চৌৰী চোৰা ঘটনা সংঘটিত হৈছিল ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ গোৰক্ষপুৰ জিলা (বৰ্তমানৰ উত্তৰ প্ৰদেশ) চৌৰী চোৰাত। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা এক বৃহৎ প্ৰতিবাদকাৰী দল আৰু পুলিচৰ সৈতে সাধাৰণ তৰ্ক পৰা সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু প্ৰতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণ কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে প্ৰতিবাদকাৰীসকলে এখন থানা আক্ৰমণ কৰি অগ্নিসংযোগ কৰে, ফলত থানাৰ সকলো লোকৰ মৃত্যু হয়। ঘটনাটোৰ ফলত তিনিজন সাধাৰণ লোক আৰু ২২ জন আৰক্ষীৰ মৃত্যু হৈছিল। হিংসাৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা মহাত্মা গান্ধীয়ে এই ঘটনাৰ প্ৰত্যক্ষ পৰিণাম হিচাপে ১২ ফেব্ৰুৱাৰী ১৯২২ত ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসহযোগিতা আন্দোলন বন্ধ কৰি দিছিল।[1]

চৌৰী চোৰা ছহিদৰ স্মৃতিস্তম্ভ

পটভূমিসম্পাদনা কৰক

১৯২০-ৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয়সকলে দেশজুৰি অসহযোগিতা আন্দোলনৰ আৰম্ভ কৰিছিল। স্বৰাজ বা স্বাধীনতাৰ শেষ লক্ষ্যেৰে ৰাৱলাট আইনৰ দৰে অত্যাচাৰী চৰকাৰী আইনী প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছে অহিংস নীতিৰে সত্যাগ্ৰহ নামে জনাজাত গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ঘটনাসম্পাদনা কৰক

ঘটনাৰ দুই দিন আগতে, ১৯২২ চনৰ ২ ফেব্ৰুৱাৰীত ভগৱান আহিৰ নামৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ নেতৃত্বত অ-সহযোগিতা আন্দোলনত অংশগ্ৰহণ কৰা স্বেচ্ছাসেৱকসকলে বজাৰত খাদ্যৰ বৰ্ধিত মূল্য আৰু সুৰা বিক্ৰীৰ বিৰোধিতা কৰিছিল। স্থানীয় আৰক্ষীয়ে প্ৰতিবাদকাৰীক মাৰপিট কৰিছিল। কেইবাজনো নেতাক আটক কৰি চৌৰী চোৰা থানাত আবদ্ধ কৰা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত স্থানীয় বজাৰত ৪ ফেব্ৰুৱাৰীত আৰক্ষীৰ বিৰুদ্ধে এক প্ৰতিবাদী আন্দোলন অনুষ্ঠিত কৰা হৈছিল।[2]

৪ ফেব্ৰুৱাৰীত, প্ৰায় ২,০০০ৰ পৰা ২,৫০০ জন প্ৰতিবাদকাৰী একত্ৰিত হয় আৰু চৌৰী চোৰা বজাৰলৈ সমদল যাত্ৰা আৰম্ভ কৰে। তেওঁলোকে বজাৰত এখন সুৰাৰ দোকান বন্ধ কৰিবলৈ সমবেত হয়। আৰক্ষীয়ে তেওঁলোকৰ নেতাক আটক কৰি, মাৰপিট কৰি, জেললৈ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীৰ এটা অংশ নেতাৰ মুক্তিৰ দাবীত শ্লোগান দি স্থানীয় আৰক্ষী থানাৰ সন্মুখত সমবেত হয়। যেতিয়া প্ৰতিবাদকাৰীসকল বজাৰলৈ আগবাঢ়ে আৰু চৰকাৰ-প্ৰতিৰোধী শ্লোগান দিয়া আৰম্ভ কৰে তেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সশস্ত্ৰ আৰক্ষী নিয়োগ কৰা হয়। প্ৰতিবাদকাৰীক শংকিত কৰিবলৈ আৰু ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰি আৰক্ষীয়ে সতৰ্কবাণী হিচাপে শূণ্যলৈ গুলিচালনা কৰে। প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ পাথৰ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।[3][4][5]

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত, দায়িত্বত থকা ভাৰতীয় উপ-পৰিদৰ্শকজনে আৰক্ষীক প্ৰতিবাদকাৰীৰ ওপৰত গুলিচালনাৰ আদেশ দিয়ে, ফলত তিনিজনৰ মৃত্যু হয় আৰু আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ পলাই যোৱাৰ কাৰণৰ ওপৰত প্ৰতিবেদন ভিন্ন হয়, কিছুমানে পৰামৰ্শ দিছিল যে কনিষ্টবলসকল গুলী ওলাই ছিল আৰু আনসকলে দাবী কৰিছিল যে গুলীটোৰ প্ৰতি ভীৰৰ অপ্ৰত্যাশিতভাৱে দৃঢ় প্ৰতিক্ৰিয়াৰ কাৰণ আছিল। পৰবৰ্তী সময়ত আৰক্ষী নিজৰ চকীলৈ উভতি যায় আৰু ক্ৰুদ্ধ জনতা উত্তেজিত হৈ পৰে। তেওঁলোকৰ ওপৰত গুলিচালনা কৰা বাবে ক্ৰোধিত জনতাই আৰক্ষী চকী আক্ৰমণ কৰে, ফলত চকীৰ ভিতৰত আবদ্ধ হৈ থকা সকলো ভাৰতীয় আৰক্ষী আৰু চাপ্ৰাচিছ (চৰকাৰী বাৰ্তাবাহক)ক হত্যা কৰা হয়। বেছিভাগৰে থানাৰ ভিতৰত জ্বলি মৃত্যু হয় যদিও চকীৰ পৰা পলাবলৈ চেষ্টা কৰা কেইবাজনো আৰক্ষীক বাহিৰত হত্যা কৰা দেখা পোৱা গৈছিল আৰু তেওঁলোকৰ দেহবোৰ পুনৰ জুইত পেলাই দিয়া হৈছিল।[3][4][5] মৃত্যুৰ সংখ্যা বিভিন্নভাৱে জনোৱা হৈছে যদিও ঘটনাটোত প্ৰায় ২২ বা ২৩ জন আৰক্ষী জোৱান নিহত হৈছিল।[3][4][5]

তথ্য সংগ্ৰহসম্পাদনা কৰক