আন্না পেট্ৰ'ভনা বুনিনা,IPA: [ˈannə pʲɪˈtrovnə ˈbunʲɪnə] ( শুনক) জন্ম: ১৮ জানুৱাৰী, ১৭৭৪ চন আৰু মৃত্যু: ১৬ ডিচেম্বৰ, ১৮২৯চন; এগৰাকী ৰাছিয়ান কবি। তেওঁ আছিল প্ৰথম মহিলা ৰাছিয়ান লেখিকা, যিয়ে কেৱল সাহিত্য কৰ্মৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিছিল।[1][2] ইভান বুনিন আৰু ভাচিলি জুকোভস্কি যিটো সম্ভ্ৰান্ত পৰিয়ালৰ আছিল, আন্নাও সেইটো পৰিয়ালে সন্তান।[3][4]

আন্না বুনিনা

আলেজেন্দাৰ ভাৰনাকে অঁকা ছবি, ১৮২৩
জন্ম আন্না পেত্ৰোভ্না বুনিনা
১৮ জানুৱাৰী, ১৭৭৪
উৰুচোভো, ৰাছিয়ান সাম্ৰাজ্য
মৃত্যু ১৬ ডিচেম্বৰ, ১৮২৯ (৫৫ বছৰ)
ডেনিস্কোভা, ৰাছিয়ান সাম্ৰাজ্য
ধৰণ কবিতা

জীৱনী সম্পাদনা কৰক

আন্নাৰ জন্ম হৈছিল ৰিয়াজান গভৰ্ণৰেটৰ (বৰ্তমানৰ লিপেটস্ক অব্লাষ্ট) উৰুছ’ভ’ গাঁৱত। তেওঁৰ জন্মৰ সময়তে প্ৰসূতি কাৰণত তেওঁৰ মাকৰ মৃত্যু হয়। মাতৃহাৰা আন্নাক বিভিন্ন আত্মীয়ই ডাঙৰ-দীঘল কৰিছিল আৰু তেওঁ মাত্ৰ প্ৰাথমিক শিক্ষাহে লাভ কৰিছিল। ১৩ বছৰ বয়সৰ পৰাই তেওঁ লিখিবলৈ আৰম্ভ কৰে। ১৭৯৯ চনত তেওঁৰ প্ৰথম গ্ৰন্থ প্ৰকাশ পায়।[5]

পিছলৈ তেওঁ ১৮০২ চনত পিতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা সামান্য সম্পদৰ সহায়ত চেইণ্ট পিটাৰ্ছবাৰ্গলৈ গুচি যায়,[5] য'ত তেওঁ নিজাকৈ এখন ঘৰ নিৰ্মাণ কৰে আৰু টিউটৰ নিয়োগ কৰি অধিক শিক্ষা গ্ৰহণ কৰে। তেওঁ নিজকে সম্পূৰ্ণৰূপে লিখাৰ বাবে উৎসৰ্গা কৰিছিল, পৃষ্ঠপোষকৰ সহায়ত নিজকে পোহপাল দিছিল আৰু নিজৰ ৰচনা বিক্ৰীৰ পৰা লাভ অৰ্জন কৰিছিল। ১৮০৯, ১৮১০ আৰু ১৮১৩ চনত ৰাছিয়াৰ সম্ৰাটৰ পৰিয়ালে তেওঁক পেঞ্চন প্ৰদান কৰে। ১৮০৭ চনৰ পৰা ১৮১০ চনলৈকে তেওঁ গাভ্ৰিলা ডেৰজাভিন আৰু আলেকজেণ্ডাৰ শ্বিচকভৰ সাহিত্য মহলৰ অংশ আছিল। শ্বিচকভৰ সৈতে তেওঁৰ পৰিয়ালৰ সম্পৰ্কৰ বাবে চিনাকি হৈছিল আৰু তেওঁ তেওঁৰ গুৰু হৈ পৰিছিল।[1]

১৮১১ চনত তেওঁক লাভাৰচ অফ দা ৰাছিয়ান ৱৰ্ড (Lovers of the Russian Word) নামৰ সাহিত্যৰ সংস্থাটোৰ সন্মানীয় সদস্যপদ প্ৰদান কৰা হয়।[1] ১৮০৯ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ দ্য ইনএক্সপিৰিয়েন্সড মিউজ প্ৰকাশ পায় আৰু তাৰ পিছত ১৮১২ চনত একে শিৰোনামেৰে গ্ৰন্থখনৰ দ্বিতীয় খণ্ড প্ৰকাশ পায়। ১৮১৫-১৭ চনত স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে তেওঁ ব্ৰিটেইনলৈ যায়, কিন্তু তেওঁৰ চিকিৎসা সফল নহ’ল। ১৮১৯ চনত তেওঁৰ ৰচনাৰে সংকলিত ৰচনা শীৰ্ষক এটা খণ্ডৰ গ্ৰন্থ প্ৰকাশ কৰে। ১৮২০ চনত তেওঁক ফ্ৰী ছ'চাইটি অৱ লভাৰ্ছ অৱ লিটাৰেচাৰ আৰু চাইন্স এণ্ড দ্য আৰ্টছৰ সন্মানীয় সদস্য হিচাপে নিযুক্তি দিয়া হয়। ১৮২৪ চনত অসুস্থতাৰ বাবে আন্নাই চেইণ্ট পিটাৰ্ছবাৰ্গ এৰি যায় আৰু আত্মীয়ৰ সৈতে থাকিবলৈ লয়, কিন্তু তাতো তেওঁ নিজৰ আৰ্থিক স্বাধীনতা বজাই ৰাখে। ১৮২৯ চনত ৰিয়াজান গভৰ্ণৰেটৰ ডেনিছ'ভকাত ৫৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয় আৰু উৰুছ'ভ'ত তেওঁক সমাধিস্থ কৰা হয়।[5]

সমালোচনা সম্পাদনা কৰক

তেওঁ সাহিত্যত অধিক বৈচিত্ৰময় বিষয়বস্তু আৰু শৈলী ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ ৰচনাসমূহত পূৰ্বৰ মহিলা ৰাছিয়ান কবিসকলতকৈ বহল অংকৰ পৰিসৰ ব্যৱহাৰ কৰিছিল। তেওঁৰ কামত নাৰীৰ অভিজ্ঞতাৰ ওপৰত মৌলিক আৰু উল্লেখযোগ্য পৰ্যবেক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে, বিশেষকৈ যেতিয়া তেওঁ পুৰুষৰ সৈতে তেওঁলোকৰ সংঘাতৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰচনা কৰে। সেই সময়ত তেওঁৰ কবিতা জনপ্ৰিয় আছিল; তেওঁ বিখ্যাত হৈছিল আৰু আৰ্জামাছ ছ'চাইটিকে ধৰি কল'কিয়ামৰ প্ৰতিদ্বন্দ্বীসকলে তেওঁক ব্যংগ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ৰচনাসমূহ মানুহে বহু পৰিমাণে পাহৰি গৈছিল; কিছু পৰিমাণে তেওঁৰ আৰু তেওঁৰ ৰচনাসমূহৰ ওপৰত আৰ্জামাছ ছ'চাইটি আৰু আনসকলে কৰা আক্ৰমণৰ বাবে, যাৰ ফলত নতুন কবিসকলৰ ওপৰত তেওঁৰ প্ৰভাৱ সীমিত হৈ পৰিছিল।[1][3]

ইংৰাজীত অনুবাদ সম্পাদনা কৰক

আন্নাৰ দুখন গ্ৰন্থ “দো পভাৰ্টীজ নো ষ্ট্ৰেইন’’(Though poverty's no stain) আৰু “কনভাৰচেচন বিটউইন মি এণ্ড দা ৱ’মেন (Conversation Between Me and the Women) ইংৰাজীলৈ অনুবাদ কৰা হয়৷

অনূদিত গ্ৰন্থৰ সবিশেষ সম্পাদনা কৰক

  • Bunina, Anna (1994) [1813], "'Though poverty's no stain'", in Kelly, Catriona (ed.), An Anthology of Russian Women's Writing, 1777-1992, Oxford University Press, pp. 3–8, ISBN 9780198715054.
  • Bunina, Anna (1994) [1818], "Conversation Between Me and the Women", in Kelly, Catriona (ed.), An Anthology of Russian Women's Writing, 1777-1992, Oxford University Press, pp. 8–11, ISBN 9780198715054.

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 Smith, Bonnie (2008). The Oxford Encyclopedia of Women in World History, Volume 1. Oxford University Press. পৃষ্ঠা. 265–266. ISBN 978-0-19-514890-9. https://books.google.com/books?id=EFI7tr9XK6EC&pg=PA266। আহৰণ কৰা হৈছে: 2011-11-24. 
  2. Kahn, Andrew; Lipovet︠s︡kiĭ, Mark Naumovich; Reyfman, Irina; Sandler, Stephanie (2018) (en ভাষাত). A History of Russian Literature. Oxford University Press. পৃষ্ঠা. 350. ISBN 978-0-19-966394-1. https://www.google.com/books/edition/A_History_of_Russian_Literature/7qZTDwAAQBAJ?hl=en. 
  3. 3.0 3.1 Bagdasarova, Sofya. "Первая в профессии: поэтесса Анна Бунина" (ru ভাষাত). Культура.РФ (Ministry of Culture of the Russian Federation). https://www.culture.ru/materials/164682/pervaya-v-professii-poetessa-anna-bunina. 
  4. Chandler, Robert; Mashinski, Irina; Dralyuk, Boris (26 February 2015) (en ভাষাত). The Penguin Book of Russian Poetry. Penguin UK. ISBN 978-0-14-197226-8. https://www.google.com/books/edition/The_Penguin_Book_of_Russian_Poetry/V8xbBAAAQBAJ?hl=en. 
  5. 5.0 5.1 Cornwell, Neil; Christian, Nicole (1998). Reference Guide to Russian Literature. Fitzroy Dearborn Publishers. পৃষ্ঠা. 210. ISBN 1-884964-10-9. https://books.google.com/books?id=ehaZrlRY_YgC&q=anna+bunina&pg=PA210। আহৰণ কৰা হৈছে: 2011-11-24.