অসমত হোৱা ভূমিকম্প (১৯৪৭)


১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে ভাৰতঅসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল।[1] ভাৰতৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ অধীনত আছিল) আৰু চীনত ইয়াক অনুভৱ কৰা হৈছিল। কিছুমান সূত্ৰই ভূমিকম্পৰ অভিকেন্দ্ৰটো ভাৰতত আৰু কিছুমানে চীনত বুলি কৈছে।[2][3] চীনৰ মতে, তিব্বতনাং কাণ্টিতহে এই ভূমিকম্পৰ অনুভৱ কৰা হৈছিল।[4]

১৯৪৭ অসম ভূমিকম্প
অসমত হোৱা ভূমিকম্প (১৯৪৭) is located in India
{{{alt}}}
মানচিত্ৰত ভূমিকম্পৰ অভিকেন্দ্ৰটো দেখুওৱা হৈছে
তাৰিখ ২৯ জুলাই, ১৯৪৭ চন
উৎপত্তিৰ সময় সন্ধিয়া ৭ বাজি ১৩ মিনিট (ভাৰতীয় সময়মতে)
(13:43 UTC)
প্ৰাৱল্য ৭.৩ ৰিখটাৰ স্কেল (Mw)
গভীৰতা ৬০ কিঃমিঃ
অভিকেন্দ্ৰ 28°30′N 94°00′E / 28.50°N 94.00°E / 28.50; 94.00
দেশ বা অঞ্চল(সমূহ)  ভাৰত
 চীন

ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ অঞ্চলৰ কিছুমান দেৱালত ফাঁট মেলা দেখা গৈছিল। গুৱাহাটীত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ কথাও শুনা যায়।[3]


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Global Seismicity: 1900 - 1999" by E. R. Engdahl and A. Villaseñor
  2. http://www.ngdc.noaa.gov/nndc/struts/form?t=101650&s=1&d=1
  3. 3.0 3.1 http://aasc.nic.in/course%20material/Disaster/documentation%20on%20past%20disasters.pdf
  4. "青藏块体8级左右地震前中强地震活动图像的相似性演化" by 朱红彬