আহোমৰ মণিপুৰলৈ অভিযান
আহোমৰ মণিপুৰলৈ অভিযান আছিল ১৮শ শতিকাৰ এটা উদ্ধাৰ অভিযান যি ১৭৬৫ আৰু ১৭৬৭ চনত চিং-থাঙ খম্বাৰ অনুৰোধত আহোম ৰজা চুৰেম্ফাৰ দ্বাৰা মণিপুৰৰ পৰা কনবাউং বংশৰ অধিকাৰ আঁতৰাবলৈ পঠিওৱা হৈছিল। ইয়াৰ ফলত আহোম-মণিপুৰ মিত্ৰতা বিজয় হৈছিল, আৰু মণিপুৰৰ সিংহাসন চিং-থাঙ খম্বালৈ উভতি আহিছিল।
আহোমৰ মণিপুৰলৈ অভিযান | |||||||
---|---|---|---|---|---|---|---|
|
|||||||
যুজাৰু | |||||||
আহোম ৰাজ্য মণিপুৰ ৰাজ্য | কনবাউং বংশ | ||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
চুৰেম্ফা চিং-থাঙ খম্বা হাৰনাথ সেনাপতি ফুকন (প্ৰথম অভিযানৰ সময়ত মুখ্য সেনাপতি) খঙীয়া ফুকন (দ্বিতীয় অভিযানৰ সময়ত সেনাপতি) | মৈৰাং (মানৰ পুতুল ৰজা) | ||||||
সৈন্য শক্তি | |||||||
৪০,০০০ (প্ৰথম অভিযানৰ সময়ত আহোম সেনাৰ শক্তি) ৩০,০০০ (দ্বিতীয় অভিযানৰ সময়ত আহোম সেনাৰ শক্তি) | অজ্ঞাত |
পটভূমি
সম্পাদনা কৰক১৭৫৮ চনত, আলাউংপায়া কনবাউং বংশৰ প্ৰতিষ্ঠাপক মণিপুৰ জয় কৰিবলৈ আগবাঢ়িছিল।[1] মণিপুৰৰ ৰজা চিং-থাঙ খম্বা মানৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিহত কৰিব নোৱাৰিলে আৰু তেওঁৰ ৰাজ্যৰ এটা অংশ মানৰ হাতত হেৰুৱাব লগা হৈছিল, আৰু তেওঁ পূবৰ কছাৰী ৰাজ্যৰ কাছাৰত আশ্ৰয় বিচাৰিছিল। ফলত, চিং-থাঙ খম্বাই ১৭৬২ চনত ব্ৰিটিছৰ সৈতে আলোচনা আৰম্ভ কৰে। ব্ৰিটিছে তেওঁৰ ৰাজ্য পুনৰুদ্ধাৰ কৰিবলৈ সহায় কৰিবলৈ সন্মতি জনাই আৰু হেনৰী ভেৰেলষ্টৰ অধীনত এটা দল পঠিয়াইছিল, কিন্তু যেতিয়া সেই দল খাসপুৰ (ডিমাচা ৰাজ্যৰ ৰাজধানী)ত উপস্থিত হ'ল, ব্ৰিটিছে গণনা কৰিছিল যে মানৰ সৈতে সংঘাত হ'লে ব্ৰিটিছ সাম্ৰাজ্যৰ বাবে নতুন সমস্যাৰ সৃষ্টি কৰিব। হতাশ হৈ, তেওঁ কাছাৰী আদালতৰ পৰা এখন দূতাবাসৰ জৰিয়তে আহোম ৰজাক মানসকলক আঁতৰোৱাত সহায় কৰিবলৈ ততাতৈয়াকৈ আবেদন জনাই। অভিজাতসকলৰ সৈতে পৰামৰ্শ কৰাৰ পিছত, চিং-থাঙ খম্বাক অসমৰ ৰাজধানী ৰংপুৰ বা চেমুনলৈ আহিবলৈ অনুমতি দিয়া হৈছিল।[2] চিং-থাঙ খম্বাই কাছাৰী ৰজাৰ সৈতে আহোম ৰজা চুৰেম্ফাৰ সন্মুখত ব্যক্তিগতভাৱে উপস্থিত হৈছিল, আৰু সহায়ৰ বাবে আবেদন জনাইছিল। ৰাজেশ্বৰ সিংহে অসমৰ পৰা মান আক্ৰমণকাৰীসকলক আঁতৰাবলৈ এটা অভিযানী বাহিনী পঠিয়াবলৈ সন্মতি জনাইছিল, সেই অনুসৰি ৪০,০০০ সৈনিকৰ এটা দল সংগঠিত কৰি হৰনাথ সেনাপতি ফুকনৰ (মুখ্য সেনাপতি) অধীনত মণিপুৰলৈ পঠিয়াইছিল।[3]
মণিপুৰ অভিযান
সম্পাদনা কৰকলতা কটা ৰণ
সম্পাদনা কৰকঅভিযানৰ দায়িত্ব ল'বলৈ অনুৰোধ কৰা বহুতো অভিজাতকে সেই সময়ত অসুস্থতাৰ অজুহাতত সেই দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকৰ সম্পত্তিসমূহ জব্দ কৰি শাস্তি দিয়া হৈছিল। অৱশেষত, ৰঙাচিলা দুৱৰা বৰফুকনৰ পুত্ৰ হৰনাথ মজিন্ডাৰ ভিতৰুৱাল বৰুৱাক অভিযানী বাহিনীৰ বৰফুকন পতা হৈছিল। তেওঁক চৰাইদেউ পৰ্বতৰ হাবিৰ মাজেৰে মণিপুৰলৈ আগবাঢ়িবলৈ আদেশ দিয়া হৈছিল। চিং-থাঙ খম্বাই সেনা বাহিনীক পৰ্বতৰ মাজেৰে সৰু পথৰ জৰিয়তে পথ দেখুৱাবলৈ দায়িত্ব গ্ৰহণ কৰিছিল। সেনাবাহিনীয়ে তেতিয়া ঘন হাবিৰ মাজেৰে আগবাঢ়িছিল পিছে তেওঁলোক পথ বিভ্ৰান্ত হয় আৰু মণিপুৰী ৰজাই দিশ দেখুৱাব নোৱাৰে। সমগ্ৰ বাহিনী কঠিন পৰিস্থিতিত পৰিছিল। তেওঁলোকে এটা পথ বনাই আগবাঢ়িছিল কিন্তু প্ৰক্ৰিয়াটো অতি ধীৰগতিত চলিছিল। এই সময়ছোৱাত খাদ্য শেষ হৈ যোৱাৰ ফলত বহুত সন্য অনাহাৰে, আন কিছু বেমাৰত, সাপ আৰু মকৰাৰ কামোৰ আৰু নগাৰ সৈতে বাৰে বাৰে হোৱা সংঘাতৰ ফলত প্ৰাণ হেৰুৱাইছিল। বাহিনীৰ অৱস্থা আহোম ৰজাক জনোৱা হৈছিল, যিয়ে সমগ্ৰ বাহিনীক পোনপটীয়াকৈ উভতাই আনিছিল। সৈন্যৰ শক্তি তিনি ভাগৰ এভাগলৈ হ্ৰাস পাইছিল। হৰনাথ সেনাপতি ফুকনক নগাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অক্ষমতা আৰু বহুতো সামগ্ৰীৰ ক্ষতিৰ বাবে অভিযুক্ত কৰা হৈছিল, কিন্তু হৰনাথে এটা বিশ্বাসযোগ্য উত্তৰ দিছিল যে মণিপুৰী ৰজাই সৰু পথৰ জৰিয়তে পথ দেখুৱাবলৈ দায়িত্ব গ্ৰহণ কৰিছিল কিন্তু ব্যৰ্থ হৈছিল আৰু ক্ষতিসমূহ নগাসকলৰ বাবে হোৱা নাছিল।[4][5] এই অভিযানত স্থানীয়সকলৰ সৈতে যুদ্ধ আৰু লতা-পাতৰ পূৰ্ণ জংঘল পৰিষ্কাৰ কৰাৰ বাবে ইয়াক লতা-কাটা-ৰণ বুলি জনা যায়।[6][7]
দ্বিতীয় অভিযান
সম্পাদনা কৰকআহোম ৰজাই ১৭৬৭ চনত খঙীয়া ফুকনৰ অধীনত বকতিয়াল বৰবৰুৱাৰ পুত্ৰৰ অধীনত ৩০,০০০ নতুন সৈনিকৰ এটা বাহিনী মণিপুৰলৈ পঠিয়াইছিল। চিং-থাঙ খম্বাৰ সৈতে তেওঁলোক ৰহা পথ আৰু কছাৰী ৰাজ্যৰ মাজেৰে মণিপুৰলৈ আগবাঢ়িছিল। মুখ্য বাহিনী ৰহাত ৰখা হৈছিল আৰু ১০,০০০ সৈনিকৰ এটা বাহিনী চিং-থাঙ খম্বাৰ সৈতে মেৰাপ নদীলৈ আগবাঢ়িছিল আৰু তাত দুৰ্গ নিৰ্মাণ কৰা হৈছিল আৰু এটা নগা লেভি উঠোৱা হৈছিল। আহোম সেনাৰ আগবঢ়াৰ খবৰ পাই মান সকল পলাই গৈছিল। এইদৰে, চিং-থাঙ খম্বাক পুনৰ মণিপুৰী সিংহাসনত বহুওৱা হৈছিল।[6]
পৰিণতি
সম্পাদনা কৰকচিং-থাঙ খম্বাই কৃতজ্ঞতাৰ প্ৰতীক হিচাপে তেওঁৰ কন্যা কুৰংগনয়নীক বিয়া দিয়াৰ লগতে বহু মূল্যবান উপহাৰ পঠিয়াইছিল। কুৰংগনায়নীৰ সৈতে অহা বহু মণিপুৰীক দিছাইত বসতি স্থাপন কৰা হৈছিল আৰু মগলুঘাট নামেৰে এখন বজাৰ স্থাপন কৰি দিয়া হৈছিল। কুৰংগনায়নীয়ে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত চ্যু-ণ্যেউ-ফাৰ শাসন পুনৰুদ্ধাৰত অংশগ্ৰহণ কৰি আহোম আৰু মেইটেইৰ মাজত সম্পৰ্ক অধিক দৃঢ় কৰিছিল। চিং-থাঙ খম্বাই আহোম স্বৰ্গদেউৰ সহায়ৰ বাবে কৃতজ্ঞ হৈ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যুদ্ধ কৰিছিল আৰু সহায় আগবঢ়াইছিল।[6]
টোকা
সম্পাদনা কৰক- ↑ (Gogoi 1968:803)
- ↑ (Gogoi 1968:804)
- ↑ (Baruah 1985:296-97)
- ↑ (Gait 1906:182)
- ↑ (Gogoi 1968:803)
- ↑ 6.0 6.1 6.2 (Baruah 1985:297)
- ↑ (Devi 1968:152)
উৎস
সম্পাদনা কৰক- Baruah, S. L. (1993), Last Days of Ahom Monarchy, প্ৰকাশক New Delhi
- Devi, Lakshmi (1968), Ahom-tribal Relations, প্ৰকাশক the University of Michigan
- Baruah, S L (1985), A Comprehensive History of Assam, Munshiram Manoharlal
- Gogoi, Padmeshwar (1968), The Tai and the Tai kingdoms, Gauhati University, Guwahati
- Gait, E.A. (1906), A History of Assam, Thacker, Spink & Company