ইটা দুৰ্গ (ইংৰাজী: Ita Fort) হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এক উল্লেখযোগ্য ঐতিহাসিক স্থান।

ইটা দুৰ্গ

ইটা দুৰ্গ, দক্ষিণ দিশৰ প্ৰৱেশদ্বাৰ
অৱস্থান ইটানগৰ, অৰুণাচল প্ৰদেশ, ভাৰত
নিৰ্মাণ ১৪-১৫ শতিকা
ইটা দুৰ্গ is located in India<div style="position: absolute; z-index: 2; top: এক্সপ্ৰেছন ত্ৰুটী: *’ৰ বাবে অপাৰেণ্ড নাই।%; left: -209.4%; height: 0; width: 0; margin: 0; padding: 0;">
{{{alt}}}
Location of ইটা দুৰ্গ in India

নামৰ উৎপত্তি সম্পাদনা কৰক

"ইটা দুৰ্গ"ৰ অৰ্থ হৈছে ইটাৰে নিৰ্মিত দুৰ্গ (আহোম ভাষাৰপৰা আহিছে)। ইটানগৰত আৱস্থিত এই দুৰ্গটো ইটাৰে নিৰ্মিত। সেয়ে ইয়াক "ইটা দুৰ্গ" বুলি কোৱা হয়।

নিৰ্মাণ সম্পাদনা কৰক

এই দুৰ্গটো ১৪শ অথবা ১৫শ শতিকাৰ আগভাগতেই নিৰ্মাণ কৰা হৈছিল।[1] এটুকুৰা ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছে। ১৬,২০০ ঘন মিটাৰৰ এই বিশাল দুৰ্গটোক কিছু বিদ্বান লোকে "জিতাৰী বংশ"ৰ ৰামচন্দ্ৰৰ মায়াপুৰ বুলি চিহ্নিত কৰিছে।[2] এই দুৰ্গটোত তিনিটা দিশ - পশ্চিম দিশ, পূব দিশ আৰু দক্ষিণ দিশত তিনিখন দুৱাৰ আছে।

পুৰাতাত্বিক বিভাগে ইয়াৰ পৰা কিছুমান সামগ্ৰী সংগ্ৰহ কৰি জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহলয়ত ৰাখিছে।[3].

চিত্ৰ ভঁৰাল সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক