িত হৈ আছে। সেইসকল হৈছে-

  • উদ্ভিদবিজ্ঞান,জীৱপ্ৰযুক্তিবিদ্যা আৰু কৃষিবিজ্ঞানত
    • ড০ সোণেশ্বৰ শৰ্মা
    • ড০ তৰুণ চন্দ্ৰ শৰ্মা
    • ড০ পূৰ্ণিমা দেৱী
    • ড০ শাৰংগ ৰঞ্জন পাটগিৰি
  • গণিতবিজ্ঞানত
    • ড০ বিজয় কৃষ্ণ দেৱশৰ্মা
    • ড০ খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী
    • ড০ মুকুন্দ ৰাজবংশী
    • ড০ দিলীপ কুমাৰ শৰ্মা
  • নৃবিজ্ঞান
    • ড০ জোনালী দেৱী
    • পংখী শৰ্মা
    • ড০ ময়ূৰী বৰকটকী
    • ড০ ৰত্নেশ্বৰ শৰ্মা
  • পৰিৱেশবিজ্ঞান
    • ক্ষীৰধৰ বৰুৱা
  • পৰিসংখ্যাবিজ্ঞান
    • ড০ হেমন্ত কুমাৰ বৰুৱা
  • প্ৰাণীবিজ্ঞান
    • ড০ অপৰাজিত বৰকটকী
    • ড০ অমিয়া ৰাজবংশী
    • ড০ ৰীতা মহন্ত
  • ভূগোলবিজ্ঞান
    • ড০ ৰত্নেশ্বৰ বৰ্মন
  • ভূবিজ্ঞান
    • ড০ প্ৰদীপ কুমাৰ দাস
  • ৰসায়নবিজ্ঞান
    • ড০ হিৰণ্য কুমাৰ চৌধুৰী
    • দিগন্ত কুমাৰ ভৰালী
    • ৰিপুঞ্জয় বৰদলৈ
  • অভিযান্ত্ৰিকবিজ্ঞান
    • ভৱেশ মহন্ত
  • চিকিৎসাবিজ্ঞান
    • ডাঃ ৰাতুল ভট্টাচাৰ্য্য
  • কম্পিউটাৰবিজ্ঞান, তথ্য-প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানীৰ টোকা
    • বিনয় মোহন শইকীয়া

অভিধানখনৰ পুনৰীক্ষকসকল হৈছে

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱপ্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন অধ্যাপক ড০ সোণেশ্বৰ শৰ্মা ( জীৱবিজ্ঞান, জীৱপ্ৰযুক্তিবিদ্যা, কৃষিবিজ্ঞান, নৃবিজ্ঞান )
  • বিশ্বনাথ কলেজৰ ৰসায়নবিজ্ঞানৰ প্ৰাক্তন সহযোগী অধ্যাপক ক্ষীৰধৰ বৰুৱা ( ৰসায়নবিজ্ঞান, পৰিৱেশবিজ্ঞান)
  • উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন অধ্যাপক ড০ বিজয় কৃষ্ণ দেৱশৰ্মা (গণিতবিজ্ঞান, পৰিসংখ্যাবিজ্ঞান)
  • দৰং কলেজৰ পদাৰ্থবিজ্ঞান বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামী ( প্ৰাথমিক সামগ্ৰিক পুনৰীক্ষক)

অধ্যাপক ক্ষীৰধৰ বৰুৱা অভিধানখনত চিত্ৰ সম্পাদক হিচাপেও জড়িত। [1]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 দীনেশ চন্দ্ৰ গোস্বামী, ed (ছেপ্টেম্বৰ,২০১৬). অশোক বিজ্ঞান অভিধান. অশোক বুক ষ্টল. 
  2. অনুবাদ-দীনেশ চন্দ্ৰ গোস্বামী (১৯৯৯). মহাকাশচাৰী. 
  3. অৰবিন্দ ৰাজখোৱা, ed. অসমীয়া বিজ্ঞান সাহিত্য. নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন. পৃষ্ঠা. 237. ISBN 978-81-925881-0-0. 

লগতে চাওক সম্পাদনা কৰক