আনিছ কিডৱাই
আনিছ কিডৱাই (ইংৰাজী: Anis Kidwai; ১৯০৬-১৯৮২) উত্তৰ প্ৰদেশৰ এগৰাকী লেখক, সমাজ কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ ৰক্তক্ষয়ী বিভাজনৰ ভুক্তভোগীসকলৰ মাজত শান্তি স্থাপন আৰু পুনৰ্সংস্থাপনৰ বাবে কাম কৰিছিল আৰু স্বাধীনতাৰ পাছত জীৱনৰ বেছিভাগ সময় স্বাধীন ভাৰতৰ সেৱাত অতিবাহিত কৰিছিল। তেওঁ ১৯৫৬ চনৰ পৰা ১৯৬২ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ৰাজ্য সভাত সংসদৰ সদস্য হিচাপে দুটা কাৰ্যকাল পালন কৰিছিল।[1]
ব্যক্তিগত জীৱন
সম্পাদনা কৰক১৯০৬ চনত, আগ্ৰা আৰু অউধৰ সংযুক্ত প্ৰদেশৰ বাৰাবাঁকীত আনিছ কিডৱাই জন্ম হৈছিল। তেওঁৰ পৰিয়ালটো আছিল অৱধৰ এটি দেশপ্ৰেমী আৰু গোঁড়া পৰিয়াল। আনিছৰ দেউতাক উইলাইট আলী এগৰাকী বিশিষ্ট উকীল আছিল, যি স্থানীয় কাকতত হাস্যৰসাত্মক স্তম্ভ লিখিছিল। আনিছ আছিল এগৰাকী স্ব-শিক্ষাৰ্থী। তেওঁৰ ভাতৃকেইটিক শিক্ষকে পাঠদান কৰোঁতে সেয়া শুনি শুনি তেওঁ উৰ্দু আৰু ইংৰাজী সাহিত্যৰ সৈতে পৰিচিত হৈছিল।[2] দেউতাকৰ মৃত্যুৰ পিছত, অৰ্থাৎ ১৯৩০ চনৰ শেষৰ ফালে তেওঁ পৰ্দাৰ আঁৰত জীৱন কটাবলৈ বাধ্য হৈছিল, কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামে যেতিয়া ব্যাপক ৰূপ পালে, ই তেওঁৰ ৰাজহুৱা জীৱনৰ পথ মুকলি কৰিলে।[3]
আনিছে ১৯২০ চনত তেওঁৰ সম্পৰ্কীয় ভাতৃ শফী আহমেদ কিডৱাইক বিয়া কৰাইছিল আৰু স্বামীৰ চাকৰি সূত্ৰে প্ৰথমে এলাহাবাদলৈ আৰু পিছত আন আন চহৰলৈ স্থানান্তৰিত হৈছিল। তেওঁৰ স্বামীৰ ভায়েক ৰফী আহমেদ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল আৰু আন্দোলনত তেওঁৰ সক্ৰিয় ভূমিকাৰ বাবে নিয়মীয়াকৈ কাৰাবাস খাটিছিল। তেওঁৰ বাবে শফী আৰু আনিছকে ধৰি তেওঁৰ পৰিয়ালে নিয়মীয়াকৈ ৰাজনৈতিক অত্যাচাৰৰ সন্মুখীন হৈছিল।[2]
১৯৪৭ চনৰ অক্টোবৰ মাহত তেওঁৰ স্বামীক এক নিৰ্মম সাম্প্ৰদায়িক আক্ৰমণত হত্যা কৰা হয়। এই ঘটনাই আনিছক এনেদৰে শক্তিশালী কৰি তোলে যে তেওঁ সোনকালেই এগৰাকী সমাজ কৰ্মী আৰু লেখিকা ৰূপে মূৰ তুলি উঠে। তেওঁ বুৰ্খা পিন্ধিবলৈ এৰি দিয়ে আৰু গান্ধী আৰু তেওঁৰ কামক সমৰ্থন আগবঢ়াবলৈ দিল্লীলৈ আহে। দিল্লীলৈ অহাৰ পিছত গান্ধীয়ে আনিছক আনক সহায় কৰাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছিল। মাত্ৰ কেইমাহমানৰ ভিতৰতে, আনিছে সুভদ্ৰা যোশীৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে। মাত্ৰ কেইমাহমানৰ ভিতৰতে, সুভদ্ৰ যোশীৰ সৈতে কাম কৰি, আনিছে স্বাধীনতাৰ পিছত হোৱা সাম্প্ৰদায়িক ৰক্তপাতৰ ভুক্তভোগীসকলক সহায় কৰিছিল; আৰু মৃদুলা চাৰাভাইৰ সৈতে তেওঁ অপহৃত মহিলাসকলৰ পুনৰুদ্ধাৰত সহায় কৰিছিল।[3]
বহু বছৰ হৃদৰোগৰ সৈতে যুঁজ দিয়াৰ পিছত ১৯৭৩ চনত, তেওঁৰ জীয়েক আজাদীৰ মৃত্যু হৈছিল।[1]
এগৰাকী কন্যা আৰু দুই পুত্ৰ - সীমা, পাৰভেজ আৰু কামালক এৰি ১৯৮২ চনৰ ১৬ জুলাইত আনিছ কিডৱাইৰ মৃত্যু হয়।[2]
ৰাজনৈতিক জীৱন
সম্পাদনা কৰক১৯৫৪ চনৰ ২৪ অক্টোবৰত তেওঁৰ ভায়েক ৰফীৰ মৃত্যুৰ ফলত আনিছ কিডৱাইৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল। তেওঁৰ মৃত্যুৰ পিছতে, কংগ্ৰেছে ৰফীৰ পৰিয়ালক ৰাজ্যসভাৰ আসন আগবঢ়াইছিল। যদিও ৰফী আৰু শফীৰ সৰু ভায়েক মাহফুজে এই আসনখনৰ কাৰণে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিলেহেঁতেন, তাকে নকৰি তেওঁ আনিছক আগবঢ়াই দিলে। আনিছ কিডৱাইয়ে ১৯৫৬ চনৰ পৰা ১৯৬২ চনলৈ আৰু তাৰ পিছত ১৯৬২ চনৰ পৰা ১৯৬৮ চনলৈ দুটা কাৰ্যকালৰ বাবে ৰাজ্যসভাত বিহাৰৰ পৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[4] ১৯৬৮ চনৰ ২ এপ্ৰিলত তেওঁ অৱসৰ গ্ৰহণ কৰে।
তেওঁৰ কাৰ্যকালত, তেওঁ সাবিত্ৰী দেৱী নিগম, ড° সীতা পৰমানন্দ আৰু সুভদ্ৰা যোশীৰ দৰে অন্যান্য মহিলা সাংসদসকলৰ সৈতে কাৰ্যক্ৰমত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ মহিলাৰ উৎপীড়নৰ শাস্তি বিধেয়ক ১৯৫৮-ৰ সপক্ষে মাত মাতিছিল, সাবিত্ৰী দেৱীয়ে এই প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও ই গৃহীত হোৱা নাছিল। তেওঁৰ আনুষ্ঠানিক ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতে, আনিছে ১৯২১ চনৰ পৰা ১৯২৩ চনলৈ মহিলা কংগ্ৰেছ সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]
১৯৬১ চনত, তেওঁ জৱাহৰলাল নেহৰুৰ দ্বাৰা মুছলমান ব্যক্তিগত আইনৰ সাম্ভাব্য সংস্কাৰৰ ওপৰত চকু দিবলৈ গঠন কৰা ছয় জনীয়া সংসদীয় সমিতিৰ একমাত্ৰ মহিলা সদস্য আছিল, যিটো প্ৰায় লগে লগে ভাঙি পেলোৱা হৈছিল কিয়নো প্ৰথম বৈঠকতে মুছলমান সাংসদ আৰু মন্ত্ৰীসকলৰ দ্বাৰা ইয়াৰ তীব্ৰ প্ৰতিবাদ হৈছিল।
সাহিত্যিক জীৱন আৰু স্বীকৃতি
সম্পাদনা কৰকআনিছে উৰ্দুত এখন স্মৃতিগ্ৰন্থ লিখিছিল, আজাদী কে চাঁৱ ম্যে (ইন ফ্ৰীডমছ শ্বেড) শীৰ্ষক এই কিতাপখনত বিভাজনৰ পিছত শৰণাৰ্থীসকলে সন্মুখীন হোৱা সংগ্ৰাম আৰু অপহৃত মহিলাসকলৰ পুনৰ্বাসৰ বাবে কাম কৰাৰ সময়ত তেওঁ সন্মুখীন হোৱা আৱেগিক দ্বিধাৰ বিতং বিৱৰণ পোৱা যায়।[5] ১৯৭৪ চনত প্ৰকাশ হোৱা কিতাপখনে সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰে আৰু কিতাপখনৰ বাবে উত্তৰ প্ৰদেশৰ উৰ্দু একাডেমিয়ে তেওঁক সন্মানিত কৰে। ১৯৭৬ আৰু ১৯৮০ চনত তেওঁৰ নজৰে খুছ গুজৰে আৰু অব জিনকে দেখনে কৌ শীৰ্ষক দুটা প্ৰবন্ধ সংকলন প্ৰকাশ হয়। জুল্ম নামৰ কিতাপখনত তেওঁ সাম্প্ৰদায়িক হিংসাৰ অমানৱীয়তাক গৰিহণা দিছে।[6] তেওঁ লেখক আৰু কবিসকলৰ জীৱন আৰু কামৰ ওপৰত চাৰ ৰুখ নামেৰে এখন কিতাপ লিখিছিল। সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সাহিত্য কলা পৰিষদে আনিছক সন্মানিত কৰিছিল।[2]
অন্যান্য স্বীকৃতি
সম্পাদনা কৰক- চলচ্চিত্ৰ
বিভাজনৰ সময়ত বাচি থকা আৰু ধৰ্ম আৰু সীমা বিশেষে সাম্প্ৰদায়িক হিংসাৰ বলি হোৱা মহিলাসকলৰ বিভাজনৰ বিভিন্ন পৰ্যায়ত লাভ কৰা অভিজ্ঞতাৰ মৌখিক ধাৰা বিৱৰণীৰে মাৰ্ছিয়া ১৯৪৭ হৈছে এখন চুটি চলচ্চিত্ৰ। চলচ্চিত্ৰখন আকাংক্ষা দামিনী যোশীয়ে সহ-পৰিচালনা কৰিছে। এই চলচ্চিত্ৰখন আনিছ কিডৱাই আৰু কমলা বেন পেটেল নামৰ সমাজকৰ্মী দুগৰাকীৰ বিৱৰণৰ ওপৰত আধাৰিত, যি বিভাজনৰ পিছত তিনি বছৰ ধৰি অপহৃত মহিলাসকলক উদ্ধাৰ কৰিছিল।[7][8]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Kidwai, Anis (2011). In Freedom's Shade. Penguin. ISBN 978-0-143-41609-8.
- ↑ 2.0 2.1 2.2 2.3 "StreeShakti - The Parallel Force". www.streeshakti.com. http://www.streeshakti.com/bookA.aspx?author=18। আহৰণ কৰা হৈছে: 2017-07-29.
- ↑ 3.0 3.1 "Anis Kidwai - Penguin India" (en-US ভাষাত). Penguin India. Archived from the original on 2017-07-29. https://web.archive.org/web/20170729133350/https://penguin.co.in/author/anis-kidwai/.
- ↑ "K". rajyasabha.nic.in. https://rajyasabha.nic.in/rsnew/pre_member/1952_2003/k.pdf। আহৰণ কৰা হৈছে: 19 August 2019.
- ↑ Zainab, Umara (2018-06-20). "Anis Kidwai: Social Worker Who Chronicled The Lives Of Women During Partition | #IndianWomenInHistory" (en-US ভাষাত). Feminism In India. https://feminisminindia.com/2018/06/21/anis-kidwai-essay/। আহৰণ কৰা হৈছে: 2019-03-30.
- ↑ teamht. "Anis Begum Kidwai : Freedom Fighter Who Chronicled The Lives Of Women During Partition." (en-GB ভাষাত). HeritageTimes. http://heritagetimes.in/anis-begum-kidwai/। আহৰণ কৰা হৈছে: 2019-03-30.
- ↑ "Mersiya: 1947". YouTube. https://www.youtube.com/watch?v=tVtQbDWbR3c.
- ↑ "MERSIYA 1947". Earth Witness. https://earthwitnessfilm.wordpress.com/mersiya/.