অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ

অসমীয়া ব্যাকৰণধৰ্মী গ্ৰন্থ

অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ (ইংৰাজী: Asamiya Vyakaranar Maulik Vicar) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন ব্যাকৰণধৰ্মী গ্ৰন্থ। ১৯৭৫ চনৰ মে' মাহৰ ৪ তাৰিখৰ পৰা লিখিবলৈ আৰম্ভ কৰা এই গ্ৰন্থখন ১৯৮৭ চনত আৰ. চি. ভঁৰালীয়ে (ৰামচৰণ ভঁৰালী) প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ দ্বিতীয়টি সংস্কৰণ বীণা লাইব্ৰেৰী প্ৰকাশনে ১৯৯০ চনত প্ৰকাশ কৰে।[1]

অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ  
লেখক গোলোকচন্দ্ৰ গোস্বামী
প্ৰচ্ছদ শিল্পী ডিউট ডিজাইন ইউনিট, কলকাতা
দেশ ভাৰতীয়
ভাষা অসমীয়া
বিষয় অসমীয়া ব্যাকৰণ
প্ৰকাশক আৰ. চি. ভঁৰালী (১৯৮৭)
বীণা লাইব্ৰেৰী (১৯৯০)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৩০

গ্ৰন্থখনৰ বিষয়বস্তু সম্পাদনা কৰক

এক সম্পাদনা কৰক

ভাষা আৰু ব্যাকৰণ : ভাষা, ভাষাৰ সামগ্ৰী, স্বৰ, ব্যঞ্জন, অনুনাসিকতা, লয়ঃ সন্ধি, শ্বাসাঘাত বা বলাঘাত, সুৰ, সুৰ-লহৰ, ধ্বনিবিজ্ঞান আৰু বৰ্ণ বিজ্ঞান, প্ৰাকৃতিক বিজ্ঞান, বাগ্‌বিজ্ঞান; আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি, ভাষা পৰিৱৰ্তনশীলতা, সাধু ভাষা আৰু উপভাষা, ব্যাকৰণ, ব্যাকৰণৰ প্ৰকাৰ, ঐতিহাসিক বিৱৰ্তনমূলক, সাম্প্ৰতিক বিশ্লেষণাত্মক, সামগ্ৰিক আৰু ৰিজনিমূলক ব্যাকৰণ, ব্যাকৰণ দৰ্শনৰ স্বতন্ত্ৰতা।

দুই সম্পাদনা কৰক

অসমীয়া ব্যাকৰণৰ স্বতন্ত্ৰতা : অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা, সাহিত্যিক নিদৰ্শন, অসমীয়াৰ আজু আইতাক সংস্কৃত, সংস্কৃতৰ লগত পাৰ্থক্যৰ কাৰণ, ঐতিহাসিক বিবৰ্তন, থলুৱা ভাষাৰ প্ৰভাৱ, সংস্কৃত আৰু অসমীয়াৰ গঠনৰ ৰিজনি, বৰ্ণগত পাৰ্থক্য, সন্ধিগত পাৰ্থক্য, ৰূপগত ৰিজনি, পদৰ শ্ৰেণীবিভাগ, পদৰ ৰূপগত পাৰ্থক্য - শব্দৰূপত, বচন আৰু লিঙ্গ, পুৰুষ, ধাতুৰূপৰ ক্ষেত্ৰত মিল অমিল, সমাস, পদবিন্যাসগত মিল অমিল, অসমীয়া ব্যাকৰণ সংস্কৃত স্থান, অসমীয়া ব্যাকৰণৰ স্বতন্ত্ৰতা।

তিনি সম্পাদনা কৰক

বৰ্ণতাত্ত্বিক বিচাৰ : সাধাৰণ আলোচনা; ধ্বনি আৰু বৰ্ণ; বৰ্ণ আৰু আখৰ; আখৰ আৰু অক্ষৰ; বৰ্ণ, অক্ষৰ আৰু আখৰ; অসমীয়া ভাষাৰ খেলিমেলি; পঢ়াশলীয়া ব্যাকৰণৰ বৰ্ণমালা; (ক) স্বৰবৰ্ণমালা; স্বৰবৰ্ণ, স্বৰবৰ্ণৰ আখৰ আৰু মাত্ৰা; সান্ধ্যক্ষৰ তত্ত্ব, অযোগবাহ তত্ত্ব; (খ) ব্যঞ্জন বৰ্ণমালা অসমীয়া ব্যঞ্জনবৰ্ণ; ব্যঞ্জনবৰ্ণ আখৰ; ক্ষ, ড়-ঢ-য়; খণ্ড ত্ (ৎ); অনুস্বাৰ আৰু চন্দ্ৰবিন্দু; অন্তঃস্থবৰ্ণ; (গ) সন্ধিৰ বিচাৰ, প্ৰচলিত ব্যাকৰণত অসমীয়া সন্ধি; অসমীয়া সন্ধিৰ স্বৰূপ; দুই প্ৰকাৰৰ সন্ধি; সংস্কৃত সন্ধিৰ স্থান; (ঘ) বানান প্ৰকৰণৰ প্ৰয়োজনীয়তা; লিপ্যন্তৰ সমস্যা; কূট চিহ্নৰ প্ৰয়োগ।

চাৰি সম্পাদনা কৰক

ৰূপতাত্ত্বিক বিচাৰ (১) : সাধাৰণ আলোচনাঃ অসমীয়া ভাষাৰ বৈচিত্ৰ্য; ৰূপতত্ত্বৰ মূলকথা; প্ৰাকৃতি; প্ৰাকৃতিৰ বিভাগঃ প্ৰকৃতি; মূলাভাস প্ৰাকৃতি; প্ৰাকৃতি বিভাগঃ প্ৰাতিপদিক বা নাম প্ৰকৃতি; ধাতু প্ৰকৃতি; নামধাতু প্ৰকৃতি; অব্যয় প্ৰকৃতি; সৰ্গৰ অৱস্থানগত বিভাগ; উপসৰ্গ, অনুসৰ্গ; অন্তঃসৰ্গ বা মধ্যসৰ্গ; সৰ্গৰ গুণগত বিভাগঃ প্ৰত্যয় আৰু বিভক্তি; কৃৎ আৰু তদ্ধিত; বিভক্তি; শূন্য বিভক্তি; বিভক্তি আৰু প্ৰত্যয় বিভাজনৰ সূত্ৰ; অব্যয়পদ; শব্দ; মৌলিক শব্দ; যৌগিক শব্দ; শব্দৰ তিৰ্যক ৰূপ; ব্যাকৰণগত বিষয়; সম্বন্ধবাচক বিশেষ্যত দুতৰপীয়া বিভক্তিৰ সংযোগ।

পাঁচ সম্পাদনা কৰক

ৰূপতাত্ত্বিক বিচাৰ (২) : সাধনঃ বচন, লিঙ্গ আৰু কৃদন্ত ৰূপ : (ক) অসমীয়া ভাষাৰ বচন; একবচন আৰু বহুবচন; বচন নিৰপেক্ষ ৰূপ; বচন ব্যাকৰণগত নহয়; বচনবাচক প্ৰাকৃতি; বচনবাচক ৰূপৰ বৈশিষ্ট্য; অনিৰ্দিষ্টতাসূচক বচন; ক্ৰিয়াপদত বচন। (খ) অসমীয়া ভাষাৰ লিঙ্গ; লিঙ্গ নিৰপেক্ষৰূপ; পুংলিঙ্গৰ সাধন; মূলৰূপ (base form) নিৰ্ণয়; স্ত্ৰীলিঙ্গৰ পৰা পুংলিঙ্গৰ সাধন; স্ত্ৰীপ্ৰত্যয়ৰ একাধিক ৰূপ; স্ত্ৰীলিঙ্গ বাচক প্ৰত্যয়ৰ বৈশিষ্ট্য। (গ) কালৰ সাধন আৰু কৃদন্তৰূপ : সময় আৰু কাল; তিনিটা কাল আৰু দুটা দশা; ইল্, ইব্ আৰু ইছ্ বিভক্তি নহয়; ইল্ আৰু ইব-ৰ কালবাচক প্ৰয়োগ; ঘটমান দশা; কৃদন্ত প্ৰয়োগ : ইল্; ইব; আ-ভাগান্ত কৃদন্ত; ই-ভাগান্ত কৃদন্ত; ওঁত-ভাগান্ত কৃদন্ত; নিহিত কৃদন্ত। (ঘ) বিবিধ সাধন; ধাতুৰ সাধন : আ, উৱা, ইয়া প্ৰত্যয়ান্ত ৰূপ; নাম ধাতু, পাচনী ধাতু, দোৱা পাঁচনী; স্বৰ পৰিৱৰ্তন জনিত সাধন; ব্যঞ্জনৰ পৰিৱৰ্তন জনিত সাধন; সমাস; অভ্যাস : পূৰ্ণ অভ্যাস; আংশিক অভ্যাস; সাৰ্থক শব্দৰ অভ্যাস; অনুৰূপ শব্দ।

ছয় সম্পাদনা কৰক

ৰূপতাত্ত্বিক বিচাৰ (৩) : (ক) পদ আৰু পদৰ শ্ৰেণীবিভাগ : পদৰ ৰূপতাত্ত্বিক বিভাজন; অব্যয় পদৰ শ্ৰেণীবিভাগ; নাম পদৰ বিভাগ; সম্বন্ধবাচক নামপদ; সাধাৰণ নামপদ; সৰ্বনাম পদ : ব্যক্তিবাচক; আপুনি সৰ্বনামৰ পুৰুষ; সাকল্যবাচক আৰু তদৰ্থক সৰ্বনাম; ক্ৰিয়াপদৰ শ্ৰেণীবিভাগ : সকৰ্মক-অকৰ্মক বিভাগ; অকৰ্মক ক্ৰিয়াৰ বিভাগ; পদৰ শ্ৰেণীবিভাজন চিত্ৰ। (খ) বিভক্তি আৰু শব্দৰূপ : বিভক্তিৰ বিভাগ - শব্দৰূপৰ বিভক্তি আৰু ধাতুৰূপৰ বিভক্তি; শব্দৰূপৰ বিভক্তিৰ বিভাগ : পুৰুষবাচক আৰু কাৰকবাচক বিভক্তি; পুৰুষবাচক ৰূপ; পুৰুষবাচক বিভক্তিৰ ফলা; বিভক্তি লগোৱাৰ নিয়ম। (গ) কাৰকবাচক শব্দৰূপ; কাৰকৰ বিভক্তিৰ ফলা; শব্দৰ তিৰ্যকৰূপ; বিভক্তিৰ প্ৰাকৃতিগতৰূপ : কৰ্তা কাৰকৰ বিভক্তিৰ ৰূপ; কৰ্ম আৰু সম্প্ৰদান; অনুপদৰ প্ৰয়োগ; কাৰকৰ ৰূপত বচনৰ ভূমিকা; কাৰকবাচক বিভক্তি লগাৰ নিয়ম। (ঘ) ধাতুৰ ৰূপ আৰু ক্ৰিয়াপদ : ধাতুৰূপৰ বিভক্তি : প্ৰচলিত ব্যাকৰণত পুৰুষবাচক বিভক্তিৰ ফলা আৰু প্ৰয়োগ; পুৰুষবাচক বিভক্তিৰ ফলা আৰু ৰূপ; সমাপিকা ক্ৰিয়াপদ; কৰ্মবাচ্যৰ জতুৱা ৰূপ; নঞৰ্থক ক্ৰিয়া; নঞৰ্থক উপসৰ্গৰ মূলৰূপ (base form); নাই; নাইকিয়া; না, নুই; নঞৰ্থক অনুজ্ঞা; নঞৰ্থক কৃদন্ত; ক্ৰিয়াপদ গঠনৰ ৰেখাচিত্ৰ; ক্ৰিয়াপদৰ সৰ্বমুঠ ৰূপ।

সাত সম্পাদনা কৰক

বাক্যতাত্ত্বিক বিচাৰ : (ক) সাধাৰণ আলোচনা : বাক্য বিশ্লেষণৰ বিভিন্ন প্ৰণালী; বাক্যৰ উপাদান; সুৰ লহৰ আৰু যতি; (খ) পদ সঙ্গতি আৰু ক্ৰম; ক্ৰিয়াপদ আৰু কাৰক; কাৰকাচক পদৰ সম্প্ৰসাৰক আৰু পূৰক; উদ্দেশ্য আৰু বিধেয়ৰ পূৰক; কৰ্তা, কৰ্ম আৰু অন্যান্য কাৰকৰ পূৰক; পদৰ ক্ৰম; উদ্দেশ্য আৰু বিধেয়; বিধেয়ৰ অন্তৰ্গত পদৰ স্থান; সম্প্ৰসাৰকৰ স্থান; পূৰকৰ স্থান; অনুপদৰ স্থান। (গ) আকাঙ্ক্ষা, যোগ্যতা, আসক্তি; আকাংক্ষা; যোগ্যতা : যোগ্যতাৰ ভিত্তি- পদৰ অৰ্থ আৰু গঠন। অৰ্থগত যোগ্যতা; ৰূপগত যোগ্যতা; ৰূপাত্মক যোগ্যতা; সাধনগত যোগ্যতা; আসত্তি বিচাৰ : আসত্তি নিৰ্ণয়ৰ বিবেচ্য কথা প্ৰতিষ্ঠাপন; আসন্ন অঙ্গনিৰ্ণয়; খণ্ডবাক্য আৰু গৰ্ভ বাক্য; বাক্যৰ প্ৰকাৰ আৰু ৰূপান্তৰ; উপসংহাৰ।

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "An Introduction to Assamese Phonology"ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে।[2] ২০২০ চনৰ ২৪ আগষ্টত ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

আনুষঙ্গিক গ্ৰন্থ সম্পাদনা কৰক

  • ধ্বনিবিজ্ঞানৰ ভূমিকা, ১৯৬৬
  • অসমীয়া বৰ্ণপ্ৰকাশ, ১৯৬৯
  • অসমীয়া আখৰ-জোটনি, ১৯৭২
  • অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৮৭[3]
  • অসমীয়া গোলোক ব্যাকৰণ, প্ৰবোধ ভাগ, ১৯৭২ আৰু সুবোধ ভাগ, ১৯৭৪;
  • ভাষা-ভাষণিকা, ১৯৯২

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. গোস্বামী, ড॰ গোলোকচন্দ্ৰ (December, 2017). অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ. বীণা লাইব্ৰেৰী. 
  2. (25 January 2020). "ভাষাতত্ত্ববিদ, সাহিত্যাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান". অসম আমাৰ অসম. সংগ্ৰহ কৰা হৈছে: 25 January 2020.
  3. খাউণ্ড, স্মৃতি ডেকা. "অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস". Archived from the original on 2020-06-21. https://web.archive.org/web/20200621032006/https://sltdassam.com/sltdresource/?p=69। আহৰণ কৰা হৈছে: 24th Jan, 2020.