আমাৰ সময়
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
আমাৰ সময় (ইংৰাজী: Amar xomoy) এখন অসমীয়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে।[উদ্ধৃতিৰ প্ৰয়োজন]
সাপ্তাহিক কাকত আমাৰ সময়ৰ চিত্ৰ | |
প্ৰকাৰ | সাপ্তাহিক বাতৰিকাকত |
---|---|
ফৰমেট | ডাঙৰ পৃষ্ঠা |
গৰাকী | অনুভৱ সাগৰ/সূৰ্যোদয় গোষ্ঠী |
প্ৰকাশক | অনুভৱ সাগৰ/সূৰ্যোদয় গোষ্ঠী |
সম্পাদক | অনুভৱ সাগৰ |
সম্পাদক প্ৰধান | দুৰ্গেশ্বৰ শইকীয়া |
ষ্টাফ লেখক | *প্ৰতিষ্ঠাপক সম্পাদক : অনুভৱ সাগৰ
|
প্ৰতিষ্ঠা | ৫ জানুৱাৰী,২০২০ |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | মাজুলী, অসম |
সমল
সম্পাদনা কৰকসাপ্তাহিক আমাৰ সময় কাকতখনে অসমক কেন্দ্ৰ কৰি উত্তৰ পূবক সামৰি সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বাতৰি, আলোকচিত্ৰ আদি প্ৰকাশ কৰি আহিছে।
মুঠ ১৪ পৃষ্ঠাজোৰা আমাৰ সময় কাকতখনে বাতৰি আৰু ভিন্ন বিষয় বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যেকটো পৃষ্ঠা শ্ৰেণীকৰণ কৰিছে।
পৃষ্ঠাসমূহ সাধাৰণতে মুখ্য পৃষ্ঠা, খবৰ, প্ৰবন্ধ, সম্পাদকীয়, কাব্যবৃষ্টি (কবিতাৰ পৃষ্ঠা), ৰংঘৰ (শিশু উপযোগী বিশেষ লেখা), সানমিহলি, আঞ্চলিক বাতৰি আদিৰ লগতে মাহটোৰ প্ৰতিটো সংখ্যাত এটি বিশেষ পৃষ্ঠা বিদ্যাদৰ্পণ (শিক্ষাৰ্থীৰ বাবে), নৱপ্ৰজন্মৰ সময় (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে) আৰু খ্যাত-অখ্যাত জীৱনী, শিল্পবাৰ্তা (এক সাক্ষাৎকাৰ) আদি কেইবাটাও ভাগত বিভক্ত কৰা হৈছে।