আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ (ইংৰাজী: Anandaram Dhekiyal Phukanor Jiwon Soritro) হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱাৰ দ্বাৰা লিখিত এখনি বিশেষ গ্ৰন্থ। এই গ্ৰন্থখনত অসমৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন লিপিবদ্ধ হৈছে। এই গ্ৰন্থখনক প্ৰথমখন আধুনিক অসমীয়া জীৱনী গ্ৰন্থ হিচাপে বিবেচনা কৰা হয়।[1]

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ  
লেখক গুণাভিৰাম বৰুৱা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ জীৱনী
প্ৰকাশ ১৮৮০

জীৱনীকাৰৰ চমু পৰিচয় সম্পাদনা কৰক

গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "ৰাম-নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়।

গ্ৰন্থৰ চমু পৰিচিতি সম্পাদনা কৰক

জীৱনী-গ্ৰন্থখন পুঙ্খানুপুঙ্খ বিৱৰণেৰে সমৃদ্ধ। পৰিৱেশ আৰু পৰিস্থিতিৰ সত্যনিৰ্ভৰ বৰ্ণনা সন্নিৱিষ্ট হোৱা গ্ৰন্থখনত আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ প্ৰায় সকলোবোৰ ঘটনায়েই অবিকৃত ৰূপত অন্তৰ্ভুক্ত হৈছে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.