বৰগীত

শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্বিক ভাৱৰ গীত

অসমনৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাবপূৰ্ণ, নিৰ্দিষ্ট ৰাগ-তাল বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত (ইংৰাজী: Borgeet) বোলা হয়।[1] বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰৱৰ্তী কালত ভকতসকলেহে শংকৰ-মাধৱে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক শ্ৰেষ্ঠত্বসূচক 'বৰ' বিশেষণটো লগাই "বৰগীত" হিচাপে নামকৰণ কৰিছিল ।[2] বাণীকান্ত কাকতিয়ে ইংৰাজীত বৰগীতক noble numbers, কালিৰাম মেধিয়ে great songs বা songs celestial আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাholy songs আখ্যা দিছে।[3]

ভাৰতৰ সংগীত

তানপুৰা বজায় থকা এগৰাকী মহিলা, ১৭৩৫ খ্ৰীষ্টাব্দ (ৰাজস্থান)
বিধা
পৰম্পৰাগত

আধুনিক

গণ মাধ্যম আৰু পৰিৱেশন
সংগীতৰ বঁটা * সংগীত নাটক অকাডেমী বঁটা
সংগীতৰ উৎসৱ * সপ্তক ফেষ্টিভেল অৱ মিউজিক
সংগীতৰ গণ মাধ্যম * শ্ৰুতি
জাতীয়তাবাদী আৰু দেশপ্ৰেমমূলক গীত
ৰাষ্ট্ৰীয় সংগীত জন গণ মন
আঞ্চলিক সংগীত
* আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে, তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে।[4] মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে।

বিষয়বস্তু সম্পাদনা কৰক

বালগোপালৰ বিভিন্ন প্ৰকাৰৰ শিশু লীলা, যেনে দুষ্টালি, খেল-ধেমালি, চৌৰ্য্য-চাতুৰি, ভেম-পেচ, গোপ কৃষ্ণৰ গোপী লীলা (যেনে - গোপীৰ লগত কৰা বিভিন্ন ক্ৰিয়া-নৃত্যাদিৰ মনোজ্ঞ আৰু আমোদজনক চিত্ৰ) গোপিনীৰ বিৰহ আৰু কৃষ্ণ প্ৰেমৰ ব্যাকুলতা, উদ্ধৱৰ বান্ধৱ কৃষ্ণৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি, কৃষ্ণ-বিহীন বৃন্দাবনৰ অন্ধকাৰ চিত্ৰও গীতত অংকিত হৈছে।[5] আন শ্ৰেণীৰ বৈষ্ণৱ সাহিত্যৰ ঐহিক ভাৱ বা চঞ্চল ভাৱ বৰগীতত নাই।[3]

কোনো কোনো বৰগীতত মানৱ জীৱনৰ নশ্বৰতা, ধন-জন, ৰূপ-যৌৱনৰ অস্থায়িত্ব, কাম-ক্ৰোধাদি ৰিপুবোৰৰ দৌৰাত্ম আনহাতে ভক্তিৰ মাহাত্ম্য, মুক্তিৰ বাবে ভক্তৰ ভগৱানৰ চৰণত আত্মসমৰ্পণ আদি পাৰমাৰ্থিক তত্ত্বও বৰ্ণিত হৈছে।

ৰচনাকাল সম্পাদনা কৰক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা কৰা প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগুৰ ৰচনা কাল প্ৰায় ১৫১৫ খৃঃ। সেয়া আছিল গুৰুজনাৰ প্ৰথম তীৰ্থ ভ্ৰমণৰ সময়। ধনশ্ৰী ৰাগ ভিত্তিক এই গীতৰ ৰচনাৰ স্থান বদৰিকাশ্ৰম বুলি অনুমেয়। বদৰিকা আশ্ৰমত গুৰুজন থাকোঁতে ঘটা এটা ঘটনাৰ উল্লেখ গুৰু চৰিতত পোৱা যায়। “…গৈ বদৰিকাশ্ৰমে উঠি উদ্ধৱক দৰশন হৈছেগৈ। তাত দক্ষিণ বাহুত বাঢ়িছে মাংস। সৰ্ব্বজয় আতৈ বোলে, কিবা হব হে। গুৰু বোলে আমাৰ সখা ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে।” …ইয়াৰ পৰা এইটো অনুমেয় যে গুৰুজনাৰ প্ৰথম বৰগীত ৰচনাৰ কাল, মাধৱ পুৰুষৰ জন্মৰ প্ৰায় সমসাময়িক।[উদ্ধৃতিৰ প্ৰয়োজন]

সংগীত শৈলী সম্পাদনা কৰক

বৰগীত: "আলো ম‍ই কি কহবো দুখ"
ৰাগ: ভটিয়ালী, ৰচয়িতা: মাধৱদেৱ
শিল্পী : অশ্বিনী ভিড়ে-দেশপাণ্ডে

মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত এই ভক্তি গীতসমূহ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অসমত প্ৰচলিত এটা স্বকীয় ধাৰা। ভাৰতৰ আন শাস্ত্ৰীয় সংগীতৰ দৰেই এই গীতসমূহ, কেদাৰ, ধনশ্ৰী, সিন্ধুৰা আদি বিভিন্ন ৰাগ ভিত্তিক। কোনো বাদ্যযন্ত্ৰৰ আৱশ্যক নহ'লেও সাধাৰণতে এই গীতসমূহৰ পৰিৱেশনত খোল, তাল আৰু বাঁহীৰ প্ৰয়োগ কৰা হয়।

শংকৰদেৱৰ 'ষড়ছন্দৰ গীত' বোলা তিনিটা গীতৰ বাহিৰে বাকীবোৰ বৰগীতত তালৰ উল্লেখ নাই।[3] বৰগীতত সাধাৰণতে ৰাগহে নিৰ্দ্দিষ্ট কৰি বন্ধা থাকে, তালৰ নাম উল্লেখ কৰা নহয়। মাত্ৰ শংকৰদেৱ বিৰচিত তিনিটি গীতৰ প্ৰত্যেকটি গীততে তাল ধৰি দিয়া আছে। এই গীতকেইটিকে ‘ষড়ছন্দৰ গীত’ বোলা হয়। এই গীতকেইটি ভূপালী, ধনশ্ৰী আৰু অহিৰ ৰাগৰ। প্ৰত্যেকটি গীততে তিনিটাকৈ খণ্ড পোৱা যায় আৰু প্ৰত্যেকটো খণ্ডই ভাব আৰু গঠনৰ ফালৰ পৰা একো একোটা স্বতন্ত্ৰ গীত। প্ৰত্যেকটো খণ্ডই ধ্ৰুৱক আৰু পদেৰে গঠিত; কিন্তু গীতৰ একেবাৰে শেষ খণ্ডটোৰ শেষতহে ভণিতা দিয়া হৈছে। গীতকেইটিৰ প্ৰথমৰ খণ্ডকেইটাত অন্যান্য বৰগীতৰ দৰে তাল নিৰ্দ্দিষ্ট কৰি দিয়া নাই, পিচৰ অংশ দুটাতহে তাল নিৰ্দ্দিষ্ট কৰি দিয়া হৈছে। ভূপালী ৰাগৰ গীত দুটিত চুটা আৰু খৰমান তাল, ধনশ্ৰী ৰাগৰ গীত দুটিত পৰিতাল আৰু একতালি, অহিৰ ৰাগৰ গীত দুটিত যতিমান আৰু মানচোক ব্যৱহাৰ কৰা হৈছে। গীতসমূহৰ বিষয়বস্তু গোপী-কৃষ্ণৰ বিৰহ। ষড়ছন্দৰ গীতকেইটি গোৱাৰ পৰ আৰু উপলক্ষ্যও বেলেগ।

বৈশিষ্ট্য সম্পাদনা কৰক

আন বৈষ্ণৱ সাহিত্যিকৰ গীত বা গুৰু দুজনাৰে আন কিছুমান গীতক বৰগীত বুলি ধৰা নহয়। ড॰ মহেশ্বৰ নেওগে বৰগীতৰ এই বৈশিষ্ট্যসমূহ এনেদৰে আঙুলিয়াই দিছে:[3]

  • বৰগীতৰ ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত গঢ়ি তোলা। ব্ৰজাৱলী ভাষাত এই গীতসমূহ ৰচনা কৰা হৈছিল।
  • বিষয়বস্তুৰ সংৰক্ষণশীলতা বা সংযম।
  • বৰগীতসমূহৰ সুৰ উদ্দেশ্য আৰু উপলক্ষ্য অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱে সংযোগ কৰি গৈছে।
  • চৈধ্য প্ৰসঙ্গৰ পৰিক্ৰমাত বৰগীতৰ স্থান, যেনে- পুৱাৰ প্ৰসঙ্গৰ আৰম্ভণিতে বৰগীতৰ তুতি, তাৰ পিছতহে ভটিমা, কীৰ্তন আদি গোৱা হয়।
  • বৰগীতৰ সীমাৱদ্ধ পবিত্ৰতা। সত্ৰ আৰু পন্থা ভেদে ৰামচৰণ ঠাকুৰ, গোপাল আতা, দৈত্যাৰি ঠাকুৰ, নাৰায়ণ ঠাকুৰ আতা, পুৰোষোত্তম ঠাকুৰ আদিয়ে ৰচনা কৰা গীতকো 'বৰগীত' বুলি ধৰা হয় আৰু প্ৰসঙ্গত ব্যৱহাৰ কৰা হয়। কিন্তু আন সত্ৰ বা পন্থাই এয়া মানি নলয়।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Borgeet - Assamese Holy Songs". onlinesivasagar.com. http://onlinesivasagar.com/music/borgeet.html। আহৰণ কৰা হৈছে: February 18, 2013. 
  2. "বৰগীত". xobdo.org. Archived from the original on April 27, 2017. https://web.archive.org/web/20170427113717/http://www.xobdo.org/asm/%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%80%E0%A6%A4। আহৰণ কৰা হৈছে: February 18, 2013. 
  3. 3.0 3.1 3.2 3.3 ড: মহেশ্বৰ নেওগ (১৯৮৭). শ্ৰীশ্ৰীশঙ্কৰদেৱ. প্ৰকাশক টিহু: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১২৩-১২৮. 
  4. ড॰ নগেন শইকীয়া. "বৰগীত আৰু বৰগীতৰ প্ৰথম মুদ্ৰণ". nilacharai.com. http://www.nilacharai.com/borgeet/। আহৰণ কৰা হৈছে: February 18, 2013. 
  5. সত্যেন্দ্ৰনাথ শৰ্মা (২০১১). বৰগীত. সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৩৯. 

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • Barua, B K (1953), "Sankaradeva: His Poetical Works", in Kakati, Banikanta, Aspects of Early Assamese Literature, প্ৰকাশক Gauhati: Gauhati University 
  • Neog, Maheswar (1980), Early history of the Vaisnava faith and movement in Assam, প্ৰকাশক Delhi: Motilal Banarsidass 
  • Sarma, Satyendra Nath (1976), Assamese Literature, প্ৰকাশক Wiesbaden: Harrassowitz 

বাহ্যিক সংযোগ সম্পাদনা কৰক

শ্ৰৱণ সংযোগ