ইমন চক্ৰৱৰ্তী

ভাৰতীয় কণ্ঠশিল্পী


ইমন চক্ৰৱৰ্তী (ইংৰাজী: Iman Chakraborty, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ ফিল্মী, স্বতন্ত্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগত জড়িত। ইমন চক্ৰৱৰ্তীয়ে ২০১৭ চনত বঙালী ভাষাৰ ছবি 'প্ৰাক্তন'ত তেওঁৰ গীত "তুমি যাকে ভালোবাসো"ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এই বঁটা কণ্ঠশিল্পীসকলৰ বাবে ভাৰতৰ আটাইতকৈ সন্মানীয় বঁটা আৰু চলচ্চিত্ৰৰ নেপথ্যত কণ্ঠদান কৰে শিল্পীক এই বঁটা প্ৰদান কৰা হয়। তেওঁ নিজৰ প্ৰথম চলচ্চিত্ৰ গীতৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[1][2]

ইমন চক্ৰৱৰ্তী

২০১৮ চনৰ এহিময়ৰ ৰবীন্দ্ৰতীৰ্থত এক অনুষ্ঠানৰ সময়ত ইমন চক্ৰৱৰ্তী
প্ৰাথমিক তথ্য
জন্ম ১৩ ছেপ্টেম্বৰ, ১৯৮৯ (৩৪ বছৰ)
লিলুৱা, হাওৰা, পশ্চিম বংগ, ভাৰত
সংগীতৰ প্ৰকাৰ ফিল্মী, স্বতন্ত্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত
পেচা কণ্ঠশিল্পী

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৮৯ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে পশ্চিম বংগ ৰাজ্যৰ হাওৰা জিলাৰ লিলুৱা চহৰত ইমন চক্ৰৱৰ্তীৰ হৈছিল।[1] তেওঁৰ পিতৃ শংকৰ চক্ৰৱৰ্তী আৰু মাতৃ তৃষ্ণা চক্ৰৱৰ্তী। সৰুকালত তেওঁ মাতৃ তৃষ্ণা চক্ৰৱৰ্তীৰ পৰা সংগীত শিকিছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য কৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল।[1][2]

কৰ্মজীৱন সম্পাদনা কৰক

ভাৰতীয় ৰেকৰ্ড লেবেল কোম্পানী সাৰেগামাৰ সৈতে কাম কৰাৰ বৃহৎ সুযোগতে তেওঁ পেশাদাৰী সংগীতত কৰ্মজীৱন আৰম্ভ কৰিছিল। সাৰেগামাৰ বেনাৰত তেওঁৰ প্ৰথম এলবাম 'বসতে দিয়ো কাছে' মুক্তি লাভ কৰিছিল। এলবামটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কেইটামান গীতৰ উপস্থাপন আছিল। এলবামটোৱে তেওঁৰ ৰচনাৰ বাবে নতুন কণ্ঠ আৰু গুণেৰে এক সতেজ কণ্ঠৰ সৈতে পৰীক্ষা কৰিব বিচৰা সুৰকাৰ অনুপম ৰয়ৰ চকু পৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অনুপম ৰয়ৰ বঙালী চলচ্চিত্ৰ গীত "তুমি যাকে ভালোবাসো" গাইছিল। এয়া ইমনৰ প্ৰথম চলচ্চিত্ৰ গীত আছিল। এই গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰিছিল।[1][2]

২০১৮ চনৰ ডিচেম্বৰ মাহত তেওঁ টলিউড এলবাম 'মন'ৰ শীৰ্ষক গান "মন" গানটো মুকলি কৰে। এই গীত তেওঁ কণ্ঠশিল্পী সৰজিৎ ঘোষৰ সৈতে গাইছিল। সৰজিৎ ঘোষ গীতটোৰ সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ আৰু প্ৰযোজক আছিল।[3][4][5]

তেওঁক জী বাংলাত সম্প্ৰচাৰিত 'সা ৰে গা মা পা' টিভি শৃংখলাৰ বিচাৰক আৰু মেণ্টৰ হিচাপে দেখা গৈছিল।

প্ৰভাৱ সম্পাদনা কৰক

ইমন চক্ৰৱৰ্তী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা প্ৰচুৰভাবে প্ৰভাৱিত। সৰুকালৰ পৰায়ে তেওঁ ঠাকুৰৰ সাহিত্য কৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ ইতিমধ্যে কেইবাটাও ৰবীন্দ্ৰ সংগীতত কণ্ঠদান কৰিছে।[1][2]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ইমন চক্ৰৱৰ্তীয়ে সুৰকাৰ নীলঞ্জন ঘোষৰ সৈতে বিবাহপাশত আৱদ্ধ। ২০২১ চনৰ ৩১ জানুৱাৰী তাৰিখে তেওঁলোকৰ বিবাহ পঞ্জীভূক্ত কৰা হৈছিল। ইমন চক্ৰৱৰ্তীয়ে বৰ্তমান ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ত সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰৰ সংগীতৰ ওপৰত পিএইছডি ডিগ্ৰীৰ বাবে গৱেষণাৰত।

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "National Award beyond Imagination says Iman Chakraborty". The Hindu. 12 April 2017. http://www.thehindu.com/entertainment/music/iman-charaborty-on-song-after-national-award/article17947428.ece। আহৰণ কৰা হৈছে: 6 July 2017. 
  2. 2.0 2.1 2.2 2.3 2.4 "Pain has helped me emote better for my song". Hindustan Times. http://www.hindustantimes.com/music/national-award-winner-iman-chakraborty-pain-has-helped-me-emote-better-for-my-song/story-eGTAIQIkNWSetBFjna5VyK.html। আহৰণ কৰা হৈছে: 6 July 2017. 
  3. Das, Soumi (5 December 2018). "ইমনেৰ মনেৰ খবৰ জানেন কি?". looptoop.com. Archived from the original on 30 March 2019. https://web.archive.org/web/20190330111745/https://www.looptoop.com/video/monn-by-iman-chakraborty-sarbajit-ghosh-amara-muzik-looptoop.html। আহৰণ কৰা হৈছে: 9 March 2021. 
  4. এবেলা.ইন, নিজস্ব প্ৰতিবেদন. "বাংলাৰ প্ৰথম সাৰিৰ সঙ্গীতশিল্পীদেৰ এক অ্যালবামে নিয়ে এল সৰ্বজিৎ-এৰ 'মন'". ebela.in. https://ebela.in/entertainment/tollywood-music-album-comprising-6-songs-one-of-which-is-a-solo-by-sarbajit-ghosh-dgtl-1.936553. 
  5. "ইমন চক্ৰবৰ্তী ও সৰ্বজিৎ ঘোষ সাক্ষাৎকাৰ – ২৪ ঘণ্টা খবৰ". 24ghantakhoboronline.com. Archived from the original on 2019-03-10. https://web.archive.org/web/20190310063007/http://24ghantakhoboronline.com/%E0%A6%87%E0%A6%AE%E0%A6%A8-%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%93-%E0%A6%B8%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A6%9C%E0%A6%BF%E0%A7%8E-%E0%A6%98/। আহৰণ কৰা হৈছে: 2021-03-09. 
  6. "64th National award winners". http://wap.business-standard.com/article/news-ani/64th-national-film-awards-neerja-wins-best-hindi-film-award-best-actor-is-akshay-117040700440_1.html। আহৰণ কৰা হৈছে: 6 July 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক