আগ্ৰা প্ৰেচিডেঞ্চি (ইংৰাজী: Presidency of Agra) ব্ৰিটিছ ভাৰতত গঠন হোৱা চাৰিখন প্ৰেচিডেঞ্চিৰ ভিতৰত এখন আছিল আৰু ১৯ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতক বিভক্ত কৰা আঠটা পৃথক পৃথক প্ৰশাসনীয় গোটৰ অন্যতম আছিল। অন্য তিনিখন প্ৰেচিডেঞ্চি আছিল- বেংগল, বম্বে, আৰু মাদ্ৰাচ প্ৰেচিডেঞ্চি। ইয়াৰ আয়তন আছিল ৯,৪৭৯ বৰ্গমাইল (২৪,৫৫০ বৰ্গকিলোমিটাৰ) আৰু জনসংখ্যা আছিল প্ৰায় ৪,৫০০,০০০।[1]

আগ্ৰা প্ৰেচিডেঞ্চি
ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰেচিডেঞ্চি
১৪ নৱেম্বৰ ১৮৩৪–১ জুন ১৮৩৬
ৰাজধানীআগ্ৰা
কালি 
•  ১৮৩৫ (?)
9,479 বৰ্গ কি.মি. (3,660 বৰ্গ মাইল)
জনসংখ্যা 
• ১৮৩৫ (?)
৪৫ লাখ
ইতিহাস 
• Established
১৪ নৱেম্বৰ ১৮৩৪
• Disestablished
১ জুন ১৮৩৬
পূৰ্ববৰ্তী
পৰৱৰ্তী
সমৰ্পিত আৰু বিজিত প্ৰদেশ
উত্তৰ পশ্চিম প্ৰদেশ
Today part of
Portions in
উত্তৰ প্ৰদেশ
উত্তৰাখণ্ড
ৰাজস্থান
মধ্যপ্ৰদেশ
হিমাচল প্ৰদেশ
হাৰিয়ানা
দিল্লী

১৮৩৪ চনৰ ১৪ নৱেম্বৰত ভাৰত চৰকাৰ আইন ১৮৩৩ৰ (3 & 4 Will. 4. c. 85) [2] বিধান অনুসৰি [[সমৰ্পিত আৰু বিজিত প্ৰদেশবোৰৰ পুনৰ্গঠন]ৰ] মাধ্যমেদি আগ্ৰা প্ৰেচিডেঞ্চি স্থাপন কৰা হয়। ছাৰ চি টি মেটকাফক প্ৰেচিডেঞ্চিৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয়।[3] কিন্তু ১৮৩৫ চনত সংসদৰ আন এক আইন, ভাৰত (উত্তৰ-পশ্চিম প্ৰদেশ) আইন ১৮৩৫-ৰ (5 & 6 Will. 4. c. 52) দ্বাৰা অঞ্চলটোৰ নাম সলনি কৰি উত্তৰ-পশ্চিম প্ৰদেশ কৰা হয় আৰু এজন লেফটেনেণ্ট গৱৰ্ণৰৰ দ্বাৰা পৰিচালিত হয়। ১৮৩৬ চনৰ ১ জুনৰ পিছত আগ্ৰা প্ৰেচিডেঞ্চিৰ অস্তিত্ব নাইকীয়া হৈ যায়।

লগতে চাওক

সম্পাদনা কৰক
  1. "Agra". Chestofbooks.com. http://chestofbooks.com/reference/American-Cyclopaedia-V1/Agra.html। আহৰণ কৰা হৈছে: 2013-12-31. 
  2. Agrawal, P.K. (1993). Land Reforms in India: Constitutional and Legal Approach (with Special Reference to Uttar Pradesh). M.D. Publications. পৃষ্ঠা. 7. ISBN 978-81-85880-09-9. https://books.google.com/books?id=KS1xUqeg4t0C&pg=PA7. 
  3. Imperial Gazetteer of India vol. V. 1908. পৃষ্ঠা. 72. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক