অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন (২০২০)

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন

অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম (৭৫-তম) দ্বিবাৰ্ষিক অধিৱেশন কামৰূপ জিলাৰ শুৱালকুছিত ২০২০ চনৰ ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰী, তাৰিখে অনুষ্ঠিত হৈছিল। এই অধিৱেশনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় তিনি হাজাৰ প্ৰতিনিধি আৰু শতাধিক বিশিষ্ট লেখক, সাহিত্য-সমালোচক, গৱেষক সমবেত হোৱাৰ লগতে প্ৰায় বিছ লাখ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। এই সভাত ড° কুলধৰ শইকীয়াই সভাপতিত্ব কৰিছিল।[1]

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন (২০২০)
দিনাংক ১-৪ ফেব্ৰুৱাৰী, ২০২০
স্থান শুৱালকুছি, কামৰূপ জিলা, অসম
ৱেবছাইট asomsahityasabhakaliaborsession.org
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম (৭৫-তম) দ্বিবাৰ্ষিক অধিৱেশন

কাৰ্যক্ৰম সম্পাদনা কৰক

বাংলা সাহিত্যিক তথা শান্তিনিকেতনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰামকুমাৰ মুখোপাধ্যায়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি ২ ফেব্ৰুৱাৰীৰ মুকলি সভা উদ্বোধন কৰে। ৩ ফেব্ৰুৱাৰী তাৰিখে অসমৰ তদানীন্তন ৰাজ্যপাল অধ্যাপক জগদীশ মুখী মুখ্য অতিথিৰূপে উপস্থিত থাকে।[1]

চাৰিদিনীয়া অধিৱেশনৰ অনুষ্ঠানসমূহ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় ডেৰশ বিঘা মাটি আৱৰি অস্থায়ীভাৱে নিৰ্মাণ কৰা পাঁচখন মঞ্চত অনুষ্ঠিত হয়।[1] অধিৱেশনত অনুষ্ঠিত হোৱা উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছে[1]:

  • কবি সন্মিলন
  • ‘ৰামধেনু’ (যুৱ প্ৰতিভাৰ সন্মিলন)
  • নাট্যকাৰ সন্মিলন
  • গল্পকাৰ সন্মিলন
  • ব্যংগ লিখক সন্মিলন
  • বিজ্ঞান-সাহিত্য লিখক সন্মিলন
  • সাংবাদিক সন্মিলন
  • ‘কুঁহি’ (শিশু সন্মিলন)
  • অনুবাদ সন্মিলন
  • ‘আকাশ’ (মহিলা প্ৰতিভা সন্মিলন)
  • জনজাতীয় লিখক, জনজাতীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ সন্মিলন
  • জনজাতীয় সাহিত্য সংগঠনৰ সন্মিলন
  • প্ৰকৃতি, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰ্মীৰ সন্মিলন

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "শুৱালকুছি অধিৱেশন". অসম সাহিত্য সভা. Archived from the original on 15 August 2022. https://web.archive.org/web/20220815132859/https://asamsahityasabha.org/assamese/sualkuchi-adhiveshon.php। আহৰণ কৰা হৈছে: 15 August 2022.