অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম

ক্ৰিকেট ষ্টেডিয়াম

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম (ইংৰাজী: Assam Cricket Association Stadium), এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমগুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।[1]

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম

অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামৰ নৈশালোকৰ দৃশ্য
খেলপথাৰৰ তথ্য
স্থানাঙ্ক 26°8′42.33″N 91°44′11.44″E / 26.1450917°N 91.7365111°E / 26.1450917; 91.7365111স্থানাংক: 26°8′42.33″N 91°44′11.44″E / 26.1450917°N 91.7365111°E / 26.1450917; 91.7365111
স্থাপন ২০১২
আসন সংখ্যা ৪০,০০০
স্বত্বাধিকাৰী অসম ক্ৰিকেট সন্থা
চালক অসম ক্ৰিকেট সন্থা
ব্যৱহাৰ কৰোঁতা অসম ক্ৰিকেট দল
ভাৰত জাতীয় ক্ৰিকেট দল
অন্তিম নাম
মেডিয়া এণ্ড
পেভিলিয়ন এণ্ড
আন্তঃৰাষ্ট্ৰীয় খেলৰ তথ্য
প্ৰথমখন এদিনীয়া ২১ অক্টোবৰ ২০১৮:
 ভাৰত v  ৱেষ্ট ইণ্ডিজ
অন্তিমখন এদিনীয়া ১০ জানুৱাৰী ২০২৩:
 ভাৰত v  শ্ৰীলংকা
প্ৰথম টি-২০ ১০ অক্টোবৰ ২০১৭:
 ভাৰত v  অষ্ট্ৰেলিয়া
অন্তিম টি-২০ ২৮ নবেম্বৰ ২০২৩:
 ভাৰত v  অষ্ট্ৰেলিয়া
প্ৰথমখন মহিলাৰ টি-২০ ৪ মাৰ্চ ২০১৯:
 ভাৰত v  ইংলেণ্ড
অন্তিমখন মহিলাৰ টি-২০ ৯ মাৰ্চ ২০১৯:
 ভাৰত v  ইংলেণ্ড
দলৰ তথ্য
অসম ক্ৰিকেট দল (২০১৩ – বৰ্তমান)
ভাৰত জাতীয় ক্ৰিকেট দল (২০১৭ – বৰ্তমান)
৫ জানুৱাৰী ২০২০ তাৰিখৰ তথ্য
উৎস: Barsapara Cricket Stadium, Cricinfo

ইতিহাস সম্পাদনা কৰক

২০০৪ চনৰ জুন মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ষ্টেডিয়ামখনৰ শিলান্যাস কৰিছিল। তাৰ পিছত ষ্টেডিয়ামৰ ক্লাব হাউছ আৰু ষ্টেণ্ডৰ শিলান্যাস কৰিছিল তেতিয়াৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব নিৰঞ্জন শ্বাহে। ২০১২ চনৰ ৪ নৱেম্বৰত অনুষ্ঠিত হোৱা পূব মণ্ডল ছিনিয়ৰ মহিলা আন্তঃৰাজ্যিক এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ অসম আৰু উৰিষ্যাৰ মেচখন হৈছে এই ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম মেচ।[2] ইয়াৰ পিছৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ৰঞ্জি ট্ৰফীৰ মেচ প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে।

২০১৭ চনৰ ১০ অক্টোবৰত, প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেট ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয়। মেচখনত অষ্ট্ৰেলিয়া ৮ উইকেট বিজয়ী হয়। মেচখনত উপস্থিত মুঠ দৰ্শকৰ সংখ্যা আছিল ৩৮,১৩২।[3]

২০১৮ চনৰ ২১ অক্টোবৰত ৱেষ্ট ইণ্ডিছ আৰু ভাৰতৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল আৰু ভাৰত এই খেলত ৮ উইকেটৰ ব্যৱধানত বিজয়ী হৈছিল।[4]

২০১৯ চনৰ ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয়। ইংলেণ্ড আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মাজত তিনিখন খেল অনুষ্ঠিত হয়; য'ত ইংলেণ্ডে ৩-০ ব্যৱধানত শৃংখলাটোত বিজয়ী হয়।[5]

২০২০ চনৰ ৫ জানুৱাৰী তাৰিখত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি২০ খেলখন প্ৰতিকূল বতৰৰ বাবে বাতিল হয়। ভাৰতে প্ৰথমে টছত জয়ী হৈ আলহী দল শ্ৰীলংকাক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু মেচ আৰম্ভ হোৱাৰ ঠিক আগে আগে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সম্প্ৰতি স্থগিত ৰাগিবলগীয়া হয় মেচখন।[6]

সা-সুবিধা সম্পাদনা কৰক

৪০,০০০ দৰ্শকে একেলগে খেল উপভোগ কৰাৰ সুবিধা থকা এই ষ্টেডিয়ামখন ভাৰতৰ অন্যতম বৃহৎ আৰু অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম। ইনডোৰ অনুশীলন ক্ৰিকেট পিট্‌চ, চুইমিং পুল, জীম ইত্যাদি সকলো অত্যাধুনিক সা-সুবিধা ইয়াত উপলব্ধ আছে।

পৰিসংখ্যা সম্পাদনা কৰক

অনুষ্ঠিত মেচ

  • টেষ্ট — ০
  • এদিনীয়া আন্তঃৰাষ্ট্ৰীয় — ১
  • টি২০ আন্তঃৰাষ্ট্ৰীয় — ২

ৰেকৰ্ড সমূহ সম্পাদনা কৰক

টুৱেন্টি ২০ আন্তঃৰাষ্ট্ৰীয়

এদিনীয়া আন্তঃৰাষ্ট্ৰীয়

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক