ৱিলিয়াম ৰবিনছন (? - ১৮৬৩) গুৱাহাটীৰ শ্ৰীৰামপুৰ খৃষ্টান মিছনৰ সদস্য আছিল। অসমৰ প্ৰথম হাইস্কুল 'গুৱাহাটী চেমিনাৰী'ত প্ৰধান শিক্ষক হিচাপে যোগ দিয়ে। ১৮৪৪ চনত এখেত অসমৰ স্কুল পৰিদৰ্শক নিযুক্ত হয়।[1] ৱিলিয়াম ৰবিনছনে প্ৰথম অসমীয়া ব্যাকৰণ পুথি A "Grammar of the Assamese Language" ৰচনা কৰিছিল ১৮৩৯ চনত। এই ব্যাকৰণত অসমীয়া ভাষাক বাংলা ব্যাকৰণৰ আৰ্হিত লিখা হৈছিল।[2] ৰবিনছন অসমত বাংলা ভাষা প্ৰচলনৰ পক্ষপাতী আছিল। "A Descriptive Account of Assam" (১৮৪১) ৰবিনছনৰ প্ৰণীত অসম সম্পৰ্কীয় অন্য এখন গ্ৰন্থ। নাজিৰাত এখেতৰ মৃত্যু হৈছিল।

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
  2. Bhattacharya, Smita (2012). Experts question roots of 'modern' Assamese - Reprint of Nathan Brown's original 1848 grammar creates flutter in the state's literay circles. The Telegraph, (Calcutta, India) 19-07-2011, আহৰণ কৰা তাৰিখ: ৪-১২-২০১২