মানৱ আৰু দানৱ
অসমীয়া চলচ্চিত্ৰ
মানৱ আৰু দানৱ (ইংৰাজী: Manav Aru Danav) ১৯৭১ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। সংলাপ ৰচনা কৰিছিল নাট্যসম্ৰাট প্ৰফুল্ল বৰাই। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।[1][2]
মানৱ আৰু দানৱ Manav Aru Danav | |
---|---|
পৰিচালক | ইন্দুকল্প হাজৰিকা |
চিত্ৰনাট্য | ইন্দুকল্প হাজৰিকা |
প্ৰযোজক | কাশীপ্ৰসাদ বিহানী |
অভিনয়ত | বিজয় শঙ্কৰ বিদ্যা ৰাও |
চিত্ৰগ্ৰহণকাৰী | অনিল গুপ্ত, জ্যোতি লাহা |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
সংগীত পৰিচালক | জীতু-তপন |
মুক্তি |
২৬ ফেব্ৰুৱাৰী ১৯৭১ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
অভিনয় শিল্পী
সম্পাদনা কৰক- বিজয় শঙ্কৰ
- নিপন গোস্বামী
- বিদ্যা ৰাও
- দীনেশ দাস
- পুণ্য দাস
- চন্দ্ৰা
- অনুপমা ভট্টাচাৰ্য
- বিৰিঞ্চি ভট্টাচাৰ্য
- পূৰ্ণিমা শৰ্মা পাঠক,
- আভা হাজৰিকা
- প্ৰবীন দাস
- চম্পা
- ৰাণু হাজৰিকা
- তৃপ্তি (শিশুশিল্পী) আদি।
সঙ্গীত
সম্পাদনা কৰকছবিৰ সঙ্গীত জীতু-তপন। গীত লিখিছে নুৰুল হক আৰু নিৰ্মল প্ৰভা বৰদলৈয়ে। মুঠ গীত সাতটা। ইয়াৰে এটা হিন্দী ভাষাৰ গীত।[3]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ঘৰ ভাঙিলেও মন নাভাঙিবি সাধু সন্তই কয়" | নুৰুল হক | অপূৰ্ব দাস | |||||||
2. | "একে একে দুই হ’লে দুয়ে দুয়ে কি, চাৰি" | নিৰ্মল প্ৰভা বৰদলৈ | আৰতি মুখাৰ্জী | |||||||
3. | "কি মোক নালাগে, মৰম নালাগে, যোৱাগে’ বুলিছা যাওঁ" | নিৰ্মল প্ৰভা বৰদলৈ | দ্বীপেন বৰুৱা, আৰতি মুখাৰ্জী | |||||||
4. | "মনেমনে তুমি কাক মন যাচিবা" | নুৰুল হক | দ্বীপেন বৰুৱা, বনশ্ৰী সেনগুপ্ত | |||||||
5. | "পূৰ্বভাৰতীৰ দৃপ্ত কণ্ঠত শুনা নতুনৰে গান" | নুৰুল হক | শ্যামল মিত্ৰ | |||||||
6. | "কোই যাওৰে ওনকো লাওৰে, বালমা আওৰে সজনা আওৰে" | নুৰুল হক | আৰতি মুখাৰ্জী | |||||||
7. | "মই কোন, এই চহৰৰ মাস্তানা মই" | নুৰুল হক | দ্বীপেন বৰুৱা |
তথ্য উৎস
সম্পাদনা কৰক- ↑ Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 173.
- ↑ "Released Assamese Feature Films". www.enajori.com. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589। আহৰণ কৰা হৈছে: 29 May 2020.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 145.