শুৱালকুছি (ইংৰাজী: Sualkuchi) অসমকামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।[1] কামৰূপ জিলাৰ এই খণ্ডটোৰ মাটিকালি প্ৰায় ৯০ বৰ্গকিলোমিটাৰ।

শুৱালকুছি
অসমৰ মানচেষ্টাৰ
—  নগৰ  —

<div style="position: absolute; top: 38.4591%; left: এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"%; height:0; width: 0; margin:0; padding: 0">

শুৱালকুছি
শুৱালকুছিৰ অৱস্থান
স্থানাঙ্ক [http://tools.wmflabs.org/geohack/geohack.php?pagename=%E0%A6%B6%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%B2%E0%A6%95%E0%A7%81%E0%A6%9B%E0%A6%BF&language=as&params=26.17_N_91.57

state_name = অসম_E_type:landmark_region:IN-X 26°10′12″N এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ°এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰএক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state" / 26.17°N 91.57 state_name = অসম°E / 26.17; 91.57 state_name = অসম]এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"{{#coordinates:}}: invalid longitude

দেশ  ভাৰত
জিলা কামৰূপ
জনসংখ্যা

ঘনত্ব

14,129 (2001)

157 /কিমি (407 /বৰ্গ মাইল)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা

>90 km2 (35 sq mi)

35 m (115 ft)

ৱেবছাইট www.sualkuchi.webs.com

ৰেচম কেন্দ্ৰ সম্পাদনা কৰক

 
শুৱালকুছিৰ নাওখেলৰ এটা দৃশ্য

শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে।[1]

১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল। ১৭শ শতিকাত মোগলক পৰাস্ত কৰি শানসকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে। ১৯৩০ চনমানলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে।[1]

ভৌগোলিক তথ্য সম্পাদনা কৰক

শুৱালকুছি 26°10′N 91°34′E / 26.17°N 91.57°E / 26.17; 91.57 স্থানাংকত অৱস্থিত।[2] ঠাইখনৰ গড় উচ্চতা 35 মিটাৰ (115 ফুট)।

জনগাঁথনি সম্পাদনা কৰক

২০০১ চনৰ ভাৰতৰ লোকপিয়লমতে[3] শুৱালকুছিৰ জনসংখ্যা ১৪,১২৯জন। পুৰুষ আৰু মহিলা দুয়োৰে হাৰ ৫০% । লোকসকলৰ গড় স্বাক্ষৰতাৰ হাৰ ৮২% যিটো ভাৰতৰ ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ বেছি। পুৰুষৰ স্বাক্ষৰতাৰ হাৰ ৮৮% আৰু মহিলাৰ ৭৬% । শুৱালকুছিৰ জনসংখ্যাৰ ৬%ৰ বয়স ছয়বছৰতকৈ কম।

বনাঞ্চল সম্পাদনা কৰক

শুৱালকুছিৰ ওচৰত শুৱালকুছি বনাঞ্চল অৱস্থিত। কেটেলা পহু, সুগৰী পহু, শহা পহু, শিহু, ৰিচাছ বান্দৰ আদিৰ লগতে ইয়াত স্থানীয় আৰু পৰিভ্ৰমী চৰাই পোৱা যায়।[4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Sualkuchi". Assaminfo.com. http://www.assaminfo.com/tourist-places/32/sualkuchi.htm। আহৰণ কৰা হৈছে: October 17, 2012. 
  2. Falling Rain Genomics, Inc - Sualkuchi
  3. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  4. "Incredible India- Sualkuchi". Govt. of India. http://www.incredibleindia.org/eri/Sualkuchi.php। আহৰণ কৰা হৈছে: October 17, 2012. 

বহিঃসংযোগ সম্পাদনা কৰক