অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও
অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও অসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত অৱস্থিত। ১৯৬৮ চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই প্ৰথম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয।
অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও | |
---|---|
স্থাপিত | ১৯৬৮ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | অধ্যাপক ড° এ. কুমাৰ |
স্নাতক শিক্ষাৰ্থী | ২৫০ (প্ৰায়) |
স্থান | , হয়বৰগাওঁ, নগাঁও, অসম, ভাৰত |
চৌহদ | উপ-চহৰাঞ্চল |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় |
ৱেবছাইট | ahmch |
ইতিহাস
সম্পাদনা কৰক১৯৬৮ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাৰ হলীবৰগাওঁ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অস্থায়ীভাবে মহাবিদ্যালয় খনৰ ক্লাছ আৰম্ভ হৈছিল। পিছলৈ নগাঁৱৰ বিখ্যাত ব্যৱসায়ী মেঘৰাজ আগৰৱালাদেৱে দান কৰা মাটিত স্থায়ীভাৱে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। ১৯৭২ চনৰ ২৯ নৱেম্বৰত গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ যোগেশ মহন্তয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰে। ১৯৭৮ চনত অসম হোমিওপেথিক সন্থায়ে ইয়াক চিনাক্ত কৰাত ই হোমিওপেথি শিক্ষা আগবঢ়োৱা অসমৰ প্ৰথম প্ৰতিষ্ঠান হৈ পৰে। ১৯৮৮ চনৰ ১ জুলাইত এই মহাবিদ্যালয়খন অসম চিকিৎসা সঞ্চালকালয়ৰ অন্তৰ্ভুক্ত হয়। ১৯৬৮ চনৰ পৰা মহাবিদ্যালয় খনে হোমিওপেথিৰ ডিপ্লোমা আগবঢ়াই আহিছিল। ২০০০ চনৰ পৰা হোমিওপেথিৰ স্নাতক ডিগ্ৰী আগবঢ়াব আৰম্ভ কৰে। প্ৰথমে মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আছিল, পিছলৈ ২০১১ চনত এইখন শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয়।[1]
শিক্ষা
সম্পাদনা কৰকমহাবিদ্যালয় খনে পাঁচ বছৰ আৰু ছয়মহীয়া হোমিওপেথি পথ্য আৰু শল্য চিকিৎসাৰ স্নাতক ডিগ্ৰী আগবঢ়ায়। ২০১৬ চনত ইয়াৰ নামভৰ্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা কৰা হৈছে। ইয়াত প্ৰতি বছৰে ৫০জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সুবিধা আছে।[2]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "about us". ahmch.org. Archived from the original on 2016-11-06. https://web.archive.org/web/20161106122455/http://ahmch.org/pages/about.php। আহৰণ কৰা হৈছে: 2016-10-28.
- ↑ "seat allotment". dmeassam.gov.in. Archived from the original on 2016-10-28. https://web.archive.org/web/20161028153300/http://www.dmeassam.gov.in/seat-allotment-homeopathic.asp। আহৰণ কৰা হৈছে: 2016-10-28.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- চৰকাৰী ৱেবছাইট Archived 2016-11-04 at the Wayback Machine