ইটানগৰ (ইংৰাজী: Itanagar এই শব্দটোৰ বিষয়ে শুনক ) হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত।

ইটানগৰ
—  চহৰ  —
ইটানগৰ
ইটানগৰৰ অৱস্থান
অৰুণাচল প্ৰদেশ আৰু ভাৰত
স্থানাঙ্ক 27°06′00″N 93°37′12″E / 27.1°N 93.62°E / 27.1; 93.62
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা পাপুমপাৰে
উপায়ুক্ত
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


750 m (2,461 ft)

ক'ড
  • ফোন • +91 - (0) 360 - XX XX XXX
    • যান-বাহনৰ নম্বৰ • AR-01

অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন (ইটানগৰ)লৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে। গুৱাহাটীৰপৰা ইয়ালৈ নিয়মিতভাৱে বাছ চলাচল কৰে। ইটানগৰৰ নিকটতম ৰেল ষ্টেচন নাহৰলগুনত অৱস্থিত।

নামৰ উৎপত্তিসম্পাদনা কৰক

১৪ শ অথবা ১৫শ শতিকাত ইটাৰ দ্বাৰা এটা দুৰ্গ নিৰ্মাণ কৰা হৈছিল। এই দুৰ্গটোৰ নামৰপৰাই চহৰখনৰ নাম "ইটানগৰ" হ'ল বুলি জনা যায়।

ভৌগোলিক অৱস্থানসম্পাদনা কৰক

অৰুণাচল প্ৰদেশৰ দক্ষিণ অংশত "ইটানগৰ" অৱস্থিত। ইটানগৰৰ ভৌগোলিক অৱস্থান হৈছে 27°06′N 93°37′E / 27.1°N 93.62°E / 27.1; 93.62[1] সমুদ্ৰপৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৪০ মিটাৰ (১৪৪৩ ফুট)।


উল্লেখযোগ্য স্থানসম্পাদনা কৰক

ইটা দুৰ্গসম্পাদনা কৰক

 
ইটা দুৰ্গ

"ইটা দুৰ্গ" হৈছে অৰুণাচল প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান। "ইটা দুৰ্গ"ৰ অৰ্থ হৈছে "ইটাৰে নিৰ্মিত দুৰ্গ" (আহোম ভাষাৰপৰা আহিছে)। এই দুৰ্গটো ১৪শ অথবা ১৫শ শতিকাৰ আগভাগতেই নিৰ্মিত কৰা হৈছিল[2]। এটুকুৰা ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছে। ১৬,২০০ ঘন মিটাৰৰ এই বিশাল দুৰ্গটোক কিছু বিদ্বান লোকে "জিতাৰী বংশ"ৰ ৰামচন্দ্ৰৰ মায়াপুৰ বুলি চিহ্নিত কৰিছে[3]। এই দুৰ্গটোত তিনিটা দিশ - পশ্চিম দিশ, পূব দিশ আৰু দক্ষিণ দিশত তিনিখন দুৱাৰ আছে।

জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহলয়সম্পাদনা কৰক

 
জৱাহৰলাল নেহৰু মিউজিয়ামৰ প্ৰৱেশদ্বাৰ

ইটানগৰৰ প্ৰায় মাজ-মজিয়াতে অৱস্থিত এই সংগ্ৰাহলয়টোত ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন বস্তুৰ প্ৰদৰ্শন কৰা আছে।

গংগা হ্ৰদসম্পাদনা কৰক

গংগা হ্ৰদৰ স্থানীয় নাম হৈছে "গেকৰ ছিনয়ি"। নিছি জনজাতিৰ উপভাষাত "গেকৰ ছিনয়ি"ৰ অৰ্থ হৈছে "আৱদ্ধ হৈ থকা পানী"। বহুতো বৃহাদাকাৰ শিলে এই হ্ৰদটো আৱৰি ৰাখিছে। বৰ্তমান এই হ্ৰদটো এটা বনভোজৰ কেন্দ্ৰলৈ পৰিৱৰ্তিত হৈছে। ইয়াত সাঁতোৰা আৰু নৌকাৰ সুবিধাও আছে। আদিম উদ্ভিদ, অৰ্কিড আৰু ঢেঁকীয়া জাতীয় উদ্ভিদ হ্ৰদটোৰ আশে-পাশে পোৱা যায়।

জনগাঁথনিসম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল মতে,[4] ইটানগৰৰ মুঠ জনসংখ্যা ৩৪,৯৭০ জন। ইয়াৰে শতকৰা ৫৩% ভাগ পুৰুষ আৰু ৪৭% মহিলা। মুঠ জনসংখ্যাৰ ১৫% শতাংশই হৈছে ৬ বছৰ বয়সৰ তলৰ শিশু। এই অঞ্চলৰ উল্লেখযোগ্য জনজাতিসমূহ হৈছে "নিছি", "আদি", "গালো", "আপাতানি" আৰু "মিৰি"।

পৰিবহণসম্পাদনা কৰক

৫২ এ ৰাষ্ট্ৰীয় ঘাইপথে ইটানগৰক অসম আৰু ভাৰতৰ লগত সংযোগ কৰিছে।

বিমান পথসম্পাদনা কৰক

ইটানগৰত কোনো বিমান বন্দৰ নাই যদিও নাহৰলগুনত এটা হেলিপেড আছে। ইয়ালৈ গুৱাহাটীৰপৰা নিয়মিয়াকৈ হেলিকপ্তাৰ চলাচল কৰে।

ৰেলপথসম্পাদনা কৰক

২০১৪ চনত ইটানগৰৰ ওচৰৰ নাহৰলগুনলৈ ব্ৰডগ'জ ৰেলসেৱা সম্প্ৰসাৰণ কৰা হৈছে। ৭ এপ্ৰিল ২০১৪ৰ দিনা ডেকাৰগাঁৱৰ (তেজপুৰ) পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰেল চলে।

পথসম্পাদনা কৰক

গুৱাহাটীৰপৰা নিয়মিত ভাৱে ইটানগৰলৈ বাছত অহা-যোৱা কৰাৰ সুবিধা আছে।

শিক্ষাসম্পাদনা কৰক

ইটানগৰৰ সাক্ষৰতা হাৰ হৈছে ৬৬.৯৫%। এই পৰিসংখ্যা ৰাষ্ট্ৰীয় সাক্ষৰতা হাৰ (৭৪.৪%) তকৈও কম। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৭৩.৬৯%, আৰু মহিলাৰ সাক্ষৰতা হাৰ ৫৯.৫৭%। ইটানগৰত চৰকাৰী বিদ্যালয়ৰ লগতে বহুতো ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। ইটানগৰৰ নাহৰলগুনত এখন হোমিওপেথিক মহাবিদ্যালয় আৰু নিৰজুলিত অভিযান্ত্ৰিক আৰু প্ৰায়োগিক বিজ্ঞান (Applied Science) শিক্ষাৰ বাবে"নৰ্থ ইষ্টাৰ্ণ ৰিজ'নেল ইনষ্টিটিউট অফ চায়েঞ্চ এণ্ড টেকন'লজি" (NERIST) প্ৰতিষ্ঠা কৰা হৈছে।

চিত্ৰ ভঁৰালসম্পাদনা কৰক

 
ইটা দুৰ্গ
 
জৱাহৰলাল নেহৰু মিউজিয়ামৰ বাহিৰত


 
জৱাহৰলাল নেহৰু মিউজিয়াম
 
ইটা দুৰ্গ



তথ্য সূত্ৰসম্পাদনা কৰক

  1. Falling Rain Genomics, Inc - Itanagar
  2. http://arunachalpradesh.nic.in/tourism.htm
  3. http://www.arunachaltourism.com/destination.php
  4. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 

বাহ্যিক সংযোগসম্পাদনা কৰক