উছমান ছিৰাজ আদ-দীন আল-বাংগালি ( ১২৫৮-১৩৫৭), (বঙালী: আখি সিরাজ) আছিল এজন ১৪ শতিকাৰ বাংলা মুছলমান পণ্ডিত। তেওঁ চিষ্টি অৰ্ডাৰৰ অধীনৰ এগৰাকী চুফী আছিল আৰু দিল্লীৰ নিজামুদ্দিন আউলিয়াৰ শিষ্য আছিল। নিজামুদ্দিন আউলিয়াৰ অন্যতম জ্যেষ্ঠ শিষ্য হিচাপে তেওঁ দিল্লীত তেওঁৰ সৈতে দীৰ্ঘ বছৰ কটায় আৰু আইনা-এ-হিন্দ উপাধি লাভ কৰে।[1] পশ্চিম বংগৰ গৌড়ত থকা তেওঁৰ স্মাৰকস্থল পিৰানা পীৰ দৰগাহলৈ প্ৰতিবছৰে লক্ষাধিক ভক্তৰ আগমন ঘটে।[2]

আখি

`উথমান চিৰাজ আদ-দীন

আইনা-এ-হিন্দ
ব্যক্তিগত
জন্ম প্ৰায় ১২৫৮
মৃত্যু c. ১৩৫৭ (বয়স ৯৮–৯৯)
গৌড় চহৰ, বংগ চুলতান (বৰ্তমানৰ মালদা, পশ্চিম বংগ, ভাৰত)
সমাধিস্থল পীৰানা পীৰ দৰগাহ, চাদুল্লাপুৰ, মালদা, পশ্চিম বংগ
ধৰ্ম ছুন্নী মুছলমান
Flourished ১৩-১৪ শতিকা
সংঘ হানাফি
আত্মীয় আলাউল হক (জোঁৱায়েক)
নুৰ কুটুব আলম (নাতি)
ধৰ্মীয় ঐতিহ্য চিষ্টি অৰ্ডাৰ
জ্যেষ্ঠ বিষয়বাব
শিক্ষক ফকৰুদ্দিন জাৰাদি, ৰুকনুদ্দিন, নিজামুদ্দিন আউলীয়া
বিদ্যাৰ্থী
  • আলাউল হক

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

আব্দুল হক আল-দেহলাৱীয়ে তেওঁৰ আখবৰ আল আখ্যাৰআখী চিৰাজ গৌড়ীৰ নাম উল্লেখ কৰিছে৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে চিৰাজুদ্দিন বংগৰ গৌড়ৰ স্থানীয় লোক আছিল।[3][4]তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টীয় ১২৫৮ চনৰ আশে-পাশে৷ সেই সময়ত এই অঞ্চলটো দিল্লীৰ শাসনকৰ্তা মামলুক বংশৰ অধীনত আছিল।

ডেকা অৱস্থাত চিৰাজুদ্দিনে দিল্লীলৈ যাত্ৰা কৰিছিল আৰু তাতেই বিশিষ্ট মুছলমান ব্যক্তিত্বৰ অধীনত অধ্যয়ন কৰিছিল। চিৰাজুদ্দিনে নিজামুদ্দিনৰ ওচৰত অধ্যয়ন কৰিছিল আৰু মৌলানা ৰুকন আদ-দিনৰ পৰা পাঠ লৈছিল৷ নিজামুদ্দিন আউলিয়াৰ শিষ্য আৰু জীৱনীকাৰৰ লগতে ছিয়াৰ উল আউলিয়াৰ লেখক আমিৰ খুৰ্দেও এই পাঠসমূহত অংশগ্ৰহণ কৰিছিল। কম সময়ৰ ভিতৰতে পঢ়া-শুনা সমাপ্ত কৰি চিৰাজুদ্দিনে পাণ্ডিত্য অৰ্জন কৰিছিল৷ তেওঁক নিজামুদ্দিনৰ জ্যেষ্ঠ শিষ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ তেওকঁ আৰু ছমাহ ইছলামিক বিজ্ঞান শিকোৱা হয়৷ এই শিক্ষা তেওঁ গ্ৰহণ কৰে এজন পণ্ডিত আৰু নিজামুদ্দিন আউলিয়াৰ আন এজন জ্যেষ্ঠ শিষ্য শ্বেইখ ফখৰ আদ-দিন জাৰাদীৰ পৰা। নিজামুদ্দিনৰ ওচৰত শিক্ষা লোৱাৰ পাছত চিৰাজুদ্দিনক খিলাফতৰ (উত্তৰাধিকাৰ) খিৰ্কা (দীক্ষাৰ পোছাক) প্ৰদান কৰা হয় আৰু তেওঁক পাৰ্চী উপাধি আয়না- এ-হিন্দ (ভাৰতৰ দাপোন) প্ৰদান কৰা হয়।

পৰৱৰ্তী জীৱন

সম্পাদনা কৰক

খিলাফত লোৱাৰ পিছত ছিৰাজে বছৰত এবাৰ মাকক চাবলৈ বংগলৈ উভতি আহিলেও চাৰি বছৰ ধৰি নিজৰ গুৰু নিজামুদ্দিনৰ সংগ দি দিল্লীত থাকিল। ১৩২৫ চনত মৃত্যুৰ পূৰ্বে নিজামুদ্দিনে ছিৰাজক প্ৰচাৰ কৰিবলৈ বংগলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল। ১৩২৫ খ্ৰীষ্টাব্দত নিজামুদ্দিনৰ মৃত্যুৰ সময়ত সিৰাজৰ বিচনাৰ কাষত উপস্থিত আছিল। ১৩২৮–১৩২৯ চনলৈকে তেওঁ দিল্লীত থাকে। সেই সময়ত চুলতান মহম্মদ বিন তুগলকে ৰাজধানী দৌলাতাবাদলৈ স্থানান্তৰিত কৰি দিল্লীৰ নাগৰিকসকলক প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰাৰ পিছত তেওঁ গৌড়লৈ ৰাওনা হয়।[5]

বংগত পুনৰ সংস্থাপিত হোৱাৰ পিছত চিৰাজুদ্দিনক চুলতান ছামছুদ্দিন ইলিয়াছ শ্বাহৰ চৰকাৰৰ অধীনত বংগৰ দৰবাৰ পণ্ডিত হিচাপে নিযুক্তি দিয়া হয়। ছিৰাজে এটা বিশাল লাংগাৰ পাকঘৰ স্থাপন কৰিছিল য’ত দুখীয়া আৰু নিঃস্বসকলক বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰা হৈছিল। তেওঁ নিজামুদ্দিনৰ পুথিভঁৰালৰ পৰাও কিছু কিতাপ লগত লৈ আহিছিল আৰু এই গ্ৰন্থই বংগৰ প্ৰথম চিষ্টি খানকাহৰ কেন্দ্ৰবিন্দু গঠন কৰিছিল। হজৰত পাণ্ডুৱাত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতেই আলাউল হক তেওঁৰ শিষ্য হৈ পৰে।[6]তেওঁ গোটেই জীৱন বংগত থাকি কাম কৰে আৰু তাতে বিয়াও পাতে। তেওঁৰ এগৰাকী কন্যাই পিছলৈ তেওঁৰ শিষ্য আলাউল হকক বিয়া কৰায়।

মৃত্যু আৰু উত্তৰাধিকাৰ

সম্পাদনা কৰক

১৩৫৭ চনত উছমান চিৰাজুদ্দিনৰ মৃত্যু হয় আৰু তেওঁক সদুল্লাহপুৰ নামৰ লখনৌটিৰ উপকণ্ঠ অঞ্চলত সমাধিস্থ কৰা হয়।

কোৱা হয় যে তেওঁ শ্বেখ নিজামুদ্দিন আউলিয়াৰ পৰা পোৱা খিৰকা (চোলা) সাগৰ দিঘী (জলাশয়)ৰ উত্তৰ-পশ্চিম কোণত পুতি থৈ সেই কাপোৰৰ টুকুৰাৰ ওচৰতে তেওঁক পুতি থোৱাৰ নিৰ্দেশ দিছিল। তেওঁৰ ইচ্ছা অনুসৰি তেওঁৰ পুতি থোৱা পোছাকৰ ওচৰত তেওঁক সমাধিস্থ কৰা হয় আৰু তেওঁৰ কবৰৰ ওপৰত এটা সমাধিস্থল স্থাপন কৰা হয়। সমাধিস্থল নিৰ্মাণৰ তাৰিখ জানিব পৰা হোৱা নাই যদিও ইয়াৰ দুৱাৰৰ লগত সংলগ্ন দুটা শিলালিপিৰ পৰা গম পোৱা গৈছে যে ১৬ শতিকাত চুলতান আলাউদ্দিন হুছেইন শ্বাহ আৰু পিছলৈ চুলতান নাছিৰুদ্দিন নাছৰত শ্বাহে এই দ্বাৰ স্থাপন কৰিছিল। হুছেইন শ্বাহে সমাধিস্থলত এটা ছিকয়াহ (পানীৰ ফোৱাৰা) নিৰ্মাণ কৰিছিল। তেওঁৰ উৰ্ছ প্ৰতি বছৰে ঈদ-উল-ফিটৰ (১ম আৰু ২য় শ্বাৱাল)ত স্মৰণ কৰা হয় আৰু তেওঁৰ সমাধি বহুত লোকে বছৰি ভ্ৰমণ কৰে। [4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Biography of Akhi Siraj Aainae Hind Sufi from Gour Lakhnauti". www.akhisirajuddin.simplesite.com. http://akhisirajuddin.simplesite.com/। আহৰণ কৰা হৈছে: 22 February 2019. [সংযোগবিহীন উৎস]
  2. "Gaur". bharatonline.com. http://www.bharatonline.com/west-bengal/travel/kolkata/excursions/gaur.html। আহৰণ কৰা হৈছে: 25 July 2013. 
  3. 'Abd al-Haqq al-Dehlawi. Akhbarul Akhyar. 
  4. 4.0 4.1 Abdul Karim (2012). "Shaikh Akhi Sirajuddin Usman (R)". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 31 October 2024. 
  5. Hanif, N (2000). Biographical Encyclopaedia of Sufis: South Asia. Prabhat Kumar Sharma, for Sarup & Sons. পৃষ্ঠা. 35. 
  6. Singh, NK, ed (2002). Sufis of India, Pakistan and Bangladesh. 1. প্ৰকাশক New Delhi: Kitab Bhavan. পৃষ্ঠা. 72–73.