অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা

ইতিহাস ৰচনাৰ সমল হিচাপে তাম্ৰ আৰু শিলালিপি সমূহৰ গুৰুত্ব আছে। অসমত বৰ্তমানলৈ ঊনচল্লিছখন লিপি আৱিষ্কৃত হৈছে। এই তালিকাত উদ্ধাৰ হোৱা শিলা আৰু তাম্ৰলিপিসমূহৰ তালিকা কৰি ৰখা হৈছে।[1]

জাৰিকৰা শাসক লিপিৰ নাম সময় উদ্ধাৰ হোৱা স্থান
সুৰেন্দ্ৰবৰ্মন উমাচল শৈল শাসন খৃ: পঞ্চম শতিকা নীলাচল পাহাৰ, গুৱাহাটী
বসুন্ধৰবৰ্মন নগাজৰী খনিকৰ গাঁৱ পাষাণ লিপি (প্ৰথম খণ্ড) খৃ: পঞ্চম শতিকা গোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও
বসুন্ধৰ বৰ্মণ নগাজৰী খনিকৰ গাঁও পাষাণ লিপি (দ্বিতীয় খণ্ড) খৃ: পঞ্চম শতিকা গোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও
শ্ৰীৰত্নবৰ্মণ আলিছিগা-টেঙানি পাষাণ লিপি খৃ: পঞ্চম শতিকা আলিছিগা টেঙানি, বৰপথাৰ ,গোলাঘাট
বসুন্ধৰ বৰ্মন আলিছিগা-টেঙানি মাটিৰ মোহৰ খৃ: পঞ্চম শতিকা আলিছিগা টেঙানি, বৰপথাৰ , গোলাঘাট
ভূতিবৰ্মন বৰগংগা শৈল শাসন খৃ: ষষ্ঠ শতিকা বৰগংগা নদী, নগাঁৱৰ ডবকাৰপৰা ২৮ কিমি উত্তৰ-পূবে
ভাস্কৰ বৰ্মণ ডুবি তাম্ৰশাসন আৰু ছিল খৃ: সপ্তম শতিকা বৰপেটা জিলাৰ ডুবি গাঁও, পাঠশালা ৰেল ষ্টেচনৰপৰা ৫ কিমি আঁতৰত
ভাস্কৰবৰ্মণ নিধানপুৰ তাম্ৰশাসন খৃ: সপ্তম শতিকা চিলেট জিলাৰ বনিয় বজাৰ থানাৰ নিধানপুৰ গাঁও, বাংলাদেশ
ভাস্কৰবৰ্মণ নালন্দা মাটিৰ মোহৰ খৃ: সপ্তম শতিকা নালন্দা, (site no. 1) বৌদ্ধবিহাৰ ১ নং
১০ ৰজাৰ নাম উল্লেখ নাই দেওপানী বিষ্ণুমূৰ্তি লিপি খৃ: অষ্টম শতিকা দেওপানী, গোলাঘাট জিলা
১১ শ্ৰীজীৱৰা শংকৰ-নাৰায়ণ মূৰ্তি লিপি খৃ: অষ্টম শতিকা দেওপানী, গোলাঘাট জিলা
১২ শ্ৰীজীৱৰা কৃষ্ণ-দুৰ্গা পাষান মূৰ্তি লিপি খৃ: অষ্টম শতিকা কাছমাৰি পথাৰৰ বিশ্ৰামপুৰ
১৩ দীঘলেখবৰ্মন হৰি-হৰ মূৰ্তি লিপি খৃ: অষ্টম শতিকা দেওপানী, গোলাঘাট জিলা
১৪ শ্ৰীকুমাৰ তাম্ৰ ঘণ্টা লিপি খৃ: অষ্টম শতিকা গুৱাহাটী
১৫ শ্ৰীজীৱৰজা নগাঁও খণ্ডিত তাম্ৰ শাসন খৃ: অষ্টম শতিকা নগাঁও
১৬ হৰ্জৰ বৰ্মণ তেজপুৰ শৈল শাসন ৫১০ গুপ্তাব্দ (=৮১০ খৃষ্টাব্দ) তেজপুৰ
১৭ হৰ্জৰবৰ্মণ হয়ুণ্ঠাল তাম্ৰ শাসন খৃ: নৱম শতিকা হয়ুণ্ঠাল, কাৰ্বি আংলং
১৮ হৰ্জৰবৰ্মণ কুৰুৱাবাহী তাম্ৰ শাসন খৃ: নৱম শতিকা কুৰুৱাবাহী সত্ৰ, নগাঁও
১৯ বনমালবৰ্মাদেৱ সূৰ্যমূৰ্তি লিপি খৃ: নৱম শতিকা কাকি, নগাঁও জিলা
২০ বনমালবৰ্মাদেৱ তেজপুৰ তাম্ৰ শাসন খৃ: নৱম শতিকা তেজপুৰ
২১ বনমালবৰ্মাদেৱ পৰ্বতীয়া তাম্ৰ শাসন খৃ: নৱম শতিকা পৰ্বতীয়া গাঁও, তেজপুৰৰ পৰা ৫ কিমি নিলগত
২২ বনমালবৰ্মাদেৱ কলিয়াবৰ তাম্ৰ শাসন খৃ: নৱম শতিকা দিঘলীগাঁও, নগাঁও
২৩ দান কৰোঁতাৰ নাম নাই ব্ৰঞ্জৰ সূৰ্য মূৰ্তি লিপি খৃ: নৱম শতিকা তিতাবৰৰ আমগুৰিখাট
২৪ বলবৰ্মন উত্তৰ-বৰবিল তাম্ৰশাসন খৃ: নৱম শতিকা উত্তৰ বৰবিল গাঁও, হাওৰাঘাট, কাৰ্বি আংলং
২৫ বলবৰ্মন (৩য়) উলুবাৰী তাম্ৰশাসন খৃ: নৱম শতিকা নাহৰহাবি মৌজাৰ উলুবাৰী গাঁও, দৰং জিলা
২৬ বলবৰ্মন (৩য়) নগাঁও তাম্ৰশাসন খৃ: নৱম শতিকা সূতৰগাঁও, নগাঁৱৰপৰা ৯ কিমি নিলগত
২৭ ৰত্নপালবৰ্মন চোৰাতবাৰী তাম্ৰশাসন খৃ: একাদশ শতিকা চোৰাতবাৰী, নগাঁও
২৮ ৰত্নপালবৰ্মন বৰগাঁও তাম্ৰশাসন খৃ: একাদশ শতিকা বৰগাঁও মৌজাৰ নাহৰহাৰিগাঁও, তেজপুৰ
২৯ ৰত্নপালবৰ্মন শুৱালকুছি তাম্ৰশাসন খৃ: একাদশ শতিকা শুৱালকুছী, কামৰূপ জিলা
৩০ ইন্দ্ৰপালবৰ্মন গুৱাহাটী তাম্ৰশাসন খৃ: একাদশ শতিকা পাতি দৰং মৌজাৰ বৰপানাৰা গাঁও, গুৱাহাটী
৩১ ইন্দ্ৰপালবৰ্মন গুৱাকুছি তাম্ৰশাসন খৃ: একাদশ শতিকা গুৱাকুছি গাঁও, নলবাৰী
৩২ গোপালবৰ্মন গছতল তাম্ৰশাসন খৃ: একাদশ শতিকা গছতল গাঁও, ডবকা, নগাঁও জিলা
৩৩ ধৰ্মপাল খনামুখ তাম্ৰশাসন খৃ: দ্বাদশ শতিকা বৰভগীয়া মৌজাৰ খনামুখ গাঁও, নগাঁও জিলা
৩৪ ধৰ্মপাল শুভংকৰ পাটক তাম্ৰশাসন খৃ: দ্বাদশ শতিকা উদ্ধাৰ হোৱা স্থান জনা নাযায়
৩৫ ধৰ্মপাল পুষ্পভদ্ৰা তাম্ৰশাসন খৃ: দ্বাদশ শতিকা উত্তৰ গুৱাহাটীৰ পুষ্পভদ্ৰা নদীৰ শুষ্ক তলিৰপৰা
৩৬ বৈদ্যদেৱ কমৌলি তাম্ৰশাসন খৃ: দ্বাদশ শতিকা কমৌলি গাঁও, বাৰানসী
৩৭ বল্লভদেৱ অসম তাম্ৰশাসন ১১০৭ শকাব্দ (=খৃ: ১১৮৫) তেজপুৰ
৩৮ পৃথু[2] কানাই বৰশী শৈল শাসন ১১২৭ শকাব্দ (=খৃ: ১২০৬) উত্তৰ-গুৱাহাটী
৩৯ সমুদ্ৰপাল আমবাৰী শৈল শাসন ১১৫৪ শকাব্দ (=খৃ: ১২৩২) গুৱাহাটী

আলোক-চিত্ৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ড. নিৰোদ বৰুৱা, ড. সুৰজিত বৰুৱা (২০০৭). স্নাতক মহলাৰ অসমৰ ইতিহাস. কে.এম. পাব্‌লিছিং, (২য় সংস্কৰণ). পৃ: ১১ আৰু পৰিশিষ্ট-১ ৰপৰা আহৰিত
  2. প্ৰাচীন শিলালিপি - অসমৰ ঐতিহ্যৰ সাক্ষী, লেখক: কন্দৰ্প কলিতা, অসমীয়া প্ৰতিদিন, বুধবৰীয়া বিশেষ পৰিপূৰিকা ৰ’দালি, তাং: ৩ অক্টোবৰ, ২০১২
  3. (Lahiri 1991:26–28)

সহায়ক গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • Bora, Mahendra (1981). The Evolution of Assamese Script. প্ৰকাশক Jorhat, Assam: Assam Sahitya Sabha. 
  • Lahiri, Nayanjot (1991). Pre-Ahom Assam: Studies in the Inscriptions of Assam between the Fifth and the Thirteenth Centuries AD. প্ৰকাশক Delhi: Munshiram Manoharlal Publishers Pvt Ltd. 
  • Sharma, Mukunda Madhava (1978). Inscriptions of Ancient Assam. প্ৰকাশক Guwahati, Assam: Gauhati University.