বৰ্তমান অসমত চাৰিটা তেল শোধনাগাৰ আছে। ডিগবৈত ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল। ইয়াৰ পাছত ক্ৰমে ১৯৬২ চনত গুৱাহাটীৰ নুনমাটিত প্ৰথমটো ৰাজহুৱা খণ্ডত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত, ১৯৭৯ চনত ৪৪৫.১৫ কোটি টকাত বঙাইগাঁৱত আৰু ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ আধাৰত প্ৰতিষ্ঠা কৰা হৈছিল।[1] শোধনাগাৰসমূহৰ প্ৰডাক্টবোৰ হৈছে : এল পি জি (L P G), নেপথা (ইংৰাজী: Naphtha), কেৰাচিন (ইংৰাজী: Kerosene), ডিজেল Diesel, ফুৱেল অইল (ইংৰাজী: Fuel oil), এ টি এফ, গ্ৰীন ক’ক (ইংৰাজী: Green coke), কেলছাইড ক’ক, ছালফাৰ, লুব অইল, ছোলভেণ্ট ইত্যাদি।[1]

ডিগবৈ তেল শোধনাগাৰসম্পাদনা কৰক

ডিগবৈত ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল। ১৯৮১ চনৰপৰা শোধনাগাৰটোৰ পৰিচালনা কৰাৰ দায়িত্ব লয় ভাৰতীয় তেল নিগম (Indian Oil Corporation Ltd, চমুকৈ IOC)। পৰিশোধন ক্ষমতা প্ৰতিদিনে ৫০০ বেৰেল আছিল। ১৯২৩ চনত বাৰ্মা অইল কোম্পানীয়ে চলিব পৰা ক্ষমতাৰে ডিগবৈ শোধনাগাৰ নতুনকৈ নিৰ্মাণ কৰিছিল। সুদীৰ্ঘ ১০০ বছৰৰ ডেওনা পাৰ কৰা এইটোৱেই এছিয়াৰ সৰ্বপ্ৰথম শোধনাগাৰ। অসমত খাৰুৱা তেলৰ উৎপাদন বঢ়াৰ লগে লগে ইয়াৰ ক্ষমতা বাৰ্ষিক ০.৫ৰ পৰা ০.৬৫ মিলিয়ন মেট্ৰিক টনলৈ বঢ়োৱা হয়।[1]

গুৱাহাটী তেল শোধনাগাৰসম্পাদনা কৰক

গুৱাহাটী তেল শোধনাগাৰ হৈছে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰথমটো শোধনাগাৰ। ১৯৬২ চনত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত এই শোধনাগাৰটো স্থাপন কৰা হৈছিল। ইয়াৰ ক্ষমতা হৈছে বাৰ্ষিক ১ মিলিয়ন মেট্ৰিক টন। শোধনাগাৰটো উদ্বোধন কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে।[2] শোধনাগাৰটো বৰ্তমান ভাৰতীয় তেল নিগমৰ (Indian Oil Corporation Limited) অধীনত আছে।

বঙাইগাঁও তেল শোধনাগাৰসম্পাদনা কৰক

অসমৰ তেল বিহাৰৰ বাৰাউনীলৈ নি শোধনাগাৰ পতাৰ প্ৰতিবাদত, অসমবাসীয়ে আন্দোলন কৰি অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁৱত পাবলৈ সক্ষম হৈছিল। ১৯৬৯ চনৰ ৫ ডিচেম্বৰ তাৰিখে ভাৰত চৰকাৰে বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল। ১৯৭২ চনৰ ১৯ জানুৱাৰী তাৰিখে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল। বৰ্তমান ইয়াৰ নাম বঠাইগাঁও শোধনাগাৰ নাম দি ভাৰতীয় তেল নিগমৰ অধীনত চলি আছে।[1] ইয়াৰ ক্ষমতা বৰ্তমানে ২.৩৫ যদিও ই ২.৭ মিলিয়ন মেট্ৰিক টন শোধন কৰিব পাৰে। বৰ্তমানে অৰ্থনৈতিক কাৰণবশঃত ইয়াৰ পেট্ৰ’ৰাসায়নিক শাখাটোৰ উৎপাদন বন্ধ হৈ আছে।

২০০৩-০৪ চনত কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰাৱা (RAWA) তৈলক্ষেত্ৰৰ পৰা বঙাইগাঁও শোধনাগাৰলৈ ১.৫ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল আনিবলৈ সিদ্ধান্ত লৈছিল। খাৰুৱা তেল প্ৰথমতে ৮০০ কিঃমিঃ জাহাজেৰে হালদিয়ালৈ আনি, হালদিয়া বন্দৰৰ পৰা আই অ’ চিৰ পাইপ লাইনেৰে বাৰাইনীলৈ পাম্প কৰি আৰু শেষত বাৰাউনীৰ পৰা অইল ইণ্ডিয়াৰ পাইপ লাইনেৰে ওলোটাই কঢ়িয়াই বঙাইগাঁও শোধনাগাৰলৈ অনা হয়।[1]


নুমলীগড় তেল শোধনাগাৰসম্পাদনা কৰক

অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসাৰে চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো গোলাঘাট জিলাৰ নুমলীগড়ত স্থাপন কৰা হৈছিল। এই শোধনাগাৰটোৰ ১২.৩৪ শতাংশৰ অংশীদাৰ হৈছে অসম চৰকাৰ। ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত ভাৰতীয় প্ৰযুক্তিৰ আধাৰত এই শোধনাগাৰটো মুকলি কৰা হৈছিল।[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 পৰমেশ দেৱ চৌধুৰী (২৯ অক্টোবৰ ২০১৩). "অসমৰ শোধানাৰকেইটা". দৈনিক জনমভূমি: ৪ পৃষ্ঠা. 
  2. http://www.hindu.com/2003/11/30/stories/2003113000251100.htm

বাহ্যিক সংযোগসম্পাদনা কৰক