ৰবীন্দ্ৰ জাদেজা

ভাৰতীয় ক্ৰিকেট খেলুৱৈ

ৰবীন্দ্ৰসিংহ অনিৰুদ্ধসিংহ জাদেজা ( গুজৰাটী: રવિન્દ્રસિંહ અનિરુધ્ધસિંહ જાડેજા  ; জন্ম: ৬ ডিচেম্বৰ, ১৯৮৮) ভাৰতৰ গুজৰাটত জন্ম গ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰভাৰতীয় দলত বাওঁহাতৰ মিডল অৰ্ডাৰ বেটছমেন আৰু লেহেমীয়া বাওঁহাতৰ বলাৰ হিচাপে খেলে। ঘৰুৱা প্ৰতিযোগিতাত সৌৰাষ্ট্ৰ দল আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই ছুপাৰ কিংছৰ বাবে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ৷ ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা আই চি চি অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলৰ অন্যতম সদস্য আছিল জাদেজা। যোৱা দশকৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে তেওঁক গণ্য কৰা হয়। ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতীয় দলটোৰ গুৰুত্বপূৰ্ণ সদস্য আছিল জাদেজা, য’ত তেওঁ প্ৰতিযোগিতাখনত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল আৰু এইদৰে গোল্ডেন বল লাভ কৰিছিল। ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত তেওঁ মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে।

ৰবীন্দ্ৰ জাদেজা
{{{imagealt}}}
২০১৮ চনত জাদেজা
ব্যক্তিগত তথ্য
উৎস: [{{{source}}}], {{{date}}} {{{year}}}

সাফল্য সম্পাদনা কৰক

২০১২ চনত ৰবীন্দ্ৰ জাদেজা ক্ৰিকেটৰ ইতিহাসত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তিনিটা ট্ৰিপল শতক অৰ্জন কৰা অষ্টম আৰু প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। যাৰ ফলত তেওঁ ড'নাল্ড ব্ৰেডমেন, ব্ৰায়ান লাৰা, বিল পন্সফৰ্ড, ৱালটাৰ হামণ্ড, ডব্লিউ জি গ্ৰেচ, গ্ৰেম হিক আৰু মাইক হাছিৰ শাৰীত যোগদান কৰে। ২০১২ চনৰ ডিচেম্বৰ মাহত তেওঁ ওড়িশা, গুজৰাট আৰু ৰেলৱেৰ বিৰুদ্ধে ত্ৰিপল শতক অৰ্জন কৰে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৭ বছৰ।