আইদেউ

অসমীয়া চলচ্চিত্ৰ (২০০৬)
(আইদেউ (২০০৭ চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)

আইদেউ (ইংৰাজী নাম:Aideu - Behind the Screen), ২০০৭ চনত মুক্তিপ্ৰাপ্ত, অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"ৰ নামভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চলচিত্ৰ। ছবিখনত আইদেউ সন্দিকৈৰ নিজৰ দৃশ্যও সম্বলিত হৈছে। অৱশ্যে ছবিখন মুক্তিৰ আগতেই তেখেতৰ মৃত্যু হয়।
ছবিখনে '৫৪-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[1]

আইদেউ
(Aideu - Behind the Screen)

আইদেউজ্যোতিপ্ৰসাদৰূপী প্ৰশান্ত কুমাৰ দাস
পৰিচালক অৰূপ মান্না
প্ৰযোজক নবামিকা বৰঠাকুৰ
অভিনয়ত আইদেউ সন্দিকৈ,
চন্দনা শৰ্মা
নবামিকা বৰঠাকুৰ
সপোনটি বৰদলৈ
চিত্ৰগ্ৰহণকাৰী অৰূপ মান্না
সংগীত পৰিচালক মানস হাজৰিকা
প্ৰযোজনা
কোম্পানী
ত্ৰিনয়ন মিডিয়া ফাউণ্ডেছন, নগাঁও
মুক্তি
২০০৭
দৈৰ্ঘ্য
৮১ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

কাহিনী সাৰাংশ সম্পাদনা কৰক

চলচ্চিত্ৰখন আৰম্ভ কৰা হৈছে নতুন প্ৰজন্মৰ এজন পৰিচালকে আইদেউ সন্দিকৈৰ অসুখৰ বাতৰি বাতৰি-কাকতত পঢ়ি তেখেতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰচেষ্টাৰে। আইদেউ সন্দিকৈক দেখা যায় চলচ্চিত্ৰৰ কেমেৰাটো হাতেৰে চুই চোৱা অৱস্থাত। তাৰ পাছত চলচ্চিত্ৰৰ কাহিনীৰ পশ্চাদগমন হয়। জ্যোতিপ্ৰসাদ আগৰৱালাজয়মতীৰ চৰিত্ৰৰ বাবে উপযুক্ত অভিনেত্ৰী বিচাৰি নেপাই হতাশ হৈ পৰে। চিনেমাৰ বাবে ছোৱালী বিচাৰি যোৱা জ্যোতিপ্ৰসাদক গাঁৱৰ ৰাইজে খেদি পঠিয়ায়। তাৰ পাছতেই ডিম্ব গোহাঁই-এ আইদেউ সন্দিকৈক জয়মতীত অভিনয়ৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সম্মুখলৈ আনে। জয়মতীৰ শ্বুটিঙৰ পাছত গাঁৱলৈ উভতি যোৱা আৰু পাছত সমাজৰ লাঞ্ছনাৰ বলি হোৱা আইদেউ সন্দিকৈৰ কাহিনী আগবাঢ়ি যায়।[2]

অভিনয়ত[2] সম্পাদনা কৰক

নিৰ্মাণৰ কাহিনী সম্পাদনা কৰক

আইদেউৰ নিৰ্মাণৰ কাম আৰম্ভ হয় ২০০২ চনত আৰু মুক্তি দিয়া হয় ২০০৭ চনত। ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখা হৈছিল আইদেউ সন্দিকৈৰ লগত অৰূপ মান্নাৰ কথোপকথনৰ যোগেদি। নগাঁওৰ ত্ৰিনয়ন মিডিয়া ফাউণ্ডেছনৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হয়।[2]

মুক্তি আৰু পুৰস্কাৰ সম্পাদনা কৰক

ছবিখন মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি দিয়া হয় ২০০৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখত। পুনা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দিল্লী হেবিটেট চলচ্চিত্ৰ উৎসৱ আৰু মিউনিখ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱটো ছবিখন প্ৰদৰ্শন কৰা হয়। ব্ৰাজিলত অনুষ্ঠিত ছাউ-পাউলো চলচ্চিত্ৰ উৎসৱত ছবিখনে "The New Film Makers" প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হয়। [3][2][4][5]

ছবিখনে '৫৪-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[1]। ৰাজ্যিক চলচ্চিত্ৰ উৎসৱত, ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ মহিলা অভিনেতা আৰু ৰূপসজ্জাৰ পুৰস্কাৰ লাভ কৰে[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক