ইহুদী ধৰ্ম

(ইহুদিৰ পৰা পুনঃনিৰ্দেশিত)

ইহুদী ধৰ্ম (হিব্ৰু: יְהוּדִים, Yehudim; আৰবী: اليهود) হৈছে ইব্ৰাহিমীয়, একে ঈশ্বৰবাদী নৃগোষ্ঠীয় ধৰ্ম। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হিচাপে পাঁচ খন কিতাপক গণ্য কৰা হয়: আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয় পুস্তক, গণনাপুস্তক, আৰু ঋদ্বিতীয় বিৱৰণ। এই পাঁচখন কিতাপক একেলগে "তওৰা" ও বোলা হয়।

ইহুদী ধৰ্মবিশ্বাসমতে, ঈশ্বৰ এক, আৰু তেওঁক জেহোবা (Jehovah, YHWH) নামেৰে আখ্যায়িত কৰা হয়। মোজেছ হ'ল ঈশ্বৰৰ এজন বাণীবাহক। ইছলাম আৰু খ্ৰিষ্টাণ ধৰ্মৰ নিচিনাকৈয়েই ইহুদীসকলে পূৰ্বৰ সকলো বাণীবাহকক বিশ্বাস কৰে আৰু বিশ্বাস কৰা হয় মোজেছেই সৰ্বশেষ বাণীবাহক; অন্যদিশে মুছলিমসকলে মুহাম্মাদ (ছাঃ)ক সৰ্বশেষ বাণীবাহক বুলি বিশ্বাস কৰে। ইহুদীসকলে যীশুক ঈশ্বৰৰ বাণীবাহক হিচাপে অস্বীকাৰ কৰিলেও, খ্ৰিষ্টাণ সকলে ইহুদীসকলৰ সকলোবোৰ ধৰ্মগ্ৰন্থ (পুৰণা নিয়ম)ক নিজৰ ধৰ্মগ্ৰন্থ হিচাপে মানে। একেধৰণে মুছলিম সকলেও মোজেছক নিজৰ এজন অন্যতম বাণীবাহক আৰু তাওৰাতআল্লাহৰ বাণী বুলি বিশ্বাস কৰে। ইহুদী ধৰ্ম ছেমেটিক ধৰ্ম হিচাপেও অভিহিত।

নিশ্চিত বৈশিষ্ট্য আৰু বিশ্বাস

সম্পাদনা কৰক

বিশ্বাসৰ ১৩ টা নীতি:

  1. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ইহুদী ধৰ্ম্মত ঈশ্বৰ- আশীৰ্ব্বাদপ্ৰাপ্ত হৈছে তেওঁৰ নাম- সকলো সৃষ্টিৰ সৃষ্টিকৰ্তা আৰু শাসক; তেওঁ অকলে বিশ্বব্ৰহ্মাণ্ডত সকলো সৃষ্টি কৰিছিল, কৰে আৰু কৰিব।
  2. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সৃষ্টিকৰ্ত্তা-আশীৰ্ব্বাদ হৈছে তেওঁৰ নাম- এই; আৰু তেওঁৰ একতাৰ দৰে কোনো একতা নাই; তেওঁ অকলে আমাৰ ঈশ্বৰ যি আছিল, আছে আৰু সদায় থাকিব।
  3. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সৃষ্টিকৰ্ত্তা- আশীৰ্ব্বাদ হৈছে তেওঁৰ নাম- নিৰাকাৰ; আৰু তেওঁ সকলো ভৌতিক গুণৰ পৰা মুক্ত; আৰু একোৱেই তেওঁৰ সৈতে তুলনা কৰিব নোৱাৰি।
  4. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সৃষ্টিকৰ্ত্তা- আশীৰ্ব্বাদপ্ৰাপ্ত হৈছে তেওঁৰ নাম- প্ৰথম আৰু শেষ।
  5. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সৃষ্টিকৰ্ত্তা- আশীৰ্ব্বাদপ্ৰাপ্ত হৈছে তেওঁৰ নাম- কেৱল উপাসনাৰ যোগ্য আৰু আন কোনো সত্তা আমাৰ উপাসনাৰ যোগ্য নহয়।
  6. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ইহুদী ধৰ্মৰ ভৱিষ্যত বক্তাসকলৰ সকলো কথা সঁচা।
  7. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমাৰ ৰাব্বি, মোচি ভৱিষ্যতবক্তা সঁচা আছিল; আৰু তেওঁ তেওঁৰ আগত আৰু পিছত ভৱিষ্যত বক্তাসকলৰ প্ৰধান আছিল।
  8. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এতিয়া আমাৰ ওচৰত থকা সমগ্ৰ তোৰাহ অক্ষত আছে আৰু আমাৰ ৰাব্বি মোচিলৈ প্ৰেৰণ কৰাৰ দৰে একে আছে- তেওঁৰ ওপৰত শান্তি বৰ্তি থাকক।
  9. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এই তোৰাহ সলনি নহ'ব আৰু সৃষ্টিকৰ্ত্তা-আশীৰ্ব্বাদপ্ৰাপ্ত হৈছে তেওঁৰ নাম- আন কোনো তোৰাহ বা নিয়ম নিদিব।
  10. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সৃষ্টিকৰ্ত্তা হৈছে তেওঁৰ নাম- সকলো মানৱীয় কাৰ্য্য আৰু চিন্তা-ভাবনা জানে, তেওঁহে তেওঁলোকৰ চিন্তা-ভাবনা দিয়ে, তেওঁলোকৰ সকলো কাৰ্য লক্ষ্য কৰে।
  11. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে, সৃষ্টিকৰ্ত্তা - ধন্য তেখেতৰ নাম- যিসকলে মুছাৰ আজ্ঞা পালন কৰে আৰু যিসকলে অশ্ৰদ্ধা কৰে তেওঁলোকক শাস্তি দিয়ে।
  12. মই মচীহৰ আগমনত দৃঢ়ভাৱে বিশ্বাস কৰো; আৰু যদিও পলম হ'ব পাৰে, মই প্ৰতিদিনে তেওঁৰ আগমনৰ বাবে অপেক্ষা কৰি আছোঁ।
  13. মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সেই সময়ছোৱাত মৃতকৰ পুনৰুত্থান হ'ব, যি সময়ত সৃষ্টিকৰ্ত্তা সন্তুষ্ট হ'ব। তেওঁৰ নাম আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক আৰু তেওঁৰ স্মৰণ চিৰকাললৈ উন্নীত হ'ব।
– মুসা বিন মৈমুন[1][2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. David Birnbaum, Jews, Church & Civilization, Volume III (Millennium Education Foundation 2005)
  2. Kohler, Kaufmann; Emil G. Hirsch. Articles of Faith. http://www.jewishencyclopedia.com/articles/1832-articles-of-faith.