আভা হাজৰিকা

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

আভা হাজৰিকা (ইংৰাজী: Abha Hazarika; ১৪ মে' ১৯৪৪- ১১ ডিচেম্বৰ, ২০১০) হৈছে এগৰাকী অসমীয়া অভিনেত্ৰী আৰু পৰিচালক। স্বামী ইন্দুকল্প হাজৰিকা পৰিচালিত 'মানৱ আৰু দানৱ' ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। আভা হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তথ্যচিত্ৰ পৰিচালক। তেওঁ নিৰ্মাণ কৰা প্ৰথমখন তথ্যচিত্ৰ হৈছে 'ভুল'। ১৯৭৯ চনত এইখন নিৰ্মাণ কৰিছিল। ২০০৮ চনত আভা হাজৰিকাই ৱাইজমেন ক্লাবৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল।[1]

আভা হাজৰিকা
জন্ম ১৪ মে ১৯৪৪
বিলাসীপাৰা
মৃত্যু ১০ ডিচেম্বৰ ২০১০ (বয়স ৬৬)
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনেত্ৰী
ধৰ্ম হিন্দু
অংশীদাৰ ইন্দুকল্প হাজৰিকা
পিতৃ-মাতৃ দেবেন্দ্ৰ মোহন দাস, তুলসী ৰাণী দাস
সন্তান

জন্ম পৰিচয় সম্পাদনা কৰক

১৯৪৪ চনৰ ১৪ মে'ত বিলাসীপাৰাত আভা হাজৰিকাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম দেৱেন্দ্ৰ মোহন দাস আৰু মাতৃৰ নাম তুলসী ৰাণী দাস। আভা হাজৰিকাৰ পিতৃ আছিল সংগীতৰ অনুৰাগী। সেয়ে শৈশৱতে তেওঁ এক সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিল। পিতৃৰ পৰা তেওঁ সংগীত আৰু অভিনয়ৰ প্ৰতি তেওঁ আগ্ৰহী তথা অনুপ্ৰাণিত হৈছিল। [1]

শিক্ষাজীৱন সম্পাদনা কৰক

আভা হাজৰিকাই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল বিলাসীপাৰাত। তাৰ পিছত কলিকতাৰ ভিক্টোৰিয়া কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা অভিনয়ৰ ডিপ্লমা গ্ৰহণ কৰে। [1]

অভিনয় আৰু বৈবাহিক জীৱন সম্পাদনা কৰক

ভিক্টোৰিয়া কলেজত অধ্যয়ন কৰি থাকোঁতেই তেওঁ 'মেঘে ঢাকা তাৰা' নামৰ এখন বাংলা নাটকত অভিনয় কৰিছিল আৰু তাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। তেওঁ পুনেত পঢ়ি থাকোঁতে ইন্দুকল্প হাজৰিকাৰ সান্নিধ্যলৈ আহে আৰু ১৯৬৬ চনত ইন্দুকল্প হাজৰিকাৰ সৈতে তেওঁৰ বিবাহ হয়। কালক্ৰমত তেওঁলোকৰ তিনিটা সন্তান জন্ম হয়।[1]

আভা হাজৰিকাই ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰে ইন্দুকল্প হাজৰিকাৰ 'মানৱ আৰু দানৱ' ছবিৰ জৰিয়তে ১৯৭১ চনত। আভা হাজৰিকাই অভিনয় কৰা কেইখনমান ছবি হ'ল- 'নিয়তি', 'অগ্নিস্নান', 'বৈভৱ' আদি। আভা হাজৰিকাই বহুতো নাটকতো অভিনয় কৰিছিল। আভা হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তথ্যচিত্ৰ পৰিচালক। তেওঁ নিৰ্মাণ কৰা প্ৰথমখন তথ্যচিত্ৰ হৈছে 'ভুল'। আভা হাজাৰিকাই অসমৰ লোকচিত্ৰ, অসমৰ মাছমৰীয়া সম্প্ৰদায়, সামাজিক বনানীকৰণ আদি বিষয়ৰ কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। তেওঁ গুৱাহাটী দূৰদৰ্শন যোগে প্ৰচাৰিত 'উৎকণ্ঠ মহানগৰ' নামৰ ধাৰাবাহিক খনৰ পৰিচালনা কৰিছিল। তেওঁ মুখ্য সহকাৰী পৰিচালকৰূপে কাম কৰা কেইখনমান চলচ্চিত্ৰ হ'ল- অসমীয়াৰ 'মধুছন্দা', কাৰবি ছবি 'ৰিট আমটং' আদি। আভা হাজৰিকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নাট শাখাৰ উপদেষ্টা হিচাপে আছিল। তেওঁ চেন্সৰ বৰ্ডৰো সদস্য আছিল। ইয়াৰ উপৰিও জ্যোতি চিত্ৰবন এণ্ড টেলিভিছন আৰু অন্যান্য নাট্য বিদ্যালয়ত প্ৰশিক্ষক আদি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি হাজৰিকাই বিভিন্ন নাট প্ৰতিযোগিতাৰ বিচাৰক ৰূপেও দায়িত্ব পালন কৰিছিল।[1]

মৃত্যু সম্পাদনা কৰক

২০১০ চনৰ ১১ ডিচেম্বৰত আভা হাজৰিকাই নশ্বৰ দেহ ত্যাগ কৰে।[1]

বঁটা সন্মান সম্পাদনা কৰক

  1. ২০০৮ চনৰ ৱাইজমেন ক্লাবৰ জীৱনজোৰা সাধনা বঁটা।

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 শান্তনু কৌশিক বৰুৱা (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃষ্ঠা. ১৮৮,১৮৯. ISBN 978-81-950015-4-5.