আত্ৰেয় (आत्रेय) হ’ল হিন্দু ঋষিসকলৰ ভিতৰত অন্যতম অত্ৰিৰ বংশধৰ যাৰ অৱদানসমূহ পুৰাণসমূহত উল্লিখিত আছে। ভাৰত আৰু নেপালৰ ব্ৰাহ্মণসমাজে ব্যৱহাৰ কৰা আন বহুতো গোত্ৰৰ দৰে অত্ৰি ঋষিৰ বংশধৰ সকলেও আত্ৰেয় তেওঁলোকৰ উপাধি হিচাপে ব্যৱহাৰ কৰে। প্ৰকৃত আত্ৰেয় গোত্ৰৰ ব্ৰাহ্মণ সকলে পূব ভাৰতৰ বৰ্তমানৰ ঊৰিষ্যা কলিংগ,উত্কল,দক্ষিণ কৌশল আদি ৰাজ্যলৈ পৰিব্ৰাজন কৰে।

ঋষি আত্ৰেয় আয়ুৰ্বেদৰ এজন প্ৰখ্যাত পণ্ডিত আছিল আৰু তেওঁৰ শিক্ষাৰ আধাৰত প্ৰাৰম্ভিক আয়ুৰ্বেদৰ ছয়খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ সময়ছোৱাত অগ্নিবেশ সংহিতাৰ লেখক হিচাপে তেওঁক কৃতিত্ব দিয়া হয়। মহাভাৰতত উল্লেখ থকা মতে তেওঁ গান্ধাৰ ৰাজ্যৰ ৰজা নগ্নজিৎৰ ব্যক্তিগত চিকিৎসক হিচাপে কাম কৰিছিল বুলি ধাৰণা কৰা হয়।[1] চৰকসংহিতাৰ মূল বিষয়বস্তুৰ কৃতিত্ব ঋষি আত্ৰেয়ক দিয়া হয়। এই সমূহ অগ্নিবেশ আৰু চৰকৰ দ্বাৰা সংহিতাবদ্ধ আৰু সম্পাদিত হৈছিল। সুৰেন্দ্ৰনাথ দাসগুপ্তৰ মতে, আত্ৰেয়-চৰক বিদ্যালয়ৰ পুৰণি আয়ুৰ্বেদৰ মূল সম্ভৱতঃ অথৰ্ববেদৰ বৰ্তমান বিলুপ্ত কৰনবাদ্য শাখাত আছে।[2]

ভাৰতীয় পৰম্পৰাগত ঔষধি ব্যৱস্থা আয়ুৰ্বেদৰ বহল ক্ষেত্ৰখনত আত্ৰেয় সকলৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বাগভট্টৰ দ্বাৰা ৰচিত অষ্টাংগ হৃদয়ৰ প্ৰথম অধ্যায়ৰ তৃতীয় শ্লোকত উল্লেখ আছে যে ব্ৰহ্মাআয়ুৰ্বেদৰ জ্ঞান অশ্বিনী কুমাৰদ্বয়ক দিয়ে,অশ্বিনী কুমাৰে এয়া ইন্দ্ৰক শিকাই। ইন্দ্ৰই এই জ্ঞান অত্ৰিপুত্ৰ আত্ৰেয় পুনৰ্বসুক দিয়ে আৰু আত্ৰেয়ই অগ্নিৱেশ,ভেল আদি ছয়জন শিষ্যৰ মাজত এই জ্ঞান ভগাই দিয়ে।[3]

References সম্পাদনা কৰক

  1. Mohammad Ali Jazayery, Werner Winter (1988). Languages and Cultures: Studies in Honor of Edgar C. Polomé. Walter de Gruyter. পৃষ্ঠা. 116. ISBN 9783110102048. https://books.google.com/books?id=v56tj2EPZ-YC&q=Bhela_Samhita&pg=PA116. 
  2. Surendranath Dasgupta (1922). A History of Indian philosophy. 1. পৃষ্ঠা. 284. https://books.google.com/books?id=NjI9AAAAIAAJ&pg=PA284. 
  3. VAGHBHATA, translated by Kanjiv Lochan. Astanga Hrdayam. CHAUKHAMBHA PUBLICATIONS. পৃষ্ঠা. 1. ISBN 978-81-89798-15-4.