আলম আৰা (১৯৩১ চলচ্চিত্ৰ)

১৯৩১ চনৰ ভাৰতীয় চলচ্চিত্ৰ

আলম আৰা (অৰ্থ: বিশ্বৰ অলংকাৰ) হ'ল ১৯৩১ চনত নিৰ্মিত হিন্দী ভাষিক তথা ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক আছিল অৰ্দেশিৰ ইৰাণী। অৰ্দেশিৰ ইৰাণীয়ে চলচ্চিত্ৰত শব্দৰ মহত্ব বুজিয়ে  আলম আৰাক আৰু বহুতো সমকালীন সবাক চলচ্চিত্ৰৰ আগতে পূৰ্ণ কৰিছিল। আলম আৰাৰ প্ৰথম প্ৰদৰ্শন ১৯৩১ চনৰ ১৪ মাৰ্চত মুম্বাই (তেতিয়াৰ বোম্বে)ৰ মেজিস্তিক চিনেমাত কৰা হৈছিল।[1] এই প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰখন ইমানেই লোকপ্ৰিয় হৈ পৰে যে মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুলিচৰ সহায় ল'ব লগা হৈছিল।[2]

আলম আৰা

আলম আৰাৰ পোষ্টাৰ
পৰিচালক অৰ্দেশিৰ ইৰাণী
ৰচনা জোছেফ ডেভিদ
মুঞ্চী জাহীৰ (উৰ্দু)
প্ৰযোজক ইম্পেৰিয়েল মুভীট'ন
অভিনয়ত মাষ্টৰ ৱিট্থল
জুবেইদা
জিল্লু
সুচীলা
পৃথ্বীৰাজ কাপুৰ
চিত্ৰগ্ৰহণকাৰী ৱিলফ'ৰ্ড ডেমিং
আদি এম. ইৰাণী
সম্পাদনা এজৰা মীৰ
সংগীত পৰিচালক ফিৰোজশ্বাহ এম. মিষ্ট্ৰী
বি. ইৰাণী
মুক্তি
১৪ মাৰ্চ ১৯৩১
দৈৰ্ঘ্য
১২৪ মিনিট
দেশ ব্ৰিটিছ ভাৰত (বৰ্তমানৰ ভাৰত আৰু পাকিস্তান)
ভাষা উৰ্দু
বাজেট ৩৯০ নিযুত (৫.৪৭ মিলিয়ন ডলাৰ) (Adjusted)
সৰ্বমুঠ আয় ২.৮৯ শ কোটি (৪০.৫২ মিলিয়ন ডলাৰ) (Adjusted)

আলম আৰা হ'ল এজন ৰাজকুমাৰ আৰু এজনী অনাই-বনাই ঘূৰি ফুৰা ছোৱালীৰ প্ৰেম কাহিনী। আলম আৰা জোছেফ ডেভিদৰ এখন পাৰ্চী নাটকৰ ওপৰত আধাৰিত। জোছেফ ডেভিদে পাছলৈ  ইৰাণীৰ ফিল্ম কোম্পানীত লেখক হিচাপে কাম কৰিবলৈ লয়। চলচ্চিত্ৰখনৰ কাহিনী এটা কাল্পনিক, ঐতিহাসিক কুমাৰপুৰ নগৰৰ ৰাজপৰিয়ালৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হ'ল এজন ৰজা আৰু তেঁওৰ দুজনী দন্দুৰি পত্নী দিলবহাৰ আৰু নৌবহাৰ। দুয়োৰে মাজত যুদ্ধ তেতিয়া আৰু বাঢ়ি যায় যেতিয়া এজন ফকীৰে (ৱাজিৰ মহম্মদ খান) ভৱিষ্যতবাণী কৰে যে ৰজাৰ উত্তৰাধিকাৰীক নৌবহাৰে জন্ম দিব। খঙাল দিলবহাৰে প্ৰতিশোধ ল'বৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী আদিলক (পৃথ্বীৰাজ কাপুৰ) প্ৰেমৰ প্ৰস্তাব দিয়ে, কিন্তু আদিলে সেই প্ৰস্বাব নাকচ কৰে। খঙতে দিলবহাৰে আদিলক কাৰাগাৰত বন্দী কৰি দিয়ে আৰু তেঁওৰ জীয়ৰী আলম আৰাক (জুবেইদা) নিৰ্বাসিত কৰে। আলম আৰাক অনাই-বনাই ঘূৰি ফুৰা এটা মানৱ জাতিয়ে লালন পালন কৰে। যৌৱনত ভৰি দিয়াৰ পাছত আলম আৰাই পুনৰ ৰাজমহললৈ উভতি যায় আৰু ৰাজকুমাৰৰ (মাষ্টৰ ৱিট্থল) সৈতে প্ৰেমত লিপ্ত হয়। অৱশেষত দিলবহাৰে নিজৰ শাস্তি লাভ কৰিলে, ৰাজকুমাৰ আৰু আলম আৰাৰ বিয়া হয় আৰু আদিল কাৰাগাৰৰ পৰা মুক্ত হয়।

এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিবলৈ অৰ্দেশিৰ ইৰাণীয়ে এখন ইংৰাজী চলচ্চিত্ৰ "শ্ব' বোট" (Show Boat, 1929)ৰ পৰা অনুপ্ৰেৰণা পাইছিল।

চলচ্চিত্ৰ আৰু ইয়াৰ সংগীত দুয়োক্ষেত্ৰতে ব্যাপকৰূপে সফলতা প্ৰাপ্ত হৈছিল। চলচ্চিত্ৰখনৰ গীত "দে দে খুদা কে নাম পৰ" ভাৰতীয় চিনেমাৰ প্ৰথমটো গীত আছিল যিটো অভিনেতা ৱাজিৰ মহম্মদ খানে গাইছিল। চলচ্চিত্ৰখনৰ সেই গানটো লোকৰ মাজত বহুত জনপ্ৰিয় হৈ পৰিছিল।[3] সেই সময়ত ভাৰতীয় চলচ্চিত্ৰত পাৰ্শ্ব গায়ন পদ্ধতি আৰম্ভ হোৱা নাছিল, সেইকাৰণে এই গীতটোক হাৰম'নিয়াম আৰু তবলাৰ সংগীতৰে সৈতে বাণীবদ্ধ কৰা হৈছিল।[4]

চলচ্চিত্ৰখনে ভাৰতীয় চলচ্চিত্ৰত ফিল্মী সংগীত আৰম্ভণি কৰিছিল। চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালে চলচ্চিত্ৰখন চৰ্চা কৰি কৈছে, "এইখন কেৱল এখন সবাক চলচ্চিত্ৰই নাছিল বৰং এইখন আছিল এখন কথা ক'ব পৰা আৰু গাব পৰা এখন চলচ্চিত্ৰ য'ত ক'ব কম লাগে কিন্তু গাব অধিক লাগে। এই চলচ্চিত্ৰখনত বহুতো গীত আছিল আৰু এইখনে চলচ্চিত্ৰত গানৰ দ্বাৰা কাহিনী কোৱা আৰু বঢ়োৱা পৰম্পৰাৰ সুত্ৰপাত কৰিছে।"

টানাৰ ধ্বনি প্ৰণালী প্ৰয়োগ কৰি, অৰ্দেশিৰ ইৰাণীয়ে শব্দ ৰেকৰ্ডিং বিভাগ নিজেই নিয়ন্ত্ৰণ কৰিছিল। চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ টানাৰ একাকী-প্ৰণালী কেমেৰাৰ দ্বাৰা কৰা হৈছিল যিয়ে শব্দবোৰ প্ৰত্যক্ষভাৱে ফিল্মত ৰেক'ৰ্ড কৰিছিল। কিয়নো সেইসময়ত ছাউণ্ডপ্ৰুফ ষ্টুডিঅ' উপলব্ধ নাছিল, এইকাৰণে হূলস্থূলৰ পৰা ৰক্ষা পাবলৈ বেছিভাগ চিত্ৰগ্ৰহণৰ কাম ৰাতি কৰা হৈছিল। চিত্ৰগ্ৰহণৰ সময়ত মাইক্ৰ'ফোন অভিনেতাবোৰৰ লগত লুকাই ৰখা হৈছিল। [3]

মুখ্য কলাকাৰ

সম্পাদনা কৰক

আলোকচিত্ৰ

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. The 'First' talkies film Archived 2012-02-05 at the Wayback Machine www.indiamarks.com.
  2. Quoted in Chatterji (1999), "The History of Sound."
  3. 3.0 3.1 Talking images, 75 years of cinema Archived 2011-07-17 at the Wayback Machine The Tribune, March 26, 2006, Retrieved:2008-08-04
  4. Alam Ara- first song[সংযোগবিহীন উৎস] Archives, www.saregama.com.

বাহ্যিক সংযোগ

সম্পাদনা কৰক