আতা উল হক কাচ্‌মি

উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি

আতা উল হক কাচ্‌মি (ইংৰাজী: Ata ul Haq Qasmi) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি। তেওঁ প্ৰায় বিশখন কিতাপ লিখাৰ উপৰিও পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত বহুতো প্ৰবন্ধ লিখিছে।[4]

আতা উল হক কাচ্‌মি
عطا الحق قاسمی
জন্ম ০১ ফেব্ৰুৱাৰী, ১৯৪৩ (৮১ বছৰ)[1]
অমৃতচৰ, পাঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত[2]
ৰাষ্ট্ৰীয়তা পাকিস্তানী
পেচা স্তম্ভলেখক,
সাংবাদিক,
প্ৰাক্তন ৰাষ্ট্ৰদূত,
উৰ্দু সাহিত্যৰ অৱসৰ প্ৰাপ্ত অধ্যাপক
জনা যায় কাকতত লিখা ব্যংগ লেখা
সন্তান য়াছিৰ পীৰজাদা,[3]
পীৰজাদা মুহম্মদ আলি ওচমান কাচ্‌মি

প্ৰাৰম্ভিক জীৱন আৰু সাহিত্য যাত্ৰা সম্পাদনা কৰক

১৯৪৩ চনত ভাৰতৰ পাঞ্জাৱৰ অমৃতসৰত কাচ্‌মিৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালটো আছিল ঘাইকৈ কাশ্মীৰী মূলৰ।[5] তেওঁৰ দেউতাক মৌলানা বাহা উল হক কাচ্‌মিয়ে অমৃতসৰৰ মাও (MAO) হাইস্কুল আৰু মাও (MAO) কলেজত অধ্যাপনা কৰিছিল।[2] ১৯৪৭ চনত পাকিস্তানে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁৰ পৰিয়াল পাকিস্তানলৈ প্ৰব্ৰজন কৰে । পৰিয়ালটো প্ৰথমে ৱাজিৰাবাদত আছিল যদিও পিছত নিগাজীকৈ লাহোৰত থাকিবলৈ লয়। আতা-উলে লাহোৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু লাহোৰ মাও (MAO) মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[2] তেওঁ প্ৰথমে উৰ্দু ভাষাৰ বাতৰি কাকত নৱা-এ-ৱক্তত সহকাৰী-সম্পাদক হিচাপে যোগদান কৰিছিল। প্ৰখ্যাত সাংবাদিক মজিদ নিজামী এই কাকতখনৰ সম্পাদক আছিল। পিছত তেওঁ দৈনিক জং আৰু অন্যান্য বহুতো বাতৰি কাকতৰ বাবে স্তম্ভ লেখন আৰম্ভ কৰে।[2]

কাচ্‌মিয়ে সমাজৰ সামাজিক অসমতাৰ ওপৰত ব্যংগ লেখিছিল আৰু সাহসেৰে একনায়কত্ববাদ বিৰোধী স্থিতিক গ্ৰহণ কৰিছিল। এই দুয়োটাই আছিল কাচ্‌মিৰ স্তম্ভ লেখনৰ বৈশিষ্ট্য। দেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ ব্যংগৰে উদঙাই দিব পৰা এক অনন্য লেখন শৈলীৰ বাবে তেওঁ তেওঁৰ সমসাময়িক অন্যান্য লেখকসকলতকৈ এক সুকীয়া পৰিচিতি লাভ কৰিছিল।[6]

পাকিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে তেওঁ ১৯৯৭ চনৰপাৰা ১৯৯৯ চনলৈ নৰৱে আৰু থাইলেণ্ডত কাৰ্যনিৰ্বাহ কৰিছিল।[7]তেওঁৰ কিতাপ আৰু বাতৰি কাকতৰ স্তম্ভবোৰৰ ভিতৰত আছে; কলম তামাম, চৰ গ’চিয়া, হচনা ৰৌনা মনা হ্যে, মজিদ গঞ্জে ফৰিস্তে আৰু অন্যান্য। আনহাতে তেওঁৰ দূৰদৰ্শনৰ নাটক তথা ধাৰাবাহিকসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় পিটিভি টিভি নাটক হৈছে ‘খাৱজা এণ্ড চনচ্‌’ (১৯৮৮), সৱ দাইগ আৰু আপ কা খাদিম। তেওঁৰ ভ্ৰমণকাহিনী চৌখ-এ-আৱাৰ্গী আৰু গৌড়ন কে দেচ ম্যে পাঠকসকলৰ মাজত বহুলভাৱে পঠিত আৰু জনপ্ৰিয়।[6] ২০১৫ চনৰ আৰম্ভণিতে তেওঁ পাকিস্তানৰ লাহোৰৰ ‘লাহোৰ কলা পৰিষদ’ৰ সন্মানীয় অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[7][8]

প্ৰবীণ পাকিস্তানী সাংবাদিক আলতাফ গৌহৰে কাচ্‌মিক পাকিস্তানী বাতৰি কাকতৰ আটাইতকৈ কৌশলী ব্যংগ লেখক বুলি উল্লেখ কৰিছে। প্ৰখ্যাত লেখক মুস্তাক আহমেদ ইউচুফিয়ে তেওঁক দেশৰ শ্ৰেষ্ঠতম স্তম্ভলেখক বুলি অভিহিত কৰিছিল। তেওঁ ৫২ বছৰ ধৰি সাংবাদিক হিচাপে কাম কৰিছিল।[4][7][9]

২০১৫ চনত, কাচ্‌মিক পাকিস্তান টেলিভিছন কৰ্পোৰেচনৰ অধ্যক্ষ হিচাপে নিযুক্ত দিয়া হয়। এইটো আছিল এটা চৰকাৰী প্ৰতিষ্ঠান। ইয়াত তেওঁ ২০১৭ চনৰ ডিচেম্বৰ মাহলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।[7][9][6] নাট্যকাৰ হিচাপে তেওঁ ৩৫ বছৰৰো অধিক সময় ধৰি পাকিস্তানী দূৰদৰ্শনৰ সৈতে জড়িত হৈ আছিল।[7]

তথ্যসূত্ৰ সম্পাদনা কৰক