অৰ্জুন ভঞ্জন

মাধৱদেৱ ৰচিত নাট

অৰ্জুন ভঞ্জন বা দধিমথন এখন নাট সাহিত্য। নাটখনৰ লেখক মাধৱদেৱ। নাটকীয় বিন্যাসেৰে এই নাটখন মূলতঃ তিনিটা প্ৰধান ভাগত বিভক্ত- শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু নন্দ যশোদাৰ ঘৰুৱা কোলাহল।

মাক যশোদাই উড়লত বান্ধি থোৱা কৃষ্ণই যমলাৰ্জুন গছৰ মাজেদি গৈ নলকুবেৰ আৰু মণিগ্ৰীৱক মুক্তি দান কৰাৰ চিত্ৰ (অজ্ঞাত শিল্পী, ১৭৯৫/১৮০৫ খ্ৰীষ্টাব্দ)

বৈশিষ্ট্য

সম্পাদনা কৰক

অৰ্জুন ভঞ্জন নাটক খনৰ অন্য নাম দধিমথন। এইখন মাধৱদেৱৰ প্ৰথম নাট। ইয়াৰ কাহিনী ভাগৱতৰ দশম স্কন্ধৰ।[1] বৈশিষ্ট্যৰ দিশেৰে অৰ্জুন ভঞ্জনেই মাধৱ দেৱৰ একমাত্ৰ পূৰ্ণাংগ নাট। তেওঁৰ অন্যান্য নাটক সমূহক নাট নুবুলি ঝুমুৰা বুলিহে কোৱা হয়। নাটকীয় বিন্যাসৰে এই নাটকখন মূলতঃ তিনিটা প্ৰধান ভাগত বিভক্ত। প্ৰথম ভাগ- শিশুকৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, দ্বিতীয় ভাগ- যমলাৰ্জুন ভংগ আৰু তৃতীয় ভাগ- নন্দ যশোদাৰ ঘৰুৱা কোলাহল।

বিষয় বস্তু

সম্পাদনা কৰক

নাটখনৰ বিষয় বস্তুক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগত আছে- শিশুকৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, দ্বিতীয় ভাগত আছে- যমলাৰ্জুন ভংগ আৰু তৃতীয় ভাগত আছে- নন্দ যশোদাৰ ঘৰুৱা কোলাহল। যশোদাৰ কথাৰেই নাটকখনৰ আৰম্ভণি। এদিন যশোদাই দধি মথি থাকোঁতে শিশু কৃষ্ণই মাকৰ গাখীৰ খাবলৈ ধৰে, এনে সময়তে জুইত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত গোপীসকলে যশোদাক চিঞৰিবলৈ ধৰে যে, গাখীৰ উতলি পৰি গৈছে, তেওঁলোকৰ আহৰি নাই। যশোদাই কৃষ্ণক কোলাৰ পৰা নমাবলৈ ধৰে কিন্তু শিশু কৃষ্ণই মাকক এৰি নিদিয়ে। শেষত মাকে মাতৃসুলভ খঙেৰে কৃষ্ণক থেকেঁচা মাৰি কোলাৰ পৰা নমাই থৈ যায়। এই কথাতে অভিমান কৰি শিশুকৃষ্ণই পটাগুটি দলিয়াই মথনি বাৰি, দৈৰ কলহ ভাঙি লণ্ড-ভণ্ড কৰে। ক্ষীৰ, লৱণু যিমান পাৰে নিজে খায় আৰু বান্দৰক খুৱাই গোটেই নষ্ট কৰে। গোটেই ঘটনাৰ বুজ লৈ যশোদাই কৃষ্ণক মাৰিবলৈ খেদি যায়। বহু সময় লৰা-ঢপৰা কৰি পিছত কৃষ্ণই নিজেই মাকক ধৰা দিয়ে। মাকে শাস্তি হিচাপে কৃষ্ণক উৰলত ৰছীৰে বান্ধিবলৈ যায় অথচ আচৰিত ভাৱে প্ৰত্যেক বাৰেই দুই আঙুল ৰছী চুটি হয়। মাকৰ অৱস্থা দেখি পিছত কৃষ্ণই নিজেই বন্ধন লয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কৃষ্ণই উৰলৰে সৈতে আগুৱাই গৈ চোতালত থকা যমলাৰ্জুন গছ দুজোপাৰ ফেৰেঙনিত সোমাই গছ ৰূপী নলকুবেৰ আৰু মণিগ্ৰীৱক মুক্তি দিয়ে। বতাহ-বৰষুণ নোহোৱাকৈয়ে গছ দুজোপা উঘলি পৰাত সকলোৱে বিস্ময় মানে। দুয়োজোপা গছৰ মাজত কৃষ্ণক জীৱিত অৱস্থাত দেখি পিতাক নন্দই আনন্দেৰে কৃষ্ণক কোলাত তুলি লয়। যশোদাই কৃষ্ণক এনে নিষ্ঠুৰ ভাৱে শাস্তি দিয়া বুলি নন্দ আৰু যশোদাৰ মাজত খকাখুন্দা লাগে আৰু তাতেই নাটক খনৰ কাহিনীৰ সমাপ্তি ঘটে।

অৰ্জুন ভঞ্জন নাটক খনত মাধৱদেৱে বহুকেইটা মুখ্য-গৌণ চৰিত্ৰৰ সংযোগ ঘটাইছে। ইয়াৰে মুখ্য চৰিত্ৰ কেইটা হৈছে- শ্ৰীকৃষ্ণ, যশোদা, নন্দ। ইয়াৰোপৰি গৌণ চৰিত্ৰত আছে ৰোহিনী, গোৱাল-গোৱালী, কুৱেৰৰ পুত্ৰ নলকুৱেৰ আৰু মণিগ্ৰীৱ। নাটকখনৰ চৰিত্ৰ নিৰ্দিষ্ট নহয়। প্ৰয়োজনত গোৱাল-গোৱালীৰ সংখ্যা বঢ়াব বা কমাব পৰা যায়।

নাট্যকাৰৰ চমু পৰিচয়

সম্পাদনা কৰক

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ হৰি নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল[2]। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তি ৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি[2]। তেওঁৰ আন আন ৰচনাসমূহ হ'ল:

আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য।

তত্ত্বমূলক ৰচনা: নাম মালিকা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য।

নাটক: অৰ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি।

ইয়াৰ উপৰি তেওঁ কেইবা কুৰি গীত ৰচনা কৰে যিবোৰক বৰগীত বুলি কোৱা হয়।[3] তেওঁৰ ৰচনাৰাজিত সহজ-সৰল ঘৰুৱা ভাৱ আৰু ঘৰুৱা শব্দৰ ব্যৱহাৰ পোৱা যায়। কৃষ্ণ মাহাত্ম্য প্ৰকাশ কৰাই তেওঁৰ ৰচনাৰাজিৰ প্ৰধান বিষয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক