{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Ardea|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}


আজান বা হালখেদা (Grey Heron Ardea cinerea ) কণামুচৰি‍ পৰিয়ালৰ এবিধ ডাঙৰ প্ৰজাতিৰ কণামুচৰি‍। ইহঁত আকাৰত ময়ূৰতকৈ ডাঙৰ হয়। ইহঁত চাৰিটা প্ৰজাতিৰ আৰু ইউৰোপ, এছিয়া, আফ্ৰিকাৰ কিছু অংশত ইহঁতক দেখিবলৈ‍ পোৱা যায়। [2] ইহঁতৰ বেছিভাগেই নাতিশীতোষ্ণ অঞ্চলত বিচৰণ কৰে। ইহঁত সাধাৰণত ভাৰতৰ স্থায়ী বাসিন্দা আৰু কিছু ক্ষেত্ৰত পৰিভ্ৰমী চৰাই। ইহঁতৰ বেছিভাগেই সপৰিয়ালে বসবাস কৰে‍। [3] [4]

Ardea cinerea
Near the Saaler Bodden, Germany
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Ardea
প্ৰজাতি: A. cinerea
দ্বৈৰাশিক নামকৰণ
Ardea cinerea
Linnaeus, 1758

আজান বা হালখেদাৰ দৈৰ্ঘ্য সাধাৰণতে ৯০ৰ পৰা ৯৮ চে.মি. আৰু ডেউকা ১৫৫ৰ পৰা ১৯৫ চে.মি. হয়। ইহঁতৰ শৰীৰৰ ওজন ১.০২ কেজিৰ পৰা ২.০৮ কেজিলৈকে‍ হ'ব পাৰে। [5] [6] ইহঁতক চিনাক্তকৰণৰ উপায় হ'ল, ইহঁতৰ পিঠি ধূসৰ ছাইৰঙী আৰু পেটৰ ৰঙ ধূসৰ বগা, ডেউকাৰ তলৰ ফালৰ পৰা তলপেটলৈকে ক’লা বৰণৰ। প্ৰাপ্তবয়স্কবোৰৰ মূৰ আৰু ডিঙি বগা, চকুৰ ওপৰৰ পৰা ভ্ৰূৰ ক’লা দাগ মূৰৰ পিছফাললৈকে ব্যাপ্ত আৰু যিটোৰ মূৰত টিকনিৰ দৰে পাখি থাকে। ডিঙিৰ আগফালে নীলা আভাযুক্ত ক’লা দাগ এটা দেখা যায়। অপ্ৰাপ্তবয়স্কবোৰৰ মূৰৰ ক’লা দাগটো অস্পষ্ট আৰু ইহঁত প্ৰাপ্তবয়স্কবোৰতকৈ‍ বহুখিনি‍ শেঁতা হয়, মূৰ আৰু ডিঙি ধূসৰ হয়, টিকনিৰ নিচিনা পাখিকেইডাল চুটি আৰু গাঢ় ধূসৰ ৰঙৰ হয়। ইহঁতৰ ঠোঁট দীঘল, পোন, শক্তিশালী আৰু ৰং গোলাপী হালধীয়া; ঠেং দুখন অতি দীঘল আৰু বাদামী ৰঙৰ। [7]

আচৰণ আৰু বাসস্থান

সম্পাদনা কৰক

উৰণৰ সময়ত ইহঁতে জোৰ জোৰকৈ‍ আৰু কৰ্কশভাৱে‍ ফ্ৰা-এংক শব্দ কৰি মাত মাতে‍। লাহে লাহে উৰি থকাৰ সময়ত ইহঁতে‍ ইহঁতৰ দীঘল ডিঙিটো ভাঁজ কৰি ৰাখে। প্ৰজননৰ সময়ত ইহঁতে বিভিন্ন ধৰণৰ শব্দ কৰে। ইহঁতৰ বিচৰণ‍েক্ষত্ৰৰ ভিতৰত নিৰ্মল পানী আৰু নিমখীয়া জলাশয়, খাল, বৃহৎ হ্ৰদ আৰু শিলেৰে পৰিপূৰ্ণ দ্বীপ আদি অন্তৰ্ভুক্ত। ইহঁত মাংসভোজী, সেয়ে ইহঁতে অগভীৰ পানীত মাছ, বেং, সৰু স্তন্যপায়ী প্ৰাণী, শামুক জাতীয় প্ৰাণী আৰু সৰু সৰু পোক-পৰুৱা খায়। ইহঁতে আনকি চৰাইৰ পোৱালিও খায়। ইউৰোপ, এছিয়া, আফ্ৰিকা মহাদেশ ইহঁতৰ আৱাসভূমি‍। স্পেইন, ফ্ৰান্স, মধ্য ইটালী, বাল্কন, ইৰাক, ইৰাণ, মালদ্বীপ আৰু ম্যানমাৰ, চাহাৰা মৰুভূমি, কেনেৰী দ্বীপপুঞ্জ, মৰক্কো, আলজেৰিয়া, টিউনিছিয়া আৰু ভূমধ্যসাগৰীয় দ্বীপপুঞ্জ, পূব চাইবেৰিয়া, মংগোলিয়া, পূব চীন, জাপান, মাদাগাস্কাৰ আৰু সমগ্ৰ ভাৰতৰ ইহঁত স্থায়ী বাসিন্দা। [7]

আজান বা হালখেদাই সাধাৰণতে বসন্ত কালত গছৰ ওখ ডালত প্ৰজননৰ বাবে বাহ সাজে‍। এবাৰত ৩ৰ পৰা ৫টালৈকে‍ নীলাভ সেউজীয়া ৰঙৰ কণী পাৰে। পিতৃ-মাতৃ দুয়োৱে মিলি‍ ২৩ৰ পৰা ২৫ দিনৰ ভিতৰত কণীবোৰৰ পৰা পোৱালি‍ জগায়। ৭ৰ পৰা ৮ সপ্তাহৰ ভিতৰত পোৱালিবোৰ উৰিব পৰা হয়। [8]

চিত্ৰশালা

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. BirdLife International (2019). Ardea cinerea. 2019. p. e.T22696993A154525233. doi:10.2305/IUCN.UK.2019-3.RLTS.T22696993A154525233.en. 
  2. "Ibis, spoonbills, herons, Hamerkop, Shoebill, pelicans – IOC World Bird List". www.worldbirdnames.org. https://www.worldbirdnames.org/new/bow/pelicans/। আহৰণ কৰা হৈছে: 2024-03-20. 
  3. "Taxonomy & Evolution". web.archive.org. 2016-01-12. Archived from the original on ২০১৬-০১-১২. https://web.archive.org/web/20160112220326/http://www.heronconservation.org/styled-5/styled-6/। আহৰণ কৰা হৈছে: 2024-04-01. 
  4. Jobling, James A. (2010). The Helm Dictionary of Scientific Bird Names. প্ৰকাশক London: Christopher Helm. পৃষ্ঠা. 54, 107. ISBN 978-1-4081-2501-4. 
  5. "ARKive - Grey heron videos, photos and facts - Ardea cinerea". web.archive.org. 2012-01-27. Archived from the original on ২০১২-০১-২৭. https://web.archive.org/web/20120127024454/http://www.arkive.org/grey-heron/ardea-cinerea/। আহৰণ কৰা হৈছে: 2024-03-20. 
  6. CRC handbook of avian body masses. প্ৰকাশক Boca Raton, Fla: CRC Press. 1993. ISBN 978-0-8493-4258-5. https://archive.org/details/crchandbookofavi0000dunn. 
  7. 7.0 7.1 Witherby, H. F., ed (1943). Handbook of British Birds, Volume 3: Hawks to Ducks. H. F. and G. Witherby Ltd.. পৃষ্ঠা. 125–133. 
  8. "Grey herons". AvianWeb. Archived from the original on 2024-04-01. https://web.archive.org/web/20160324052508/https://www.beautyofbirds.com/greyherons.html। আহৰণ কৰা হৈছে: 1 April 2024. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক