অসমীয়া লোকসাহিত্যত হাতী আৰু মাউত

লোকসাহিত্য হ’ল লোকমনৰ পৰা নিগৰা আৱেগ-অনুভূতিৰ কাব্যিক প্ৰকাশ৷ লোকসাহিত্য লোকসংস্কৃতিৰ ভিতৰুৱা৷ শ্ৰমজীৱী মানুহে জীৱন সংগ্ৰামৰ মাজতে মনৰ সুখ-দুখ-হৰ্ষ-বিষাদ প্ৰকাশ কৰাৰ লগতে জীৱনৰ সঞ্চিত অভিজ্ঞতাৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে জীৱন ধাৰণৰ পথ নিৰ্দ্দেশ কৰি গৈছে৷ এইবোৰ মানুহৰ মুখে মুখে যুগ যুগ ধৰি চলি অহা৷ ইয়াকেই ভিত্তি কৰি নতুন পুৰুষে পৰম্পৰাৰ গঢ় দিয়ে৷ এনেকৈ লোকসাহিত্য যুগ যুগৰ পৰা প্ৰবাহিত নৈৰ দৰে বৈ আহিছে৷ হাতী চিকাৰত দিনৰ পিছত দিন মাউত, ফান্দী, ঘাঁচি আদিয়ে পৰিয়ালৰ সংস্পৰ্শৰ পৰা দূৰৈত থাকি পৰিয়ালৰ মৰম চেনেহৰ পৰা বঞ্চিত হৈ মনত ক্ষণে দুখ, ক্ষণে বিষাদ উপলব্ধি কৰি সেইবোৰ গীতৰ মাজেৰে বা আপ্তবাক্যৰ মাজেৰে প্ৰকাশ কৰে৷ কালক্ৰমত এইবোৰে লোকসাহিত্যৰ মৰ্যাদা লাভ কৰি অসমীয়া মৌখিক সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছে৷

ফকৰা যোজনাত হাতী সম্পাদনা কৰক

প্ৰত্যেক ভাষাৰে ভাষাৰ সৌন্দৰ্য প্ৰকাশক ফকৰা যোজনা বা খণ্ড বা আপ্তবাক্য কিছুমান থাকে৷ অসমীয়া ভাষাত এনে উপাদান কম নহয়৷ হাতীক লৈ মুখে মুখে প্ৰচলিত হৈ আহিছে নানা যোজনা, আপ্ত বাক্য৷ উদাহৰণস্বৰূপে, “হাতীয়ে খায় যিমান, লাদেও সিমান’’, “বাঘৰ চকুৰে চাবা, হাতীৰ খাৱনৰে খুৱাবা’’, “হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও’’, “হাতীৰ শুঁৰ যেন’’, “পোৱালী হাতীৰ শুঁৰ’’, “হাতী চাই কিনিবা, হাতীৰ লেঙেদি’’, “হাতী মৰিলেও হাজাৰ টাকা’’,৷[1] “হাতী শুৱনী দাঁতে, তিৰী শুৱনী মাতে’’ [2] হাতী চোৰ আগে আগে যায়, বেঙেনা চোৰক বান্ধি কিলায়, হাতীৰ শুঁৰত নাই বুলিলেও চাৰি কলহ পানী, বিলত পৰা হাতীক শিয়ালেও নেজ যাচে[3] আদি অলেখ খণ্ডবাক্য-ফকৰা যোজনা হাতীক কেন্দ্ৰ কৰিয়েই তাহানিৰ পৰা আমাৰ সমাজত চলি আহিছে৷

লোক কাহিনীত হাতী সম্পাদনা কৰক

হাতীক কেন্দ্ৰ কৰি বিভিন্ন লোক কাহিনী, সাধুকথা আদি পৰম্পৰাগতভাৱে চলি আহিছে৷ পৌৰাণিক কাহিনীসমূহতো হাতী সম্বন্ধীয় নানা বিৱৰণ পোৱা যায়৷ লক্ষ্মীনাথ বেজবৰুৱাৰ জুনুকা আৰু ককাদেউতা আৰু নাতি ল’ৰাত ’হাতী আৰু সাপ’ আৰু ’হাতী আৰু ফেঁচা’ নামৰ সাধু, পঞ্চতন্ত্ৰৰ সাধুমালাত থকা ’দুমূৰীয়া হাতী, ’হাতী ভক্ষণকাৰী শিয়াল’, ’নিগনি আৰু হাতী’ আদি উল্লেখযোগ্য হাতীকেন্দ্ৰিক গল্প৷ অসমৰ জনা গাভৰুৰ গীত নামৰ মালিতাত হাতীৰ উল্লেখ পোৱা যায়৷ ’হস্তীৰ কন্যা হস্তীৰ কন্যা’ শীৰ্ষক গোৱালপৰীয়া লোকগীতৰ মূলতে এটা প্ৰচলিত কাহিনী সোমাই আছে৷ লোকবিশ্বাস মতে, ভূটান পাহাৰৰ নামনিত ’দাওসিয়া’ নামে এখন নৈৰ কাষতে এহাল বামুণ-বামুণনী বাস কৰিছিল৷ দুয়ো দুখ কষ্টৰ মাজেৰে তাতে বহুকাল বাস কৰাৰ পিছত বামুণে এবাৰ এখন শ্ৰাদ্ধ কৰিবলৈ গৈ সেই মৃত ব্যক্তিৰ কুৎসিৎ স্বভাৱৰ জীয়েকক বিয়া কৰাই তাতে থাকিবলৈ ল’লে৷ বামুণনীৰ দুখৰ পাৰ নোহোৱা হ’ল৷ তেওঁৰ এটাই মাত্ৰ কাম হ’ল, তামৰ কলহ আৰু সোণাৰ ঝাৰী লৈ নৈৰ পৰা পানী অনা আৰু স্বামীৰ নতুন ঘৰত পূজা কৰা৷ বিনিময়ত তেওঁ একাঁহী ভাত খাবলৈ পাইছিল যদিও তেওঁ নিজে নাখাই বনৰ চৰাইক খাবলৈ দিছিল আৰু নৈৰ পাৰত বহি কান্দিছিল৷ তেওঁৰ চকুৰ পানীৰে নৈৰ পানী লুণীয়া হৈ গৈছিল৷ হাতীৰ ৰজাই নৈৰ পানী খাওঁতে লুণীয়া স্বাদ পাই তাৰ কাৰণ বিচৰাত বামুণনীৰ কথা জানিব পাৰি হাতীৰ ৰজাই নৈৰ পাৰত বাট আগচি ধৰি তেওঁক সমস্ত কথা ক’বলৈ ক’লে৷ হস্তীৰাজে সকলো কথা শুনি বামুণনীক ৰজাৰ লগত যাবলৈ ক’লে৷ হঠাৎ নৈৰ বুকুত ঢল আহিল আৰু চাৰিওফালে পানীৰে আগুৰি ধৰাত হস্তীৰাজে বামুণনীক পিঠিত তুলি সাতদিন ন ৰাতি বনৰ মাজে মাজে গৈ নিজ ৰাজ্য পালেগৈ আৰু সিংহাসনত বহুৱাই সাতটি ঘাটৰ পানী সাতটি ঘটত তুলি আনি তেওঁৰ মূৰত ঢালি অভিষেক কৰাত বামুণনী এক অতীৱ সুন্দৰী স্ত্ৰী হাতীত পৰিণত হ’ল৷ কিন্তু তেওঁৰ মূৰত তামৰ কলহ আৰু সোণাৰ ঝাৰীৰ চিন ৰৈ গ’ল কপাল আৰু শুঁৰত৷ হস্তীৰাজে ঘোষণা কৰিলে, তুমি আজিৰ পৰা আমাৰ ৰাণী৷ সকলো হাতীয়ে তোমাৰ আদেশ মানি চলিব৷ বাকী হাতীবোৰে চিঞৰি সমৰ্থ দিলে৷ তেতিয়াৰ পৰাই হাতী মাতৃতান্ত্ৰিক আৰু দলত নেতাৰ পৰিৱৰ্তে নেত্ৰীহে থাকে৷[1]

লোকগীতত হাতী আৰু মাউত সম্পাদনা কৰক

লোকগীত লোকসমাজৰ সৃষ্টি৷ মানুহৰ মুখে মুখে এই গীতসমূহৰ সৃষ্টি৷ লোকগীতৰ উৎস হ’ল শ্ৰম৷ প্ৰতিটো শ্ৰমৰ লগতে শ্ৰমিকৰ মুখেৰে নিগৰিত হয় গীত৷ নাও বোৱা, হাল বোৱা, গছ কটা, পানী সিঁচা, ঢেঁকী দিয়া আদি সকলো কাৰ্যতে গৰাকীৰ মুখেৰে নিগৰিত হয় গীত৷ হাতী ধৰা আৰু পোহ মনোৱা কামটোও এক কষ্টসাধ্য কাম৷[4] এই শ্ৰমত নিয়োজিতসকলৰ মুখেৰেও জীৱনৰ পোৱা-নোপোৱা বহু কথা গীতৰ আকাৰে নিগৰিত হয়৷ হাতীৰ লগত লাগি থাকোঁতে মাউতৰ ঘৰৰ সৈতে আহযাহ কমি যায়৷ পৰিয়ালৰ পৰা দূৰত থাকি মৰম-চেনেহৰ পৰা বঞ্চিত মাউতৰ মুখেৰে নিগৰিত হয়,

“আইও ছাড়িলং বাইও ছাড়িলং, ছাড়িলং সোণাৰ পুৰী
বিয়া কৰিয়া ছাড়িয়া আসিলং (অ’ সখি) অল্প বয়সেৰ নাৰী
বালু টিল টিল পংখী কান্দে বালুতে পড়িয়া,
আৰ গৌৰিপুৰীয়া মাহুত কান্দে ও সখি, ঘৰ-বাৰী ছাড়িয়া৷[1]

হাতীক প্ৰশিক্ষণ দিয়াৰ সময়ত মাউতে হাতীক মৰম কৰাৰ চলৰে দূৰৈত এৰি অহা পা-পৰিয়ালক মনত পেলাই মনৰ দুখ উজাৰে গীতৰ মাজেৰে৷

“বালু তিল তিল পক্ষী কান্দে
বালুতে পড়িয়া৷
অসম দেশৰ মাহুত কান্দে
ভাৱনা লাগিয়া৷[5] বিহুগীততো হাতীৰ উল্লেখ সততে পোৱা যায়,

“যুৰীয়া হাতিকো বলাব পাৰোঁ মই
তোমাক বলাবলৈ টান৷’’

“হাতী চাই কিনিবা হাতীৰে লেঙেচী
ঘোঁৰা চাই কিনিবা জিন৷’’

“হাতলৈ কি চাবা হাতীৰে শুঁৰে যেন
ভৰিলৈ কি চাবা গোট’’

“হাতী পানী খালে হৈয়াঙে দৈয়াঙে
ঘোঁৰাই পানী খালে ৰৈ’’[5] আদি অনেক বিহুগীত অসমীয়া লোকসাহিত্যত ভৰি আছে৷

সম্প্ৰীতিৰ গীত সম্পাদনা কৰক

হাতী চিকাৰ কৰি পোহ মনোৱা কাৰ্যত নানা ঠাইৰ পৰা নানা মাউত, ফান্দী গৈ হাতীধুৰাত লগ হয়৷ সাধাৰণতে ঘৰ-বাৰীৰ পৰা নিলগত গৈ মাউত-ফান্দীয়ে ইজনে সিজনৰ ধৰ্ম-সম্প্ৰদায়ৰ কথা পাহৰি একাত্ম হয়৷ হাতীধুৰাত মাউত, ঘাঁচী, ফান্দী, মহলদাৰ কোনেও কাকো ধৰ্মীয় পৰিচয়েৰে বিচাৰ নকৰে৷ ইয়াত প্ৰকাশ পোৱা ব্যক্তিগত মানসিক আৱেগ-অনুভূতি সাৰ্বজনীন ৰূপ পায়৷

হাতীক সহজে প্ৰশিক্ষণ দিয়াব নোৱাৰি৷ ইয়াৰ লগত জড়িত হৈ থাকে অনেক দিনৰ ঐকান্তিক চেষ্টা৷ গীত গাই, গা পিহি মৰম কৰি ধীৰে ধীৰে হাতীক বশ কৰা হয়৷ আল্লা ৰছুল, বিছমিল্লা, মাহুত পীৰ, কলিয়াবাবা, পাগলা ঠাকুৰ, হস্তীৰ কন্যা আদি সকলোৰে উমৈহতীয়া শব্দ হৈ পৰে৷ ক’ৰবাত যদি জনজাতীয় প্ৰথাৰে কুকুৰা বলি দিয়া হয়, ক’ৰবাত আকৌ বিছমিল্লাৰ নাম লৈ কুকুৰা বলি দিয়া হয়৷ হাতী ধুৰাৰ জনপ্ৰিয় ’আল্লা ৰছুৰ’ৰ নাম লৈ গোৱা গীতটি হ’ল,

“আল্লা আল্লা বলোৰে ভাই, হায় আল্লা ৰছুল৷
কোন মহলেৰ হাতী ৰে ভাই, হায় আল্লা ৰছুল৷
’অমুক’ মহলেৰ হাতীৰে ভাই, হায় আল্লা ৰছুল৷
কোনবা ফান্দীৰ ধৰাৰে ভাই, হায় আল্লা ৰছুল
’অমুক’ ফান্দীৰ ধৰাৰে ভাই, হায় আল্লা ৰছুল৷[1] ইত্যাদি

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 চক্ৰৱৰ্তী, পৰিতোষ (২০০৭). ওখ পাহাৰৰ টিং. সাহিত্য চৰ্চা কেন্দ্ৰ, তুৰা. পৃষ্ঠা. ৫৫. 
  2. নাথ, ড° প্ৰফুল্ল কুমাৰ (২০১৬). অসমীয়া যোজনা পটন্তৰ. নিষ্ঠা প্ৰকাশন. 
  3. গগৈ, চাও লোকেশ্বৰ (২০০৯). অসমৰ লোক সংস্কৃতি. প্ৰকাশক ৫৬১: চাও দেৱজিৎ বৰুৱা, নাং বন্দনা গগৈ. 
  4. শৰ্মা, শশী (২০১৬). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টছ ষ্টোৰচ্. পৃষ্ঠা. ১৫৩. ISBN 81-85905-23-1. 
  5. 5.0 5.1 গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোক সংস্কৃতি. ক্ৰান্তিকাল. পৃষ্ঠা. ৫৭.