নিৰ্বাচনী বণ্ড
নিৰ্বাচনী বণ্ড (ইংৰাজী: Electoral Bond) ৰাজনৈতিক দলসমূহৰ বেনামী পূঁজি সংগ্ৰহৰ এক বিশেষ ব্যৱস্থা। ২০১৭ চনত ইয়াক প্ৰৱৰ্তন কৰা হয় আৰু ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰি নিৰ্বাচনী বণ্ড বন্ধ কৰাৰ পিছত মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকক দাতা আৰু গ্ৰাহকৰ পৰিচয় আৰু অন্যান্য সবিশেষ তথ্য ভাৰতৰ নিৰ্বাচন আয়োগক সমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়ে। [1] লগতে এই সমূহ তথ্য নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰিবলৈ কোৱা হয়।[2]
কেন্দ্ৰীয় বাজেট ২০১৭-১৮ৰ সময়ত তদানিন্তন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বিত্ত বিধেয়ক, ২০১৭-ত আঁচনিখন উত্থাপন কৰিছিল। এই বিধেয়কখনক ধন বিধেয়ক (Money Bill) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল আৰু এইদৰে কিছুমান সংসদীয় পৰীক্ষণ প্ৰক্ৰিয়া এৰাই চলিছিল, যাক ভাৰতীয় সংবিধানৰ ১১০ নং অনুচ্ছেদৰ উলংঘা বুলি মনা হয়। [3] (ভাৰতীয় সংবিধান অনুসৰি ধন বিধেয়ক হৈছে এনে বিধেয়ক, যিবোৰ ৰাজ্যসভাত "গৃহীত" হোৱাৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হৈছে আৰু উচ্চ সদনক লোকসভাত উত্থাপন কৰা এনে বিধেয়কসমূহৰ ওপৰত মন্তব্য আগবঢ়াবলৈহে অনুমতি দিয়া হৈছে। [4])) অৰুণ জেটলীয়ে ৰাজনৈতিক পুঁজি সংগ্ৰহৰ উদ্দেশ্যে বেংকসমূহে নিৰ্বাচনী বণ্ড জাৰি কৰাৰ সুবিধাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক অধিনিয়মত সংশোধন কৰাৰ প্ৰস্তাৱো আগবঢ়ায়। [5]
যদিও ২০১৭ চনৰ আৰম্ভণিতে প্ৰৱৰ্তন কৰা হৈছিল, বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে নিৰ্বাচনী বণ্ড আঁচনি, ২০১৮ক ২০১৮ চনৰ ২ জানুৱাৰীতহে ৰাজপত্ৰত অধিসূচীত কৰিছিল। [6][7] এটা অনুমান অনুসৰি ২০১৮ চনৰ মাৰ্চৰ পৰা ২০২২ চনৰ এপ্ৰিললৈকে এই সময়ছোৱাত ৯,৮৫৭ কোটি টকাৰ আৰ্থিক মূল্যৰ সমতুল্য মুঠ ১৮,২৯৯টা নিৰ্বাচনী বণ্ড সফলতাৰে লেনদেন কৰা হৈছিল।[8]
২০২২ চনৰ ৭ নৱেম্বৰত এক বছৰত বিক্ৰিৰ দিন ৭০-ৰ পৰা বঢ়াই ৮৫ দিন কৰা হৈছিল, য’ত যিকোনো বিধানসভা নিৰ্বাচনৰ দিন ধাৰ্য হব পাৰে। নিৰ্বাচনী বণ্ড (সংশোধন) আঁচনি, ২০২২ৰ সিদ্ধান্ত গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ কিছু দিনৰ পূৰ্বে লোৱা হৈছিল; আনহাতে দুয়োখন ৰাজ্যতে ইতিমধ্যে আৰ্হি আচৰণ বিধি কাৰ্যকৰী কৰা হৈছিল। [9]
২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ইলেক্টোৰেল বণ্ড নিৰ্মূল কৰাৰ ৱক্ষ্যৰ বিষয়ে ঘোষণা কৰিছিল, যদিহে তেওঁলোক ক্ষমতালৈ আহে। [10] ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)য়েও এই আঁচনিৰ বিৰোধিতা কৰিছে, আৰু নিৰ্বাচনী বণ্ডৰ জৰিয়তে অনুদান প্ৰত্যাখ্যান কৰা এইটো একমাত্ৰ ৰাষ্ট্ৰীয় দল আছিল। [11][12]
২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে অসংবিধানীক বুলি নিৰ্বাচনী বণ্ডৰ আঁচনিখনৰ লগতে জনপ্ৰতিনিধিত্ব আইন, কোম্পানী আইন আৰু আয়কৰ আইন, ২০১৬ৰ সংশোধনী বাতিল কৰে। [13][14][15] তেওঁলোকে ইয়াক তথ্য জনাৰ অধিকাৰ আৰু সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত ৰাজনৈতিক পুঁজিৰ বিষয়ে ভোটাৰৰ তথ্য জনাৰ অধিকাৰ উলংঘা কৰা বুলি বিবেচনা কৰে। [2] তেওঁলোকে এইটোও আঙুলিয়াই দিয়ে যে ইয়াৰ ফলত কৰ্পোৰেট আৰু ৰাজনীতিবিদসকলৰ মাজত দিয়া-লোৱাৰ প্ৰৱণতা বৃদ্ধি পাব। [16][17]
ভাৰতীয় ষ্টেট বেংকক ৬ মাৰ্চ ২০২৪-ৰ ভিতৰত দাতা আৰু গ্ৰাহকৰ সবিশেষ ভাৰতৰ নিৰ্বাচন আয়োগক গতাই দিবলৈ কোৱা হয় আৰু এই তথ্য নিৰ্বাচনী আয়োগে একে বছৰৰে ১৩ মাৰ্চৰ ভিতৰত অনলাইনত প্ৰকাশ কৰিব লাগিব।[2] কিন্তু ৬ মাৰ্চত ষ্টেট বেংকে সবিশেষ দাখিল কৰিব নোৱাৰিলে আৰু অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। আদালতে এই অনুৰোধ নাকচ কৰে, যাৰ বাবে ষ্টেট বেংকে নিৰ্বাচন আয়োগক এই সম্পৰ্কীয় তথ্য সমৰ্পন কৰিবলৈ বাধ্য হয় আৰু আয়োগৰ ৱেবচাইটত প্ৰকাশ পায়।[18]
বৈশিষ্ট্য
সম্পাদনা কৰকনিৰ্বাচনী বণ্ড এক প্ৰকাৰৰ উপকৰণ, যিয়ে প্ৰমিছৰী নোট আৰু সুতমুক্ত বেংকিং সঁজুলি হিচাপে কাম কৰে। ভাৰতত পঞ্জীয়নভুক্ত যিকোনো ভাৰতীয় নাগৰিক বা সংস্থাই ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা কে.ৱাই.চি.ৰ নীতি-নিয়ম পূৰণ কৰি এই বণ্ডসমূহ ক্ৰয় কৰিব পাৰিব। ভাৰতীয় ষ্টেট বেংকৰ নিৰ্দিষ্ট শাখাসমূহৰ পৰা মূল্যৰ চেক বা ডিজিটেল পেমেণ্টৰ জৰিয়তে এক হাজাৰ, দহ হাজাৰ, এক লাখ, দহ লাখ, আৰু এক কোটি আদি বিভিন্ন মূল্যৰ বণ্ড কোনো দাতাই ক্ৰয় কৰিব পাৰে। জাৰি কৰাৰ ১৫ দিনৰ ভিতৰত এই নিৰ্বাচনী বণ্ডসমূহ জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ (ধাৰা ২৯ক)ৰ অধীনত আইনীভাৱে পঞ্জীয়নভুক্ত আৰু বিগত নিৰ্বাচনত কমেও ১% ভোট লাভ কৰা ৰাজনৈতিক দলে নিৰ্দিষ্ট একাউণ্টত ভঙাই (redeem) লব পাৰে। জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰ মাহত ১০ দিনৰ বাবে এই বণ্ড ক্ৰয় কৰিব পৰা যায়। লোকসভাৰ নিৰ্বাচনৰ বছৰত ক্ৰয়ৰ বাবে ৩০ দিনৰ অতিৰিক্ত সময়সীমা পোৱা যায়। [6][7][19] নিৰ্বাচনী বণ্ডৰ আন এক বৈশিষ্ট্য এয়ে যে ইয়াত দাতা আৰু ইয়াক যিটো ৰাজনৈতিক দলৰ বাবে ইয়াক জাৰী কৰা হয়, তাৰ কোনো পৰিচয় নাথাকে। [20]
আঁচনি কাৰ্যকৰণৰ পূৰ্বৰ পৰ্যায়
সম্পাদনা কৰকইয়াৰ পূৰ্বে সকলো ৰাজনৈতিক দলে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত দলীয় পুঁজিলৈ ২০,০০০ টকাতকৈ অধিক বৰঙণি আগবঢ়োৱা দাতাৰ নাম আৰু অন্যান্য সবিশেষ তথ্য জনোৱাটো বাধ্যতামূলক আছিল। ২০ হাজাৰ টকাতকৈ কম ধন দান কৰাসকলৰ তথ্য বিচৰা হোৱা নাছিল। এনে অনুদানক "অজ্ঞাত উৎস"ৰ পৰা আয় হিচাপে ঘোষণা কৰা হৈছিল আৰু এনে দাতাৰ সবিশেষ ৰাজহুৱা ডমেইনত উপলব্ধ নহয়।[21]
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে (ADR) ২০১৭ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে ২০০৪–০৫ চনৰ পৰা ২০১৪-১৫ চনৰ ভিতৰত ভাৰতত ৰাজনৈতিক দলসমূহৰ মুঠ আয় ১১,৩৬৭ কোটি টকা আৰু ২০,০০০ টকাৰ কমকৈ আগবঢ়োৱা অনুদানৰ (৬৯%)পৰিমাণ, অৰ্থাৎ অজ্ঞাত উৎসৰ পৰা লাভ কৰা অনুদানৰ পৰিমান ৭৮৩৩ কোটি টকা আছিল। আনহাতে জ্ঞাত উৎসৰ পৰা লাভ কৰিছিল মাত্ৰ ১৬ শতাংশ অনুদান।[22]
আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ভিতৰত সমাজবাদী পাৰ্টিৰ আয় সৰ্বাধিক ৮১৯.১ কোটি টকা। ২০৩.০২ আৰু ১৬৫.০১ কোটি টকা আয়েৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (DMK) আৰু সৰ্বভাৰতীয় দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (AADMK)। [23] এডিআৰৰ অধ্যয়নত দেখা গৈছে যে সমাজবাদী পাৰ্টিৰ ৯৪% আয় (৭৬৬.২৭ কোটি টকা) অজ্ঞাত উৎসৰ পৰা হোৱাৰ বিপৰীতে শিৰোমণি আকালি দলৰ ৮৬% (৮৮.০৬ কোটি টকা) ৰাজহ অজ্ঞাত উৎসৰ পৰা লাভ কৰিছে।[24]
আঁচনি কাৰ্যকৰণৰ পিছৰ পৰ্যায়
সম্পাদনা কৰকস্বাধীন ভাৰতৰ ৭১ বছৰীয়া ইতিহাসত ৪৯ বছৰ শাসন কৰা, ১৩৩ বছৰীয়া পুৰণি ভাৰতীয় জাতীয় কংগ্ৰেছে ২০১৮ চনত প্ৰথমবাৰৰ বাবে দলীয় পূঁজিলৈ “ক্ষুদ্ৰ দান” আগবঢ়াবলৈ সাৰ্বজনীন অনুৰোধ জনায়; যিয়ে দলৰ ক্ৰমহ্ৰাসমান আয়ৰ দিশটোৰ ইংগিত দিয়ে। এইটো নিৰ্দ্ধাৰণ কৰা অসম্ভৱ যে দলবোৰে কিমান টকা উপাৰ্জন কৰে বা তেওঁলোকৰ হাতত কিমান ধন আছে। কংগ্ৰেছৰ এই আবেদনে ইয়াকে সুচাইছিল যে কৰ্পোৰেট কোম্পানী আৰু ধনী দাতাসকলৰ পৰা তেওঁলোকে পৰ্যাপ্ত ধন লাভ কৰা নাছিল। কংগ্ৰেছ নেতৃত্বাধীন বিগত ইউ.পি.এ. চৰকাৰ বহুতো বৃহৎ বিত্তীয় কেলেংকাৰীত লিপ্ত থকাৰ অভিযোগ উঠিছিল। পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছৰ ৰাজহ হ্ৰাস পাইছিল যদিও ভাজপাৰ উপাৰ্জন দুগুন হৈছিল।[25]
২০২১–২২ চনৰ বিত্তীয় বৰ্ষৰ এ.ডি.আৰ.ৰ বাৰ্ষিক হিচাপ পৰীক্ষণৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে আঞ্চলিক দলসমূহে ৮৮৭.৫৫ কোটি টকা অজ্ঞাত উৎসৰ পৰা আয় হিচাপে ঘোষণা কৰিছে, যিটো তেওঁলোকৰ মুঠ আয়ৰ ৭৫%। ২৭টা আঞ্চলিক দলৰ মুঠ আয়ৰ (১১৬৫.৫৭৬ কোটি টকা) মাত্ৰ ১২%হে (১৪৫.৪২ কোটি টকা) জ্ঞাত উৎসৰ পৰা লাভ কৰিছিল। অজ্ঞাত উৎসৰ পৰা পোৱা সমগ্ৰ আয়ৰ আকৌ ৯৩.২৬% (৮২৭.৭৬ কোটি টকা) ভাগ নিৰ্বাচনী বণ্ডৰ যোগেদি পোৱা। লগতে কুপন বিক্ৰীৰ পৰা ৩৮.৩৫৪ কোটি টকা (৪.৩২%) আহৰণ কৰাৰ বিপৰীতে আঞ্চলিক দলসমূহে ২০,০০০ টকাতকৈ কম মূল্যৰ অনুদানৰ ৰূপত ২১.২৯৩ কোটি টকা (২.৪%) লাভ কৰিছিল। ২০২৩ চনৰ মে' মাহলৈকে ৫৪টা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলৰ ভিতৰত ২৭টা দলে ভাৰতীয় নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি ডি.এম.কে.য়ে মুঠ আয়ৰ ৯৬.০১% (৩০৬.০২৫ কোটি টকা) অজ্ঞাত উৎসৰ পৰা আহৰণ কৰিছিল।[26]
দল | মুঠ আয় | অজ্ঞাত উৎসৰ পৰা | % অজ্ঞাত উৎস |
---|---|---|---|
দ্ৰাৱিড় মুন্নেত্ৰা কাঝাগম | 318.745 কোটি | 306.025 কোটি | 96% |
বিজু জনতা দল | 307.288 কোটি | 291.096 কোটি | 95% |
ভাৰত ৰাষ্ট্ৰ সমিতি | 218.112 কোটি | 153.037 কোটি | 70% |
ৱাই.এচ.আৰ. কংগ্ৰেছ পাৰ্টি | 93.724 কোটি | 60.0168 কোটি | 64% |
জনতা দল (সংযুক্ত) | 86.555 কোটি | 48.3617 কোটি | 56% |
সমাজবাদী পাৰ্টি | 61.011 কোটি | 3.66 কোটি | 6% |
শিৰোমণি আকালি দল | 25.414 কোটি | 12.1987 কোটি | 48% |
অল ইণ্ডিয়া আন্না দ্ৰাৱিড় মুন্নেত্ৰা কাঝাগম | 25.263 কোটি | নাই | 0% |
মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা | 6.7683 কোটি | 5.0762 কোটি | 75% |
তেলুগু দেশম পাৰ্টি | 6.028 কোটি | 3.667 কোটি | 61% |
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য
সম্পাদনা কৰক২০২৪ চনৰ ১১ মাৰ্চত উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ডৰ সবিশেষ পিছদিনা ব্যৱসায়িক সময়ৰ ভিতৰত ভাৰতীয় নিৰ্বাচন আয়োগক সমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়ে।[27] ২০২৪ চনৰ ১৫ মাৰ্চৰ দিনা নিৰ্বাচন আয়োগৰ ৱেহচাইটত প্ৰকাশ পোৱা তথ্যত ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০১৯ চনৰ ২৪ জানুৱাৰীৰ ভিতৰত নগদ ধন পৰিশোধ কৰা সকলো বণ্ডৰ সবিশেষ সন্নিবিষ্ট কৰা হৈছে।[28]
আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি আটাইতকৈ ডাঙৰ দাতা হৈছে মিষ্টাৰ চেণ্টিয়াগো মাৰ্টিনৰ দ্বাৰা পৰিচালিত ফিউচাৰ গেমিং এণ্ড হোটেলছ প্ৰাইভেট লিমিটেড। এই লটাৰী কোম্পানীটোৱে ২০১৯–২০২৪ চনৰ ভিতৰত ১৩০০ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল।[29] ইয়াৰে ১০০ কোটি টকাৰ বণ্ড ধন সৰবৰাহৰ অভিযোগত ভাৰতৰ এনফোৰ্চমেণ্ট ডিৰেক্টৰেটৰ অভিযানৰ সাত দিনৰ পাছত ক্ৰয় কৰা হয় । দ্বিতীয় আৰু পঞ্চম বৃহত্তম দাতা - মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড আৰু বেদান্ত লিমিটেডেও এই সময়ছোৱাত আইন বলবৎকাৰী সংস্থাসমূহৰ তদন্তৰ সন্মুখীন হৈছিল। ইফালে তৃতীয় বৃহত্তম দাতা - কিউইক চাপ্লাই চেইন - ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগী কোম্পানী বুলি অভিযোগ উত্থাপিত হৈছিল, যি অভিযোগ ৰিলায়েন্সে অস্বীকাৰ কৰে।[29][30][31]
ক্ৰমিক নং | ৰাজনৈতিক দল | নগদীকৃত ধনৰাশি |
---|---|---|
1 | ভাৰতীয় জনতা পাৰ্টি | 60,60,51,11,000 টকা |
2 | তৃণমূল কংগ্ৰেছ | 16,09,53,14,000 টকা |
3 | সভাপতি, সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি | 14,21,86,55,000 টকা |
4 | ভাৰত ৰাষ্ট্ৰ সমিটি | 12,14,70,99,000 টকা |
5 | বিজু জনতা দল | 7,75,50,00,000 টকা |
6 | ডি.এম.কে. পাৰ্টি ইন পাৰ্লিয়ামেণ্ট | 6,39,00,00,000 টকা |
7 | ৱাই.এচ.আৰ. কংগ্ৰেছ পাৰ্টি (যুৱজন শ্ৰমিক আৰ) | 3,37,00,00,000 টকা |
8 | তেলুগু দেশম | 2,18,88,00,000 টকা |
9 | শিৱসেনা (ৰাজনৈতিক দল) | 1,58,38,14,000 টকা |
10 | ৰাষ্ট্ৰীয় জনতা দল | 72,50,00,000 টকা |
11 | আম আদমী পা্ৰ্টি | 65,45,00,000 টকা |
12 | জনতা দল (চেকুলাৰ) | 43,50,00,000 টকা |
13 | চিক্কিম ক্ৰান্তিকাৰী মৰ্চা | 36,50,00,000 টকা |
14 | নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি | 30,50,00,000 টকা |
15 | জনসেনা পাৰ্টি | 21,00,00,000 টকা |
16 | আদ্যক্ষ সমাজবাদী পাৰ্টি | 14,05,00,000 টকা |
17 | বিহাৰ প্ৰদেশ জনতা দল (সংযুক্ত) | 14,00,00,000 টকা |
18 | ঝাৰখণ্ড মু্ক্তি মৰ্চা | 13,50,00,000 টকা |
19 | শিৰোমণি আকালি দল | 7,26,00,000 টকা |
20 | অল ইণ্ডিয়া দ্ৰাৱিড় মুন্নেত্ৰা কাঝাগম | 6,05,00,000 টকা |
21 | চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্ট | 5,50,00,000 টকা |
22 | ৰাষ্ট্ৰীয় জনতা দল | 1,00,00,000 টকা |
23 | শিৱসেনা | 1,00,00,000 টকা |
24 | মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি | 55,00,000 টকা |
25 | নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি মহাৰাষ্ট্ৰ প্ৰদেশ | 50,00,000 টকা |
26 | জম্মু এণ্ড কাশ্মীৰ নেচনেল কংগ্ৰেছ | 50,00,000 টকা |
27 | গোৱা ফৰৱাৰ্ড পাৰ্টি | 35,00,000 টকা |
বাহ্যিক সংযোগ
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰক- ↑ "Electoral Bonds Judgment: LIVE updates from Supreme Court". Bar and bench. 15 February 2024. https://www.barandbench.com/news/electoral-bonds-judgment-live-updates-supreme-court.
- ↑ 2.0 2.1 2.2 Krishnadas Rajagopal (2024-02-15). "Supreme Court declares electoral bonds scheme unconstitutional" (en ভাষাত). The Hindu. https://www.thehindu.com/news/national/electoral-bonds-scheme-unconstitutional-sbi-should-reveal-the-details-of-donors-rules-sc/article67848211.ece। আহৰণ কৰা হৈছে: 2024-03-15.
- ↑ "India Law Journal". www.indialawjournal.org. https://www.indialawjournal.org/electoral-bond-scheme-the-paragon-of-paradoxe.php। আহৰণ কৰা হৈছে: 2024-02-16.
- ↑ Chhokar, Jagdeep S. (5 February 2019). "Corporate-Political Party Bond" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/corporate-political-party-bond-716378.html.
- ↑ "BRIEF-India proposes to amend RBI act for issue of electoral bonds for political funding" (en ভাষাত). Reuters. 1 February 2017. https://www.reuters.com/article/idIND8N1AX018.
- ↑ 6.0 6.1 "GAZETTE NOTIFICATION - Electoral Bond Scheme, 2018.". Department of Economic Affairs, MoF-GoI. 2 January 2018. Archived from the original on 5 October 2023. https://web.archive.org/web/20231005081928/https://retail.onlinesbi.sbi/documents/Gazette.pdf। আহৰণ কৰা হৈছে: 5 October 2023.
- ↑ 7.0 7.1 "Sale of Electoral Bonds at Authorised Branches of State Bank of India (SBI)". pib.gov.in. https://pib.gov.in/PressReleasePage.aspx?PRID=1936398.
- ↑ "What are electoral bonds?". Moneycontrol. https://www.moneycontrol.com/news/mcminis/markets/what-are-electoral-bonds-8977431.html.
- ↑ "Electoral bonds: Purchase days raised from 70 to 85 each year" (en ভাষাত). Mintgenie. https://mintgenie.livemint.com/news/personal-finance/electoral-bonds-purchase-days-raised-from-70-to-85-each-year-151667884015617.
- ↑ N. K. R., Ashwani Kumar (3 April 2019). "Cong to scrap electoral bonds if given power" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/karnataka/cong-to-scrap-electoral-bonds-if-given-power-726668.html.
- ↑ "Never accepted any electoral bonds funding; always opposed it: CPI(M)". 2024-02-16. https://www.business-standard.com/politics/never-accepted-any-electoral-bonds-funding-always-opposed-it-cpi-m-124021600713_1.html। আহৰণ কৰা হৈছে: 2024-03-15.
- ↑ "Ban on India’s electoral bonds: How will it affect 2024 election?". Al Jazeera Media Network. Al Jazeera Media Network. 16 February 2024. https://www.aljazeera.com/news/2024/2/16/check-on-quid-pro-quo-will-indias-electoral-bonds-ban-hurt-modi.
- ↑ "Electoral bonds verdict LIVE updates: Supreme Court deems EB scheme ‘violative of right to information’" (en ভাষাত). Hindustan Times. 2024-02-15. https://www.hindustantimes.com/india-news/electoral-bonds-scheme-verdict-live-updates-supreme-court-pronounce-judgement-today-february-15-dy-chandrachud-101707963574621.html। আহৰণ কৰা হৈছে: 2024-02-17.
- ↑ Das, Awstika (2024-02-15). "BREAKING | Supreme Court Strikes Down Electoral Bonds Scheme As Unconstitutional, Asks SBI To Stop Issuing EBs" (en ভাষাত). www.livelaw.in. https://www.livelaw.in/top-stories/supreme-court-electoral-bonds-1scheme-249553। আহৰণ কৰা হৈছে: 2024-02-17.
- ↑ Livemint (2024-02-15). "Electoral Bonds Scheme: SC strikes down EBS, calls it ‘unconstitutional’" (en ভাষাত). mint. https://www.livemint.com/news/india/electoral-bonds-scheme-verdict-live-supreme-court-judgment-on-pleas-challenging-its-validity-dy-chandrachud-case-11707961175743.html। আহৰণ কৰা হৈছে: 2024-02-17.
- ↑ "India’s Supreme Court scraps electoral bonds, calls them ‘unconstitutional’" (en ভাষাত). Al Jazeera. https://www.aljazeera.com/news/2024/2/15/indias-supreme-court-scraps-electoral-bonds-calls-it-unconstitutional। আহৰণ কৰা হৈছে: 2024-02-15.
- ↑ "Why did the Supreme Court strike down the electoral bonds scheme? Explained" (en ভাষাত). The Hindu. 2024-02-15. https://www.thehindu.com/news/national/why-did-the-supreme-court-strike-down-the-electoral-bonds-scheme-explained/article67848657.ece। আহৰণ কৰা হৈছে: 2024-03-15.
- ↑ Mukesh Ranjan (2024-03-15). "EC releases electoral bonds data, billionaire giants to lesser-known entities among buyers" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/nation/2024/Mar/14/election-commission-uploads-electoral-bonds-data-received-from-sbi। আহৰণ কৰা হৈছে: 2024-03-15.
- ↑ "PRESS RELEASE: Introduction of the Scheme of Electoral Bond". Department of Economic Affairs, Ministry of Finance, Government of Indiadea.gov.in. https://dea.gov.in/sites/default/files/Electoral%20Bonds_Press%20RELEASE_2-1-2018.pdf। আহৰণ কৰা হৈছে: 4 October 2023.
- ↑ "EC opposes anonymity involved in electoral bonds" (en ভাষাত). mint. IANS. 10 April 2019. https://www.livemint.com/news/india/ec-opposes-anonymity-involved-in-electoral-bonds-1554901750489.html.
- ↑ "Bulk of political donations in past decade came from unknown sources: ADR report" (en ভাষাত). Hindustan Times. 24 January 2017. https://www.hindustantimes.com/india-news/bulk-of-political-donations-in-past-decade-came-from-unknown-sources-adr-report/story-9czXwQx8cl88GZ2Mz57lrK.html.
- ↑ "Sources 'untraceable' for 69% income of political parties: ADR | India News | Zee News". zeenews.india.com. https://zeenews.india.com/india/sources-untraceable-for-69-income-of-political-parties-adr_1970285.html/amp.
- ↑ "69% of funds for India political parties from unknown sources: Report". The New Indian Express. https://www.newindianexpress.com/nation/2017/jan/24/69-of-funds-for-india-political-parties-from-unknown-sources-report-1563076.html.
- ↑ "69% of political funding comes from unknown sources" (en ভাষাত). DNA India. https://www.dnaindia.com/india/report-69-of-political-funding-comes-from-unknown-sources-2295928.
- ↑ "Is India's Congress party really running out of cash?". BBC News. 26 May 2018. https://www.bbc.com/news/world-asia-44249876.
- ↑ 26.0 26.1 Dey, Abhishek (1 February 2017). "Will the Rs 2,000 cap on cash donations for political parties bring more transparency in the system?". Scroll.in. https://scroll.in/article/828281/will-the-rs-2000-cap-on-cash-donations-for-political-parties-bring-more-transparency-in-the-system.
- ↑ https://main.sci.gov.in/supremecourt/2024/10382/10382_2024_1_301_51365_Judgement_11-Mar-2024.pdf
- ↑ https://www.eci.gov.in/disclosure-of-electoral-bonds
- ↑ 29.0 29.1 "3 of top 5 donors bought electoral bonds with ED and I-T knocking on their door" (en ভাষাত). Indian Express. 2024-03-15. https://indianexpress.com/article/india/3-of-top-5-donors-bought-electoral-bonds-with-ed-and-i-t-knocking-on-their-door-9214783/। আহৰণ কৰা হৈছে: 2024-03-15.
- ↑ Krishn Kaushik, Aditya Kalra and Dhwani Pandya (2024-03-15). "Qwik, a top buyer of Indian electoral bonds, is affiliated to Ambani's Reliance, filings show" (en ভাষাত). Reuters. https://www.reuters.com/world/india/qwik-top-buyer-indian-electoral-bonds-is-affiliated-ambanis-reliance-filings-2024-03-15/। আহৰণ কৰা হৈছে: 2024-03-15.
- ↑ "Reliance-Linked Qwik Supply 3rd-Largest Electoral Bond Buyer; Reliance Says Not Its Subsidiary" (en ভাষাত). NDTV. 2024-03-15. https://www.ndtv.com/india-news/reliance-linked-qwik-supply-3rd-largest-electoral-bond-buyer-reliance-says-not-its-subsidiary-5245705। আহৰণ কৰা হৈছে: 2024-03-16.