ইৰম চানু শৰ্মীলা ১৯৭২ চনৰ মাৰ্চ মাহৰ ১৪ তাৰিখে মণিপুৰত জন্মগ্ৰহণ কৰে। তেওঁক মণিপুৰৰ লৌহ মহিলা "Iron Lady of Manipur" বা "Menghoubi" ("the fair one")[1] বুলিও কোৱা হয়। যোৱা ২০০০ চনৰ ২ নবেম্বৰৰ পৰা তেওঁ মণিপুৰৰ পৰা সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ (Armed Forces (Special Powers) Act, 1958 (AFSPA)) বাতিল কৰাৰ কাৰণে অনশন কৰি আছে। তেওঁৰ মতে মণিপুৰ আৰু উত্তৰ-পূৱ ভাৰতত ইয়েই হিংসাৰ মূল কাৰণ[2]। বৰ্তমান অনশনৰ দহ বছৰ অতিক্ৰম কৰা শৰ্মীলাক পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সময় অনশন কৰা মহিলা হিচাপেও জনা গৈছে।[3]

ইৰম চানু শৰ্মীলা
জন্ম মাৰ্চ ১৪, ১৯৭২
কংপাল, ইম্ফাল, মণিপুৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাংবাদিক, গণ অধিকাৰ সত্যাগ্ৰহী, ৰাজনৈতিক সত্যাগ্ৰহী, কবি
পিতৃ-মাতৃ ইৰম চি নন্দ (পিতৃ)
ইৰম অংবি চাখী (মাতৃ)

অনশনৰ বিষয়ে

সম্পাদনা কৰক

২০০২ চনৰ ২ নৱেম্বৰত মণিপুৰইম্ফাল উপত্যকামালমত ভাৰতৰ অন্যতম পেৰামিলিটেৰী বাহিনী অসম ৰাইফলচ-অৰ জোৱানে বাচৰ কাৰণে ৰৈ থকা অৱস্থাত দহজন মণিপুৰী ভাৰতীয় নাগৰিকক হত্যা কৰে[4][5] এই ঘটনাটো পাচলৈ "মালম গণহত্যা" বুলি জনাজাত হয়। [6] পাচদিনাৰ স্থানীয় খবৰ কাগজত ফটোসহ এই ঘটনাৰ খবৰ চপা হয়। এই মৃতসকলৰ ভিতৰত ৬২ বছৰীয়া বৃদ্ধা লেইচাংবাম ইবেতমি আৰু ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় শিশুৰ সাহসীকতাৰ বটা বিজয়ী ১৮ বছৰীয়া ছিনাম চন্দ্ৰমণিও আছিল।[5]

ইয়াৰে প্ৰতিবাদত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ২৮ বছৰ বয়ষীয়া জী শৰ্মিলাই, অনশন আৰম্ভ কৰে।[7] তেওঁৰ ভাতৃ ইৰম সিংহজিৎ সিঙৰ মতে "২ নৱেম্বৰ ২০০২ তাৰিখ আছিল বৃহস্পতিবাৰ। শৰ্মিলাই সৰুকালৰেপৰা বৃহস্পতিবাৰে ব্ৰত ৰাখিছিল। তেওঁ সেই "ব্ৰত"কে অব্যাহত ৰাখিবলৈ থিৰাং কৰিলে। " ৪ নৱেম্বৰ তাৰিখটোও অনশনৰ আৰম্ভণিৰ তাৰিখ হিচাবে কেতিয়াবা ধৰা হয়: ৩ তাৰিখ শুক্ৰবাৰে পেষ্ট্ৰী আৰু মিঠাইৰে নৈশভোজন শেষ কৰি শৰ্মিলাই মাতৃৰ পৰা ব্ৰত আৰম্ভ কৰিবলৈ অনুমতি বিচৰাৰ কথা স্থানবিশেষে উল্লেখ কৰা হয়। [8]

ভাৰত চৰকাৰৰ ওচৰত শৰ্মিলাৰ মুখ্য দাবী হৈছে AFSPA উঠাই লোৱা। এই আইনে সৈন্যবাহিনীক সন্ত্ৰাসবাদী হোৱাৰ সন্দেহত যিকোনো ভাৰতীয় নাগৰিকক আটক কৰাৰ অধিকাৰ প্ৰদান কৰিছে।[4] বিৰোধীপক্ষ আৰু মানৱাধিকাৰ গোটসমূহৰ মতে এই আইনে নিৰ্দোষ নাগৰিকক অত্যাচাৰ/আতিশয্য, অপহৰণ (forced disappearance) আৰু গুপ্তহত্যা (extrajudicial execution) আদি কৰাত সুবিধা কৰি দিছে।[4][7]


অনশন আৰম্ভ কৰাৰ তিনিদিন পাচত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ (en:Indian panel code) ৩০৯ ধাৰা "আত্মহত্যাৰ চেষ্টা"ৰ অভিযোগত শৰ্মিলাক গ্ৰেপ্টাৰ কৰি ন্যায়িক হিফাজতলৈ প্ৰেৰণ কৰে। [8] তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে en:nasogastric intubation ব্যৱহাৰ কৰি তেওঁক বলপ্ৰয়োগ কৰি খুৱাবলৈ বাধ্য হয়।[3] তেতিয়াৰ পৰাই ইৰম শৰ্মিলাক নিয়মিতভাৱে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৯ ধাৰাৰ অধীনত প্ৰায়ে আটক কৰা আৰু এৰি দিয়া হৈ আহিছে। ৩০৯ ধাৰা মতে আত্মহত্যাপ্ৰৱণ ব্যক্তিক এক বছৰ পৰ্য্যন্ত জেল, বা জৰিমণা বা দুয়োটা হ'ব পাৰে।[8][9]

তেওঁৰ কৰ্মৰাজি

সম্পাদনা কৰক

বিভিন্ন পুৰস্কাৰ আৰু বঁটা

সম্পাদনা কৰক

প্ৰসংগসমূহ

সম্পাদনা কৰক
  1. Rituparna Chatterjee (20 April 2011). "Spot the Difference: Hazare vs. Irom Sharmila". Sinlung. http://www.sinlung.com/2011/04/spot-difference-hazare-vs-irom-sharmila.html। আহৰণ কৰা হৈছে: 30 April 2011. 
  2. "Manipur Fasting Woman Re-arrested". BBC News. 9 March 2009. http://news.bbc.co.uk/2/hi/7932116.stm। আহৰণ কৰা হৈছে: 8 May 2011. 
  3. 3.0 3.1 Andrew Buncombe (4 November 2010). "A decade of starvation for Irom Sharmila". The Independent. http://www.independent.co.uk/news/world/asia/a-decade-of-starvation-for-irom-sharmila-2124608.html। আহৰণ কৰা হৈছে: 8 May 2011. 
  4. 4.0 4.1 4.2 Nilanjana S. Roy (8 February 2011). "Torchbearers for Victims in a Violent Land". New York Times. http://www.nytimes.com/2011/02/09/world/asia/09iht-letter09.html। আহৰণ কৰা হৈছে: 8 May 2011. 
  5. 5.0 5.1 Rahul Pathak (6 August 2004). "Why Malom is a big reason for Manipur anger against Army Act". IndianExpress.com. http://www.indianexpress.com/oldStory/52530/। আহৰণ কৰা হৈছে: 8 May 2011. 
  6. Malom Massacre
  7. 7.0 7.1 Shoma Chaudhury (5 December 2009). "Irom And The Iron In India’s Soul". Tehelka. Archived from the original on 16 March 2011. https://web.archive.org/web/20110316064741/http://www.tehelka.com/story_main43.asp?filename=Ne051209irom_and.asp। আহৰণ কৰা হৈছে: 8 May 2011. 
  8. 8.0 8.1 8.2 "Manipur fasting woman re-arrested". BBC News. 9 March 2009. http://news.bbc.co.uk/2/hi/7932116.stm। আহৰণ কৰা হৈছে: 8 May 2011. 
  9. Section 309 in The Indian Penal Code, 1860