অৰুন্ধতী ভট্টাচাৰ্য্য (জন্ম: ১৮ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় বেংকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব অধ্যক্ষ।[1] তেওঁ ভাৰতীয় ষ্টেট বেংকৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ। ২০১৬ চনৰ ফৰ্ব আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ শীৰ্ষ ১০০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত ২৫তম স্থান লাভ কৰিছিল।[2] ভাৰতৰ শীৰ্ষ বাণিজ্যিক বিত্তীয় প্ৰতিষ্ঠানৰ অধ্যক্ষ হোৱাৰ বাবে ফৰ্বৰ তালিকাত তেওঁ এই স্থান লাভ কৰিছিল আৰু শীৰ্ষ ২৫ তম স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় মহিলা।

অৰুন্ধতী ভট্টাচাৰ্য্য

২০১৪ চনত অৰুন্ধতী ভট্টাচাৰ্য্য
ভাৰতীয় ষ্টেট বেংকৰ ২৪তম অধ্যক্ষ
কাৰ্যকাল
৭ অক্টোবৰ ২০১৩ – ৬ অক্টোবৰ ২০১৭
পূৰ্বসূৰী প্ৰতিপ চৌধুৰী
উত্তৰসূৰী ৰজনীশ কুমাৰ
ব্যক্তিগত তথ্য
জন্ম ১৮ মাৰ্চ, ১৯৫৬ (৬৮ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
দাম্পত্যসঙ্গী প্ৰীতিময় ভট্টাচাৰ্য্য
বাসস্থান মুম্বাই, ভাৰত[1]
শিক্ষানুষ্ঠান যাদৱপুৰ বিশ্ববিদ্যালয়[1]

২০১৮ চনত "অৰুন্ধতী ভট্টাচাৰ্য: দা মেকিং অফ এছবিআইছ ফাৰ্ষ্ট ৱমেন চেয়াৰপাৰচন" নামেৰে সাক্ষাৎকাৰ হাৱাৰ্ড বিজনেছ ৰিভিউ এচেণ্ড Archived 2018-11-12 at the Wayback Machine[3] প্ৰকাশ হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৫৬ চনৰ ১৮ মাৰ্চ তাৰিখে পশ্চিম বংগৰ ৰাজধানী কলকাতাত অৰুন্ধতী ভট্টাচাৰ্য্যৰ জন্ম হৈছিল। তেওঁ বাল্যকাল ছত্তীছগঢ়ৰ ভিলাইত অতিবাহিত কৰে। তেওঁৰ পিতৃ প্ৰদ্যুৎ কুমাৰ ভট্টাচাৰ্য্য বকাৰো ষ্টীল প্লেণ্টত কাম কৰিছিল আৰু মাতৃ কল্যাণী মুখাৰ্জী হোমিওপেথি চিকিৎসক আছিল। তেওঁ বকাৰোৰ ছেণ্ট জেভিয়াৰ্ছ স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে।[4]

তেওঁ তাৰপিছত লেডী ব্ৰাবৰ্ণ কলেজ আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল। তেওঁৰ স্বামী প্ৰীতিময় ভট্টাচাৰ্য্য[5] ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, খড়্গপুৰৰ ভূতপূৰ্ব অধ্যাপক।

কৰ্মজীৱন সম্পাদনা কৰক

অৰুন্ধতী ভট্টাচাৰ্য্যয়ে ২২ বছৰ বয়সতে ১৯৭৭ চনত ভাৰতীয় ষ্টেট বেংকত নিৰীক্ষক বিষয়া হিচাপে যোগদান কৰে।[6] তেওঁ ৩৬ বছৰ ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ কাৰ্যভাৰ চলাইছিল। এই সময়ছোৱাত তেওঁ বিদেশী মুদ্ৰা, কোষাগৰ, খুচুৰা বিভাগ, মানৱ সম্পদ আৰু বিনিয়োগ বেংকিংৰ বিভিন্ন পদবীত মকৰল আছিল। তেওঁ ষ্টেট বেংকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত কাৰ্যালয়তো সেৱা আগবঢ়াইছিল। ইয়াৰ লগতে তেওঁ ষ্টেট বেংকত থাকোঁতে কেইবাটাও নতুন বিভাগ যেনে, এছবিআই সাধাৰণ বীমা, এছবিআই কাষ্টডিয়াল চাৰ্ভিছ, এছবিআই পেঞ্চন ফাণ্ড প্ৰাইভেট লিমিটেড আৰু এছবিআই মেককুৰী আন্তঃগাঁথনি ফাণ্ড।[6] ২০১৩ চনৰ ৩০ ছেপ্টেম্বৰত তেওঁ প্ৰতিপ চৌধুৰীৰ পিছত ষ্টেট বেংকৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।[7] অধ্যক্ষৰ কাৰ্যভাৰ চলাই থকা সময়ত তেওঁ মহিলা সকলৰ মাতৃত্বৰ চুটি আৰু বয়সিয়াল মহিলা সকলৰ বাবে দুবছৰীয়া ছুটীৰ নীতি কাৰ্যকৰী কৰিছিল। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা তেওঁ বেংকৰ সকলো মহিলা কৰ্মচাৰীৰ বাবে বিনামূলীয়াকৈ চাৰ্ভিকেল কৰ্কট ৰোগৰ টীকাকৰণ ঘোষণা কৰিছিল।

২০১৬ চনত তেওঁ বিখ্যাত আলোচনী ফৰ্বৰ বিশ্বৰ সবাতোকৈ ১০০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত তেওঁ প্ৰথম বাৰৰ বাবে ২৫ তম স্থান লাভ কৰে।[2] একে বছৰে তেওঁ ফৰেইন পলিচী আলোচনীৰ বিশ্বৰ ১০০ গৰাকী শ্ৰেষ্ঠ চিন্তাবিদৰ তালিকাত স্থান লাভ কৰে।[8] ফৰ্চুন আলোচনীয়ে তেওঁক এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ চতুৰ্থ ক্ষমতাশালী মহিলা হিচাপে উল্লেখ কৰিছিল।[9] ২০১৭ চনত ইণ্ডিয়া টুডে আলোচনীৰ ভাৰতৰ ৫০ গৰাকী ক্ষমতাশালী ব্যক্তিৰ তালিকাত তেওঁ ১৯তম স্থান লাভ কৰিছিল।[10]

তেওঁ ২০১৬ চনৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰিবলগীয়া অৰুন্ধতী ভট্টাচাৰ্য্যৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰি ২০১৭ চনৰ অক্টোবৰ মাহ কৰা হৈছিল। তেওঁৰ কাৰ্যকালত ভাৰতীয় মহিলা বেংক আৰু পাঁচখন এছবিআইৰ সহযোগী বেংকৰ বিলয় হৈছিল।[11]

২০১৮ চনত দা এছিয়া এৱাৰ্ডে তেওঁক বৰ্ষশ্ৰেষ্ঠ বাণিজ্যৰ নেত্ৰী হিচাপে অভিহিত কৰিছিল।[12] ২০১৮ চনৰ ১৭ অক্টোবৰ তাৰিখে তেওঁ ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীজৰ অতিৰিক্ত, স্বতন্ত্ৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Arundhati Bhattacharya". https://www.forbes.com/profile/arundhati-bhattacharya/?list=power-women.  Forbes
  2. 2.0 2.1 "The World's 100 Most Powerful Women". ForbesForbes. https://www.forbes.com/power-women/list/#tab:overall। আহৰণ কৰা হৈছে: 7 June 2016. 
  3. "Arundhati Bhattacharya: The Making of SBI’s First Woman Chairperson". hbrascend. Archived from the original on 2018-11-12. https://web.archive.org/web/20181112223233/https://hbrascend.org/topics/arundhati-bhattacharya-sbi-chairperson/। আহৰণ কৰা হৈছে: 2019-02-15. 
  4. "All you need to know about Arundhati Bhattacharya, SBIs first woman chief". FirstPost. http://www.firstpost.com/business/all-you-need-to-know-about-arundhati-bhattacharya-sbis-first-woman-chairperson-1152593.html. 
  5. "Steady climb to the top". telegraphindia. http://www.telegraphindia.com/1131009/jsp/business/story_17440117.jsp#.VuG-0jZqp7Y. 
  6. 6.0 6.1 Mayur Shetty (8 October 2013). "SBI gets its first woman chair in 206 years". The Times of India. http://m.timesofindia.com/business/india-business/SBI-gets-its-first-woman-chair-in-206-years/articleshow/23670346.cms। আহৰণ কৰা হৈছে: 14 October 2013. 
  7. "Arundhati Bhattacharya is new chief of SBI". http://timesofindia.indiatimes.com/business/india-business/Arundhati-Bhattacharya-is-new-chief-of-SBI/articleshow/23653598.cms. 
  8. "Narendra Modi named top decision maker, BJP’s Amit Shah, SBI’s Arundhati Bhattacharya too in ‘Global Thinkers’ list". http://www.financialexpress.com/article/industry/narendra-modi-amit-shah-among-top-decision-makers-in-global-thinkers-list/10003/. 
  9. "Fortune's List of Most Powerful Women in Asia-Pacific Has 8 Indians". http://www.ndtv.com/photos/news/fortunes-list-of-most-powerful-women-in-asia-pacific-has-8-indians-18511#photo-238478. 
  10. "India's 50 powerful people". India Today. April 14, 2017. http://indiatoday.intoday.in/story/india-today-top-50-powerful-indians-mukesh-ambani-ratan-tata-kumar-mangalam-birla-gautam-adani-anand-mahindra-srk-amitabh-bacchan/1/928939.html. 
  11. [1][2]Arundhati Bhattacharya term as SBI Chairman extended till October 2017
  12. "Asian Awards 2018: Recognition with Lots of Glitz and Glamour". Desiblitz. 29 April 2018. https://www.desiblitz.com/content/asian-awards-2018-recognition-glamour. 

বাহ্যিক সংযোগ সম্পাদনা কৰক