নালন্দা মহাবিহাৰ

ভাৰতৰ প্ৰাচীন বৌদ্ধ মহাবিহাৰ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ
(নালন্দাৰ পৰা পুনঃনিৰ্দেশিত)

নালন্দা (ইংৰাজী: Nalanda Mahavihara) পূব ভাৰতৰ প্ৰাচীন আৰু মধ্যযুগীয় মগধত (বৰ্তমান বিহাৰ) অৱস্থিত বিখ্যাত বৌদ্ধ মহাবিহাৰ আছিল।[5][6][7] নালন্দা মহাবিহাৰক প্ৰাচীন বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ শিক্ষণ কেন্দ্ৰ হিচাপে বহুলভাৱে গণ্য কৰা হয়।[8][9] এই মহাবিহাৰ পাটলিপুত্ৰ (বৰ্তমান পাটনা)ৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৬ মাইল) দক্ষিণ-পূবে ৰাজগৃহ (বৰ্তমান ৰাজগীৰ) চহৰৰ ওচৰত অৱস্থিত আছিল। ৪২৭ খ্ৰীষ্টাব্দৰ পৰা ত্ৰয়োদশ শতিকালৈকে কাৰ্যক্ষম ৰূপত থকা নালন্দাই পঞ্চম আৰু ষষ্ঠ শতিকাত কলা আৰু শিক্ষাৰ পৃষ্ঠপোষকতাক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেই সময়ক পণ্ডিতসকলে "ভাৰতৰ সোণালী যুগ" বুলি অভিহিত কৰে।[10]

নালন্দা মহাবিহাৰ

নালন্দা মহাবিহাৰৰ ধ্বংসাৱশেষ
অৱস্থিতি নালন্দা জিলা, বিহাৰ, ভাৰত
অঞ্চল মগধ
অৱস্থান 25°08′12″N 85°26′38″E / 25.13667°N 85.44389°E / 25.13667; 85.44389স্থানাংক: 25°08′12″N 85°26′38″E / 25.13667°N 85.44389°E / 25.13667; 85.44389
প্ৰকাৰ শিক্ষাৰ কেন্দ্ৰ, প্ৰাচীন বিশ্ব বিদ্যালয়, বৌদ্ধ মহাবিহাৰ
দৈৰ্ঘ ৮০০ ফুট (240 মিটাৰ)
প্ৰস্থ ১,৬০০ ফুট (490 মিটাৰ)
বিস্তৃতি ১২ হেক্টৰ (সাঁচ:Convert/একৰ)
ইতিহাস
নিৰ্মাতা কুমাৰগুপ্ত প্ৰথম
স্থাপনা ৪২৭ খ্ৰীষ্টাব্দ
পৰিত্যক্ত ১৪০০ খ্ৰীষ্টাব্দৰ আশে-পাশে[1]
Events আনুমানিক ১২০০ খ্ৰীষ্টাব্দত মুহাম্মদ বখতিয়াৰ খিলজীৰ দ্বাৰা লুটপাত
অতিৰিক্ত তথ্য
খননৰ সময় ১৯১৫-১৯৩৭, ১৯৭৪-১৯৮২[2]
স্থপতিবিদ ডেভিদ বি স্পুনাৰ, হীৰানন্দ শাস্ত্ৰী, পালক শ্বাহ, জে এ পেজ, এম কুৰাইছি, জি চি চন্দ্ৰ, এন নাজিম, অমলানন্দ ঘোষ [3]
বৰ্তমানৰ অৱস্থা ভগ্নাৱশেষ
দেশ ভাৰত চৰকাৰ
পৰিচালনা ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগ
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ আছে
ৱেবছাইট ASI
ASI No. N-BR-43[4]
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
নালন্দা মহাবিহাৰ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
মাপকাঠি সাংস্কৃতিক: 
উদ্ধৃতি 1502
অভিলিখনৰ ইতিহাস
অভিলিখন 2016 (অজ্ঞাত অধিবেশন)

গুপ্ত সাম্ৰাজ্যৰ সম্ৰাট কুমাৰগুপ্ত প্ৰথমে ৪২৭ খ্ৰীষ্টাব্দৰ আশে-পাশে নালন্দা মহাবিহাৰৰ প্ৰতিষ্ঠা কৰিছিল।[11] বৌদ্ধ আৰু অবৌদ্ধ উভয় সম্প্ৰদায়ৰ বহুতো ভাৰতীয় আৰু জাভাৰ শাসকে ইয়াৰ পৃষ্ঠপোষকতা কৰিছিল।[12][13] পাল সাম্ৰাজ্যৰ শাসকসকলেও (৭৫০–১১৬১ খ্ৰীষ্টাব্দ) নালন্দাৰ পৃষ্ঠপোষকতা কৰিছিল। পালসকলৰ পতনৰ পিছত নালন্দাৰ সন্ন্যাসীসকলক বোধ গয়াৰ পিঠিপতিসকলে পৃষ্ঠপোষকতা কৰিছিল।[14] সম্ভৱবত প্ৰায় ১২০০ খ্ৰীষ্টাব্দত মহম্মদ বাখতিয়াৰ খিলজীয়ে নালন্দা আক্ৰমণ কৰিছিল। তাৰপিছতো কেইবাদশক জুৰি ই কাৰ্যক্ষম হৈ থাকিবলৈ সক্ষম হৈছিল।[15][16][17]

প্ৰায় ৭৫০ বছৰ ধৰি নালন্দাৰ অধ্যাপকসমূহৰ ভিতৰত মহাযান বৌদ্ধ ধৰ্মৰ কিছুমান অতি পূজনীয় পণ্ডিত আছিল। মঠৰ সৈতে জড়িত অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ ভিতৰত ধৰ্মপাল, নাগাৰ্জুন, ধৰ্মকীৰ্তি, অসংগ, বসুবন্ধু, চন্দ্ৰকীৰ্তী, হিউৱেন-চাং, শীলভদ্ৰ আৰু অতীশ উল্লেখযোগ্য।[18][19][20][21][22][23][24][25] নালন্দাৰ পাঠ্যক্ৰমত মধ্যমক, যোগাচাৰ আৰু সৰ্বাস্তিবাদৰ দৰে প্ৰধান বৌদ্ধ দৰ্শনসমূহৰ লগতে বেদ, ব্যাকৰণ, চিকিৎসা, যুক্তি, গণিত,[26] জ্যোতিৰ্বিজ্ঞান[27] আৰু আলকেমি[28] আদি অন্যান্য বিষয়সমূহো অন্তৰ্ভুক্ত আছিল। মহাবিহাৰৰ এটা বিখ্যাত পুথিভঁৰাল আছিল। এই পুথিভঁৰাল হিউৱেন-চাং আৰু য়িজিঙৰ দৰে পৰিব্ৰাজকে পূব এছিয়ালৈ প্ৰেৰণ কৰা সংস্কৃত গ্ৰন্থসমূহৰ এক মূল উৎস আছিল।[29] নালন্দাত ৰচিত বহু গ্ৰন্থই মহাযান আৰু বজ্ৰযান পন্থা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ভিতৰত ধৰ্মকীৰ্তিৰ ৰচনা, শান্তিদেৱৰ সংস্কৃত গ্ৰন্থ 'বোধিসত্তাচৰ্যাৱতাৰ' আৰু 'মহাবৈৰোচন তন্ত্ৰ' আদি উল্লেখযোগ্য।[30][31][32]

প্ৰাচীন নালন্দাৰ স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ[33] ২০১০ চনত ভাৰত চৰকাৰে প্ৰাচীন বিশ্ববিদ্যালয়খন পুনৰুজ্জীৱিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয় নামৰ এখন সমসাময়িক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে।[34] ভাৰত চৰকাৰে এই বিশ্ববিদ্যালয়খনক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে তালিকাভুক্ত কৰিছে।[35]

নালন্দা বিহাৰৰ ৰাজগীৰ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ (১০ মাইল) উত্তৰত আৰু পাটনাৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৬ মাইল) দক্ষিণ-পূবত অৱস্থিত। ৩১, ২০ আৰু ১২০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ভাৰতৰ ঘাইপথ নেটৱৰ্কৰ সৈতে ই সংযুক্ত।[7] ই বিহাৰৰ আন এক গুৰুত্বপূৰ্ণ বৌদ্ধ স্থান বোধ গয়াৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ (৫০ মাইল) উত্তৰ-পূবে অৱস্থিত। বৰগাঁও (নলন্দা) গাঁৱৰ উত্তৰ-পশ্চিমে এক বৃহৎ অঞ্চলত বিস্তৃত হৈ থকা নালন্দা প্ৰত্নতাত্ত্বিক স্থান ঐতিহাসিক মানৱসৃষ্ট হ্ৰদ গিধি, পানাশোকাৰ আৰু ইন্দ্ৰপুষ্কৰিণীৰ মাজত অৱস্থিত। ইন্দ্ৰপুষ্কৰিণী হ্ৰদৰ দক্ষিণ পাৰত ইয়াৰ স্মৃতিত প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয় নৱ নালন্দ মহাবিহাৰ অৱস্থিত।[36][37]একেদৰে ইন্দ্ৰপুষ্কৰিণী হ্ৰদৰ দক্ষিণ-পশ্চিম পাৰত প্ৰাচীন নলন্দা বিশ্ববিদ্যালয়ৰ নামেৰে নামকৰণ কৰা ৰাজ্যিক বিশ্ববিদ্যালয় নালন্দা মুক্ত বিশ্ববিদ্যালয় অৱস্থিত।

ব্যুৎপত্তি

সম্পাদনা কৰক

সংস্কৃত আৰু পালি ভাষাত মহাবিহাৰ শব্দটো মহান বিহাৰ অৰ্থাৎ শিক্ষাৰ কেন্দ্ৰ বা বৌদ্ধ মঠৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক কেইবাটাও বৌদ্ধ মঠৰ সমাহাৰক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।

সপ্তম শতিকাৰ আৰম্ভণিৰ টাং বংশৰ চীনা পৰিব্ৰাজক হিউৱেন-চাঙৰ মতে স্থানীয় পৰম্পৰা অনুসৰি নালন্দা নাম নাগদেৱতা নালন্দাৰ নামৰ পৰা আহিছে। তেওঁ "না-আলম-দা" অৰ্থাৎ "বিৰতি নোহোৱাকৈ দান" ইয়াৰ অন্য এক বিকল্প ব্যাখ্যা আগবঢ়াইছে।[38] ধ্বংসাৱশেষৰ খননৰ নেতৃত্ব দিয়া প্ৰত্নতাত্ত্বিক হীৰানন্দ শাস্ত্ৰীয়ে এই অঞ্চলত নল অৰ্থাৎ পদুমৰ ডালৰ প্ৰাচুৰ্য্যৰ বাবে ইয়াৰ নামকৰণ নালন্দা কৰা হৈছে। লগতে তেওঁ বিশ্বাস কৰে যে নালন্দাই পদুমৰ ডাল প্ৰদানকাৰীক প্ৰতিনিধিত্ব কৰে।[39]

১৭ শতিকাৰ তৰানাথৰ গ্ৰন্থকে ধৰি কিছুমান তিব্বতী উৎসত নালন্দাক নলেন্দ্ৰ বুলি উল্লেখ কৰা হৈছে। সম্ভৱতঃ তিব্বতী সাহিত্যত পোৱা নল, নলকা, নলকাগ্ৰাম নালন্দাৰ সমাৰ্থক।[40][41][42]

নালন্দা চহৰৰ প্ৰাচীন ইতিহাস (খ্ৰীষ্টপূৰ্ব ১২০০– ৩০০ খ্ৰীষ্টাব্দ)

সম্পাদনা কৰক
আলেকজেণ্ডাৰ কানিংহামৰ ১৮৬১–৬২ চনৰ ভাৰতৰ প্ৰত্নতাত্বিক জৰীপৰ প্ৰতিবেদনত উল্লেখ থকা নালন্দা আৰু ইয়াৰ আশে-পাশে অৱস্থিত অঞ্চলৰ মানচিত্ৰ। ইয়াত মহাবিহাৰৰ চাৰিওফালে কেইবাটাও পুখুৰী দেখুওৱা হৈছে।

প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ জুৱাফাৰডিহ স্থানৰ দৰে ননালন্দাৰ ওচৰৰ ঠাইবোৰত প্ৰত্নতাত্ত্বিক খননত ক’লা মাটিৰ সামগ্ৰী আৰু অন্যান্য সামগ্ৰী পোৱা গৈছে। এইবোৰ কাৰ্বন ডেটেড পদ্ধতিৰে সময় নিৰ্ধাৰণ কৰি প্ৰায় ১২০০ খ্ৰীষ্টপূৰ্ব বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মগধৰ নালন্দাৰ আশে-পাশে থকা অঞ্চলত মহাবীৰ আৰু বুদ্ধৰ জন্মৰ বহু শতিকা আগতে মানুহৰ বসতি আছিল।[43]

প্ৰাথমিক বৌদ্ধ গ্ৰন্থত উল্লেখ মতে বুদ্ধই তেওঁৰ ভ্ৰমণৰ সময়ত নালন্দা নামৰ ৰাজগৃহ (বৰ্তমানৰ ৰাজগীৰ – মগধৰ ৰাজধানী)ৰ ওচৰৰ এখন চহৰলৈ গৈছিল।[26][44] তেওঁ ওচৰৰ পাৱাৰিকা নামৰ আমৰ বাগিচা এখনত বক্তৃতা প্ৰদান কৰিছিল আৰু তেওঁৰ দুজন প্ৰধান শিষ্যৰ ভিতৰত অন্যতম শৰিপুত্ৰৰ জন্ম সেই অঞ্চলত হৈছিল আৰু পিছলৈ সেই স্থানতে তেওঁ নিৰ্বাণ লাভ কৰিছিল।[45][46] যিহেতু এই বৌদ্ধ গ্ৰন্থসমূহ বুদ্ধৰ মৃত্যুৰ কেইবা শতিকা পিছত লিখা হৈছিল, সেয়ে নাম বা আপেক্ষিক স্থানৰ ক্ষেত্ৰতো সামঞ্জস্যপূৰ্ণ নহয়। উদাহৰণস্বৰূপে, মহাসুদাসন জাতকৰ দৰে গ্ৰন্থত নেলক বা নলকগ্ৰাম ৰাজগৃহৰ পৰা প্ৰায় এক যোজন (১০ মাইল) দূৰত বুলি উল্লেখ কৰা হৈছে। আনহাতে মহাবস্তুৰ দৰে গ্ৰন্থত সেই ঠাইখনক নালন্দ-গ্ৰামক বুলি কোৱা হৈছে আৰু ৰাজগৃহৰ আধা যোজন দূৰত বুলি উল্লেখ কৰিছে।[40] বৌদ্ধ ধৰ্মৰ আন এক গ্ৰন্থ নিকায়সংগ্ৰহত সম্ৰাট অশোকে নালন্দাত বিহাৰ (মঠ) স্থাপন কৰা বুলি উল্লেখ আছে। কিন্তু এতিয়ালৈকে প্ৰত্নতাত্ত্বিক খননত অশোক যুগৰ বা তেওঁৰ মৃত্যুৰ ৬০০ বছৰ পিছৰলৈকে কোনো কীৰ্তিচিহ্ন পোৱা নাই।[8][47]

জৈন গ্ৰন্থ সূত্ৰকৃতঙ্গতৰ ২.৭ নং অধ্যায়ত উল্লেখ আছে যে নালন্দা ৰাজধানী ৰাজগৃহৰ "উপকণ্ঠ অঞ্চল"ত অৱস্থিত। ইয়াত অসংখ্য অট্টালিকা আছিল আৰু ইয়াতেই মহাবীৰে (খ্ৰীষ্টপূৰ্ব ষষ্ঠ/৫ম শতিকা) চৈধ্য বছৰ কাল কটাইছিল। জৈন ধৰ্মৰ আন এক উল্লেখযোগ্য গ্ৰন্থ কল্পনাসূত্ৰত এই কথাৰ সমৰ্থন পোৱা গৈছে। কিন্তু নালন্দাৰ উল্লেখৰ বাহিৰে জৈন গ্ৰন্থত অধিক বিৱৰণ নাই। মহাবীৰৰ মৃত্যুৰ পিছৰ প্ৰায় সহস্ৰাব্দলৈকেও এই গ্ৰন্থসমূহ লিপিবদ্ধ কৰা হোৱা নাছিল। ইয়াৰ ফলত বৌদ্ধ গ্ৰন্থৰ দৰেই নিৰ্ভৰযোগ্যতা আৰু বৰ্তমানৰ নালন্দা জৈন গ্ৰন্থৰ সৈতে একে নেকি সেই বিষয়ে প্ৰশ্ন উত্থাপিত হৈছে।[8] শ্বাৰফেৰ মতে বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহে স্থান চিনাক্তকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিলেও আধুনিক নালন্দা যে এই গ্ৰন্থসমূহে উল্লেখ কৰা স্থানৰ ওচৰত বা সেই স্থানৰ ওচৰত আছে সেয়া "প্ৰায় নিশ্চিত"।[48]

বুদ্ধৰ বিশিষ্ট শিষ্য শৰিপুত্তৰ জন্ম আৰু মৃত্যু নালন্দাত হৈছিল। ৰজা অশোকে তেওঁৰ প্ৰতি সন্মান জনাই নালন্দাত শৰিপুত্ত স্তূপ নিৰ্মাণ কৰাইছিল বুলি কথিত আছে। শৰিপুত্তৰ অৱশেষ সাঁচি আৰু মথুৰাত স্তূপতো সন্নিবিষ্ট কৰা হৈছিল।[49]

ফা-হিয়েনৰ ভ্ৰমণ (৩৯৯ - ৪১২ খ্ৰীষ্টাব্দ)

সম্পাদনা কৰক

চীনা পৰিব্ৰাজক আৰু বৌদ্ধ তীৰ্থযাত্ৰী ফা-হিয়েনে নালন্দা চহৰ ভ্ৰমণ কৰোঁতে সেই স্থানত তেতিয়া হয়তো বিশ্ববিদ্যালয় নাছিল। ফা-হিয়েনে বৌদ্ধ গ্ৰন্থসমূহ লাভ কৰিবলৈ ভাৰতলৈ আহিছিল আৰু পঞ্চম শতিকাৰ আৰম্ভণিতে ভাৰতত ১০ বছৰ কটাই নালন্দা অঞ্চলকে ধৰি বৌদ্ধ ধৰ্মৰ প্ৰধান তীৰ্থস্থানসমূহ ভ্ৰমণ কৰিছিল। তেওঁ এখন ভ্ৰমণ কাহিনীও লিখিছিল। এই ভ্ৰমণ কাহিনীয়ে আন চীনা আৰু কোৰিয়ান বৌদ্ধসকলক শতিকাজুৰি ভাৰত ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াত তেওঁ সমগ্ৰ ভাৰতৰ বহুতো বৌদ্ধ মঠ আৰু কীৰ্তিচিহ্নৰ কথা উল্লেখ কৰিছে। কিন্তু সংস্কৃত গ্ৰন্থ বিচাৰি ভাৰতৰ অন্য প্ৰান্তৰ পৰা বৃহৎ সংখ্যক চীনলৈ লৈ গ’লেও তেওঁ নালন্দাত কোনো মঠ বা বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰা নাই। নালন্দাত ৪০০ খ্ৰীষ্টাব্দৰ পূৰ্বৰ কীৰ্তিচিহ্নসমূহৰ কোনো প্ৰত্নতাত্ত্বিক আৱিষ্কাৰৰ অভাৱৰ সৈতে ফা-হিয়েনৰ গ্ৰন্থত কোনো উল্লেখ নথকাৰ পৰা ধৰা হয় যে নালন্দা মঠ-বিশ্ববিদ্যালয়ৰ অস্তিত্ব ৪০০ খ্ৰীষ্টাব্দৰ আশে-পাশে নাছিল।[48][50]

আধাৰশিলা (পঞ্চম শতিকা)

সম্পাদনা কৰক
পঞ্চম শতিকাৰ আৰম্ভণিতে গুপ্ত সম্ৰাটসকলে নালন্দা প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পিছত পৰৱৰ্তী ৭ শতিকা ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল।

নালন্দাৰ প্ৰামাণিক ইতিহাস পঞ্চম শতিকাৰ পৰাই আৰম্ভ হয়। এই স্থানত আৱিষ্কাৰ হোৱা এটা ছীলে ইয়াৰ প্ৰতিষ্ঠাপক হিচাপে চক্ৰাদিত্য (৪১৫–৪৫৫ খ্ৰীষ্টাব্দ) নামৰ এজন ৰজাক চিনাক্ত কৰিছে। এই ছীলত উল্লেখ থকা মতে ৰজা চক্ৰাদিত্যয়ে এই স্থানত এটা সংঘাৰাম বা বৌদ্ধ মঠৰ ভেটি স্থাপন কৰিছিল।[51][52] চীনা পৰিব্ৰাজক হিউৱেন-চাঙৰ ভ্ৰমণ কাহিনীয়ে এই কথাৰ সমৰ্থন কৰে।[52] আনুষ্ঠানিক বৈদিক শিক্ষাৰ পৰম্পৰাই বৃহৎ শিক্ষা কেন্দ্ৰ যেনে নালন্দা, তক্ষশিলা আৰু বিক্ৰমশিলা গঠন কৰাত সহায় কৰিছিল।[53]

তৃতীয় কুমাৰগুপ্তৰ নালন্দা পোৰা মাটিৰ ছীল। গুপ্ত সাম্ৰাজ্যৰ শেষৰ ফালে লিখাএই শিলালিপিৰ ভাষা সংস্কৃত, ইয়াত চিত্ৰিত মানুহজনৰ কপালত বৈষ্ণৱৰ চিন আৰু ছীলৰ সন্মুখৰ ফালে গৰুড়-বাহন[54]

ভাৰতীয় পৰম্পৰা অনুসৰি আৰু বহুগ্ৰন্থত ৰজাসকলক বহুতো উপনাম আৰু শিৰোনামেৰে উল্লেখ কৰা হয়। আন্দ্ৰেয়া পিংকনী আৰু হাৰ্টমুট শ্বাৰফেৰ দৰে পণ্ডিতসকলে এই সিদ্ধান্তত উপনীত হৈছে যে চক্ৰাদিত্য সৰু প্ৰথম কুমাৰগুপ্ত একেজন। তেওঁ গুপ্ত সাম্ৰাজ্য হিন্দু বংশৰ অন্যতম সম্ৰাট আছিল।[48][55] ইয়াৰ উপৰিও নালন্দাত আৱিষ্কাৰ হোৱা মুদ্ৰা আৰু মোহৰসমূহে এই কথাও সমৰ্থন কৰে যে প্ৰথম কুমাৰগুপ্ত নালন্দা মঠ-বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক পৃষ্ঠপোষক আছিল।[51][52]

তেওঁৰ উত্তৰাধিকাৰী বুধগুপ্ত, তথাগতগুপ্ত, বালাদিত্য আৰু বজ্ৰয়ে পিছলৈ অতিৰিক্ত মঠ আৰু মন্দিৰ নিৰ্মাণ কৰি প্ৰতিষ্ঠানটোৰ সম্প্ৰসাৰণ আৰু সম্প্ৰসাৰণ কৰিছিল।[56] গুপ্তসকলৰ অধীনত পঞ্চম আৰু ষষ্ঠ শতিকাৰ সময়ছোৱাত নালন্দা পূৰ্ণ পৰ্যায়ত গঢ় লৈ উঠিছিল।[57] নালন্দাত আৱিষ্কৃত অসংখ্য বৌদ্ধ আৰু হিন্দু ছীল, শিল্পকৰ্ম, মূৰ্তি আৰু শিলালিপিসমূহত গুপ্ত শৈলী আৰু গুপ্ত যুগৰ লিপিত পোৱা গৈছে।[58][59] এই সময়ছোৱাত গুপ্ত ৰজাসকল একমাত্ৰ নালন্দাৰ পৃষ্ঠপোষক নাছিল। শ্বাৰফে কয় যে "বহু দাতা বৌদ্ধ নাছিল; তেওঁলোকৰ ছীলত থকা প্ৰতীকত লক্ষ্মী, গণেশ, শিৱলিংগ আৰু দুৰ্গা দেখা যায়"। অৰ্থাৎ নালন্দাৰ পৃষ্ঠপোষকতাত ধৰ্মীয় বৈচিত্ৰতাৰ চিন দেখা যায়।[60]

উত্তৰ-পূব ভাৰতৰ শাসকসকলে নালন্দাৰ পুঁজিৰ সহায়ৰ বাবে গাঁওসমূহ দান কৰিছিল। সুমাত্ৰাৰ ৰজাই নালন্দা মঠৰ সাহায্যৰ্থে কেইবাখনো গাঁও দান দিছিল। চীনৰ পৰা অহা পণ্ডিতসকলক সহায় কৰিবলৈ এটা বিশেষ পুঁজিও স্থাপন কৰা হৈছিল।[61]

নিখুঁত অৱস্থাত উদ্ধাৰিত নালন্দাৰ পাণ্ডুলিপিসমূহ

সম্পাদনা কৰক

নালন্দা মহাবিহাৰৰ পলায়ন কৰা সন্ন্যাসীসকলে নালন্দাৰ কিছুমান পাণ্ডুলিপি লৈ গৈছিল। ইয়াৰে কেইটামান বৰ্তমান নিখুঁত ৰূপত সংৰক্ষিত অৱস্থাত আছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে:

  • লছ এঞ্জেলছ কাউন্টি মিউজিয়াম অৱ আৰ্টত সংৰক্ষিত ধৰণীসমগ্ৰহৰ অংশ, ১০৭৫ খ্ৰীষ্টাব্দ[62]
  • এছিয়া ছ'চাইটিত সংৰক্ষিত[63] অষ্টসহস্ৰিকা প্ৰজ্ঞাপৰমিতাৰ পাণ্ডুলিপি। বৌদ্ধ ধৰ্মৰ প্ৰথম তিব্বতী নীতি-নিয়মৰ সংকলনকাৰী বুটনৰ দ্বাৰা ৰচিত এই পাণ্ডুলিপিখনত ভাৰতৰ বিখ্যাত নালন্দা মঠত সৃষ্টিৰ পৰা তিব্বতত ব্যৱহাৰৰ মাজেৰে ইতিহাসক সংস্কৃত আৰু তিব্বতী ভাষাত লিপিবদ্ধ কৰা আছে।
  • ইয়াৰলুং সংগ্ৰহালয়, চেটাং (অন কে ৰু লা খাং মঠৰ পৰা)ত সংৰক্ষিত[64] অষ্টসহস্ৰিকা প্ৰজ্ঞাপৰমিতা সংস্কৃত তালপাতৰ পাণ্ডুলিপি, ১৩৯ খন তালপাত আৰু ৰং কৰা কাঠৰ আৱৰণ। কলফনৰ মতে এই পাণ্ডুলিপিখন একাদশ শতিকাৰ শেষৰ ফালে ৰজা সুৰপালৰ ৰাজত্বৰ দ্বিতীয় বছৰত মহাপণ্ডিত শ্ৰী অশোকৰ মাতৃয়ে দান কৰিছিল।

নালন্দাৰ শিলালিপিসমূহ

সম্পাদনা কৰক

নালন্দা মহাবিহাৰৰ খননৰ সময়ত কেইবাটাও শিলালিপি পোৱা গৈছিল। এই শিলালিপিসমূহ বৰ্তমান নালন্দা সংগ্ৰহালয়ত সংৰক্ষিত কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে:

  • ৰজা বালাদিত্যই নিৰ্মাণ কৰা মন্দিৰত দান দিয়া যশোৱৰ্মনৰ এজন মন্ত্ৰীৰ পুত্ৰ, ৮ম শতিকাৰ খ্ৰীষ্টাব্দ, মঠ ১ ত পোৱা বেছাল্ট ফলক।[65]
  • মুৰ্নাবৰ্মনে ২৪ মিটাৰ উচ্চতা (৮০ ফুট) বুদ্ধৰ পিতলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল, ৭ম শতিকা, বেছাল্ট ফলক, চৰাই টিলাত উদ্ধাৰ কৰা[66]
  • সন্ন্যাসী বিপুলশ্ৰীমিত্ৰই এটা মঠ নিৰ্মাণ কৰিছিল, বেছাল্টৰ ফলক, দ্বাদশ শতিকা, মঠ ৭ ৰ সৰ্বোচ্চ স্তৰত উদ্ধাৰ কৰা।[67]
  • শৈলেন্দ্ৰ বংশৰ সুবৰ্ণদ্বীপৰ ৰজা বালপুত্ৰদেৱৰ দান, ৮৬০ খ্ৰীষ্টাব্দ, হীৰানন্দ শাস্ত্ৰীয়ে ১৯২১ চনত নালন্দাৰ ১ নং মঠত উদ্ধাৰ কৰা তামৰ ফলক
নালন্দাৰ পৰ্যটন
জুয়ানজাং মেম'ৰিয়েল হলৰ ভিতৰভাগ
জুয়ানজাং মেম'ৰিয়েল হলৰ ভিতৰভাগ  
নালন্দা প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়
নালন্দা প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়  
জুয়ানজাং মেম'ৰিয়েল হল
জুয়ানজাং মেম'ৰিয়েল হল  

নালন্দা ভাৰতৰ এক জনপ্ৰিয় পৰ্যটন স্থলী। ই ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।[68] পৱিত্ৰ বৌদ্ধ পৰ্যটনস্থলী হিচাপে ই এক গুৰুত্বপূৰ্ণ স্থান।[69]

নালন্দা প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়

সম্পাদনা কৰক

ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে দৰ্শনাৰ্থীৰ সুবিধাৰ্থে ধ্বংসাৱশেষৰ ওচৰত এটা সংগ্ৰহালয় ৰক্ষণাবেক্ষণ কৰিছে। ১৯১৭ চনত মুকলি কৰা এই সংগ্ৰহালয়টোত নালন্দাত উদ্ধাৰ হোৱা প্ৰাচীন সামগ্ৰীৰ লগতে ওচৰৰ ৰাজগীৰৰ পৰাও উন্মোচন কৰা সামগ্ৰীসমূহ সংৰক্ষিত কৰা হৈছে। এই স্থানত উদ্ধাৰ হোৱা ১৩,৪৬৩টা সামগ্ৰীৰ ভিতৰত মাত্ৰ ৩৪৯টাহে সংগ্ৰাহালয়ৰ চাৰিখন গেলেৰীত প্ৰদৰ্শিত কৰা হৈছে।[70]

জুয়ানজাং মেম'ৰিয়েল হল

সম্পাদনা কৰক

বিখ্যাত বৌদ্ধ সন্ন্যাসী আৰু পৰিব্ৰাজক হিউৱেন-চাং বা জুয়ানজাঙৰ স্মৃতি ৰখাৰ উদ্দেশ্যে ভাৰত-চীনৰ যৌথ উদ্যোগত জুয়ানজাং মেম’ৰিয়েল হল নিৰ্মান কৰা হৈছে। চীনা সন্ন্যাসীজনৰ মূৰৰ হাড়ৰে গঠিত এটা ধ্বংসাৱশেষ স্মৃতিসৌধত প্ৰদৰ্শিত হৈছে।[71]

নালন্দা মাল্টিমিডিয়া সংগ্ৰাহালয়

সম্পাদনা কৰক

খনন কৰা স্থানৰ কাষত ব্যক্তিগতভাৱে পৰিচালিত নালন্দা মাল্টিমিডিয়া সংগ্ৰহালয় অৱস্থিত। ইয়াত থ্ৰী-ডি এনিমেচন আৰু অন্যান্য মাল্টিমিডিয়া উপস্থাপনৰ জৰিয়তে নালন্দাৰ ইতিহাস প্ৰদৰ্শন কৰা হৈছে।[72]

চিত্ৰ বিথিকা

সম্পাদনা কৰক
  1. Buswell Jr., Robert (2013). "Nālanda". Princeton Dictionary of Buddhism: 565. https://www.oxfordreference.com/display/10.1093/acref/9780190681159.001.0001/acref-9780190681159-e-2844?rskey=UW22xF&result=3. 
  2. "Nalanda". Archaeological Survey of India. http://asi.nic.in/asi_monu_tktd_bihar_nalanda.asp। আহৰণ কৰা হৈছে: 18 September 2014. 
  3. Le 2010, পৃষ্ঠা. 59.
  4. "Alphabetical List of Monuments – Bihar". Archaeological Survey of India. http://asi.nic.in/asi_monu_alphalist_bihar.asp। আহৰণ কৰা হৈছে: 17 September 2014. 
  5. Asher 2015, পৃষ্ঠা. 1–5.
  6. Kumar (2018).
  7. 7.0 7.1 "History | District Nalanda, Government of Bihar | India". nalanda.nic.in. 15 June 2023. https://nalanda.nic.in/en/history/। আহৰণ কৰা হৈছে: 2 June 2023. 
  8. 8.0 8.1 8.2 Pinkney 2014, পৃষ্ঠা. 116–117 with footnotes.
  9. Kumar, Manoj. "Ancient Nalanda University". Archived from the original on 20 January 2022. https://web.archive.org/web/20220120055253/https://www.patnauniversity.ac.in/e-content/social_sciences/aih/MAAIH53.pdf। আহৰণ কৰা হৈছে: 6 November 2021. 
  10. Ingalls, Daniel H. H. (1976). "Kālidāsa and the Attitudes of the Golden Age". Journal of the American Oriental Society খণ্ড 96 (1): 15–26. doi:10.2307/599886. ISSN 0003-0279. https://www.jstor.org/stable/599886. 
  11. Smith 2013, পৃষ্ঠা. 111–112.
  12. Krishnan 2016, পৃষ্ঠা. 17.
  13. Scharfe 2002, পৃষ্ঠা. 148–150 with footnotes.
  14. Auer, Blain (2019). Encountering Buddhism and Islam in Premodern Central and South Asia. De Gruyter. পৃষ্ঠা. 68. ISBN 978-3-11-063168-5. https://books.google.com/books?id=Gz_EDwAAQBAJ&q=buddhasena. 
  15. Truschke, Audrey (May 2018). "The Power of the Islamic Sword in Narrating the Death of Indian Buddhism" (en ভাষাত). History of Religions খণ্ড 57 (4): 406–435. doi:10.1086/696567. ISSN 0018-2710. http://www.journals.uchicago.edu/doi/10.1086/696567. 
  16. Sen, Amartya (17 November 2021). "Nalanda and the pursuit of science". The Hindu. https://www.thehindu.com/opinion/op-ed/Nalanda-and-the-pursuit-of-science/article15519635.ece. 
  17. "ANCIENT NALANDA UNIVERSIty's RUINS | District Nalanda, Government of Bihar | India". https://nalanda.nic.in/en/tourist-place/ancient-nalanda-universitys-ruins/. 
  18. Wayman 1984, পৃষ্ঠা. 43.
  19. Niraj Kumar; George van Driem; Phunchok Stobdan (18 November 2020). Himalayan Bridge. KW. পৃষ্ঠা. 253–255. ISBN 978-1-000-21549-6. https://books.google.com/books?id=IhEHEAAAQBAJ&pg=PA253. 
  20. Stephen Hodge (9 December 2005). The Maha-Vairocana-Abhisambodhi Tantra: With Buddhaguhya's Commentary. Routledge. পৃষ্ঠা. 17. ISBN 978-1-135-79654-9. https://books.google.com/books?id=SY4GUaAUNEYC&pg=PA17. 
  21. Collins 2000, পৃষ্ঠা. 240.
  22. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; prasad2021 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  23. Joshi 1977, পৃষ্ঠা. 177.
  24. Buswell, Robert (2014). "Śubhakarasimha". Princeton Dictionary of Buddhism: 861. https://www.oxfordreference.com/display/10.1093/acref/9780190681159.001.0001/acref-9780190681159-e-4275. 
  25. Deokar, Lata (2012). "Subhūticandra: A Forgotten Scholar of Magadha". Journal of the Centre for Buddhist Studies, Sri Lanka খণ্ড 10: 137–154. https://www.academia.edu/7228101. 
  26. 26.0 26.1 Buswell & Lopez 2013, Entry for Nālandā.
  27. Kumar, Pintu (2011). "The Ancient Nālandā Mahāvihāra: The Beginning of Institutional Education". The Journal of the World Universities Forum খণ্ড 4 (1): 65–80. doi:10.18848/1835-2030/CGP/v04i01/56731. ISSN 1835-2030. https://cgscholar.com/bookstore/works/the-ancient-nalanda-mahavihara. 
  28. Sumersingh, DhirajsinghRajput; Gokarn, Rohit; Jagtap, ChandrashekharY; Galib, R; Patgiri, Bj; Prajapati, Pk (2016). "Critical Review of Rasaratna Samuccaya: A Comprehensive Treatise of Indian Alchemy" (en ভাষাত). Ancient Science of Life খণ্ড 36 (1): 12–18. doi:10.4103/0257-7941.195412. ISSN 0257-7941. PMID 28182027. 
  29. Buswell & Lopez 2013, Entry for Nālandā, Xuanzang and Yijing.
  30. Śāntideva (1998). Translator's Note: The Bodhicaryāvatāra. Oxford University Press. পৃষ্ঠা. xxviii. ISBN 978-0-19-283720-2. https://books.google.com/books?id=m-ifbE8kyGIC. 
  31. Hodge, Stephen (9 December 2005) (en ভাষাত). The Maha-Vairocana-Abhisambodhi Tantra: With Buddhaguhya's Commentary. Routledge. পৃষ্ঠা. 17. ISBN 978-1-135-79654-9. https://books.google.com/books?id=SY4GUaAUNEYC. 
  32. Lal Mani Joshi (1977). Studies in the Buddhistic Culture of India During the 7th and 8th Centuries A.D.. Motilal Banarsidass. পৃষ্ঠা. 146–147. ISBN 978-81-208-0281-0. https://books.google.com/books?id=-epU7NHNCOQC. 
  33. "Four sites inscribed on UNESCO's World Heritage List" (en ভাষাত). whc.unesco.org. UNESCO World Heritage Centre. 15 July 2016. https://whc.unesco.org/en/news/1524. 
  34. "History and Revival". Nalanda University. https://nalandauniv.edu.in/about-nalanda/history-and-revival/. 
  35. "Vision". Nalandauniv.edu.in. https://nalandauniv.edu.in/about-nalanda/vision/। আহৰণ কৰা হৈছে: 8 March 2022. 
  36. Ghosh 1965, পৃষ্ঠা. 1–2.
  37. Prasad 1988, পৃষ্ঠা. 184 with footnotes.
  38. Ghosh 1965, পৃষ্ঠা. 3 with footnote 2.
  39. Hiranand Sastri 1986, পৃষ্ঠা. 3–4.
  40. 40.0 40.1 Ghosh 1965, পৃষ্ঠা. 2–3.
  41. Hartmut Scharfe (12 November 2018). Education in Ancient India. BRILL. পৃষ্ঠা. 148–150. ISBN 978-90-474-0147-6. https://books.google.com/books?id=GMyiDwAAQBAJ&pg=PA149. 
  42. Jose Ignacio Cabezon; José Ignacio Cabezón (31 January 2013). The Buddha's Doctrine and the Nine Vehicles: Rog Bande Sherab's Lamp of the Teachings. OUP USA. পৃষ্ঠা. 87. ISBN 978-0-19-995862-7. https://books.google.com/books?id=Ty3O7BZYO5QC&pg=PA87. 
  43. Tewari, Rakesh (2016). EXCAVATION AT JUAFARDIH, DISTRICT NALANDA. ARCHAEOLOGICAL SURVEY OF INDIA. পৃষ্ঠা. 6–8 Layers 13, the uppermost deposit of Period I, has provided a C14 date of 1354BCE it may thus be seen that the C14 dates of Period I and II are consistent and justifiably indicate that the conventional date bracket for NBPW requires a fresh review at least for the sites in Magadh region. 
  44. KA Nilakanta Sastri 1988, পৃষ্ঠা. 268.
  45. Scharfe 2002, পৃষ্ঠা. 148.
  46. Dutt 1962, পৃষ্ঠা. 328.
  47. Ghosh 1965, পৃষ্ঠা. 4–5.
  48. 48.0 48.1 48.2 Scharfe 2002, পৃষ্ঠা. 148–149 with footnotes.
  49. (English ভাষাত) The Return of the Buddha - Ancient Symbols for a New Nation. 2014. পৃষ্ঠা. 239. http://archive.org/details/oapen-20.500.12657-77182. "The claims for the historicity of Nalanda are based on literary and epigraphical sources, which identify it as the birth-place of Buddha's disciple Säriputta. Ashoka is said to have built a temple in the third century BCE and the site owes its popularity as a university to the archaeologist Hasmukh D. Sankalia." 
  50. Deeg, Max (2019), "Chinese Buddhist Travelers: Faxian, Xuanzang, and Yijing", Oxford Research Encyclopedia of Asian History, Oxford University Press, doi:10.1093/acrefore/9780190277727.013.217, ISBN 978-0-19-027772-7 
  51. 51.0 51.1 Monroe 2000, পৃষ্ঠা. 166.
  52. 52.0 52.1 52.2 Dutt 1962, পৃষ্ঠা. 329.
  53. Frazier, Jessica; Flood, Gavin (30 June 2011) (en ভাষাত). The Continuum Companion to Hindu Studies. A&C Black. পৃষ্ঠা. 34. ISBN 978-0-8264-9966-0. https://books.google.com/books?id=Nv_a5cMEwngC. 
  54. John F Fleet, Nalanda clay seals of Kumaragupta III, Corpus Inscriptionum Indicarum Vol.3
  55. Pinkney 2014, পৃষ্ঠা. 116 with footnotes, Quote: "Some of Nalanda's most important patrons include the Hindu Guptas (epecially fifth century Kumaragupta also known as Sakraditya who reigned from 415–455 CE and emperor Harsha (...)".
  56. Ghosh 1965, পৃষ্ঠা. 5.
  57. Krishnan 2016, পৃষ্ঠা. 162–163.
  58. Dutt 1962, পৃষ্ঠা. 330.
  59. Pal 2019, পৃষ্ঠা. 95–99.
  60. Scharfe 2002, পৃষ্ঠা. 149–150 with footnotes.
  61. Elverskog, Johan (2010). Buddhism and Islam on the Silk Road. প্ৰকাশক Philadelphia: University of Pennsylvania Press. পৃষ্ঠা. 1. 
  62. Kim 2013, পৃষ্ঠা. 52.
  63. "Five of the Leaves from an Ashtasahasrika Prajnaparamita Manuscript". Asia Society. http://asiasocietymuseum.org/region_object.asp?RegionID=1&CountryID=1&ChapterID=10&ObjectID=479। আহৰণ কৰা হৈছে: 25 September 2014. 
  64. "Astasahahasrika Prajnaparamita Sanskrit palm-leaf manuscript". http://www.asianart.com/articles/henss/13.html। আহৰণ কৰা হৈছে: 25 September 2014. 
  65. "Nalanda Museum item-30". Archived from the original. Error: If you specify |archiveurl=, you must also specify |archivedate=. https://web.archive.org/web/20171201044526/http://www.nalandamuseumasi.com/images/gallery-item-30-big.jpg। আহৰণ কৰা হৈছে: 8 March 2022. 
  66. "Nalanda Museum item-28". Archived from the original. Error: If you specify |archiveurl=, you must also specify |archivedate=. https://web.archive.org/web/20171201044810/http://www.nalandamuseumasi.com/images/gallery-item-28-big.jpg। আহৰণ কৰা হৈছে: 8 March 2022. 
  67. "Nalanda Museum item-31". Archived from the original. Error: If you specify |archiveurl=, you must also specify |archivedate=. https://web.archive.org/web/20171201044816/http://www.nalandamuseumasi.com/images/gallery-item-31-big.jpg। আহৰণ কৰা হৈছে: 8 March 2022. 
  68. Chatterjee, Chandan (1 September 2014). "Nalanda route to prosperity — Varsity will boost trade, feel residents". The Telegraph. http://www.telegraphindia.com/1140901/jsp/bihar/story_18782156.jsp. 
  69. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; toireopen নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  70. "The Archaeological Museum, Nalanda". Archaeological Survey of India, Government of India. http://asi.nic.in/asi_museums_nalanda.asp। আহৰণ কৰা হৈছে: 10 September 2014. 
  71. Chaudhary, Pranava K (27 December 2006). "Nalanda gets set for relic". Times of India. http://timesofindia.indiatimes.com/city/patna/Nalanda-gets-set-for-relic/articleshow/940043.cms. 
  72. "Nalanda Multimedia Museum". Prachin Bharat. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304073647/http://www.prachinbharat.com/page_id_2.html। আহৰণ কৰা হৈছে: 10 September 2014. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক