মাদ্ৰাচ প্ৰেচিডেঞ্চি
মাদ্ৰাচ প্ৰেচিডেঞ্চি বা মাদ্ৰাচ প্ৰদেশ (ইংৰাজী: Madras Presidency বা Madras Province) ব্ৰিটিছ ভাৰতৰ এক উপবিভাগ (প্ৰদেশ) আছিল, যাক আধিকাৰিকভাবে ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল আৰু পিছলৈ ভাৰতৰ ডমিনিয়ন হৈছিল। ইয়াৰ সৰ্বোচ্চ বিস্তাৰত অন্ধ্ৰপ্ৰদেশৰ সমগ্ৰ অঞ্চল, প্ৰায় সমগ্ৰ তামিলনাডু আৰু আধুনিক যুগৰ কেৰালা, কৰ্ণাটক, ওড়িশা আৰু তেলেংগানাৰ কিছু অংশকে ধৰি বৰ্তমানৰ দক্ষিণ ভাৰতৰ সকলো অংশ চামিল হৈ আছিল। মাদ্ৰাচ মহানগৰ প্ৰেচিডেঞ্চিৰ শীতকালীন ৰাজধানী আৰু উটি গ্ৰীস্মকালীন ৰাজধানী আছিল।
ফোৰ্ট চেইণ্ট জৰ্জ প্ৰেচিডেঞ্চি ১৬৮৪-১৯৩৫ মাদ্ৰাচ প্ৰদেশ ১৯৩৫-১৯৫০ |
||||||
---|---|---|---|---|---|---|
ৰাজধানী | মাদ্ৰাচ উটি (গ্ৰীস্মকালীন ৰাজধানী) | |||||
জনসংখ্যা | ||||||
- | ১৯৪১ আনুমানিক | ৪,৯৩,৪১,৮১০ |
মাদ্ৰাজ প্ৰেচিডেঞ্চি ৰ উত্তৰ-পশ্চিমে মহীশূৰ ৰাজ্য, দক্ষিণ-পশ্চিমে কোচিন আৰু ট্ৰেভাংকুৰ ৰাজ্য, মধ্যভাগত পুডুক্কোট্টাই ৰাজ্য আৰু উত্তৰে নিজামৰ ডমিনিয়ন- হায়দৰাবাদ আৰু বেৰাৰ আছিল। প্ৰেচিডেঞ্চিৰ কিছু অংশ বম্বে প্ৰেচিডেঞ্চি (কোংকন) আৰু চেণ্ট্ৰেল প্ৰভিঞ্চ আৰু বেৰাৰে (বৰ্তমানৰ মধ্যপ্ৰদেশ) আগুৰি আছিল।
১৬৩৯ চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাচপট্টনম গাঁওখন ক্ৰয় কৰে আৰু এবছৰৰ পিছত এজেন্সী অৱ ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰতিষ্ঠা কৰে, যি মাদ্ৰাজ প্ৰেচিডেঞ্চিৰ পূৰ্বসূৰী আছিল; যদিও ১৬০০ দশকৰ একেবাৰে আৰম্ভণিৰে পৰা মচলিপট্টনম আৰু আৰ্মাগনত কোম্পানীৰ কাৰখানা আছিল। ১৬৫৫ চনত পুনৰবাৰ প্ৰদেশৰ মৰ্যাদালৈ ঘূৰি অহাৰ আগেয়ে ১৬৫২ চনত এই এজেঞ্চিটোক প্ৰেচিডেঞ্চিলৈ উন্নীত কৰা হয়। ১৬৮৪ চনত ইয়াক পুনৰ প্ৰেচিডেঞ্চিলৈ উন্নীত কৰা হয় আৰু এলিহু ইয়েলক প্ৰেচিডেণ্ট হিচাপে নিযুক্তি দিয়া হয়। ১৭৮৫ চনত পিটৰ ভাৰত আইনৰ বিধান অনুসৰি মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰতিষ্ঠা কৰা তিনিখন প্ৰেচিডেঞ্চিৰ ভিতৰত অন্যতম হৈ পৰে। ইয়াৰ পিছত অঞ্চলটোৰ মুৰব্বীজনক "প্ৰেচিডেণ্ট"ৰ সলনি "গৱৰ্ণৰ" বুলি কবলৈ লোৱা হ’ল আৰু তেওঁ কলিকতাৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ হৈ পৰিল। ন্যায়িক, বিধায়িনী আৰু কাৰ্যপালিকাৰ অধিকাৰ গৱৰ্ণৰৰ হাতত থাকিল। এই ক্ষেত্ৰত এখন পৰিষদে তেওঁক সহায় আগবঢ়াইছিল, যাক ১৮৬১, ১৯০৯, ১৯১৯ আৰু ১৯৩৫ত সংবিধান সংশোধনৰ দ্বাৰা প্ৰণয়ন কৰা হৈছিল। ১৯৩৮ চনত দ্বিতীয় বিশ্বযুদ্ধ বিস্তাৰ নোহোৱালৈ মাদ্ৰাচত নিয়মীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। ১৯০৮ চনত প্ৰদেশখনত একোজন জিলাধিপতিৰ অধীনত ২২খন জিলা আছিল। জিলাবোৰক আকৌ তালুক আৰু ফিৰাকত ভগোৱা হৈছিল। গাঁওসমূহ আছিল প্ৰশাসনৰ আটাইতকৈ সৰু একক।
১৯১৭ চনৰ মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰৰ পিছত মাদ্ৰাচ ভাৰতৰ প্ৰথম প্ৰদেশ যিয়ে দ্বিশাসন ব্যৱস্থা ৰূপায়ণ কৰিছিল আৰু তাৰ পিছত এজন গৱৰ্ণৰে এজন প্ৰধানমন্ত্ৰীৰ সৈতে মিলি প্ৰদেশখন শাসন কৰিছিল। কুৰি শতিকাৰ আৰম্ভণিৰ দশকবোৰত ভাৰতৰ স্বাধীনতা আন্দোলনত মাদ্ৰাচে বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। পিছলৈ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত গণৰাজ্যৰ উদ্বোধন হোৱাত মাদ্ৰাচক ভাৰতীয় ইউনিয়নৰ মাদ্ৰাচ নামেৰে এখন ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়।
ইতিহাস
সম্পাদনা কৰকপ্ৰাৰম্ভিক ইংৰাজ বাণিজ্যিক চকী (১৬০০-১৬৩৯)
সম্পাদনা কৰক১৬০০ চনৰ ৩১ ডিচেম্বৰত ইংলেণ্ডৰ প্ৰথম ৰাণী এলিজাবেথে (১৫৩৩–১৬০৩)-এ ইংৰাজ ব্যৱসায়ীৰ এটা দলক এটা যৌথ ষ্টক কোম্পানী স্থাপনৰ বাবে চনদ প্ৰদান কৰে, যিটো ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে পৰিচিত হয়।[1][2][3][4] পৰৱৰ্তী সময়ত ৰজা প্ৰথম জেমছৰ (১৫৬৭–১৬২৫) ৰাজত্বকালত ছাৰ উইলিয়াম হকিন্স আৰু ছাৰ থমাছ ৰোক কোম্পানীটোৰ হৈ ভাৰতত বাণিজ্যিক কাৰখানা স্থাপনৰ অনুমতি বিচাৰি মোগল সম্ৰাট জাহাংগীৰৰ (১৫৬৯–১৬২৭) সৈতে আলোচনা কৰিবলৈ পঠিওৱা হয়। ইয়াৰে প্ৰথমটো কাৰখানা পশ্চিম উপকূলৰ চুৰাটত[5] আৰু দেশৰ পূ্ব উপকুলৰ মচুলিপট্টনমত স্থাপন কৰা হৈছিল।[9] ১৬১১ চনৰে পৰা মচুলিপট্টনম ভাৰতৰ পূব উপকূলৰ আটাইতকৈ পুৰণি ইংৰাজ বাণিজ্যিক চকী। ১৬২৫ চনত দক্ষিণে কেইমাইলমান দূৰৈৰ আৰ্মাগনত আন এটা কাৰখানা স্থাপন কৰা হয়। তাৰ পিছত দুয়োটা কাৰখানা মচুলিপট্টনম ভিত্তিক এটা এজেঞ্চিৰ তত্বাৱধানলৈ আহে। [6]সেই সময়ত পূব উপকূলৰ মূল বাণিজ্যিক সামগ্ৰী কপাহী কাপোৰৰ নাটনিৰ বাবে ইংৰাজ কৰ্তৃপক্ষই এই কাৰখানাসমূহ আৰু দক্ষিণলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লয়। গোলকুণ্ডাৰ চুলতানে স্থানীয় বিষয়াসকলক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সমস্যাটোৰ আৰু অধিক অৱনতি হয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসক ফ্ৰান্সিছ ডেক (১৬০৫–৭৩) দক্ষিণলৈ পঠিওৱা হয় আৰু চন্দ্ৰগিৰিৰ ৰজাৰ সৈতে আলোচনাৰ অন্তত, ১৬৩৯ চনত তেওঁ ভূমি অনুদান লাভ কৰি মাদ্ৰাচপট্টিনম গাঁৱত [6] এটা কাৰখানা স্থাপন কৰে, য'ত নতুন ফ'ৰ্ট ছেইণ্ট জৰ্জ নিৰ্মাণ কৰা হৈছিল। নতুন বসতিস্থল পৰিচালনা কৰিবলৈ এটা এজেঞ্চি গঠন কৰা হয় আৰু মচুলিপট্টনমৰ এণ্ড্ৰিউ ক'গানক ইয়াৰ প্ৰথম এজেণ্ট হিচাপে নিযুক্তি দিয়া হয়।[7] ভাৰতৰ পূব উপকূলৰ সকলো এজেঞ্চি জাভাত থকা বেণ্টামৰ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰচিডেঞ্চিৰ অধীনত আছিল।[8] ১৬৪১ চনলৈ কৰমণ্ডল উপকূলত ফ'ৰ্ট চেণ্ট জৰ্জ কোম্পানীটোৰ মুখ্য কাৰ্যালয় হৈ পৰে।[9]
ব্ৰিটিছ শাসনৰ শেষদিনবোৰ
সম্পাদনা কৰক১৯৩৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে মাদ্ৰাজৰ প্ৰচেডেঞ্চিৰ ক্ষমতালৈ নিৰ্বাচিত হয়। প্ৰেচিডেঞ্চিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল কংগ্ৰেছ গলৰ চক্ৰৱৰ্তী ৰাজগোপালাচাৰী। তেওঁ সফলতাৰে মন্দিৰ প্ৰৱেশ অনুমোদন আৰু ক্ষতিপূৰণ আইন[10] প্ৰণয়ন কৰে আৰু মাদ্ৰাজ প্ৰেচিডেঞ্চিত নিষেধাজ্ঞা[11] আৰু বিক্ৰী কৰ দুয়োটা প্ৰৱৰ্তন কৰে। শিক্ষানুষ্ঠানত হিন্দী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে তেওঁৰ শাসন বহুলাংশে স্মৰণ কৰা হয়, যিটো ব্যৱস্থাই তেওঁক ৰাজনীতিবিদ হিচাপে অতি অজনপ্ৰিয় কৰি তুলিছিল[12][13] আৰু ব্যাপক হিন্দী বিৰোধী আন্দোলনৰ সূচনা কৰিছিল, যাৰ ফলত কিছুমান ঠাইত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনে হিন্দী বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে ১২০০ৰো অধিক পুৰুষ, মহিলা আৰু শিশুক কাৰাগাৰত ভৰোৱা হৈছিল[14] আনহাতে প্ৰতিবাদৰ সময়ত থালামুথু আৰু নটৰাছনৰ মৃত্যু হয়।ref name="anti-hindi_agitations" /> ১৯৪০ চনত ভাৰত চৰকাৰে তেওঁলোকৰ সন্মতি অবিহনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত কংগ্ৰেছ দলৰ মন্ত্ৰীসকলে পদত্যাগ কৰে। মাদ্ৰাজৰ গৱৰ্ণৰ ছাৰ আৰ্থাৰ হোপে প্ৰশাসনৰ দায়িত্ব লয় আৰু অৱশেষত ১৯৪০ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁৰ দ্বাৰা এই অজনপ্ৰিয় আইনখন বাতিল কৰা হয়।[13]
ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণৰ ফলত ১৯৪২ চনত কংগ্ৰেছৰ অধিকাংশ নেতৃত্ব আৰু পূৰ্বৰ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়।[15] ১৯৪৪ চনত পেৰিয়াৰে জাষ্টিচ পাৰ্টিৰ নাম সলনি কৰি দ্ৰাবিড় কাঝাগম কৰে আৰু ই নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি আহে।[16] দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে পুনৰ ৰাজনীতিত প্ৰৱেশ কৰে আৰু বিশেষ কোনো বিৰোধ নথকাত ১৯৪৬ চনৰ নিৰ্বাচনত সহজেই জয়ী হয়।[17] ইয়াৰ পিছতে কামৰাজৰ সহযোগত টাংগুতুৰি প্ৰকাশম মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ এঘাৰ মাহ কাৰ্যনিৰ্বাহ কৰে।
স্বাধীনোত্তৰ কাল
সম্পাদনা কৰক১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত প্ৰেচিডেঞ্চিখনৰ মুখ্যমন্ত্ৰী আছিল অ' পি ৰামাস্বামী ৰেড্ডিয়াৰ।[18] ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান প্ৰণয়নৰ পিছত ই মাদ্ৰাচ ৰাজ্যত পৰিণত হয়।[19]
তথ্যউৎস
সম্পাদনা কৰকউদ্ধৃতি
সম্পাদনা কৰক- ↑ Hunter, 1908, p. 6
- ↑ Wheeler 1996, p. 5
- ↑ Wheeler 1996, p. 6
- ↑ Wheeler 1996, p. 7
- ↑ Wheeler 1996, p. 19
- ↑ 6.0 6.1 Wheeler 1996, p. 26
- ↑ Roy 2012, p. 74
- ↑ Chaudhuri 2006, p. 206
- ↑ Thorpe 2011, p. 94
- ↑ Thurston 1909, p. 116
- ↑ Bhakshi 1991, p. 149
- ↑ Kumar, P. C. Vinoj (10 September 2003). "Anti-Hindi sentiments still alive in TN". Sify News.
- ↑ 13.0 13.1 Ramaswamy, Sumathi (1997). "Language Devotion in Tamil India, 1891–1970, Chapter 4". University of California. http://www.escholarship.org/editions/view?docId=ft5199n9v7&chunk.id=s1.4.21&toc.depth=1&toc.id=ch4&brand=ucpress.
- ↑ Ramaswamy 1997, Chapter 4
- ↑ P. 2001, pp. 42–44
- ↑ W.B. 2005, p. 109
- ↑ "INDIA (FAILURE OF CONSTITUTIONAL MACHINERY)". Parliamentary Debates (Hansard). 16 April 1946. https://api.parliament.uk/historic-hansard/commons/1946/apr/16/india-failure-of-constitutional-machinery। আহৰণ কৰা হৈছে: 25 December 2019.
- ↑ Walch 1976, pp. 157–160
- ↑ "The State Legislature – Origin and Evolution". Tamil Nadu Legislative Assembly. https://assembly.tn.gov.in/history/statelegislature.php। আহৰণ কৰা হৈছে: 17 November 2023.
উৎস
সম্পাদনা কৰক- Government publications
- British and Foreign Anti-slavery Society (1841). Slavery and the slave trade in British India: with notices of the existence of these evils in the islands of Ceylon, Malacca, and Penang, drawn from official documents. T. Ward, and to be had at the office of the British and Foreign Anti-Slavery society.
- C. D., MaClean (1877). Standing Information regarding the Official Administration of Madras Presidency. Government of Madras.
- Great Britain India Office (1905). The India List and India Office List. প্ৰকাশক London: Harrison and Sons.
- Hunter, Sir William Wilson (1908). The Imperial Gazetteer of India 1908. Clarendon Press. https://archive.org/details/in.ernet.dli.2015.123568.
- Illustrated Guide to the South Indian Railway (Incorporated in England): Including the Tanjore District Board, Pondicherry, Peralam-Karaikkal, Travancore State, Cochin State, Coimbatore District Board, Tinnevelly-Tiruchendur, and the Nilgiri Railways. প্ৰকাশক Madras: South Indian Railway Company. 1926.
- Madras District Gazetteers
- Raghavaiyangar, Srinivasa (1893). Memorandum of progress of the Madras Presidency during the last forty years of British Administration. Government of Madras. https://archive.org/details/memorandumonpro00raghgoog. "madras presidency."
- Slater, Gilbert (1918). Economic Studies Vol I:Some South Indian villages. https://archive.org/details/in.ernet.dli.2015.190113.
- Tercentenary Madras Staff (1939). Madras Tercentenary Celebration Committee Commemoration Volume. Oxford Press.
- Tara Dutt (2015). Odisha District Gazetteers: Nabarangapur. Government of Odisha. ISBN 978-81-86772-17-1. http://www.gopabandhuacademy.gov.in/sites/default/files/gazetter/Nabarangapur_Gazetteer.pdf.
- Thurston, Edgar (1913). Provincial Geographies of India:The Madras Presidency with Mysore, Coorg and Associated States. Cambridge University. https://books.google.com/books?id=hTc1AQAAIAAJ&q=madras+presidency.
- Thurston, Edgar; K. Rangachari (1909). Castes and Tribes of Southern India Vol. I to VII. Government of Madras. ISBN 0-520-04315-4.
- Wheeler, James Talboys (1862). Hand-book to the cotton cultivation in the Madras presidency. J. Higginbotham and Pharaoh and Co.. https://archive.org/details/handbooktocotton00wheerich.
- Wheeler, James Talboys (1996). Madras in the Olden Time: Being a History of the Presidency from the First Foundation of Fort St. George to the Occupation of Madras by the French (1639–1748). Asian Educational Services. ISBN 8120605535.
- Other publications
- A., Vadivelu (1903). The Aristocracy of South India. Vest & Co..
- Aiyangar, Sakkottai Krishnaswami (1921). South India and her Muhammadan Invaders. Oxford University. https://archive.org/details/cu31924024066742.
- Besant, Annie (1915). How India Wrought for freedom. প্ৰকাশক Adyar, Madras: Theosophical Publishing House. https://archive.org/details/in.ernet.dli.2015.201490.
- Chisholm, Hugh, ed. (1911). "Madras". Encyclopædia Britannica. 17 (11th ed.). Cambridge University Press. pp. 288–291.
- Christophers, S. R. (1927). The Indian Empire Souvenir. Executive Committee of the Congress.
- Codrington, Humphry William (1926). A Short history of Lanka. Macmillan & Co.. https://archive.org/details/dli.csl.7980.
- Dodd, George (1859). The history of the Indian revolt and of the expeditions to Persia, China, and Japan, 1856 – 7 – 8: With maps, plans, and wood engrav. [Umschlagt.: Chambers"s history of the revolt in India]. W. U. R. Chambers. https://archive.org/details/historyofindianr00doddrich.
- F. E., Penny; Lady Lawley (1914). Southern India. A. C. Black.
- Finnemore, John (1917). Peeps at many lands: Home Life in India. প্ৰকাশক London: A. & C. Black, Ltd.
- G. F., Major MacMunn; Major A. C. Lovett (1911). The Armies of India. Adam and Charles Black. https://archive.org/details/in.ernet.dli.2015.282979.
- Iyengar, P. T. Srinivasa (1929). History of the Tamils from the Earliest Times to the Present Day.
- Mazumdar, Amvika Charan (1917). Indian National Evolution. প্ৰকাশক Madras: G. A. Natesan & Co.. https://archive.org/details/in.ernet.dli.2015.201046.
- Newell, Herbert Andrews (1919). Madras, the Birth Place of British India: An Illustrated Guide with Map. The Madras Times Printing and Publishing.
- Pirie, A. H. (1883). Indian Students Geography. Methodist Episcopal Church Press. https://archive.org/details/indianstudentsg00pirigoog.
- Playne, Somerset; J. W. Bond; Arnold Wright (1914). Southern India: Its History, People, Commerce, and Industrial Resources. Asian Educational Services. ISBN 9788120613447. https://archive.org/details/southernindiaits00some.
- Price, Thomas (1837). Slavery in America: With Notices of the Present State of Slavery and the Slave Trade Throughout the World. Oxford University.
- S. H., Steinberg (1950). The Statesman's Yearbook 1950. প্ৰকাশক London: Macmillan and Co.
- Some Madras Leaders. Babu Bhishambher Nath Bhargava. 1922.
- T., Osborne; C. Hitch; A. Millar; John Rivington; S. Crowder; B. Law & Co; T. Longman; C. Ware (1765). The Modern part of a universal history from the Earliest Account of Time, Vol XLIII. প্ৰকাশক London: Oxford University.
- Aggarwal, Bina (1994). A field of one's own: gender and land rights in South Asia. Cambridge University Press. ISBN 0-521-42926-9.
- Ahmed, Farooqui Salma; Ahmed Farooqui, Salma (2011). A Comprehensive History of Medieval India: From Twelfth to the Mid-Eighteenth Century. Pearson Education India. ISBN 9788131732021. https://books.google.com/books?id=sxhAtCflwOMC&q=ryotwari+system&pg=PA398.
- Anantha Raman, Sita; Vasantha Surya; A. Mātavaiyā (2005). A. Madhaviah: A Biography and a Novel. Oxford University Press. ISBN 0-19-567021-3.
- B., Anitha (1998). Quality of Work Life in Commercial Banks. Discovery Publishing House. ISBN 81-7141-431-1.
- Böck, Monika; Rao, Aparna (2000). Culture, creation, and procreation: concepts of kinship in South Asian practice. Berghahn Books. ISBN 1-57181-911-8.
- Chatterjee, Indrani; Eaton, Richard Maxwell (2006). Slavery & South Asian History. Indiana University Press. ISBN 0-253-34810-2. https://books.google.com/books?id=Nsh8NHDQHlcC&q=madras+presidency+%2B+slavery+law&pg=PA232.
- Chaudhuri, K.N. (2006). The Trading World of Asia and the English East India Company: 1660–1760. Cambridge University Press. ISBN 9780521031592. https://books.google.com/books?id=9xt7Fgzq9e8C&q=east+india+company+%2B+bantam&pg=PA209.
- D. Craik, Alex (2007). Mr Hopkins' Men: Cambridge Reform and British Mathematics in the 19th Century. Springer. SBN 1846287901. ISBN 978-1-84628-790-9.
- D., Sadasivan (1974). The Growth of public opinion in the Madras Presidency (1858–1909). University of Madras.
- Deol, Harnik (2000). Religion and nationalism in India: the case of the Punjab. Routledge. ISBN 978-0-415-20108-7.
- Desai, A. R. (2005). Social background of Indian nationalism. Popular Prakashan. ISBN 81-7154-667-6.
- Dutt, Romesh Chunder (1999). Open Letters to Lord Curzon on Famines and Land Assessments in India. Adamant Media Corporation. ISBN 1-4021-5115-2.
- Eur (2002). Regional Surveys of the world: Far East and Australasia 2003. Psychology Press. ISBN 9781857431339.
- Gough, Kathleen (2008). Rural Society in Southeast India. Cambridge University. ISBN 978-0-521-04019-8.
- Hibbert, Christopher (2000). Queen Victoria: A Personal History. Harper Collins. ISBN 0-00-638843-4.
- Ishizuka, Karen L.; Zimmermann, Patricia Rodden (2008). Mining the home movie: excavations in histories and memories. California Press. ISBN 978-0-520-23087-3.
- Kamath, Suryanath U. (2001). A concise history of Karnataka : from pre-historic times to the present. প্ৰকাশক Bangalore: Jupiter books. OCLC 7796041.
- Kasbekar, Asha (2006). Pop culture India: media, arts, and lifestyle. ABC-CLIO. ISBN 1-85109-636-1.
- Kothari, Rajni (2004). Caste in Indian Politics. Orient Blackswan. ISBN 81-250-0637-0.
- Kulke, Hermann; Dietmar Rothermund (2004). A History of India. Routledge (UK). ISBN 0-415-32919-1.
- Kumar, Dharma (1965). Land and Caste in South India: Agricultural Labor in the Madras Presidency During the Nineteenth Century. CUP Archive. https://books.google.com/books?id=psw5AAAAIAAJ&q=madras+presidency+population.
- Kumar, Naresh (2003). "Historical Background of Banking System". Motivation And Morale in Banking Administration: A Study Of Four Branches Of United Commercial Bank. Mittal Publications. ISBN 81-7099-897-2.
- M., Thangaraj (2003). Tamil Nadu: An Unfinished Task. SAGE. ISBN 0-7619-9780-6.
- Mehrotra, Santosh K. (2006). The Economics of Elementary Education in India: The Challenge of Public Finance, Private Provision, and Household Costs. SAGE. ISBN 0-7619-3419-7.
- Mill, John Stuart; John M. Robson; Martin Moir; Zawahir Moir (1996). Miscellaneous Writings. Routledge. ISBN 0-415-04878-8.
- Mollin, Sandra (2006). Euro-English: assessing variety status. Gunter Narr Verlag. ISBN 978-3-8233-6250-0. https://books.google.com/books?id=qPhULmMmqJMC&pg=PA17। আহৰণ কৰা হৈছে: 17 November 2012.
- O.P., Ralhan (2002). Encyclopaedia of Political Parties. Anmol Publications Private Limited. ISBN 81-7488-865-9.
- P. V., Balakrishnan (1981). Matrilineal system in Malabar. Satyavani Prakashan.
- P., Kandaswamy (2001). The political career of K Kamaraj. প্ৰকাশক New Delhi: Concept Publishing Company. ISBN 81-7022-801-8. https://books.google.com/books?id=bOjT3qffnMkC.
- Paramanand (1985). Mahāmanā Madan Mohan Malaviya: An Historical Biography. Malaviya Adhyayan Sansthan, Banaras Hindu University.
- Patnaik, Nihar Ranjan (1997). Economic History of Orissa. Indus Publishing. SBN 8173870756. ISBN 978-81-7387-075-0.
- Rai, Raghunath (2011). History. FK Publications. ISBN 9788187139690. https://books.google.com/books?id=Z4-8Z0gqBkoC&q=ryotwari+system&pg=PA91.[সংযোগবিহীন উৎস]
- Ramaswamy, Sumathi (1997). Passions of the Tongue: Language Devotion in Tamil India, 1891–1970. University of California. ISBN 9780520918795. http://www.escholarship.org/editions/view?docId=ft5199n9v7&chunk.id=s1.4.21&toc.depth=1&toc.id=ch4&brand=ucpress.
- Read, Anthony (1997). The Proudest Day – India's Long Ride to Independence. প্ৰকাশক London: Jonathan Cape. ISBN 0-393-31898-2.
- Roy, Kalpana (2002). Encyclopaedia of violence against women and dowry death in India. Anmol Publications Private Limited. ISBN 81-261-0343-4.
- Roy, Tirthankar (2012). East India Company the Worlds Most Powerful Company. Penguin Books India. ISBN 9780670085071. https://books.google.com/books?id=yTnm_D8wsrwC&pg=P1.
- S. A., Govindarajan (1969). G. Subramania Iyer. Publication Division, Ministry of Information and Broadcasting, Government of India.
- S. R., Bakshi (1991). C. Rajagopalachari: Role in Freedom Movement. Anmol Publications PVT. LTD. ISBN 81-7041-433-4.
- S., Muthiah (2004). Madras Rediscovered. East West Books (Madras) Pvt Ltd. ISBN 81-88661-24-4.
- Seal, Anil (1971). The Emergence of Indian Nationalism: Competition and Collaboration in the Later Nineteenth Century. CUP Archive. ISBN 0-521-09652-9.
- Sinha, Aseema (2005). The Regional Roots of Developmental Politics in India: A Divided Leviathan. Indiana University Press. ISBN 0-253-21681-8.
- Smith, Bardwell L. (1976). Religion and Social Conflict in South Asia. Brill. ISBN 9789004045101. https://archive.org/details/religionsocialco0000unse.
- Srinivas, Mysore Narasimhachar (1982). India: social structure. Transaction Publishers. ISBN 9781412826198.
- Thoraval, Yves (2000). Cinemas of India. Macmillan India. ISBN 0-333-93410-5.
- Thorpe, Edgar; Showick Thorpe; Thorpe Edgar (2011). The Pearson CSAT Manual 2011. Dorling Kindersly (India) Pvt. Ltd.. ISBN 978-81-317-5830-4. https://books.google.com/books?id=WuBFs6yFRwcC&q=fort+st+george+headquarters&pg=RA1-PA94.
- von Fürer-Haimendorf, Christoph (1982). Tribes of India – The Struggle for Survival. University of California.
- W. S., Weerasooriya (1973). The Nattukottai Chettiar Merchant Bankers in Ceylon. Tisara Prakasakayo.
- Walch, James (1976). Faction and front: Party systems in South India. Young Asia Publications.
- David, Omissi (1998). The Sepoy and the Raj: The Indian Army, 1860-1940 Studies in Military and Strategic History. Palgrave Macmillan UK, 1998. পৃষ্ঠা. 16. ISBN 0333729765.
- Wright, Arnold (1999). Twentieth Century Impressions of Ceylon: Its History, People, Commerce, Industries, and Resources. Asian Educational Services. ISBN 9788120613355.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত মাদ্ৰাচ প্ৰেচিডেঞ্চি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |