আৰতি অংকলীকৰ-টিকেকৰ

ভাৰতীয় কণ্ঠশিল্পী

আৰতি অংকলীকৰ-টিকেকৰ (ইংৰাজী: Arati Ankalikar-Tikekar, জন্ম: ২৭ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ লগত জড়িত আৰতিয়ে বেছিভাগ মাৰাঠী, কোংকণী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত। সম্পূৰ্ণ কণ্ঠৰ গীত আৰু শৈলীৰ বাবে জনাজাত আৰতি আগ্ৰাৰ লগতে গোৱালিয়ৰ আৰু জয়পুৰ ঘৰাণাৰ পৰা আয়ত্ত কৰিছিল। তেওঁ দুটাকৈ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

আৰতি অংকলীকৰ-টিকেকৰ
প্ৰাথমিক তথ্য
জন্ম ২৭ জানুৱাৰী, ১৯৬৩ (৬১ বছৰ)
বিজয়পুৰা, কৰ্ণাটক
মূল মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সংগীতৰ প্ৰকাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত
পেচা
  • শাস্ত্ৰীয় কণ্ঠশিল্পী
  • নেপথ্য কণ্ঠশিল্পী
কাৰ্যকাল ১৯৭৫–বৰ্তমান
ৱেবছাইট www.aratiankalikar.com

তেওঁ বহুতো অডিঅ' কেছেট আৰু চিডিত কণ্ঠদান কৰিছে। তেওঁ শ্যাম বেনেগালৰ ছবি 'চৰ্দাৰী বেগম'ৰ মুখ্য নেপথ্য গায়িকা আছিল। তেওঁৰ এলবাম 'তেজোময় নাদব্ৰহ্ম', 'ৰাগ-ৰং', 'ভক্তিমালা ভজন' আৰু 'অন্তৰ্নাদ', 'ডে ঢাক্কা', 'চাৱলী', 'চৰ্দাৰী বেগম', 'ইক হাজাৰিচি নোট' ছবিৰ বাবে পৰিচিত। তেওঁ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা উদয় টিকেকৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।[1] তেওঁলোকৰ কন্যা স্বনন্দী টিকেকৰ এগৰাকী অভিনেত্ৰী।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৬৩ চনৰ ২৭ জানুৱাৰী তাৰিখে কৰ্ণাটকৰ বিজয়পুৰাত আৰতিৰ জন্ম হৈছিল। তেওঁ আগ্ৰা, গোৱালিয়ৰ আৰু জয়পুৰ-আত্ৰাউলী ঘৰাণাৰ পৰা সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁ প্ৰাৰম্ভিক সংগীত শিক্ষা পণ্ডিত বসন্তৰাও কুলকাৰ্ণীৰ পৰা আৰু পিছত কিশোৰী আমোংকাৰৰ ওচৰত গ্ৰহণ কৰিছিল।

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ কেইবাটাও মাৰাঠী, কোংকণী লগতে হিন্দী ছবিৰ বাবে মুখ্য নেপথ্য গায়িকা আছিল। তেওঁ কণ্ঠদান কৰে উল্লেখযোগ্য ছবি সমূহ হৈছে: 'চৰ্দাৰী বেগাম' (১৯৯৬), 'চাৱলী', 'ডে ঢাক্কা' (২০০৮), 'দিল দোষ্টি ইটিচি', 'ধুচাৰ' আৰু 'সংহিতা' (২০১৩)।

আৰতি অংকলীকৰ-টিকেকাৰে টেলিভিছন সাক্ষাৎকাৰ, ৰিয়েলিটি শ্ব'ত আৰু সংগীত অনুষ্ঠানত অতিথি বিচাৰক হিচাপে প্ৰায়ে দেখা যায়।

তেওঁ ২০১৯ চনত টৰণ্টোৰ টৰণ্টোৰ আগা খান সংগ্ৰহালয়কে ধৰি সন্মানীয় স্থানত গোটেই বিশ্বতে তেওঁৰ কলা প্ৰদৰ্শন কৰিছে।[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

তেওঁ ১৯৭৫-১৯৮০ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান বৃত্তি লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৮০-১৯৮২ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শন কলা কেন্দ্ৰ সুৰশ্ৰী কেশৰবাই কেৰকাৰ বৃত্তি লাভ কৰিছিল। তেওঁ আকাশবাণীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতাৰ সকলো শ্ৰেণীত "স্বৰ্ণ পদক" লাভ কৰিছিল।

আৰতি অংকলীকৰ-টিকেকৰে ২০০৬ চনত বাবে এজন শাস্ত্ৰীয় গায়কৰ জীৱনৰ ওপৰত আধাৰিত কোংকণী চিনেমা 'অন্তৰ্নাদ'ত কণ্ঠদানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[3]

তেওঁ মাৰাঠী চলচ্চিত্ৰ 'ডে ঢাক্কা'ৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১৩ চনত তেওঁক মাৰাঠী ছবি 'সংহিতা'ত কণ্ঠদানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে পুৰস্কৃত কৰা হয়।[4]

সংগীত ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে তেওঁ কেইবাটাও ৰাজ্যিক বঁটা যেনে পণ্ডিত যশৰাজ বঁটা আৰু পণ্ডিত কুমাৰ গন্ধৰ্ব বঁটা লাভ কৰিছে।

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক